গ্ৰীষ্মকাল তথা বাৰিষাকালত উৎপন্ন হোৱা শাক-পাচলিবোৰৰ ভিতৰত ভাতকেৰেলা আৰু পটল উৎকৃষ্ট পাচলি, যিবোৰ শ্বেতসাৰ, খনিজ লৱণ, ভিটামিন আদিৰে ভৰপুৰ। এইবিলাক পাচলিৰ পাছতে জিকা, তিয়ঁহ, ভেন্দি আদিৰ পাচলিৰ নাম আহে। কিন্তু ভাতকেৰেলা আৰু পটল স্বাস্থ্যৱান মানুহৰ বাহিৰেও ৰোগীৰ পথ্য বা খাদ্য হিচাপেও বহুলভাৱে ব্যৱহাৰ কৰা হয়। এই দুবিধ পাচলি গ্ৰীষ্মকালৰ পৰা লাগিবলৈ ধৰে যদিও বাৰিষা কালৰ ভাদ০আহিন মাহলৈকে গছত ফল ধাৰণ কৰে। এই দুবিধ পাচলি দেখাত ঋতুভিত্তিক যেন লাগিলেও ইহঁত প্ৰকৃতাৰ্থত বহু বৰ্ষজীৱী শাক-পাচলি। যিহেতুকে গছৰ ওপৰৰ গা-গছ অংশ আহিন-কাতি মাহত মৰি গ’লেও তলৰ মঙহাল আলুবোৰ জীয়াই থাকে।
ভাতকেৰেলা আৰু পটলৰ বাবে ওখ, বালিয়া, পলসুৱা আৰু সহজে পানী ওলাই যাব পৰা মাটিৰ আৱশ্যক। মাটিত যথেষ্ট পৰিমাণৰ জৈৱিক পদাৰ্থ থাকিব লাগে আৰু মাটিৰ পি এইচৰ মুল্য ৬.০-৭.০ ৰ ভিতৰত থাকিব লাগে। অৱশ্যে ৫.০ ৰ পৰা ৫.৫ মুল্য পি এইচ মাটিতো ইহঁতৰ খেতি কৰিব পৰা যায় যদিও উৎপাদনৰ তাৰতম্যতা আছে। সাধাৰণতে নদীৰ পাৰৰ পলসুৱা মাটিত বা চৰ অঞ্চলৰ মাটিত ইহঁতৰ খেতিৰ উৎপাদন বেছি ভাল হয়।
পটল আৰু ভাতকেৰেলাৰ খেতিৰ বাবে গছৰ তলত বাঢ়ি অহা মঙহাল আলুবোৰৰ পৰাই বংশ বিস্তাৰ কৰা হয় অৰ্থাৎ আলুবোৰ হৈছে ৰোপণ সামগ্ৰী। থলুৱাভাৱে উপলব্ধ হোৱা বেছি উৎপাদনক্ষম সঁচবোৰেই উত্তম। পটলৰ ঘুৰণীয়া, থোপোকা আৰু দীঘলীয়া দুই মুৰ জোঙা সঁচ উপলব্ধ যদিও দীঘলীয়া আৰু গাত দীঘলীয়া পাতল বগা সঁচবোৰে বেছিকৈ খেতি কৰা হয় কাৰণ বজাৰত ইহঁতৰ চাহিদা বেছি। ভাতকেৰেলাৰ ঠিক তেনেদৰে থোপোকা আৰু দীঘলীয়া আকৃতিৰ আৰু কিছুমান কম নোমাল আৰু কিছুমানৰ নোমবিলাক দীঘল মঙহাল। খেতিৰ বাবে গছজোপাৰ মাটিৰ তলৰ মঙহাল আলুবোৰ উৎপাদনক্ষম স্ত্ৰী পুষ্প গছৰ পৰা সংগ্ৰহ কৰিব লাগে। সংগ্ৰহৰ বাবে শস্যকাল শেষ হোৱাৰ সযময়ত অৰ্থাৎ ভাদ-আহিন মাহতে স্ত্ৰী পুষ্প গছবোৰ চিনাক্ত কৰি থ’ব লাগে। কাৰণ পুংপুষ্প গছবোৰৰ আলুৰ পৰা ভাতকেৰেলা আৰু পটলৰ উৎপাদন নহয়। কাৰণ এই শস্য দুটাৰ গছবিলাক ভিন্ন পৰাগ যোগ কাৰণ।
ভাতকেৰেলা আৰু পটলৰ পুংপুষ্প আৰু স্ত্ৰীপুষ্প দুজোপা বেলেগ গছত জন্ম হয়। কিন্তু স্ত্ৰীপুষ্প গছত ভালদৰে পৰাগ যোগ হৈ উৎপাদন বঢ়াবৰ বাবে প্ৰতি দহজোপা স্ত্ৰীপুষ্প গছৰ মাজত এজোপা পুংপুষ্প গছৰ আলু ৰোপণ কৰিব লাগে, যাতে পাচত গছ বগালে পৰাগ ৰেণুবোৰ সহজে উপলব্ধ হয়।
খেতি কৰা মাটিডোখৰ দকৈ হাল বা কোৰ মাৰি এক মিটাৰ বা ৩ ফুট ব্যৱধানত ৩০ চে: মি: দকৈ আৰু বহল নলাৰ ব্যৱস্থা কৰি গোবৰ বা জৈৱিক সাৰ আৰু মাটিৰ পুৰাব লাগে। পাছত বাছনি কৰা দুই মিটাৰৰ ব্যৱধানত একোটা স্ত্ৰীপুষ্পৰ আলু ৮-১০ চে:মি: দকৈ ৰোপণ কৰিব লাগে। আলুবোৰ ৰোপণ কৰাৰ সময় ফাগুন-চ’ত মাহ। পুংপুষ্পৰ আলুবোৰ স্ত্ৰীপুষ্পৰ পৰা ৭-৮ মি: দুৰৈত পুতিব লাগে। ভাতকেৰেলা আৰু পটল খেতিৰ বাবে প্ৰচুৰ পৰিমাণে গোবৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। এবিঘা মাটিত ২-৩ টন গোবৰ সাৰ, ১০-১২ কি:গ্ৰা: ইউৰিয়া, ২৫-৩০ কি:গ্ৰা: ছুপাৰ ফচফেট আৰু ৮-১০ কি:গ্ৰা: ইউৰিয়া, ২৫-৩০ কি:গ্ৰা: চুপাৰ ফচফেট আৰু ৮-১০ কি:গ্ৰা: মিউৰেট অব পটাছ সাৰ সমভাৱে প্ৰয়োগ কৰিব লাগে। খেতিত সৰু সৰু নলা তৈয়াৰ কৰাৰ আগতে সম্পুৰ্ণ ভাগ গোবৰ, ফচফৰাছ, পটাছ আৰু আধাভাগ ইউৰিয়া সাৰ সমভাৱে প্ৰয়োগ কৰিব লাগে আৰু বাকী ভাগ ইউৰিয়া সাৰ গছ যেতিয়া চাঙত বগাবৰ হয় বা প্ৰথম ফুল ফুলিবৰ হয়, সেই সময়ত প্ৰয়োগ কৰিব লাগে।
বসন্ত কালত মাটিৰ উপৰি ভাগত নতুন পোখাবোৰ ওলোৱাৰ ১৫-২০ দিনৰ পাছৰ পৰাই বাঁহৰ জেং বা গছৰ ডাল পুতি বগাবলৈ সুবিধা কৰি দি পাছত গছ বগাবলৈ বাঁহৰ চাং পাতি দিব লাগে। এমাহৰ পাছৰ পৰা গছৰ গুৰিৰ পৰা বন-বাতবোৰ আঁতৰাব লাগে। মাজে-সময়ে হাউলি অহা আগ বা লতিবোৰ চাঙলৈ বা জেঙৰ মাজলৈ ঘুৰাই দিব লাগে। ভাতকেৰেলাৰ বাবে ওখ চাঙৰ ব্যৱস্থা আৰু পটলৰ বাবে চাপৰ চাঙৰ ব্যৱস্থা কৰিব পাৰিলে ভাল। গছৰ পোখাবোৰৰ আগ অংশ কেতিয়াও যাতে ছিগি নেযায় তাৰ বাবে সাৱধান হ’ব লাগে।
ভাতকেৰেলা শস্যত সাধাৰণতে এপিলেকনা বিটল পোকে পাত খাই ফুটা ফুটা কৰে আৰু সেউজীয়া চেপেটা আকৃতিৰ বা গছবোৰে পাতৰ সেউজীয়া অংশ খাই দিয়াৰ পাছত পাতৰ সিৰবিলাক ওলাই জালৰ আকৃতিৰ পোকে বিন্ধি ফলবোৰ ৰঙা পৰি গেলি গ’লে মালাথিয়ন দৰৱৰ লগত গুৰ মিহলাই ছটিয়াব লাগে। জৈৱিক উপায়েৰে বৰল পোক নিবাৰণৰ বাবে ফেৰমেন ট্ৰেপ কিনি আনি গছৰ মাজত ৫/৬ ফুট ওখত গছৰ ডালত বহুৱাই থ’লে মতা বৰল পোকবোৰ আহি তাত সোমাই মৰি থাকে। ফলস্বৰুপে মাইকী বৰল পোকৰ লগত সহবাস কৰিব নোৱাৰা বাবে মাইকী বৰল পোকে কণী পাৰিব নোৱাৰে। শস্যৰ মাজ কালছোৱাত বগা দাগ পৰি পাউদাৰী মিলদিউ বেমাৰ আৰু পাতৰ কাষ ৰঙা পৰাৰ পাছত ৰঙচুৱা ক’লা পৰি মৰি যোৱা দনী মিল দিউ বেমাৰৰ নিবাৰণৰ বাবে বেভিষ্টিন দৰৱ দুই গ্ৰাম একলিটাৰ পানীত মিহলাই পাতত ছটিয়াব লাগে। শস্যত ৰাসায়নিক দৰৱ ব্যৱহাৰ কৰাৰ আগতে গছৰ পৰা ভাতকেৰেলা আৰু পটলবোৰ ছিঙি ল’ব লাগে। কাৰণ দৰৱ প্ৰয়োগ কৰাৰ ৮-১০ দিনলৈ গছৰ পৰা কেৰেলা আৰু পটলৰ ফলবোৰ ছিঙিব নোৱাৰি।
লেখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস (দৈনিক জনমভুমি)
শেহতীয়া উন্নীতকৰণ: : 1/17/2023