অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মচুৰ মাহৰ উন্নত কৃষি পদ্ধতি

 

ভাৰতবৰ্ষৰ জনসাধাৰণৰ খাদ্য তালিকাত মাহ জাতীয় শস্যই এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আহিছে। আমাৰ দেশৰ জনসংখ্যাৰ এক বৃহৎ অংশই নিৰামিষভোজী হোৱা বাবে দেহৰ গঠন আৰু বৃদ্ধিৰ বাবে প্রয়োজন হোৱা প্ৰ’টিন জাতীয় খাদ্যৰ বেছি অংশ মাহ জাতীয় শস্যৰ দ্বাৰা পূৰণ হয়। মানুহৰ দেহৰ বাবে প্রয়োজন হোৱা এই প্ৰ’টিন মাছ, মাংস, কণী, গাখীৰ আদিৰ যোগেদিও পূৰণ কৰিব পৰা যায় যদিও বজাৰত এইবোৰ মূল্য আকাশলঙ্খী হোৱা বাবে প্ৰ’টিনযুক্ত খাদ্য হিচাপে মাহ জাতীয় শস্যৰ গুৰুত্ব দিনে দিনে বাঢ়ি আহিছে। ইয়াৰ উপৰিও মাটিৰ উৰ্বৰতা বৃদ্ধি, ভূমি আৰু ভূমিৰ আৰ্দ্ৰতা সংৰক্ষণ, বন-বাত নিয়ন্ত্রণ, গৰু-ম'হৰ খাদ্য হিচাপেও মাহ জাতীয় শস্যৰ যথেষ্ট গুৰুত্ব আছে।

অসমৰ মাটিৰ বাবে উপযোগী বিভিন্ন ধৰণৰ মাহ-জাতীয় শস্যৰ ভিতৰত মচুৰ মাহ অন্যতম। আমি ব্যৱহাৰ কৰা ডাইল জাতীয় শস্যৰ ভিতৰত মচুৰ মাহতেই আটাইতকৈ বেছি প্র’টিন (শতকৰা প্রায় ২৫ ভাগ) থাকে। তাৰোপৰি ইয়াত ‘ক’, ‘খ’, ‘গ’ ভিটামিন আৰু মানুহৰ দেহৰ বাবে প্রয়োজনীয় ‘এমাইনো এচিড' পোৱা যায়। তলত মচুৰ মাহৰ খেতিৰ বিষয়ে আলোচনা কৰা হ’ল।

শস্যৰ জাত

 

অসমৰ মাটিৰ বাবে উপযোগী বিভিন্ন জাতৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।

জাত

কৃষিকাল (দিন হিচাপে)

উৎপাদন (কুইন্টল/বিঘাত)

বি-৭৭

১১০-১২০

১.০-১.৫

এল - ৯ - ১২

১২০-১৩০

১.০-১.৫

পি, এল - ৪০৬

১২০ - ১২৫

১.০-১.৫

পি, এল - ৮১-৪

১২০ – ১২৫

১.০-১.৫

 

মাটি নিৰ্বাচন

 

মচুৰ মাহৰ খেতিৰ বাবে পানী জমা নোহোৱা পলসুৱা মাটি নির্বাচন কৰা দৰকাৰ।

বীজ সিঁচাৰ সময়

 

মচুৰ মাহৰ বীজ কাতি মাহৰ ভিতৰত পথাৰত সিঁচিব লাগে।

মাটি প্রস্তুতি

 

মাটি প্রস্তুতিৰ কাম বীজ সিঁচাৰ ৩/৪ সপ্তাহ আগেয়ে আৰম্ভ কৰিব লাগে। মাটিডৰা ভালদৰে ৩/৪ বাৰ হালবাই মৈয়াই মিহি কৰি ল’ব লাগে। মাটি প্রস্তুতিৰ আৰম্ভণিতে প্রতি বিঘা তলীত ৬ কুইন্টল হিচাপে পচন সাৰ প্রয়োগ কৰি লোৱা দৰকাৰ।

চূণ প্রয়োগ

 

অসমৰ মাটি টেঙা গুণযুক্ত হোৱা হেতুকে মাটিডৰাত চূণ প্রয়োগ কৰি লোৱা দৰকাৰ। চূণ প্রয়োগ কৰাৰ আগেয়ে মাটি পৰীক্ষা কৰি প্রয়োজনীয় চূণৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰি লব লাগে। চূণ বীজ সিঁচাৰ কমেও ১৫ দিন আগতে প্রয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে।

বীজৰ পৰিমাণ আৰু বীজ সিঁচাৰ দূৰত্ব

 

প্রতিবিঘা তলীৰ বাবে প্রয়োজন হোৱা বীজৰ পৰিমাণ হ’ল ৪.০ কিঃগ্ৰাঃ। এই বীজ প্রতি ১০ ইঞ্চিমান দূৰত্বত লোৰ বনাই প্রতি ২ ইঞ্চি মানৰ অন্তৰে অন্তৰে সিঁচিব লাগে।

জীৱাণু সাৰ প্রয়োগ

 

জীৱাণু সাৰ প্রয়োগ কৰিবৰ বাবে বীজ সিঁচাৰ আগেয়ে বীজখিনি পৰিস্কাৰ পানীত তিয়াই লব লাগে। ইয়াৰ পিচত অনুমোদিত পৰিমাণৰ জীৱাণুসাৰ বীজখিনিৰ লগত ভালদৰে মিহলাব লাগে যাতে প্ৰতিটো বীজতেই ইয়াৰ প্রলেপ পৰে। এনেদৰে জীৱাণু সাৰ মিহলোৱা বীজখিনি কাপোৰ বা বস্তাত মেলি দি ছাঁতে শুকুৱাব লাগে। প্রতি কিঃগ্ৰাঃ বীজৰ বাবে ৫০ গ্রাম মান জীৱাণুৰ সাৰৰ প্রয়োজন হ’ব।

ৰাসায়নিক সাৰ প্রয়োগ

 

মাটিডৰাত ৰাসায়নিক সাৰ প্রয়োগ কৰিলে ই প্রত্যক্ষভাৱে উৎপাদন বৃদ্ধিত সহায় কৰে। মচুৰ মাহৰ খেতিৰ বাবে তলত উল্লেখ কৰা পৰিমাণৰ সাৰৰ প্রয়োজন হয়।

(ক) জীৱাণুসাৰ ব্যৱহাৰ নকৰিলে প্রতি বিঘা তলীত ৪.৫ কিঃগ্ৰাঃ ইউৰীয়া আৰু ৩০ কিঃগ্ৰাঃ একক চুপাৰ ফচফেট সাৰৰ প্রয়োজন হয়।

(খ) জীৱাণু সাৰ ব্যৱহাৰ কৰিলে প্রতি বিঘা তলীৰ বাবে ৩ কিঃগ্ৰাঃ ইউৰীয়া আৰু ৩০ কিঃগ্ৰাঃ একক চুপাৰ ফচফেট সাৰৰ দৰকাৰ হ’ব।

(গ) জীৱাণু সাৰ ব্যৱহাৰ নকৰিলে ইউৰীয়া আৰু একক চুপাৰ ফচফেট সাৰৰ সলনি ডি, এ, পি সাৰ প্ৰতি বিঘাতলীত ১০ কিঃগ্ৰাঃ হাৰত প্রয়োগ কৰিব পাৰে।

(ঘ) অনুমোদিত ৰাসায়নিক সাৰৰ সমুদায় অংশ বীজ সিঁচাৰ আগেয়ে শেষৰ বাৰ চাহ কৰাৰ সময়ত প্রয়োগ কৰিব লাগে।

প্রতি-পালন

 

বীজ সিঁচাৰ ২০-২৫ দিন পিচত বনবাত নিৰাই দি ঘনকৈ গজা পুলিবোৰ উভালি পাতল কৰি দিব লাগে।

জলসিঞ্চন

 

পানী যোগানৰ ব্যৱস্থা থকা মাটিত খৰাং পৰিস্থিতিয়ে বিৰাজ কৰা যেন পালে গুটি ধৰা সময়ত পাতলীয়াকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

 

উৎস: অসম কৃষি বিভাগ।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate