অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভেণ্ডি খেতিৰ পৰিচৰ্যা -

ভেণ্ডি খেতিৰ পৰিচৰ্যা -

 

গ্ৰীষ্মকালীন শাক-পাচলিৰ ভিতৰত ভেণ্ডি এবিধ উল্লেখনীয়ল্পাচলি । শস্যতলীত ভেণ্ডিৰ বীজ দিয়াৰ পৰা আৰম্ভ কৰি এক নিৰ্দিষ্ট দিনৰ ব্যৱধানত শস্য চপোৱাকৈ বিভিন্ন ধৰণৰ কীট-পতংগ আৰু বেমাৰে গছজোপা আক্ৰমণ কৰে । ফলত ভেণ্ডিৰ উৎপাদন লক্ষণীয়ভাৱে হ্ৰাস পায় । এইক্ষেত্ৰত কৃষকসকলে গছৰ বিভিন্ন ৰোগৰ আক্ৰমণৰ লক্ষণসমূহ ভালদৰে বুজি লৈ সঠিক সময়ত নিৰাময়ৰ ব্যৱস্থাসমূহ প্ৰয়োগ কৰিলে ৰোগসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি । ভেণ্ডিৰ পাতৰ সিৰা হালধীয়া হৈ ম’জাইক সৃষ্টি হোৱা ৰোগ ভেণ্ডি গছৰ অত্যন্ত ক্ষতিকাৰক ৰোগ । বাৰিষাকালত ই বেছিকৈ হয় । বীজ অংকুৰণৰ এমাহৰ ভিতৰত গছত এই ৰোগ হ’লে ভেণ্ডিৰ উৎপাদন প্ৰায় ৯৫ শতাংশলৈকে হ্ৰাস পায় । এই ৰোগৰ বীজাণু বিশেষকৈ বগা মাখিৰ দ্বাৰা বিস্তাৰিত হয় । এই ৰোগৰ প্ৰধান লক্ষ হ’ল কুমলীয়া আৰু নতুনকৈ ওলোৱা পাতবোৰ ঈষৎ হালধীয়া বৰণৰ হৈ যায় । লগতে গছৰ ফলবিলাকো পাতল হালধীয়া, শেতা ৰঙৰ হৈ পৰে ।

ৰোগৰ প্ৰতিকাৰ –

১) সঘনে ৰোগ দেখা দিয়া অঞ্চলত আগতীয়াকৈ ভেণ্ডি খেতি কৰাৰ ওপৰত গুৰুত্ব দিব লাগে ।

২) আক্ৰান্ত গছৰ সংখ্যা কম হ’লে গছবোৰ উভালি পুৰি পেলাব লাগে ।

৩) বীজ অংকুৰণৰ পাছতেই মালাথিয়ন ৫০ ই চি বা ডাইমিথ’য়েট ৩০ ই চি (১ লিটাৰ প্ৰতি ৫০০ লিটাৰ পানীত মিহলাই ) স্প্ৰে’ ক ৰি ৰোগবাহক বগা মাখিৰ অক্ৰমণ প্ৰতিহত কৰিব পৰা যায় ।

ভেণ্ডি খেতিত বিভিন্ন ধৰণৰ কীট-পতংগয়ো আক্ৰমণ কৰে । খেতিডৰাত সাধাৰণতে গা-গছনি বিন্ধা কৰা পোক , পুলি কটা পোক আৰু ফল বিন্ধা কৰা পোকৰ উপদ্ৰৱ বেছিকৈ হোৱা দেখা যায় । গা-গছ আৰু ফল বিন্ধা কৰা পোকৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ পুলিবোৰ অলপ ডাঙৰ হোৱাৰ পাছত মালাথিয়ন ৫০ ই চি দৰৱ চাহ চামুচেৰে এচামুচ প্ৰতি ১০ লিটাৰ পানীৰ হিচাপত মিহলাই ১০-১৫ দিনৰ ব্যৱধানত স্প্ৰে’ কৰিব লাগে । আনহাতে পুলি কটা পোক নিয়ন্ত্ৰণৰ্ বাবে শেষ বাৰ হাল ৰোৱাৰ সময়ত বিঘাই প্ৰতি ২ কেজিকৈ ৫ শতাংশ শক্তিৰ মালাথিয়ন গুড়ি ছটিয়াব লাগে ।

উৎস – অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate