অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৰাপাট খেতিৰ শস্য ৰক্ষাঃ

মৰাপাট খেতিৰ শস্য ৰক্ষাঃ

প্ৰাকৃতিক আঁহ হিচাপে উত্পাদন আৰু ব্যৱহাৰৰ দিশৰ পৰা ভাৰতবৰ্ষত কপাহৰ পাছতেই মৰাপাটৰ স্থান। অসমৰ বিভিন্ন আঁহজাতীয় শস্যবোৰৰ ভিতৰত মৰাপাট এবিধ গুৰুত্বপূৰ্ণ আৰু অৰিথকাৰী খেতি, আমাৰ জীৱনৰ সকলো ধৰণৰ কামতেই ইয়াৰ আঁহ অতিকৈ গুৰুত্বপূৰ্ণ। মৰাপাট সাধাৰণতে দুই জাতৰ- এবিধ মিঠা আৰু আনবিধ তিতা, তিতা মৰাপাটক আঁহৰ উপৰিও মানুহে পাচলি হিচাপে ব্যৱহাৰ কৰে।

উদ্যোগিক দেশবিলাকত এই শস্য উদ্যোগৰ কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। অসম তথা ভাৰতবৰ্ষত ইয়াৰ আঁহেৰে নানা ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰা হয়। আঁহ উলিওৱাৰ পাছত গছজোপা মানুহে খৰি বা বেৰ বনোৱা কামত ব্যৱহাৰ কৰে। পেপাৰ বনোৱা উদ্যোগতো ইয়াক কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। মৰাপাট খেতিৰ পৰা আশানুৰূপ লাভ অৰ্জন কৰিবলৈ হলে কীট-পতংগ আৰু বেমাৰৰ পৰা শস্যডৰাক ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় কথা। ইয়াকে লক্ষ্য ৰাখি এই খেতিৰ কীট-পতংগ আৰু বেমাৰৰ নিয়ন্ত্ৰণৰ ওপৰত এক আলোচনা আগবঢ়োৱা হ’ল।

কীট-পতংগঃ

মৰাপাট খেতিত আক্ৰমণ কৰা পোক-পৰুৱাৰ ভিতৰত মৰাপাট গছৰ পাত খোৱা বিছা, মৰাপাট চেমিলুপাৰ, হালধীয়া মাইট পোক আৰু মৰাপাটৰ গা-গছ বিন্ধা পোক আদিয়ে অন্যতম।

মৰাপাট গছৰ পাত খোৱা বিছাঃ

ই সাধাৰণতে গছৰ কুমলীয়া পাতবোৰ খাই নষ্ট কৰে। ফলস্বৰূপে পাতে খাদ্য প্ৰস্তুত কৰিব নোৱাৰা হয় আৰু গছজোপা মৰি যায়। সময়মতে ইয়াৰ নিবাৰণ নকৰিলে অন্য গছলৈ সঞ্চাৰিত হৈ যায়। এইবিধ পোকৰ পৰা শস্যডৰাক বচাই ৰাখিবলৈ তলত উল্লেখ কৰা উপায় অৱলম্বন কৰি সুফল পাব পাৰি-

  • নিবাৰণৰ বাবে দৰব ছটিওৱাৰ সলনি আক্ৰান্ত গছৰ পাতবিলাক ছিঙি দিব লাগে।
  • এই পোকৰ কণী বা বিছা পাতত দেখাৰ লগে লগে হাতেৰে ছিঙি আনি কেৰাচিন তেলত ডুবাই দিব লাগে।
  • ইয়াৰ প্ৰতিকাৰৰ বাবে ফেনিট্ৰ’থিনয়ন ৫০ ই চি (১ মিলিলিটাৰ), এণ্ডোচালফান ৩৫ ই চি (২ মিলিলিটাৰ) আৰু ম’ন’ক্ৰটফচ ৪০ ই চি (১.৫ মিলিলিটাৰ) প্ৰতিলিটাৰ পানীত মিহলাই জুন মাহৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত তিনিবাৰকৈ স্প্ৰে’ কৰিব লাগে। স্প্ৰে’ কৰোতে গছজোপাৰ উপৰি ভাগত ছটিয়াব লাগে।

মৰাপাট চেমিলুপাৰ পোকঃ

এইবিধ পোক নিবাৰণৰ বাবে খেতিডৰাত আঁতৰে আঁতৰে বাঁহৰ জেং পুতি দিব লাগে যাতে জেংবোৰত চৰাই বহি অনিষ্টকাৰী মৰাপাট চেমিলুপাৰ পোকবোৰ খাব পাৰে।

হালধীয়া মাইটপোকঃ

মাইটপোকে আক্ৰমণ কৰা পাতবোৰ খহুলা-খহুলা হয় আৰু ক’লা পৰিবলৈ ধৰে। নিবাৰণৰ বাবে ০.২ শতাংশ শক্তিৰ ৰগৰ ঔষধ তিনি-চাৰিবাৰ পাতত ছটিয়াব লাগে।

মৰাপাটৰ গা-গছ বিন্ধা পোকঃ

এই পোকে গছৰ গা-গছজোপা বিন্ধা কৰি দিয়ে, যাৰ ফলত গা-গছজোপা শুকাবলৈ আৰম্ভ কৰে। ইয়াক নিবাৰণৰ বাবে ফেনিট্ৰ’থিয়ন ৫০ ই চি (১ মিলিলিটাৰ), এণ্ডোচালফান ৩৫ ই চি (২ মিলিলিটাৰ) আৰু মাইক্ৰটফছ ৪০ ই চি (১.৫ মিঃ লিঃ) প্ৰতি লিটাৰ পানীত মিহলাই জুন মাহৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত তিনিবাৰকৈ স্প্ৰে’ কৰিব লাগে, স্প্ৰে’ কৰোতে গছজোপাৰ উপৰি ভাগত ছটিয়াব লাগে।

বেমাৰ-আজাৰঃ

মৰাপাটত দেখা দিয়া বেমাৰ-আজাৰৰ ভিতৰত শিপা পচা, গুৰি পচা, পুলি পোৰা আৰু এনথ্ৰাকন’জ আদিয়ে প্ৰধান। এই বেমাৰবোৰৰ পৰা শস্যডৰাক বচাই ৰাখিবলৈ তলত উল্লেখ কৰা উপায় অৱলম্বন কৰি সুফল পাব পাৰি-

  • শিপা পচা বা গুৰি পচাঃ পুলিটো মাটিত লাগি থকা অংশ ক’লা পৰি পচি যোৱা দেখা যায়। গুটি সিঁচাৰ পাছত, গজালি ওলোৱা গুটিবোৰ গেলি যায় বা গজালি ওলোৱাৰ পাছতেই পুলিৰ শিপা বা গুৰিটো পচি কাণ্ড ভাগি পৰে। ইয়াৰ প্ৰতিকাৰ হিচাপে- বীজ সিঁচাৰ আগতে ভেঁকুৰনাশক ঔষধ যেনে- কাৰবেনদেজিম ১ গ্ৰাম প্ৰতি কিলো বীজৰ লগত মিহলাই শোধন কৰিব লাগে। পুলি অৱস্থাত খেতিডৰাত পানী জমা হ’বলৈ দিব নালাগে।
  • এনথ্ৰাক্ল’জঃ লক্ষণ- মৰাপাটৰ পুলিবোৰৰ পাতত ক’লা, ৰঙা গুৰিৰে ঢাকি থকা কিছুমান ঘূৰণীয়া দাগ পৰা দেখা যায়। ইয়াৰ প্ৰতিকাৰ হিচাপে- বেভিষ্টিন নামৰ ঔষধ ০.১৫ শতাংশ (১.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) মিহলাই প্ৰয়োগ কৰিব লাগে।
  • এই বেমাৰবোৰৰ পৰা মৰাপাট খেতিডৰাক ৰক্ষা কৰিবলৈ মাটিৰ (পি এইছ)/অম্লতা ৫.৫

ত ৰাখিব লাগে। তাৰ বাবে মাটিত চূণ প্ৰয়োগ কৰিব লাগে।

  • এই বেমাৰবোৰৰ পৰা মৰাপাট খেতিডৰাক ৰক্ষা কৰিবলৈ মাটিত পটাছ সাৰৰ পৰিমাণ বেছি কৰিব লাগে, যেনে- ৫০ কিলো পটাছ প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব লাগে।
  • বেমাৰৰ লক্ষণ দেখা দিয়াৰ লগে লগে কাৰবেনদেজিম এক গ্ৰাম বা মেনক’জেব তিনি গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব।
  • মৰাপাট আৰু ধানৰ শস্যক্ৰম গ্ৰহণ কৰিব লাগে
  • মধ্যমীয়া বেমাৰমুক্ত জাত যেনে- জে আৰ চি ২১২, জে আৰ চি ৭৪৪৭ আৰু ইউ পি চি ৯৪ জাতহে বাছনি কৰিব লাগে।
  • আগ পচা, পুলিৰ গুৰি পচা আৰু পুলি পোৰা বেমাৰঃ সাধাৰণতে মাটিত থকা মেক্ৰ’ ফমিনা ফেচিওলিনা নামৰ ভেঁকুৰৰ দ্বাৰা হয়। ইয়াৰ প্ৰতিকাৰ হিচাপে বীজবোৰ সিঁচাৰ আগতে ট্ৰাইক’গ্ৰামৰ এটা প্ৰলেপ দিব লাগে।

শস্যকৃমি নিয়ন্ত্ৰণঃ

শস্যকৃমিৰ আক্ৰমণৰ ফলত গছবোৰৰ শ্ৰীবৃদ্ধি কম হয় আৰু শিপাবিলাক উভালি চালে ওফন্দি উঠা টেমুনা দেখা পোৱা যায়। ইয়াৰ প্ৰতিকাৰ হিচাপে মূল পথাৰত গুটি সিঁচাৰ আগতে বা গুটি সিঁচোতে মাটিডৰাত কাৰ্বফুৰাণ ৩ জি ২ কেজি এ আই প্ৰতি বিঘা মাটিত প্ৰয়োগ কৰিব লাগে।

লিখক:বিদ্যুত্ বিকাশ দেউৰী, প্ৰাণজিত্ সূত্ৰধাৰ, ধনদা দলে, ভাৰতী দেউৰী

উৎস: অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate