কাজু গছ সহজতে বিভিন্ন মাটিত হয় যদিও পানী জমা নোহোৱা আৰু বালিচহীয়া মাটিত ইয়াৰ উৎপাদন ভাল হয়।
কাজু বাদাম প্ৰধানকৈ উষ্ণ আৰু সেমেকা জলবায়ুত সফলভাৱে কৰিব পাৰি। কাজু বাদামক বাৰ্ষিক ৬০০-৪৫০০ মি: মি: বৰষুণৰ প্ৰয়োজন যদিও ফুল আৰু ফল ধৰাৰ সময়ত বৰষুণৰ মাত্ৰা কম হোৱাটো ভাল।
জাত:
প্ৰধান জাতসমূহ হ’ল বি পি পি-১, বি পি পি-২, বি পি পি-৩, ভেনগুৰলা ইত্যাদি।
কাজু বাদাম গছত প্ৰধানকৈ শাখা কলম পদ্ধতি অৱলম্বন কৰা হয় যদিও ‘গ্ৰাফটিং’ পদ্ধতিহে বেছি কৃতকাৰ্য হোৱা দেখা যায়। মূল পথাৰত গছপুলিবোৰ ৭ ৰ পৰা ৯ মিটাৰ ব্যৱধানত সমান বৰ্গত লগাব লাগে। ঘন বসতি পদ্ধতি অৱলম্বন কৰি এই ব্যৱধান ৪ মিটাৰ পৰ্যন্ত হ্ৰাস কৰিব পাৰি যদিও ই মাটিৰ গুণাগুণ আৰু খেতিডৰাৰ পৰিচৰ্যাৰ ওপৰত নিৰ্ভৰ কৰে। পুলিবোৰ লগাবলৈ ৬০ ছে: মি: দ’ গাঁতবোৰ সাধাৰণতে ৬০ ছে: মি: দ’ গাঁতবোৰ সাধাৰণতে ১০ ৰ পৰা ১৫ দিন পূৰ্বে খান্দিব লাগে যাতে সূৰ্যৰ পোহৰত অনিষ্টকাৰী পোক-পৰুৱাবোৰ নষ্ট হয়।
পুলি ৰোৱাৰ সময়
বৰ্ষা ঋতুত, প্ৰধানকৈ মে’ মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত।
সাৰ প্ৰয়োগ:
প্ৰতিজোপা গছৰ বাবে ১০ ৰ পৰা ১৫ কি:গ্ৰা: পচন সাৰ, ৫০০ গ্ৰাম নাইট্ৰ’জেন, ১২৫ গ্ৰাম ফছফৰাছ আৰু ১২৫ গ্ৰাম পটাছ বছৰি প্ৰয়োজন হয়। প্ৰথম বৰ্ষত এই মাত্ৰাৰ এক তৃতীয়াংশ আৰু দ্বিতীয় বৰ্ষত এই মাত্ৰাৰ দুই-তৃতীয়াংশ প্ৰয়োগ কৰিব লাগে। তৃতীয় বছৰৰ পাছৰ পৰাহে সম্পূৰ্ণ মাত্ৰাত সাৰ প্ৰয়োগ কৰিব লাগে।
বন-বাত নিয়ন্ত্ৰণ;
এবছৰত বিশেষকৈ গ্ৰীষ্মকালত তিনিবাৰমান ভালকৈ বন-বাত নিৰণি কৰিলে গছজোপাৰ উৎপাদন ক্ষমতা বৃদ্ধি হয়।
কীট-পতংগৰ আৰু ৰোগ নিয়ন্ত্ৰণ:
কাজু বাদামত ৩০ বিধমান পতংগই আক্ৰমণ কৰা দেখা যায়। ইয়াৰ ভিতৰত প্ৰধানত হ’ল-
চাহৰ মহ পোক:
এই পোক নিয়ন্ত্ৰণৰ বাবে ০.১ শতাংশ কাৰবৰিল অথবা ০.০৫ শতাংশ এণ্ড’ছালফন অথবা ০.০৫ শতাংশ ডাইমিটয়েট স্প্ৰে’ কৰিব লাগে। স্প্ৰে’ প্ৰধানত: ফুল আৰু ফল ধৰাৰ আগে আগে কৰিব লাগে।
গা-গছ আৰু শিপা বিন্ধা কৰা পোক:
এইবিধ পোক সম্পূৰ্ণ নিবাৰণ কৰাতো কঠিন যদিও পৰিষ্কাৰ বাৰীত ইয়াৰ প্ৰভাৱ কম দেখা যায়। হাতেৰে পোকবোৰ আঁতৰাই বিন্ধাবোৰত কাৰবিৰল)৫০ গ্ৰাম) আৰু অক্সিক্লৰাইড (২৫ গ্ৰাম) ৰ মিশ্ৰণ প্ৰয়োগ কৰিও সুফল পাব পাৰি।
পাত শোহা পোক:
এইবিধ পোক সাধাৰণতে শুকান দিনত দেখা যায়। ০.০৫ শতাংশ মন’ক্ৰটফছ অথবা ০.১ শতাংশ কাৰবিৰল স্প্ৰে কৰিলে ভাল ফল দিয়ে।
ফল বিন্ধা কৰা পোক:
এইবিধ পোক নিয়ন্ত্ৰণৰ বাবে ০.০৭ শতাংশ এণ্ড’ছালফন অথবা ০.০৫ শতাংশ মন’ক্ৰটফছ স্প্ৰে’ কৰিব লাগে।
ৰোগ:
এইবিধ উদ্ভিদ সাধাৰণতে বিশেষ কোনো অনিষ্টকাৰী ৰোগৰ দ্বাৰা আক্ৰান্ত নহয়। অৱশ্যে ঠাইবিশেষে দুই-এবিধ ভেঁকুৰজনিত ৰোগ দেখা যায়।
অধিক হাৰত তথা গুণগতমানৰ কাজু উৎপাদনৰ বাবে প্ৰথম আৰু দ্বিতীয় বছৰৰ ফুলবোৰ ছিঙি পেলাব লাগে। তৃতীয় বছৰৰ পৰাহে ফলবোৰ ছিঙিব লাগে। ফলবোৰ পকী সৰি পৰাৰ পাছত বাদামবোৰ আঁতৰাই ২-৩ দিনমান শুকুৱাব লগে। এজোপা গছৰ পৰা প্ৰথম অৱস্থাত ১ কেজিমান বাদাম পোৱা যায় যদিও চতুৰ্থ বৰ্ষৰ পিছৰ পৰা এই উৎপাদন ১০ কেজি পৰ্যন্ত বৃদ্ধি হয়।
উৎস: অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 2/29/2024