অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাহজাতীয় শস্যৰ ভিন্নতা আৰু উৎপাদন বৃদ্ধিৰ সম্ভাৱনীয়তা :

মাহজাতীয় শস্যৰ ভিন্নতা আৰু উৎপাদন বৃদ্ধিৰ সম্ভাৱনীয়তা :

 

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই দহবিধ মুখ্য আৰু পাঁচবিধ গৌণ মাহজাতীয় শস্যক স্বীকৃতি প্ৰদান কৰিছে। এই শস্যবোৰৰ খেতি পৃথিৱীৰ ১০৫ খনৰো অধিক দেশত কৰা হয়। এইবিলাকৰ ভিতৰত ড্ৰাই বিনছ, মটৰ মাহ, বুট মাহ, লেচেৰা মাহ, মচুৰ আৰু ৰহৰ মাহেই প্ৰধান। ধানজাতীয় শস্যৰ পিছতেই মাহজাতীয় শস্যৰ স্থান ।

ভাৰতবৰ্ষ এনে এখন দেশ, য’ত মাহজাতীয় শস্যৰ ভিন্নতা সৰ্বাধিক। আমাৰ দেশত নবিধ মুখ্য মাহৰ খেতি কৰা হয়-বুট, ৰহৰ, মাটিমাহ, মগুমাহ, কুলথি, মঠবিন, খেচাৰি মাহ, মচুৰ মটৰ মাহ। এই শস্যবিলাকে দেশৰ মাহ খেতিৰ অধীনত থকা মাটিকালিৰ ৯৫ শতাংশৰো অধিক বছৰি নিজৰ অধীনত ৰাখে। গৌণ শস্যবোৰৰ ভিতৰত লেচেৰা, বহল বিন, শুকান বিন, ৰাইচ বিন, উইংগদ বিন, আদজুকি বিন, লিমা বিন আদি উল্লেখযোগ্য। পৃথিৱীৰ ভিতৰত মাহৰ উৎপাদন আৰু খাদ্য হিচাপে ব্যৱহাৰ ভাৰততেই সৰ্বাধিক যদিও ইয়াৰ উৎপাদিকা শক্তি আৰু বছৰি বৃদ্ধিৰ হাৰ যথেষ্ট কম।

নিৰামিষভোজী মানুহৰ কাৰণে মাহজাতীয় শস্যই হ’ল প্ৰ’টিনৰ প্ৰধান উৎস। ইয়াৰ উপৰি এইবিলাক শস্যই বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন আহৰণ কৰি সহজীৱী ৰাইজবিয়াম নামৰ এবিধ বেক্টেৰিয়াৰ সহায়ত মাটিৰ উৰ্বৰতা বঢ়ায়। সেয়েহে আন শস্যৰ তুলনাত মাহৰ খেতিত নাইট্ৰ’জেনমুক্ত ৰাসায়নিক সাৰৰ প্ৰয়োজন নিচেই তাকৰ। এই শস্যবোৰৰ অৱশিষ্টভাগ খেতি মাটিত প্ৰয়োগ কৰি যথেষ্ট জৈৱিক পদাৰ্থ আৰু পোষক মৌল যোগান ধৰিব পৰা যায়। মুঠতে ক’বলৈ হ’লে মাহজাতীয় শস্যৰ মাটি আৰু উৎপাদন প্ৰণালীৰ স্থিতিযোগ্যতা অটুট ৰখাত অৱদান অদ্বিতীয়।

অসমত মাটিমাহেই হ’ল প্ৰধান মাহজাতীয় শস্য। মটৰ মাহ, মচুৰ মাহ, মগুমাহ, খেচাৰি আদিও উল্লেখযোগ্য। বছৰটোৰ ভিতৰত ভিন্ন মাহৰ খেতি ভিন্ন বতৰত কৰিব পৰা যায়। শীতকাল বা ৰবি শস্য বতৰত মটৰ, মচুৰ, খেচাৰি আদিৰ খেতি কৰা হয়। খাৰিফ শস্যৰ বতৰত (বৰ্ষাকাল) মাটিমাহ, মগুমাহ আৰু ৰহৰৰ খেতি কৰা হয়। মাটিমাহ আৰু মগুমাহ গ্ৰীষ্ম কালতো কৰিব পাৰি। ৰবি খেতি অক্টোবৰ-নৱেম্বৰ মাহতে সিঁচি মাৰ্চ-এপ্ৰিলত চপোৱা হয়। অসমত খাৰিফ মাটি আৰু মগুমাহ আগষ্ট-ছেপ্টেম্বৰত সিঁচি নৱেম্বৰ-ডিচেম্বৰ মাহত চপাব পাৰি। কিন্তু ৰহৰ মাহ জুন-জুলাইত সিঁচা হয়। গ্ৰীষ্মকালত মাটিমাহ আৰু মগুমহ ফেব্ৰুৱাৰী-মাৰ্চ মাহত সিঁচিব লাগে। খাৰিফ তথা গ্ৰীষ্মকালীন শস্যৰ বতৰত ৰবি শস্যৰ তুলনাত মাটিকালি যথেষ্ট কম। শস্যৰ বতৰ আৰু উষ্ণতাৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ দেশখন দুটা মুখ্য ভাগত ভগাব পাৰি-উত্তৰাঞ্চল আৰু দক্ষিণাঞ্চল। উত্তৰ মণ্ডলত প্ৰায় ৭০ শতাংশ মাহজাতীয় শস্যৰ খেতি ৰবি শস্যৰ্ বতৰত কৰা হয়। কিন্তু দক্ষিণ মণ্ডলৰ ছবি সম্পুৰ্ণ ওলোটা। প্ৰায় ৭৫ শতাংশ মাহজাতীয় শস্যৰ মাটি খাৰিফ বতৰত দেখা যায়। প্ৰতি একক মাটিকালিত মাহৰ উৎপাদন ৰবি বতৰত খাৰিফতকৈ বেছি। ভাৰতত বুটমাহৰ উৎপাদন আৰু উ্ৎপাদন ক্ষমতা আন মাহজাতীয় শস্যতকৈ বেছি। উত্তৰ ভাৰতত জলসিঞ্চনৰ সুবিধা লৈ গ্ৰীষ্মকালীন শস্য হিচাপে মগুমাহে প্ৰসাৰতা লাভ কৰিছে। শস্য আৰু বতৰৰ ভিন্নতা আৰু মাহ তথা দাইলৰ ক্ৰমবৰ্ধিত বজাৰ মুল্যৰ বাবে মাহৰ উৎপাদন বঢ়োৱাৰ বাবে লোৱা নানান পদক্ষেপ সফলতাৰ দিশে ক্ৰমশ: আগবাঢ়িছে।

আমাৰ ৰাজ্যতো মাহৰ উৎপাদন বঢ়োৱা তথা এইক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ বাবে বিভিন্ন চৰকাৰী আঁচনি ৰুপায়ণ কৰা হৈছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছন (মাহজাতীয় শস্য) মাহৰ বীজ উৎপাদনৰ বাবে ‘পালছ ছীড হাব’ প্ৰদৰ্শনীমুলক খেতি, মাহ গৱেষণা আঁচনি আদি প্ৰণিধানযোগ্য। এই অঁচনিবোৰৰ জৰিয়তে মাহৰ অধীনত কৃষিভুমি বঢ়োৱা আৰু ইয়াৰ উৎপাদিকা শক্তি বঢ়োৱাত সমান্তৰালভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে।

অসমত মাহজাতীয় শস্যৰ মাটিকালি বৃদ্ধিৰ পুৰ্ণৰ্সুযোগ বিদ্যমান। প্ৰায় ১৮ লাখ হেক্টৰ ভুমিত শালি ধানৰ খেতি কৰা হয়। ইয়াৰে প্ৰায় ৬.৫ লাখ উপযোগী মাটি ৰবি শস্যৰ বতৰত ছন পৰি থাকে। এই মাটিখিনিত অনায়াসে মাহৰ খেতি কৰিব পাৰি। তাৰ বাবে আমি শালি ধানৰ পথাৰত মাহজাতীয় শস্যৰ লেথাৰি নিছিগা খেতি আদৰি ল’ব লাগিব। শালি ধান ফুলাৰ প্ৰায় ১৫ দিন পিছত পথাৰত মচুৰ, মটৰ বা খেচাৰি মাহৰ বীজ সিঁ চি দিব লাগে। মন কৰিব লাগে যাতে মাহৰ বীজ সিঁচাৰ সময়ত মাটি জীপাল হৈ থাকে অথচ ডোঙা বন্ধা পানী নাথাকে। এইক্ষেত্ৰত সাধাৰণতে ২৫-৩৩ ৰ অধিক বীজ সিঁচিব লাগে। বীজ সিঁচাৰ প্ৰায় ১৫ দিনৰ পাছত ধান কাটিব লাগে। ধান কটাৰ সময়ত এটা কথালৈ লক্ষ্য ৰাখিব লাগে যাতে মচুৰ মাহৰ ৰীলেৰ ক্ষেত্ৰত ধানৰ নৰাৰ উচ্চতা প্ৰায় ৩০ চেণ্টিমিটাৰ আৰু মটৰ বা খেচাৰি মাহৰ ক্ষেত্ৰত ৪৫ চেণ্টিমিটাৰ মান হয়। এনেকুৱা খেতিৰ সুফলসমুহৰ ভিতৰত যথেষ্ট কম উৎপাদন ব্যয়, মাটি চহ কৰাৰ প্ৰয়োজনহীনতা, সময়ত সিঁচিব পৰা, জীপ মাটি আৰু মাটিত থকা অণুজীৱৰ সংৰক্ষণ, ৰোগৰ সীমিত আক্ৰমণ, অধিক উৎপাদন আদি উল্লেখযোগ্য।

তালিকা-১

মাহজাতীয় শস্যৰ দ্বাৰা সংস্থাপিত নাইট্ৰ’জেন

শস্য

নাইট্ৰ’জেন (কেজি/হেক্টৰ

মাটিমাহ

৩৮-৫০

মগুমাহ

৫০-৫৫

মচুৰ মাহ

৩৫-৬০

বুটমাহ

২৬-৬৩

মটৰমাহ

৫৯-৮০

ৰহৰ মাহ

৬০-১০০

 

তালিকা ২

বিভিন্ন মাহজাতীয় শস্যত থকা পুষ্টিৰ মান

 

শস্য

ষ্টাৰ্চ(%)

দ্ৰবীভুত শৰ্কৰা(%)

চৰ্বি (%)

প্ৰ’টিন(%)

মগুমাহ

৪৫.৮-৪৯.৫

৭.১-৮.৯

২.৩

২০.৬-২৪.১

মাটিমাহ

৪৩.৬-৪৮.৬

৮.৩-৮.৮

১.৫

১৮.৭-২৪.৬

ৰহৰ

৫১.৬-৫৮.৯

৪.৩-৫.২

১.৩-২.৫

১৮.৪-২২.১

মচুৰ

৪৬.৫-৫২.৭

৩.৫-৫.৩

০.৭-০.৯

২০.৬-৩৮.৬

বুট

৫০.০-৫৪.৫

৩.৩-৫.০

২.৮-৪.৬

২০.৯-২৭.৪

মটৰ

৪১.৩-৫১.২

১১.৭-১৩.৯

১.১-১.৫

১৬.৩-২৩.০

ৰাজমাহ

৪৬.৪-৫১.৬

৩.২-৪.৫

২.২-৫.০

১৬.১-২১.৮

 

 

লেখিকা: ড° ৰঞ্জনা চক্ৰৱৰ্তী,

লেখক: ড° হেমেন কলিতা (নিয়মীয়া বাৰ্তা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate