অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লাউৰ বৰ্ণনা

জাত পৰিচয়

 

শীতকালীন জাত, বাৰী লাউ অলপ কোমল আৰু দীঘল হয়৷ প্ৰতি গছত ১০-১৫ টা ফল ধৰে৷ শীত আৰু গ্রীষ্মকালীন জাত। পুচা মেঘদূত হাইব্রীড, পাতল সেউজীয়া আৰু দীঘল হয়৷

মাটি নির্বাচন

 

লাউ উষ্ণ আৰু আর্দ্র সকলো পৰিবেশতে হয়৷ সকলো ধৰণৰ মাটিতে লাউ চাং কৰা যায়৷ সূনিস্কাষিত মাটি লাউ খেতিৰ বাবে উত্তম৷ দীঘলীয়া দিন আৰু বায়ুমণ্ডলৰ আর্দ্রতা স্ত্ৰী ফুল ধাৰণত সহায় কৰে৷ মাটিৰ নিৰপেক্ষতা বজায় ৰখা অর্থাৎ মাটিত পি.এইচ. ৬-৭ ৰাখিব লাগে৷ তাপমাত্রা ২৭-২৮ ডিগ্রী ছেলছিয়াচ হ’লে ফল ভাল হয়I বেছি বৃষ্টিপাত আৰু মেঘাচ্ছন্ন পৰিবেশত ৰোগ বিস্তাৰৰ সম্ভাৱনা বেছি থাকে আৰু ফল ব্যাপকভাবে কমি যাব পাৰেI

বীজ তৈয়াৰী আৰু বীজ ৰোপন

 

বাণিজ্যিকভাৱে লাউচাং উৎপাদনত ফাৰো পদ্ধতি, গাত পদ্ধতি, ট্রেন্স পদ্ধতি সমুহ উল্লেখযোগ্য। এই সকলোবোৰ্ পদ্ধতিতে শাৰীৰ পৰা শাৰীৰ দূৰত্ব ২-৫ মিটাৰ আৰু গছৰ পৰা গছৰ দুৰত্ব ২ মিটাৰ বজায় ৰাখি চাং কৰিব লাগেI প্রতিটো গাতত দুটি কৰি বীজ ৰোপন কৰিব লাগে। ফাৰো আৰু ট্ৰেন্স পদ্ধতিত দুফালে দুটাকৈ বীজ ৰোপন কৰিব লাগে।

পুলি তৈয়াৰী আৰু পুলি ৰোপণ

 

বীজ ৰোপণ কৰা পুলি পলি বেগত তৈয়াৰ কৰা উত্তমI ইয়াত বীজ কম লাগে আৰু সুস্থ পুলি উৎপাদন কৰিব পৰা যায়৷ জৈৱ সাৰ্ মিশ্রিত মাটি ২.৫ ইঞ্চি আকা্ৰৰ্ পলি বেগত ভৰাই ২ বা ৩ টা ছিদ্র কৰি বীজ পুতি দিব লাগে৷ বীজ ৰোপনৰ আগতে বীজ বোৰক ১২ ঘণ্টা পানীত তিয়াই ল'লে বীজ সোনকালে গজালি মেলে৷ প্রতি শতাংশ মাটিত ২০-২৫ গ্রাম শোধন কৰা বীজৰ প্রয়োজন৷ বীজ শোধন কৰিবলৈ প্রতি কেজি বীজত ২ গ্রাম ভিটাভেক্স অথবা ক্যাপটান ব্যৱহাৰ্ কৰিব লাগে।

সাৰ ব্যৱস্থাপনা

 

মাটি চহোৱা সময়ত প্রতি শতাংশত ১৮০ কেজি গোবৰ বা কম্পোষ্ট সাৰ, ৩৫o গ্রাম টি এচ পি ২০০ গ্রাম এম ও পি সাৰ প্ৰয়োগ কৰিব লাগেI পুলি ৰোপনৰ এক সপ্তাহ আগতে প্রতি শতাংশত ১০ কেজি গোবৰ, ৬০ গ্রাম টি এস পি আৰু ৫০ গ্ৰাম, এম ও পি প্রয়োগ কৰা দৰকাৰ। পুলি ৰোপনৰ্ ১০-১৫ দিন পিছত প্রতি শতাংশত ৩০ গ্রাম ইউৰিয়া আৰু ২৫ গ্রাম এম ও পি কৰা দৰকাৰ। তাৰ পিছত ৩০ দিন, ৫০ দিন আৰু ৭০ দিনৰ মূৰে মূৰে ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগে।

ৰোপনৰ দূৰত্ব


পুলিৰ পৰা পুলিলৈ ৪৫ ছে.মি (১৮ ইঞ্চি) আৰু শাৰীৰ পৰা শাৰীলৈ 8৫ ছে.মি (১৮ ইঞ্চি) হ'ব লাগে।

জলসিঞ্চন ব্যৱস্থা

 

লাউ খেতিত জলসিঞ্চনৰ প্রয়োজন। সেই কাৰণে বর্ষাকাল লাউ উৎপাদনৰ বাবে অতিৰিক্ত পানী ওলাই যোৱাৰ ব্যৱস্থা থাকিব লাগে। শীতকালত মাটিৰ অৱস্থা বূজি সপ্তাহত ২ বাৰ পানীৰ প্রয়োজন হ’ব পাৰে।

বন বাট ব্যৱস্থাপনা

 

যিহেতু লাউৰ শিপা বেচি তললৈ নাযায়, সেয়েহে সতর্কভাবে হস্ত চালিত যন্ত্র দ্বাৰা মাটিৰ বনবাত নিয়ন্ত্রন কৰিব লাগে। প্রয়োজন অনুযায়ী ২/৩ বাৰ্ বনবাত নিয়ন্ত্রণ কৰিব লাগে এনেদৰে বনবাত নিয়ন্ত্রণ লাগিব যাতে গছৰ শিপা ক্ষতিগ্রস্ত নহয়।

কৃত্রিম পৰাগযোগ আৰু ফল ধাৰণা

 

লাউ একলিংগিক ফল অর্থাৎ একেডাল গছতে পুৰুষ আৰু স্ত্ৰী ফুল বেলেগ ভাবে জন্মে। প্রাকৃতিকভাবে লাউগছত পতংগৰ্ দ্বাৰা পৰাগযোগ হয়। বহু সময়ত পৰাগযোগৰ অভাৱত লাউ গছত ফলৰ উৎপাদন মাৰাত্মক ভাবে কমি যায়। যাৰ ফলত লাউ বাগানত ফুলবোৰ কলা ৰং ধাৰণ কৰি সৰি পৰা দেখা যায়। আচলতে ই কোনো ৰোগ নহয় বৰং পৰাগযোগ নোহোৱাৰ ফলত এনে ঘটে। এই অৱস্থাৰে পৰা পৰিত্রাণ পাবলৈ কৃত্রিমভাবে পৰাগযোগ অত্যন্ত জৰুৰী। দুই ধৰণে কৃত্রম পৰাগযোগ কৰা হয় হাতৰ দ্বাৰা আৰু ৰাসায়নিক হৰম’ন প্রয়োগ কৰি ৰাসায়নিকভাবে মেলিক হাইড্রাইড (৪০০ পি পি এম). ট্রাহ আয়াৰে বেনজয়িক এছিড ৫০ পি পি এম), বোৰন(৩ পি পি এম) হাৰত স্প্ৰে কৰিব লাগে, আৰু ম্যালিক হাইড্রাজাইড (৫০০ পি পি এম) ইয়াৰ্ সৈতে প্রতি হেক্টৰত ১০০ কেজি নাইট্টজেন আৰু কেলছিয়ামে (২০ পি পি এম) প্রয়োগ কৰিব লাগে।

হাতৰ দ্বাৰা কৃত্রিম ভাবে পৰাগযোগ কৰাৰ বাবে সময় নির্বাচন গুৰুত্বপুৰ্ণ। লাউগছত ফুল সাধাৰণতে ৰাতিপূৱা ৫-৯.৩০ ভিতৰত ফুলে। ফুল ফুলাৰ্ সময়ত ২ ঘণ্টা পিচত অৰ্থাৎ ৰাতিপুৱা ৭-৮ বজাৰ্ ভিতৰত পৰাগৰেণু পৰাগায়নৰ্ সর্বোচ্চ উপযোগী পর্যায়ত থাকে। ঠিক সেই সময়তে পুৰুষ ফুলটো ছিঙি নি স্ত্ৰী ফুলৰ পাহিটো পেলাই দিব লাগে। ইমান সময়ে পুৰুষ ফুলৰ পৰাগৰেণু স্ত্ৰী ফুলৰ গৰ্ভমূৰৰ ওপৰত স্থাপন কৰেI এনেদৰে সকলো স্তী ফুলক পৰাগায়িত কৰা যায়। হাতৰ দ্বাৰা পৰাগায়নৰ মাধ্যমে লাউ পাচলিৰ ফল শতকৰা ৪০ ভাগ বাঢ়ি যায়। পুৰুষ ফুলৰ পৰাগৰেণু স্ত্ৰীফুলৰ গৰ্ভমুণ্ডৰ ওপৰত স্থাপন কৰি কিছু পৰাগৰেণু জোকাৰি দিব লাগে। এইদৰে সকলো স্ত্ৰীফুল বোৰ পৰাগযোগ কৰা যায়।

ৰোগ ব্যৱস্থাপনা


লাউ গছৰ উল্লেখযোগ্য ৰোগৰ বাবে পাউডাৰি মিলডিও (শুকান বতৰত), একথ্রাকনাজ (বর্ষাকাল আৰু ফিউজাবিয়াম উইল্ট (সকলো অৱস্থাত) অন্যতম। এছাডা বিটল পোকৰ আক্রমণ দেখা যায়। সকলো সময়ত পৰিস্কাৰ কৰি ৰাখিলে ৰোগত আক্রমণৰ পৰা ৰক্ষা পোৱা যায়।


ফল সংগ্ৰহ


জাতৰ প্রকাৰৰ অনুযায়ী বীজ ৰোপনৰ ৬০ দিনৰ পৰাই ফল ধৰে তাৰ পিছত ৩ মাহ পর্যন্ত ফল সংগ্রহ কৰা যায়। এটা বতৰত ২০ বাৰ পর্যন্ত পাঁচলি আহৰণ কৰা যায়। ফুল ফুলিলে ফল ধৰাৰ ১৫ দিনৰ পিছত বজাৰত বিক্রীৰ বাবে উপযুক্ত হয়। প্ৰতি ৩-৪ দিনৰ পিছে পিছে ফল সংগ্রহ কৰা দৰকাৰ।

উৎস: কৃষি বিভাগ।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate