অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লোক-জীৱনৰ অভিন্ন পৰম্পৰা :

 

আৰণ্যক জীৱন এৰি মানৱ প্ৰজাতি যেতিয়া কৃষিকৰ্ম আৰু পশুপালনৰ যোগেদি জীৱিকা নিৰ্বাহৰ দিশত আগবাঢ়িল তেতিয়াই শ্ৰমৰ লগত জড়িত ইপদৰ পাছত সিপদ আহিলাৰ উদ্ভাৱন হ’বলৈ ধৰিলে। যি উদ্ভাৱন প্ৰক্ৰিয়া আজি বিজ্ঞানৰ চৰম উন্নতিৰ দিনতো অব্যাহত আছে। অৱশ্যে আজিৰ দৰে জটিল সঁজুলি প্ৰস্তুত কৰাতকৈ আদিম মানে সৰল যন্ত্ৰ বা সঁজুলি উদ্ভাৱন কৰি দৈনন্দিন কাম-কাজ সহজ কৰি তুলিছিল। কৃষিকৰ্মৰ লগত ঘৰুৱা কাম-কাজত আহিব পৰা সঁজুলি উদ্ভাৱন কৰি মানৱ সভ্যতাক ক্ৰমশঃ আগুৱাই নিছিল।

কৃষিক্ষেত্ৰত আশানুৰূপে উৎপাদন লাভ কৰাৰ পাছত শইচ চপাই কৃষকসকল হয়তো প্ৰথম অৱস্থাত বিমোৰত পৰিছিল। কাৰণ কিছুমান শস্যৰ গুটিৰ বাকলি হাতেৰে আঁতৰাই সেয়া খাদ্য হিচাপে ব্যৱহাৰ কৰাটো সিমান সহজসাধ্য নাছিল। ধানৰ দৰে শস্যৰ গুটিৰ বাকলি আদি এৰুৱাবলৈ প্ৰথমে হয়তো শিল বা কাঠ ব্যৱহাৰ কৰিছিল।

কিন্তু সেই প্ৰক্ৰিয়াটোৰ দ্বাৰাও সৰহীয়াকৈ শস্যৰ বাকলি গুচাব পৰা নাছিল বাবেই চাগৈ প্ৰথমে উৰাল সাজিবলৈ আৰু পাছলৈ উৰালতকৈ ব্যৱহাৰত সৰল হোৱা ঢেঁকীৰ দৰে যন্ত্ৰ এটি উদ্ভাৱন কৰিছিল কোনোবা উৰ্বৰ মস্তিষ্কসম্পন্ন প্ৰাচীন মানৱে। স্থানভেদে সেই ধান বা আন শস্যৰ বাকলি গুচোৱা সৰল যন্ত্ৰটোৰ আকাৰ-আকৃতিৰ প্ৰভেদ নিশ্চিতভাৱে থকাৰ লগতে নামৰ পাৰ্থক্য থকাটোও স্বাভাৱিক।

ইতিহাস বিচাৰি -

প্ৰথমে ক’ত ঢেঁকী উদ্ভাৱন হৈছিল?

প্ৰশ্নটো জটিল। উত্তৰ বিচাৰি পোৱাও সহজসাধ্য নহয় নিশ্চয়। তথাপি ভাৰতীয় হিন্দু শাস্ত্ৰত বৰ্ণিত নাৰদ মুনিয়ে ঢেঁকীক নিজৰ বাণ হিচাপে ব্যৱহাৰৰ প্ৰস্ংগলৈ চালে প্ৰাচীন ভাৰতত ঢেঁকীৰ ব্যৱহাৰ যে সনঢালনিকৈ হৈছিল সেই কথা অনুমান কৰিব পৰা যা। সেইবাবেই হয়তো শাস্ত্ৰকাৰে নাৰদ মুনিৰ বাহন হিচাপে ঢেঁকী নিৰ্বাচন কৰি নিজৰ ৰচনাত ঠাই দিছিল। এয়া অনুমানৰ কথাহে।

অসমৰ গ্ৰাম্য জীৱনৰ অতি চিনাকি সম্পদ ঢেঁকীৰ ইতিহাস চীনদেশৰ লগত জড়িত বুলি মত প্ৰকাশ কৰিছে লোক-সংস্কৃতিৰ গৱেষক-পণ্ডিত চাও লোকেশ্বৰ গগৈয়ে। ক্ষেত্ৰখনৰ বিষয়ে সাগৰসম জ্ঞানৰ অধিকাৰী গগৈ ডাঙৰীয়াই ‘অসমৰ লোক-সংস্কৃতি’ৰ দ্বিতীয় খণ্ডত ঢেঁকীৰ ইতিহাস সম্পৰ্কে এনেদৰে উল্লেখ কৰিছে- ‘ঢেঁকীৰ সৃষ্টিৰ বিষয়ে বিচাৰি গ’লে আমি চীন দেশলৈ যাব লাগিব।

খ্ৰীঃ পূঃ ২৭৩৪-২৫৯৩ৰ ভিতৰত হুৱাংতি ৰজাৰ শাসন কালতে কৃষিকৰ্মৰ বহুতো সঁজুলি তৈয়াৰ কৰা কথা জনা যায়। টুপী, পোছাক আৰু ঢেঁকীৰ ব্যৱহাৰ হুৱাংতি সম্ৰাটৰ ৰাজত্ব কালৰ অৱদান’।

আনহাতে অসমত ঢেঁকীৰ ব্যৱহাৰ সম্পৰ্কে গৱেষকগৰাকীয়ে পূৰ্বোক্ত গ্ৰন্থত এনেদৰে উল্লেখ কৰিছে- ‘চ্যুকাফা স্বৰ্গদেৱ অসমলৈ আহি সাতহতীয়া দৈৰ্ঘ্যৰ ঢেঁকী ব্যৱহাৰ কৰিবলৈ আদেশ দিছিল। এনে ঢেঁকীৰ মাত আন থলুৱা ঢেঁকীৰ মাততকৈ ডাঙৰ আৰু কংকঙীয়া। সেয়ে এনে ঢেঁকীক বোলা হয় কলং ঢেঁকী। এই কথাৰ পৰা জানিব পৰা যায় যে চুকাফাৰ আগমনৰ পূৰ্বেও অসম ভূখণ্ডত ঢেঁকীৰ ব্যৱহাৰ আছিল।

আকাৰ-আকৃতি -

ঘৰ বুলি ক’লে যেনেদৰে খুঁটা, বেৰ, চাল, ভেটি আদিৰ সমষ্টি, ঠিক তেনেদৰে ঢেঁকী এটাও বহুকেইবিধ সম্পদৰ একত্ৰ ৰূপ। ঠাইভেদে ঢেঁকীৰ আকাৰ আৰু আকৃতিৰ তাৰতম্য থকাটো স্বাভাৱিক কথা। গোট ঢেঁকী এটা বুলিলে কটৰা, গাঁৰিশলি বা খুবলি, কঁতৰা, কঁতৰাশলা, অঁকৰাশলা, ভোগশলা, থোৰা, গুল আদিৰ সমষ্টিকহে বুজা যায়। ঢেঁকী একোটা কিমান দৈৰ্ঘ্যৰ হ’ব লাগে সেয়াও বিচাৰ্যৰ বিষয়ে। ইতিমধ্যে কলং ঢেঁকীৰ দৈৰ্য্য সাত হাত বুলি প্ৰসংগক্ৰমে উল্লেখ কৰি অহা হৈছে। বৰ্তমান আমাৰ সমাজত প্ৰ্চলিত   ঢেঁকী একোটাৰ দৈৰ্ঘ্য প্ৰায় ৭ ফুটৰপৰা ৯ ফুট।

ঢেঁকীৰ নেজ অংশ, অৰ্থাৎ শলখা বা কঁতৰাশালৰ পৰা ভৰি দিয়া অংশটোলৈ দৈৰ্ঘ্য দুফুটতকৈ অধিক হয়। ওপৰৰ বৰ্ণনাৰ পৰা এটা কথা স্পষ্ট হয় যে, ঢেঁকীৰ মূল অংশ তিনিটা- ভৰি দিয়া অংশৰ পৰা কটৰাৰ পিছফাললৈ এটা অংশ, কটৰাৰ পৰা থোৰালৈ এটা অংশ আৰু থোৰাৰ পৰা মূৰপৰ্যন্ত এটা অংশ। ইয়াৰে প্ৰথম অংশটোক নেজ, দ্বিতীয় অংশটোক গা-গজে আৰু মূৰৰ অংশটোক ভাৰগড় বোলা হয়। ঠাইভেদে এই অংশকেইটাৰ নামৰ ভিন্নতা থাকিব। একেদৰে দৈৰ্ঘ্যৰ ক্ষেত্ৰতো প্ৰভেদ থাকিব। কটৰাশলা সুমুৱাবৰ বাবে বিন্ধা কৰা অংশটোৰ ওপৰৰফালৰ চাৰিওদিশে আৰু থোৰা বিন্ধাৰ চৌপাশে থকা সামান্য ওখ বৰ্গাকাৰ অংশ দুটাক সাপোটা বোলা হয়।

সাধাৰণতে ঢেঁকী এটাৰ দৈৰ্ঘ্য কিমান হোৱা উচিত সেই সম্বন্ধে যোজনাত এনেদৰে উল্লেখ পোৱা যায়- ডেৰ হাতত নেগুৰ/আঢ়ৈ হাতত গা-গজে/ঢেঁকী পোৱালিৰ মূৰ/সেইটো ঢেঁকীৰে ধান বানি চা।

আকৌ- ডেৰ, দুই, চাৰে তিনি/ঢেঁকী পাতিবা মনে জানি।

শিলিখা, কঁঠাল, কুঁজী, থেকেৰা আদিৰ গছৰ কাঠৰ লগতে আন আন টান কাঠৰ পৰা ঢেঁকী সাজি উলিওৱা হয়। থোৰাটো সাধাৰণতে শালকাঠৰ দৰে টান কাঠৰ হ’লে ভাল যদিও সকলোতে শালকাঠ সুলভ নহয় বাবে ৰবাব, মধুৰিআম আদি গছৰ টান অংশ বা নাহৰ আদিৰ ডাঙৰ গছৰ ডাল, জাতিবাঁহৰ গুৰি অংশ ব্যৱহাৰ কৰা হয়। একেদৰে খুবলি বা গাঁৰিশলিৰ বাবে কঁঠালকে আদি আন আন গছৰ গা-গছ বা গুৰি অংশ ব্যৱহৃত হয়।

ঢেঁকী এটাৰ বিভিন্ন অংশ বা সঁজুলিসমূহৰ বিষয়ে চমুকৈ তলত বৰ্ণনা কৰা হ’ল -

কঁটৰাশলা:

কঁটৰাশলা হৈছে নেজ আৰু গা-গছৰ মজত ফুতা কৰি দুয়োফালে ওলাই থকাকৈ টান কাঠেৰে মৰা এডাল শলা। এইডাল শলাৰে ঢেঁকীটোৰ পিছৰ অংশটো কঁটৰাৰ লগত সংযোক্ত কৰি ৰখাত মুখ্য ভূমিকা পালন কৰে। ঠাইভেদে এই শলাডালক আষলশলা বা মলুৱা বাৰি বুলিও কোৱা হয়।

থোৰা:

থোৰা হৈছে ঢেঁকীৰ আগ অংশত বিন্ধা কৰি খুবলিত ওজন পৰাকৈ ৰখা টন কাঠৰ এডাল ডাঙৰ শলা। অৱশ্যে জাতি বাঁহৰ গুৰি অংশৰ পৰাও থোৱা সজা হয়। থোৰা একোটাৰ দৈৰ্ঘ্য প্ৰায় দুফুট হয়। থোৰাৰ ব্যাস প্ৰায় পাঁচ ইঞ্চি। থোৰাটোৰ মূৰত লোৰ এটা মেৰ লগাই দিয়া হয়।

এই মেৰটোক গোল বুলি কোৱা হায়। ঠাইভেদে খামা বুলিও কোৱা হয়। আনহতে থোৰা নিকপকপীয়াকৈ ৰাখিবৰ বাবে বাঁহৰ বা কাঠৰ পাতি মৰা হয়। এই পাতিবোৰক অঁকৰাশলা বোলা হয়। অভিধানত থোৰাৰ অৰ্থ এনেদৰে পোৱা যায়- ‘থোৰা বি. ঢেঁকীৰ আগ মূৰত লগাই খুৱলিত ধান আদি খুন্দা গোটা মাৰি, ঢেঁকী-থোৰা। the pestle of the paddy-husking machine, dhenki.’

থোৰাৰ বিষয়ে অসমীয়া প্ৰবচনত এনেদৰে পোৱা যায়- জাপিয়ে টুপীয়ে। সৰু ঘৈণী গোপীয়ে।।/ঢেঁকীয়ে থোৰাই। বৰ ঘৈণী খোৰায়।।

অকৈ- ঢেঁকীৰ হ’ল কুহকুহীয়া গাঁৰিশলিৰ জৰ।/থোৰাই বোলে মোৰ সন্নিপাত সাৱট মাৰি ধৰ।।

একেদৰে- কোনো কোনো পাকত।

ঢেঁকী থোৰাও সোমায় নাকত।।

কঁটৰা:

কঁটৰা হৈছে ঢেঁকীটোত বল প্ৰয়োগ কৰি আগফালৰ থোৰাটোৰে খুবলিত থকা ধান আদিত হেঁচা দিয়া কাৰ্যটো সহজ কৰি তুলিবৰ বাবে নেজ অংশ আৰু গা-গজৰ মাজত দুফালে এযোৰ এযোৰকৈ পোতা দুযোৰ বঁহৰ বা কাঠ্ৰ খুঁটা। আজিকালি এই খুঁটা দুযোৰ পকীকৈ নিৰ্মাণ কৰি লোৱাও দেখা যায়। সাধাৰণতে ভলুকা বাঁহ কঁটৰা সাজিবৰ বাবে উপযুক্ত হিচাপে বিবেচিত হৈ আহিছে।

কঁটৰাৰ উচ্চতা মাটিৰ ওপৰত প্ৰায় ডেৰ ফুট। অভিধানৰ মতে- ‘কঁটৰা বি. ঢেঁকীৰ নেজৰ ফালে দুকাষে পুতি দিয়া আৰু আষলশলা ধৰি ৰখা খুঁটা। A pair of poles holding the axel of a paddy-husking implement.’

কঁটৰা থোৰাৰ ১৮০ ডিগ্ৰী কোণ কৰি লগোৱা হয় আৰু কঁটৰাশলাডাল কঁটৰাৰ লগত সমান উচ্চতাত ৰাখিবৰ বাবে ফটাকানি বা ধানখেৰ ব্যৱহাৰ কৰা হয়। এনেদৰে ব্যৱহাৰ কৰা বা শলাক বোলা হয় ভোগশলা। কঁটৰা ইংৰাজী H বৰ্ণৰ দৰে তৈয়াৰ কৰ হয়। অসমীয় প্ৰবচনত কঁটৰাৰ কথা এনেদৰে পোৱা যায়- ঢেঁকীত মহে খায়/ উৰালত ফৰফৰায়,/কঁটৰাক সাতদিনলৈ জৰায়।

বিকাৰ এঠাইত আৰু প্ৰতিকাৰৰ ব্যৱস্থা আন এঠাইত কৰা কাৰ্যক বুজাবলৈ ঢেঁকীত মহে খাওঁতে উৰালত ফৰফৰণি উঠা আৰু সেই বিষ খেদিবলৈ কঁটৰাটোক জৰা-ফুঁকা কৰা কৰা এই মনোৰম প্ৰবচন ফাকি ব্যৱহাৰ হয়। আকৌ কষ্ট কৰে এজনে, আন এজনে সেই কষ্ট দেখি দুখ কৰা কাৰ্যক বুজাবলৈ কোৱা হয় এনেদৰে- কথা নহয় বাদী।/ঢেঁকীয়ে মৰে চাউল কোবাই,/কঁটৰাই মৰে কান্দি।।

ইফালে দেখিব নোৱৰা বা ভাল নোপোৱাজনে লগোৱা সামান্য জগতকে বৰটো কৰি গোটেইখন ৰজনজনাই যোৱাকৈ বিয়পাই দিয়াৰ বিপৰীতে আপোনজনে কৰা গুৰু-দোষ নোহোৱাৰ দৰে চুপে-চাপে থকা কাৰ্যক বুজাবলৈ এনেদৰে কোৱা হয়- এলাগীয়ে ভাঙিলে কাঁহী।/পেলালে মিচকিয়াই হাঁহি।

খুবলি:

খুবলিক অঞ্চলভেদে পখলি বুলিও কোৱা হয়। খুবলি হৈছে ঢেঁকীৰ থোৰাটোৰে হেঁচা প্ৰয়োগ কৰি শস্যৰ বাকলি গুচাবৰ বাবে যিটো গাঁতত শস্য ৰখা হয় সেই গাঁতটো। অৰ্থাৎ টান কাঠৰ এটা ডাঙৰ অংশত থোৰাটোৰ থিক তলতে কাঠৰ মঙহখিনি বটালিৰে খুলি যিটো গাঁতৰ সৃষ্টি কৰা হয় সেই গাঁতটো আৰু কাঠডোখৰেই হৈছে খুবলি।

অভিধানত খুবলিৰ অৰ্থ এনেদৰে পোৱা যায়- ‘খুবলি বি. ঢেঁকীৰ ধান বনা, শস্য খুন্দা শিল বা কাঠৰ খোৰাং বা খোলনি, গাঁৰিশলি। A block of stone with a hole used for husking paddy, etc. with a pestle.’

ডাঙৰ শিল খুলিও খুবলি হিচাপে ব্যৱহাৰ কৰা দেখা যায়। খুবলিক গাঁৰিশলি প্ৰথমে মাটিত গাঁত খান্দি পুতি দিয়া হয়, যাতে মাটিৰ সমান্তৰালকৈ ইয়াৰ ওপৰ পৃষ্ঠটো ওলাই থাকে। এইটো পৃষ্ঠতে ধান আদি শস্য ভৰাই থোৰাৰে বাকলি গুচাবৰ বাবে খুলি দি খোৰোঙৰ দৰে কৰি লোৱা হয়। খুবলিৰ বিষয়ে প্ৰবচনত এনেদৰে উল্লেখ পোৱা যায়-

ঢেঁকীটো লৰক-ফৰক কঁটৰাটো ছিগা।

কোন ক’লৈ গ’ল(খুবলিটো ক’লৈ গ’ল) তাৰহে লগা।

আকৌ- ওদা ধান টকা গাঁৰিশলি,/দং দং কৈ তিনি আলহী।/ল’ৰাহঁত বাপেৰক মাত মোক মাৰ ধৰক,/আলহী লৰ মাৰক।।

বঢ়নী বা বৰণী:

বঢ়নী বা বৰণী ঢেঁকীৰ মূল অংশ নহয়। তথাপি ঢেঁকীত ধান বনাকে আদি কৰি অন্যান্য কাম কৰাৰ বেলিকা ঢেঁকী দিওঁতাই খুবলিৰ পৰা ওলাই অহা ধান বা চাউল পুনৰ খুবলিত সুমুৱাবলৈ এই বঢ়নী ব্যৱহাৰ কৰে। বঢ়নী হৈছে বাঁহৰ আগলি অংশৰ পৰা সাজি লোৱা এডাল মাৰি। ছফুটমান দীঘল এই মাৰিডালৰ আগ অংশত ফটাকানি আদি মেৰিয়াই পাঁচ ইঞ্চিমান ব্যাসৰ বল এটাৰ দৰে কৰি লোৱা হয়। কোনো কোনো ঠাইত এই বঢ়নী বৰণীডালক মৌবাৰী বুলিও কোৱা হয়।

ঠাইভেদে বঢ়নীডালক মৌবাৰী বুলিও কোৱা হয়। খুবলিৰ পৰা ওফৰি পৰা ধান বা আন শস্যৰ গুটি পুনৰ খুবলিলৈ ওভতাই আনিবৰ বাবে ব্যৱহাৰ কৰা বঢ়নী বা বৰণীডালো ঢেঁকীশালৰ এপদ গুৰুত্বপূৰ্ণ সম্পদ। বিহুনামৰ বুকুতো বঢ়নীৰ উল্লেখ বিদ্যমান- ঢেঁকী দি থাকোঁতে/তোলৈ মনত পৰে/বঢ়নী হাতত লৈ কান্দো।/আয়ে নেদেখাকৈ/ঢেঁকীশালত বহি/তোৰেনো কথাকে ভাবোঁ।

সতিনী-বাৰি:

ঢেঁকীটো বযাতে লৰক-ফৰক হ’ব নোৱাৰে তাৰ বাবে কিছু লোকে ঢেঁকী পাতোতে ঢেঁকীটোৰ দুয়োকাষে, ঠিক মধ্যাংশত বা থোৰাৰ ওলপ ওচৰত দুটা খুঁটি বা দুচলা বাঁহ পুতি দিয়ে। এই খুঁটি দুটা বা বাঁহ দুচলাকে সতিনী বাৰি বা সতিনী মাৰি বোলে। এই বিষয়ে অভিধানে কয়- ‘সতিনী-বাৰি বি. ঢেঁকী ঠিক ঠাইত ৰাখিবলৈ দুয়োকাষে পুতি দিয়া দুচলা বাঁহ। Two pieces of split bamboo fixed on both sides of the dhenki to keep it in proper position.

সতিনী-জৰী:

ঢেঁকী দিয়াৰ বেলিকা ঢেঁকী দিওঁতাই এডাল এখন হাতেৰে এডাল ৰছীত ধৰি লয়। মূৰৰ ওপৰৰ বাঁহ বা কাঠৰ পৰা ওলোমাই আনি ঢেঁকীৰ ফিছা বা নেজ অংশত ভৰি দিয়া ঠাইৰ প্ৰায় পাঁচহাত ওপৰত ৰখা এই জৰীডাল এহাতেৰে ধৰি ল’লে ঢেঁকীত বল প্ৰয়োগ কৰাত সুবিধা হয়। এই জৰীডাল বা ৰছীডালকে সতিনী-জৰী বোলা হয়। অৱশ্যে ঠাইভেদে ঢেঁকীটোৰ থোৰাৰ ওচৰত এডাল দীঘল ৰছী বা জৰী বান্ধি লৈও এহাতেৰে সেইডালত ধৰি ঢেঁকী দিয়া প্ৰক্ৰিয়াটো সহজ কৰি লয়। এইডালকো তেনে অঞ্চলসমূহত সতিনী-জৰী বোলে।

খোঁচনি মাৰি:

খোঁচনি মাৰিৰ দৈৰ্ঘ্য প্ৰায় ডেৰ ফুট। ধান বানোতে বা, পিঠাগুড়ি-সান্দহগুড়ি আদি খুন্দোতে এই খোঁচনি মাৰিৰ প্ৰয়োজন, নহয় যদিও চিৰা খুন্দাৰ বেলিকা খোঁচনি মাৰি লাগিবই। চিৰা খুন্দিবৰ বাবে ভাজি লোৱা ধান খুবলিত দিয়াৰ পাছত ঢেঁকীত চাব দিয়াৰ মাজে মাজে এগৰাকীয়ে খুবলিত খোঁচনি মাৰিৰে খুঁচি দিয়ে। এনে নকৰিলে তিয়াই ৰখাৰ পাছত ভজা ধানবোৰ সেমেকি থকাৰ বাবে খুবলিত লাগি থাকি চিৰাৰ ৰূপ সলনি কৰি দিব পাৰে। সেয়ে এই ব্যৱস্থা।

অৰ্থাৎ খোঁচনি মাৰি নহ’লে চিৰা খুন্দাও নহয়। আনৰ ঘৰত কথা লগাই কাজিয়া-পেছাল লগোৱা লোককো এই খোঁচনি মাৰি বা খোঁচনি বাৰিৰে ৰিজোৱা হয়- লাগনি নহ’লে জুই নজ্বলে।/খোঁচনি নহ’লে যুঁজ নালাগে।

ঢেঁকী মাৰি বা ডাং মাৰি:

ঢেঁকীৰ সৈতে জড়িত আন এপদ সম্পদ হৈছে ঢেঁকী মাৰি বা ডাং মাৰি। এই ঢেঁকী মাৰিডাল বাঁহৰ। অকলে ঢেঁকী দিয়াৰ পৰত এই মাৰিডাল ব্যৱহাৰ হয় যদিও এগৰাকীয়ে ঢেঁকী দিয়া আৰু এগৰাকীয়ে বঢ়াই দিয়া, চলা কাম কৰাৰ বেলিকা এই মাৰিডাল ব্যৱহাৰ নহয়। ধানৰ পৰা চাউল উলিয়াবলৈ ধান বনাৰ সময়ত বা পিঠাগুড়ি আদি খুন্দাৰ সময়ত খুবলিৰ পৰা চাউল, পিঠাগুড়ি আদি উলিয়াবৰ গ’লে ঢেঁকী দিওঁতাই উক্ত মাৰিডাল ঢেঁকীটোৰ আগত লগাই দি ঢেঁকীটো দাঙি লৈ খুবলিৰ পৰা চাউল আদি বাহিৰ কৰে। এই মাৰিডাল দুহাততকৈ দীঘলকৈ কাটি লোৱা হয়।

ঢেঁকীঘৰ:

ঢেঁকীটো পাতিবৰ বাবেও অসমীয়াই এটা সুকীয়া ঘৰ বা এখন সুকীয়া চালিৰ ব্যৱস্থা কৰিছিল। এই সুকীয়া ঘৰটোক ঢেঁকীঘৰ আৰু চালিখনক ঢেঁকীচালি বুলি কোৱা হয়। আজিকালি ঢেঁকীৰ বাবে সুকীয়া ঘৰ বা চালি সাজি দিয়াৰ পৰম্পৰা প্ৰায় নোহোৱাৰ দৰেই হৈ পৰিছে। ঢেঁকীশালখন বা ঢেঁকীঘৰটো কেৱল ঢেঁকীটোৰ বাবেই নহয়। ইয়াত গিৰিহঁতে বাঁহৰ চাং পাতি শুকুৱাই ৰখা আৰৈধান, উখোৱা ধান আদি ডুলি, বাখৰু আদিত ভৰাই ৰখাৰ লগতে কুলা, চালনী, খৰাহী, পাচি, দ্ৰোণ, তুলাচনী, পিঠাগুড়ি চলা চালনী আদিৰ লগত ঘৰত সময়ত ব্যৱহৃত হোৱা জাপি, কঁৰীয়া আদি লাগতিয়াল সঁজুলিসমূহ ৰখাৰ ব্যৱস্থাও কৰা হয়।

অৱশ্যে কুলা-চালনী, খোঁচনি মাৰি, ছেও-পাত আদি পাতল সঁজুলিসমূহ ঢেঁকীৰ ওপৰত পাতি লোৱা এখন চাঙত থোৱা হয়। এই চাংখনৰো এটা বিশেষ নাম আছে, সেইটো হ’ল- ঢেঁকী চাং। শুকান ধানৰ ডুলি পাতিবৰ বাবে ঠিক কৰি লোৱা চাংখনত বতৰৰ ফল-মূল আদিৰ উপৰি আন আন যাৱতীয় সামগ্ৰীও ৰখা দেখা যায়। এক কথাত ক’বলৈ গ’লে ঢেঁকীঘৰটো বা ঢেঁকীশালখন ঘৰখনৰ জীয়ৰী-বোৱাৰীৰ বাবে এক ভঁৰালস্বৰূপ, য’ত ঢেঁকীৰ সৈতে জড়িত বিভিন্ন সামগ্ৰী আৰু আহিলা আদি ৰখাৰ লগতে বিহুৰ বতৰত চুবুৰীয়া জীয়ৰী-বোৱাৰীৰ বাবে কামৰ মাজতে মেল মৰা ঠাই পৰে।

ঘৰৰ গাভৰুজনীৰ সুখ-দুখৰ অনুভৱবোৰেও যেন ঢেঁকীশাল বা ঢেঁকীঘৰতে প্ৰাণ পাই উঠে। আইনাম, বিয়ানাম আদিৰ দৰে লোকগীতৰ আখৰা জীয়ৰীহঁতে ঢেঁকীশালতেই কৰে বুলিলে বঢ়াই কোৱা নহয়।

ঢেঁকীশাল বা ঢেঁকীঘৰ নথকা ঘনখনত অসমীয়া লোক সমাজত সম্পূৰ্ণ ঘৰ বুলি মান্যতা দিয়া নহয়। আনহাতে ঢেঁকী পাতিব নজনা পুৰুষকো সু-পুৰুষ নুবুলি ইতিকিং কৰাও দেখা যায়। যেনে- তেনে ঢেঁকী পাতি দি দায় সাৰিব বিচৰাজনকো অসমীয়া প্ৰবাদে এনেদৰে হাঁহে-

ঢেঁকী কৰে হেকাৰ-কেকাৰ মৌৰাবাৰী লৰে।

এওঁৰ ঘৰত তিনটা মুনিহ ঢেঁকী পাতিব ন’ৰে।।

লোক-সাহিত্যত ঢেঁকী:

ঢেঁকী যিহেতু চহা জীৱনৰ সৈতে জড়িত সম্পদ, সেয়েহে নিশ্চিতভাৱে ঢেঁকীক কেন্দ্ৰ কৰি অসমীয়া লোক-সাহিত্যত গীত-মাত, প্ৰবচন, যোজনা-পটন্তৰ আদিৰ প্ৰচলন আছে। বিহুনামৰ বুকুত ঢেঁকীৰ উল্লেখৰ কথা সৰ্বজনবিদিত বুলিব পাৰি। যেনে- নৈত গুমেগুমাই/কোম্পানীৰ জাহাজ ঐ/ঢেঁকীত গুমেগুমাই থোৰা,/বুকু চমেচমাই/মনে কুৰুলিয়াই/গাভৰু হ’বৰে পৰা।

বিহুনামৰ দৰেই অসমীয়া লোক-সাহিত্যৰ বাখৰুৱা মণি প্ৰবচনবোৰত ঢেঁকীৰ বিষয়ে উল্লেখ পোৱা যায়। যেনে-

ক)

মাকতকৈ জীয়েক কাজি

ঢেঁকীথোৰাৰে বটে পাঁজি।

খ)

ঢেঁকীশালৰ লতা-পতা।

ভাত খাওঁতে পানী খায় সিও এটা কথা।।

গ)

কলিয়াবৰত পৈয়েক মৰিব।

ঢেঁকী দিওঁতে মনত পৰিল।।

ঘ)

ঢেঁকীত বৰা কলঙত পানী

বাৰীত খুতৰা শাক।।

ঙ)

ঢেঁকীৰ কোবতকৈ ওঁঠৰ কোবহে চাৰ।

চ)

ঢেঁকীশাল ফুৰিলে খুদ চাউলৰ অভাৱ নাই।

ছ)

অচিন কাঠৰ নলগাবা থোৰা -

একেদৰে লোক-সাহিত্যৰ সম্পদ সাধুকথা আৰু সাঁথৰৰ বুকুতো ঢেঁকীৰ প্ৰসংগ উল্লেখ হৈছে বিভিন্ন সময়ত। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি ‘বুঢ়ীআইৰ সাধু’ত সন্নিৱিষ্ট’ তেজীমলাৰ সাধু’টোত ঢেঁকীত খুন্দি মাহীমাকে তেজীমলাক নানা শাস্তি দিয়াৰ অন্তত তেজীমলাৰ কেনেদৰে মৃত্যু হৈছিল তাৰ বৰ্ণনাই সাধুকথাপ্ৰিয় সকলোৰে মনত শোকৰ চামনি পেলাই আহিছে। সাধুকথাৰ দৰেই সাঁথৰতো ঢেঁকীৰ উল্লেখ পোৱা যায় এনেদৰে- এদঁতীয়া হাতী,/ধান খায় পাচি পাচি।

আকৌ- অলনিৰ কুকুৰা দলনিত চৰে,/এটা কুকুৰাই নেজডাল দাঙিলে কেংকাকু কৰে।

এইবোৰৰ উপৰি বিভিন্ন লোকগীতত ঢেঁকীৰ বিষয়ে সনঢালনিকৈ উল্লেখ থকা দেখা যায়।

আধুনিক সাহিত্যত ঢেঁকী -

লোক-সাহিত্যৰ দৰেই আধুনিক অসমীয়া সাহিত্যতো ঢেঁকীক কেন্দ্ৰ কৰি বিভিন্ন ৰচনা লেখক-সাহিত্যিকৰ কলমত প্ৰাণ পাই উঠিছে। এই ক্ষেত্ৰত ড° লীলা গগৈ আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৰ কথাকেই পোনতে উল্লেখ কৰিব পৰা যায়। লীলা গগৈয়ে তেওঁৰ বহু সমাদৃত উপন্যাস ‘নৈ বৈ যায়’ত ঢেঁকী আৰু ঢেঁকীশালৰ ছবি অতি সফলতাৰে মনোমোহকৈ আঁকিছে। উপন্যাসখনৰ এঠাইত সুৱাগীক মাকে এনেদৰে কৈছে- ‘…..ধান এগাঁৰিশাল এপৰাল পেলাই থৈ আহিছোঁ। তই জাৰি-চালি এখৰাহী উলিয়াগৈ। খুদকেইটা কাঢ়ি থ’বি। কাইলৈ শোকোতা-শাকত দি খাব লাগিব।

মলখুকেইটা টেকেলিত থ’বি। পিতায়েৰে মলখু চাউলৰ নিসনীয়া ভাত খাই বৰ ভাল পায়। অ’ চাবি, ঢেঁকী-পোৱালিটোৰ গোলটো ক্ষয় গ’ল। সোলোকাই দে গৈ। পিতায়েৰে কাটি দিয়ক। আঁকৰশলাইডাল ঢিলা হ’ল। কঁতৰাৰ পৰা উলিয়াই শলা এডাল মাৰি দিবলৈ ক’বি। কিমান দাঁত কামুৰি থাকিবি। কানীয়াৰ লগত ঘৰ কৰাতকৈ বনবাসী হোৱাও ভাল। মই ভলুকাহঁতৰ ঘৰৰপৰা আহোঁগৈ। কুলা-চালনী মই ঢেঁকীশালতে থৈ আহিছোঁ’।

মাকে দিহা দিয়া কামটো কৰি থকা সুৱাগীৰ কথাৰ মাজেৰে ঔপন্যাসিকগৰাকীয়ে ঢেঁকীশালত ধান বানোতে অসমীয়া জীয়ৰী-বোৱাৰীয়ে কৰা কাম-কাজবোৰৰ বিৱৰণ অতি নিপুনতাৰে দিছে- ‘…….হাতত কুলাখন লৈ মূৰত গামোচাখন মেৰিয়াই কেইবিছ্মান মাৰি, কুলাখনৰ আগেয়ে তুঁহখিনি ঠেলি দি, কুলাখন একতীয়া কৰি এপৰলীয়া চাউলখিনি খুবলিত পেলাই দিলোঁ। তাৰ পাছত উঠি গৈ ঢেঁকীৰ নেজত বাওঁ ভৰিটো থৈ, সোঁ-হাতেৰে বঢ়নী মাৰিডালেৰে চাউলখিনি চপাই দি, খৰকৈ চাব দিলোঁ। জুপৰাল পৰিল। তুঁহখিনি জাৰি, চাউলখিনি চালি উলিয়াই ঢেঁকীশাল সামৰোঁতে বেলি পৰিল’।

কৃপাবৰ বৰুৱাৰ যোগেদি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ব্যংগ সাহিত্যলৈ এক সুকীয়া ধাৰা বোৱাই আনিছিল। ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ত পোৱা বেজবৰুৱাই লেখাত ঢেঁকীৰ প্ৰসংগ এনেদৰে উল্লেখ কৰিছে- ‘আমাৰ দেশৰ বিখ্যাত ন ঢেঁকী কৰি এজনৰ ধান বনা ঢেঁকীটো এদিন ভাগি থাকিল, সেই উপলক্ষে মাজনিশা তিনি চাকি তেল পুৰি, ভাবি-চিন্তি তালু আধআধি ফুটাই তেওঁ এই হৃদয়বিদাৰক স্বৰ্গীয় ভাৱৰ ‘পয়দা’ হোৱা কবিতাটো লিখি বেজবৰুৱাৰ ‘ফটা চৰণ কমলেষু’ বুলি উৎসৰ্গা কৰিছে।

ই কাকতৰ টোপোলাত ঠাই পাবৰ উপযুক্ত, সেইদেখি তাকে কৰা গ’ল- তোমাৰ বিৰহে ঢেঁকী জীও কেনে কৰি?/ঢেঙ্কুৰু সুৰ, হায়! যেন বাজে/ বাঁহী কদমৰ তলে কানুৰ। বানা ধান/নিতৌ; খুওৱা ভাত মোক, খুৱাবৰ/মনে পথিকাকো ‘ৰৈ-যা, খাই-যা’ মাতা।/লগতে তোমাৰ-মোৰ গ’ল ভাগি হিয়া!/নহ’বা নিৰ্দয় ঢেঁকী সমিধান দিয়াঁ!

উল্লিখিত উদাহৰণ দুটিৰ দৰে আৰু বহু ৰচনাত অসমীয়া সাহিত্যকে ঢেঁকীৰ সামৰি ল’বলৈ পাহৰা নাই। আনহাতে অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰলৈও ঢেঁকীৰ অৱদান কোনো কাৰণতে নুই কৰিবপৰা নাযায়। কাৰণ ঢেঁকী-কেন্দ্ৰিক বহু অসমীয়া ভাষাৰ ভঁৰালত পোৱা যায়। যেনে- ঢেঁকীথোৰা, ঢেঁকীশাল, ঢেঁকীশালি, ঢেঁকীচালি, ঢেঁকীঘৰ, ঢেঁকী দিয়া, ঢেঁকী পতা, ঢেঁকী সজা, ঢেঁকীটোৰ সমান, ঢেঁকীৰ মাত, ঢেঁকীৰ গুমগুমণি, ঢেঁকী-সাপ, ঢেঁকী-ফুল, ঢেঁকী-খেল, ঢেঁকী-জাঁপ, ঢেঁকীথুৰীয়া বুদ্ধি, ঢেঁকীথুৰীয়া মাৰ আদি। একেদৰে ঢেঁকীপৰা, সোণৰ ঢেঁকী আদি আদি ঠাইৰ নামো ঢেঁকীক কেন্দ্ৰ কৰিয়েই উৎপত্তি হোৱা বুলি জনা যায়।

লোক-বিশ্বাসত ঢেঁকী:

লোক-বিশ্বাসসমূহৰ মাজতো বিজ্ঞান নিহিত হৈ থাকে। ঢেঁকীৰ সৈতেও বহু লোক-বিশ্বাস অসমীয়া লোক-সমাজত প্ৰচলিত হৈ আহিছে। সন্ধিয়া, মাজনিশা, ভৰ দুপৰীয়া আৰু ভাত খোৱাৰ পৰত ঢেঁকীত ধান বানিব নাপায় বুলি চহা অসমীয়াই বিশ্বাস কৰে। ঢেঁকী দেই গ’লে লখিমীয়ে কষ্ট পাই বুলি বিশ্বাস কৰি অহা চহা অসমীয়াই এনে নকৰিবৰ বাবে সকীয়াই দি আহিছে। আনহাতে ঢেঁকীশালখন নিকা কৰি ৰাখিলে আই লখিমীয়ে গিৰিহঁতক আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰি অহৰ অন্তৰালত ঘৰখনৰ চাফ-চিকুণতাৰ কথাটো জড়িত হৈ আছে। তেনেদৰে ঢেঁকীটো দাঙি থ’ব নাপায় বুলিও বিশ্বাস কৰা হয়।

ঢেঁকীত বহিলে বহোঁতাৰ কঁকালৰ বিষ হয় আৰু পথাৰৰ ৰোৱা অপকাৰী পোকে অনিষ্ট কৰে বুলি অতীজৰে পৰা নামি অহা হৈছে। আনহাতে ঢেঁকী দিওঁতাই যদি ঢেঁকীত খুন্দি প্ৰস্তুত কৰা খাদ্য অকণো গ্ৰহণ নকৰে, তেন্তে ঢেঁকী দিওঁতাৰ গাৰ বিষ হ’ব পাৰে বা অন্য ৰোগেও আক্ৰান্ত কৰিব পাৰে। আকৌ একেডাল গছৰে বা একেবিধ কাঠৰে ঢেঁকী, থোৰা, গাঁৰিশাল বা খুৱলি, কঁতৰা, কঁতৰাশলা আৰু পাকঘৰত ব্যৱহৃত হেতা, তলীয়া, পাগমাৰি আদি তৈয়াৰ কৰি ব্যৱহাৰ কৰা হয়, তেন্তে তেনে লোকৰ ঘৰৰ সদস্যসকল পেটৰ অসুখত ভুগিব লগীয়া নহয় বুলি বিশ্বাস কৰা হয়।

আনহাতে এটা পৰিয়ালত বা এঘৰত দুটা ঢেঁকী থকাটো মংগলদায়ক নহয় বুলি বিশ্বাস কৰি অহা চহা অসমীয়াই এনে নকৰিবৰ বাবে উত্তৰ প্ৰজন্মক সকীয়া আহিছে। ঢেঁকী দেৱৰ্ষি নাৰদৰ বাহন হিচাপে ব্যৱহাৰ হোৱাৰ কথা ভাৰতীয় প্ৰাচীন সাহিত্যত উল্লেখ আছে। আনহাতে ঢেঁকীৰ কোনপদ সামগ্ৰী ক’ত, কেনেদৰে ৰাখিব লাগে সেই লৈও চহা অসমীয়াৰ মাজত এক বিশ্বাস প্ৰচলিত হৈ আহিছে- কুলাৰ বুকুত চালনী/খুবলিৰ বুকুত থোৰা/ঢেঁকীৰ গাত বঢ়নী মাৰি।

ইয়াৰ ব্যতিক্ৰম হ’লে মাকৰ বুকুত সন্তান নাথাকে বা সন্তান অপমৃত্যু হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। এনে আৰু বহু বিশ্বাস অসমীয়া লোক-সমাজে ঢেঁকীক কেন্দ্ৰ কৰি মানি আহিছে।

ঢেঁকী পোতা:

বাৰিষা খেতি কৰাৰ সময়ত বতৰ যেতিয়া খৰাং হয়, পথাৰ ছিৰাল ফাট দিয়ে তেতিয়া চহা অসমীয়াই ভেকুলী বিয়াৰ দৰে লোক-অনুষ্ঠান আয়োজন কৰাৰ দৰে ঢেঁকীটোকো ব্যৱহাৰ কৰে বৰষুণ আনিবৰ বাবে। বিশ্বাস অনুসৰি সূৰ্যমুখী ঢেঁকী চুৰ কৰি আনি পথাৰ, নৈৰ পাৰ বা মুকলি ঠাইত ওপৰলৈ মূৰ কৰি থোৰাটো পুৱামুৱালৈ, অৰ্থাৎ সূৰ্যৰ ফালে দি পুতি থ’লে বৰষুণ দিয়ে।

সূৰ্যমুখী ঢেঁকী হৈছে পুৱা-পশ্চিমাকৈ পাতি থোৱা ঢেঁকী। এনে ঢেঁকী চুৰ কৰি আনি গাৱৰ ডেকাহ’তে উল্লিখিত ঠাইত পুতি থয়। প্ৰচলিত প্ৰবাদ অনুসৰি ইন্দ্ৰই ঢেঁকীক দেখিব নোৱাৰে। সেয়েহে পুতি থোৱা ঢেঁকীক মাৰিবলৈ ইন্দ্ৰই বজ্ৰ নিক্ষেপ কৰে আৰু বজ্ৰ নিক্ষেপৰ ফলতে বৰষুণ হয় বুলি বিশ্বাস কৰা হয়। এই ঢেঁকী চুৰ কৰা প্ৰথাটোক ঢেঁকী পোতা বুলি কোৱা হয় যদিও ঠাইভেদে আন নামো থাকিব পাৰে।

ঢেঁকী বন্ধা:

মাঘ বিহুত ঢেঁকী বন্ধাৰ নিয়ম অসমীয়া লোক-সমাজত এতিয়াও প্ৰচলিত হৈ আহিছে। যদিহে ঢেঁকী বন্ধা নাযায় তেন্তে ঢেঁকী মাঘৰ উৰুকাৰ দিনা মাঘ নোৱাবলৈ যায় আৰু এনেদৰে গ’লে উভতি নাহে। সেয়েহে ঢেঁকীটো ধানখেৰ বা নৰাৰে কঁতৰাৰ ওচৰত বান্ধি ৰখাৰ নিয়ম। এনেদৰে খেৰ বা নৰাৰে বন্ধাৰ সময়ত বান্ধোতাই গায়- মাৰৰ ঘৰলৈ নাযাবি/বাপেৰৰ ঘৰলৈ নাযাবি/মাঘৰ বিহু নাখাবি।

ঢেঁকী পতা সকাম:

ঘৰত ঢেঁকী পতাৰ পিছত ঢেঁকীশালত বা ঢেঁকীঘৰত সৰুকৈ এক অনুষ্ঠান পতাৰ নিয়মো অসমীয়া লোক-সমাজত বিদ্যমান। ঢেঁকীশাল যিহেতু ভঁৰালৰ দৰেই আই লখিমীৰ বসতিস্থল বুলি বিশ্বাস কৰা হয়, সেয়েহে ঢেঁকী পতাৰ পাছত এই সকাম পতা দেখা যায়। সাধাৰণতে তিনিগৰাকী বা পাঁচগৰাকী গোপিনীক গিৰিহতে নিমন্ত্ৰণ জনাই এই সকাম সম্পাদন কৰে। গোপিনীসকলে ভক্তি সহকাৰে সকাম পাতি গিৰিহঁতক সেইদিনাৰ পৰা ঢেঁকী দিবৰ বাবে অনুমতি প্ৰদান কৰে। পকা কল আৰু পিঠাগুড়ি এই সকামত প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা হয়। উক্ত উপচাৰ আগ বঢ়াই বন্তি এগচি জ্বলাই দি গোপিনী তিনিগৰাকীয়ে আই লখিমীক উদ্দেশ্যি প্ৰাৰ্থনা জনায় আৰু গিৰিহঁতক আশীৰ্বাদ প্ৰদান কৰে। স্থানভেদে এই সকামৰ নীতি-নিয়মৰ প্ৰভেদ থাকিব পাৰে।

ঢেঁকীৰ পৰিৱৰ্তন:

ঢেঁকীৰো পৰিৱৰ্তন সাধন হৈছে। তাহানিৰ কাঠৰ ঢেঁকীৰ আৰ্হিত আজিকালি ধাতুৰে নিৰ্মাণ কৰা ঢেঁকীও ওলাইছে। এই ধৰণৰ ঢেঁকী নিৰ্দিষ্ট এঠাইত পাতি লোৱাৰ পৰিৱৰ্তে নিজৰ সুবিধা অনুযায়ী ৰাখি লৈ কাম কৰিব পৰা যায়। অৱশ্যে কাঠৰ ঢেঁকীত ধান বনা, পিঠগুড়ি খুন্দা আদি কাম কৰাৰ যি মধুৰতা, সেই মধুৰতা এনে আধুনিক ঢেঁকীত পোৱা নাযায়। তদুপৰি এই ঢেঁকীৰ বিজুতি ঘটিলে ঘৰৰ মহিলাই মৰিয়াই-খটিয়াই ভাল কৰিব পৰাৰ সম্ভাৱনা বহুখিনি কম। তদুপ্ৰি সৌন্দৰ্যৰ ক্ষেত্ৰত থলুৱা ঢেঁকীটোৰে ফেৰ মাৰিব পৰা নাই আধুনিক ঢেঁকীয়ে।

পৰিশেষত:

ঢেঁকী আছিল গ্ৰাম্য সমাজৰ সংকেতধ্বনি স্বৰূপ। পুৱতি নিশা ঢেঁকীত ধান বানি চাউল উলিয়াবৰ বাবে ঘৰৰ জীয়ৰী-বোৱাৰীয়ে শেতেলি এৰিছিল। আনহাতে ঢেঁকীৰ মাত শুনিয়েই বহুতে শয্যা ত্যাগ কৰি পথাৰলৈ যাবলৈ ওলায় বা পঢ়া-শুনা কৰা ল’ৰা-ছোৱালীয়ে এলাহ নিহালি এৰি পঢ়িবলৈ উঠে। ঘৰখনৰ যাৱতীয় চাউল, জলপান আদি ঢেঁকীত খুন্দি উলিওৱাৰ লগতে ৰাজহুৱা সকাম-নিকাম আদিৰ বাবেও চাউল উলিওৱা, পিঠাগুড়ি খুন্দা আদি কামো ঢেঁকীত সম্পাদন কৰা হৈছিল। বগৰী গুড়ি, জলকীয়া গুড়ি, হালধি গুড়ি, ঔ-টেঙাৰ গুড়ি আদি ঢেঁকীত খুন্দিয়েই তৈয়াৰ কৰা হৈছিল। তেনেদৰে বিবাহ অনুষ্ঠানৰ প্ৰয়োজনীয় গাঁঠিয়ন খুন্দিবৰ বাবে ঢেঁকীয়েই ব্যৱহাৰ কৰা হৈছিল।

তোলনি বিয়াত লাৰু সাজিবৰ বাবে ব্যৱহাৰ কৰা কেঁচা পিঠাগুড়ি অকুমাৰী ছোৱালীয়ে ঢেঁকীতেই খুনি দিয়াৰ নিয়ম। ঢেঁকীশাল বা ঢেঁকীঘৰতো জীয়ৰী-বোৱাৰীৰ কামৰ আৰু মেলৰ ঠাই আছিল। তেনেদৰে ঢেঁকী দিয়াটো এক ব্যায়াম। এই ব্যায়ামে শৰীৰ আটিল কৰাৰ লগতে ৰক্ত সঞ্চলনত সহায় কৰে। কিন্তু সময় বাগৰাৰ লগে লগে ঢেঁকীক বিদায় দিবলৈ ওলাইছে অসমীয়াই। নগৰৰ কথা বাদেই, গাঁৱৰ বহু লোকৰ ঘৰত এতিয়া ঢেঁকীৰ সলনি মিক্সাৰ গ্ৰাইণ্ডাৰৰ ব্যৱহাৰ সুলভ হৈ পৰিছে। তেনেদৰে ধান বানিবৰ বাবে বিভিন্ন সৰু-বৰ মিলৰ ব্যৱহাৰ হ’বলৈ ধৰিছে, ৰূপ সলনি হোৱা ঢেঁকী ওলাইছে।

পিঠাগুড়ি, সান্দহগুড়ি, চিৰা আদি জলপান ঢেঁকীৰ সলনি মেচিনত তৈয়াৰ কৰিব পৰা পদ্ধতি ওলায়। ঢেঁকী দিবলৈও টান পোৱা হ’ল জীয়ৰী-বোৱাৰীয়ে, ঢেঁকী সজা, পতা আদি কামবোৰো পুৰুষ নজনা হৈ আহিছে। এই নজনাবোৰ, নকৰাবোৰ ঢেঁকীৰ বাবে অসমীয়া সংস্কৃতিৰ বাবে শুভ লক্ষণ নহয়। এইবোৰৰ বাবে কেৱল ঢেঁকীটোৱেই সমাজৰ পৰা হেৰাই নাযায়, হেৰাই যাব বহুবোৰ লোক-বিশ্বাস, লোক-কলা, লোক-অনুষ্ঠান। স্তব্ধ হৈ পৰিব এক বৰ্ণিল পৰিক্ৰমা, ঢেঁকী হৈ ৰ’ব মাথোঁ সংগ্ৰহালয়ৰ এপদ আপুৰুগীয়া সম্পদ।

লেখক: দাদুল দেৱকৃষ্ণ বৰুৱা(জনমভূমি)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate