দাইলজাতীয় শস্যৰ ভিতৰত মগুমাহ অসমৰ এবিধ অন্যতম শস্য। উল্লেখ্য যে অসমৰ প্ৰতিটো পৰিয়ালৰ লগতে সাৰ্বজনীন ধৰ্মীয় উৎসৱত, সত্ৰসমূহত মগুমাহৰ ব্যৱহাৰ অপৰিহাৰ্য।
দাইল হিচাপেও ইয়াৰ ব্যৱহাৰ গুৰুত্বপূৰ্ণ। সেয়ে চাহিদা অনুপাতে এইবিধ শস্যৰ খেতি অসমত বহল ভিত্তিত কৰা প্ৰয়োজন হৈ পৰিছে।
এই শস্যবিধৰ কৃষি পদ্ধতি সম্পৰ্কে ইয়াত থোৰতে উল্লেখ কৰা হ’ল-
মাটি:
মুকলি, ৰ’দ পৰা আৰু পানী জমা নোহোৱা বালিচঁহীয়া মাটি এই খেতিৰ বাবে উপযুক্ত।
পথাৰ প্ৰস্তুতকৰণ:
মগুমাহৰ খেতিৰ বাবে মাটি মিহিকৈ চহ নকৰিলেও হয়। ২-৩ বাৰ হাল বাই মাটিডৰা সমান কৰি ল’ব লাগে। মাটি পৰীক্ষা কৰি মাটিত পি এইচৰ পৰিমাণ(অম্লতা) ৬.০ কৰিবলৈ প্ৰয়োজনসাপেক্ষে চূণ প্ৰয়োগ কৰা উচিত।
জাত নিৰ্বাচন:
টি-৪৪ |
৬০-৭০ দিন |
কপাৰগাঁও |
৭০-৮০ দিন |
কে-৪৫১ |
৬০-৬৫ দিন |
এম এল-৫৬ |
৬৫-৭০ দিন |
১১/৩৯৫ |
৬০-৭০ দিন |
সিঁচাৰ সময়:
আগষ্টৰ মাজৰভাগৰপৰা ছেপ্টেম্বৰ মাহলৈ।
বীজৰ পৰিমাণ:
টি-৪৪ আৰু অন্যান্য জাত- ২.২৫ কিলোগ্ৰাম শাৰীবদ্ধ পদ্ধতিত আৰু সিঁচিলে ২.৭-৩ কিলোগ্ৰাম, কপাৰগাঁও-২.৭-৩ কিলোগ্ৰাম শাৰীবদ্ধ পদ্ধতিত আৰু সিঁচিলে ৩.৩ কিলোগ্ৰাম।
দূৰত্ব:
শাৰীৰ দূৰত্ব- ৩০ ছেন্টিমিটাৰ,
বীজৰ দূৰত্ব: ১০ ছেন্টিমিটাৰ।
সাৰ প্ৰয়োগ:
গোবৰ বা পচন সাৰ ৬ কুইন্টল প্ৰতি বিঘাত-
ৰাসায়নিক সাৰ- ইউৰিয়া ৪.৫ কিলোগ্ৰাম,
ছুপাৰ ফছফেট ৩০ কিলোগ্ৰাম,
মিঃঅঃ পটাছ ২ কিলোগ্ৰাম।
ৰাইয’বিয়াম কালচাৰ ২০০ গ্ৰাম আৰু ফছফটিকা ২০০ গ্ৰামেৰে প্ৰতি ১০ কিলোগ্ৰাম বীজ শোধন কৰিলে ইউৰিয়া ৩ কিলোগ্ৰাম ব্যৱহাৰ কৰিলে হ’ব।
প্ৰতিপালন:
সিঁচাৰ ২৫ দিন পিছত বন-বাত নিৰণি কৰি চাফা কৰিব লাগে।
শস্য চপোৱা:
৬০-৭০ দিন পিছত ছেঁইবোৰ ৭৫ শতাংশ ক’লা পৰিলে চপোৱাৰ উপযুক্ত হয়।
উৎপাদন:
১০-১২ কুইন্টল প্ৰতি হেক্টৰত।
লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 6/26/2020