অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰ্ণসংকৰ ধানৰ কৃষি পদ্ধতি :

 

অসম কৃষিপ্ৰধান ৰাজ্য। অসমৰ ৮০ শতাংশ লোকেই কৃষিজীৱী। অসমত চাহৰ পিছত তুলনামূলকভাৱে ধানৰ খেতি কৰা হয়।

বৰ্তমান অসমত বৰ্ণসংকৰ ধান(হাইব্ৰীড)ৰ খেতিৰ ওপৰত বিগত কেইবছৰমানৰ পৰা যথেষ্ট গুৰুত্ব প্ৰদান কৰি অহা হৈছে।

বৰ্ণসংকৰ ধান আজি সমগ্ৰ পৃথিৱীৰ কৃষি ক্ষেত্ৰত এক যুগান্তকাৰী অৱদান।

বৰ্তমান সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনেও এই বৰ্ণসংকৰ খেতিৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

অসম চৰকৰাৰ কৃষি বিভাগে বৰ্ণসংকৰ ধানৰ খেতিৰ বাবে অনুমোদিত কৰা জাতসমূহ হ’ল-

*এৰাইজ ৬৪৪৪,

*পি এ চি ৮৩২,

*চাহিদ্ৰী,

*জে কে ৪০১,

*এন কে ৫২৫১,

*পি এ চি ৮৩৭ আৰু ৮৩৫,

*ডি আৰ আৰ এইচ ১,

*আৰ চি আৰ এইচ আৰ-৫।

ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিশেষজ্ঞৰ পৰামৰ্শ মতে কৃষকসকলে বৰ্ণসংকৰ ধানৰ খেতি কৰিব পাৰে। অসমত শালি আৰু বৰো হিচাপে বৰ্ণসংকৰ ধানৰ খেতি কৰা হয়।

বিজ সিঁচাৰ সময় -

শালি খেতিৰ বাবে- ১০-৩০ জুন

বৰো খেতিৰ বাবে- ১৫-৩০ নৱেম্বৰ

বৰ্ণসংকৰ ধানৰ খেতিৰ বাবে গধুৰৰ পৰা মধ্যমীয়া মাটি যথেষ্ট উপযোগী।

১.২৫ মিটাৰ বহল আৰু ১০ মিটাৰ দীঘল বীজতলীৰ বাবে ২৫০-৩০০ গ্ৰাম অংকুৰিত বীজৰ প্ৰয়োজন।

বীজতলীখন বোকা হোৱাৰ লগতে উপৰিভাগ হাল বাই মৈ দি সমান কৰি ল’ব লাগে। বৰ্ণসংকৰ ধানৰ খেতিত পচনসাৰ, শুকান গোবৰ, ইউৰিয়া আৰু ছুপাৰ ফচফেট আদি সাৰ প্ৰয়োগ কৰক।

বৰ্ণসংকৰ ধানখেতিৰ বৈশিষ্ট্য -

১)বৰ্নসংকৰ ধান অধিক উৎপাদনৰ নিশ্চিত প্ৰদানৰ লগতে অৰ্থনৈতিকভাৱে লাভজনক।

২)এই খেতিত যথেষ্ট কম পৰিমাণৰ বীজৰ প্ৰয়োজন। প্ৰতি বিঘা মাটিত অধিক উৎপাদনক্ষম ধানৰ কঠীয়াৰ বাবে প্ৰয়োজন হোৱা ৬-৭ কেঃজি বীজৰ পৰিৱৰ্তে বৰ্ণসংকৰ ধানৰ বীজ  মাত্ৰ ১ কেঃজি প্ৰয়োজন হয়।

৩)সচৰাচৰ ব্যৱহৃত অধিক উৎপাদনক্ষম জাতৰ তুলনাত বৰ্নসংকৰ ধানৰ জাতে ১৫-২০ শতাংশ অধিক উৎপাদন দিয়ে।

৪)প্ৰতিকূল পৰিৱেশতো বৰ্ণসংকৰ ধান পথাৰত হাউলি নপৰে। আনহাতে, বেছিভাগ পোক-পৰুৱা, বেমাৰ-আজাৰ, অপতৃণ আদিৰ ক্ষেত্ৰতো ইয়াৰ স্ব-প্ৰতিৰোধী ক্ষমতা আছে।

৫)বৰ্ণসংকৰ ধান হ্ৰাস্ব কৃষিকালযুক্ত বাবে উপযুক্ত শস্যক্ৰম নিৰ্বাচনত অধিক সুবিধা প্ৰদান কৰে।

বৰ্ণসংকৰ ধানৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা -

১)বৰ্ণসংকৰ ধান ইতৰ পৰাগসংযোগী শস্য। সেয়েহে কেতিয়াও আগৰ খেতিৰ সঁচ পিছৰ খেতিত ব্যৱহাৰ নকৰিব।

২)কেৱল প্ৰতিষ্ঠিত আৰু চৰকাৰৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত বীজ বিক্ৰেতাৰ পৰাহে ধানৰ বীজ ক্ৰয় কৰক।

৩)বৰ্ণসংকৰ ধান খেতিত যথেষ্ট যতনৰ প্ৰয়োজন। সদায় অনুমোদিত হাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ লগতে জলসিঞ্চন, শস্য ৰক্ষা আদিৰ ব্যৱস্থা লওক। সবিশেষ জানিবলৈ কৃষি বিষয়াৰ পৰামৰ্শ গ্ৰহণ কৰক।

উৎস: ৰাইজৰ বাতৰি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate