অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লাভজনক ভোট জলকীয়াৰ খেতিঃ

আমাৰ সমাজত খাদ্য সম্ভাৰত জলকীয়া অপৰিহাৰ্য। ভোট জলকীয়াৰ বৈজ্ঞানিক নাম ‘Capsicum Chinese’। ভোট জলকীয়া (Capsicum Frutescens) প্ৰজাতিক নামনি অসমত কৰ্দৈসিৰীয়া জ্বালা, কিং চিলি, বৰবিহ, নগা জলকীয়া নামেৰে জনা যায় যদিও বৰ্তমান ই ভোট জলকীয়া হিচাপে সকলোৰে মাজত সমাদৃত। বিশ্বত অসমৰ ভোট জলকীয়াৰ জ্বলাৰ পৰিমাণ ১০০১৩০৪ স্ক’ভাইল হিট ইউনিট, সেয়ে গীনিজ বুক অৱ ৱৰ্ল্ডৰ টোকাবহীত অসমৰ ভোট জলকীয়াৰ মান উঠিল জাত- স্থানীয় সঁচ। আকাৰত থোপোকা, দীঘলীয়া আৰু ঘূৰণীয়া।

খেতি কৰা সময়ঃ

 

ভৈয়ামত আঘোণ-পুহ মাহৰ পৰা জেঠ-আহাৰ মাহলৈ আৰু পাহাৰীয়া অঞ্চলত ব’হাগ-জেঠৰ পৰা পুহ-মাঘ হ’ল উৎকৃষ্ট সময়।

বীজৰ পৰিমাণঃ

এবিঘা মাটিৰ বাবে ২০-২৫ গ্ৰাম।

পুলি তৈয়াৰৰ প্ৰস্তুতিঃ

 

মাটি ডোখৰ হাল বাই পচন সাৰ বা কেঁচুসাৰ দি ২০-২৫ ছেঃ মিঃ ওখ, ১ মিটাৰ বহল আৰু সুবিধা অনুযায়ী দৈৰ্ঘ্য কৰি পুলিতলী প্ৰস্তুত কৰিব। দুখন পুলিতলীৰ মাজত ৫০ ছেঃ মিঃ বহল নলা থকা প্ৰয়োজন। নিৰোগী ফল সংগ্ৰহ কৰি হাতমোজা পিন্ধি ব্লেড, ফৰচেপেৰে ফলবোৰ কাটি পানীত দি মাৰিৰে লৰাই থাকিলে গুটিবোৰ পৃথক হ’ব আৰু ভাল বীজবোৰ তলিত পৰি ৰ’ব। গুটিবোৰ সংগ্ৰহ কৰি ৰ’দত শুকাব। বীজতলীত গুটিবোৰ শাৰী শাৰীকৈ সিঁচিব। প্ৰতি বৰ্গমিটাৰ বীজতলীত ২ কিলোগ্ৰাম পলসুৱা মাটিৰ লগতে ২ কিলোগ্ৰাম পচন সাৰ বা কেঁচুসাৰ প্ৰয়োগ কৰিব। শোধন কৰা বীজবোৰ ৫ ছেঃ মিঃ গভীৰতাত শাৰী শাৰীকৈ সিঁচিব। পচন সাৰ বা কেঁচুসাৰ দিয়াৰ পিছত পাতলীয়াকৈ জলসিঞ্চন কৰিব। বীজ গজাৰ বাবে ১৪-২৫ দিন সময় লাগে। ৩০-৩৫ দিন পিছত পুলিতলীত পানী প্ৰয়োগ কৰি পুলি উঠাব। প্ৰয়োজনত পুলিতলীত চালি দিব।

সাৰ প্ৰয়োগঃ

 

মাটি শেষ চহ কৰাৰ সময়ত ২ টন পচন সাৰ, ১৫-১৭ কিলোগ্ৰাম ইউৰিয়া, ৫০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ১২ কিলোগ্ৰাম পটাচ প্ৰতিবিঘা মাটিত প্ৰয়োগ কৰিব। তাৰ পিছত ৭ কিলোগ্ৰাম ইউৰিয়া পুলি ৰোৱাৰ এক মাহ পিছত আৰু ৭ কিলোগ্ৰাম ইউৰিয়া পুলি ৰোৱাৰ ২ মাহ পিছত প্ৰয়োগ কৰিব। ৭ কিলোগ্ৰাম ইউৰিয়া সাৰৰ লগত ২৫-৩০ কিলোগ্ৰাম গোবৰৰ গুড়ি মিহলি কৰি ২-৩ ৰাতি গাপ দি খেতিত প্ৰয়োগ কৰিব।

পুলি ৰোপণঃ

 

১ x ১ মিটাৰ ব্যৱধানত পুলি ৰুব অৰ্থাৎ এটা পুলিৰ পৰা আনটো পুলিৰ মাজত ১ মিটাৰ ব্যৱধান ৰাখিব।

পৰিচৰ্যাঃ

পথাৰত পুলি ৰোৱাৰ পিছত পুলিবোৰ ভালদৰে ঠন ধৰি সবল হ’বলৈ ৭-১০ দিনৰ মূৰে মূৰে পানী দিব। নলাবোৰৰ মাজেৰে অতিৰিক্ত পানী ওলাই যাবৰ বাবে শাৰীৰ মাজত এক ইঞ্চি বহল নলা থকা দৰকাৰ। বন-বাট নিৰাই প্ৰয়োজন অনুসাৰে পানী দিব।

শস্য ৰক্ষাঃ

 

যেতিয়া বগা ৰঙৰ পোকে পাত শুনি খায়, তেতিয়া পাতবোৰ মুজুৰা পৰা আৰু হালধীয়া হয়। ইয়াৰ বাবে ৰগৰ ৩৫ ইচি ঔষধ ১০-১৫ মিলিলিটাৰ পানীত গুলি ভালকৈ স্প্ৰে’ কৰিব। মোৱাপোক, থ্ৰীপছ হ’লে ৰগৰ বা মনোক্ৰ’টোফছ ১০ মিলিলিটাৰ ১০ লিটাৰ পানীত গুলি স্প্ৰে’ কৰক। পুলিৰ গুৰি কটা পোক নধৰিবলৈ প্ৰতি বিঘা মাটিত ৩-৪ কিলোগ্ৰাম ৫ শতাংশ মালাথিয়ন গুড়ি প্ৰয়োগ কৰক। মাটিত থকা পোক-পৰুৱা নাথাকিব।

পুলিৰ গুৰি পচা বেমাৰ, পাত, ডাল বা ফল পচা ৰোগ প্ৰতিৰোধৰ বাবে ডাইথেন-এম-৪৫ ঔষধ ১০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব। ১ শতাংশ বৰড’ মিশ্ৰণ ঔষধ প্ৰস্তুত কৰিবলৈ ১০০ গ্ৰাম চূণ ৫ লিটাৰ পানীত মিহলাই লওক। লগতে ১০০ গ্ৰাম তুতিয়া আন এটা পাত্ৰত ৫ লিটাৰ পানীত মিহলাই দুয়োবিধ মিশ্ৰণ আন এটা প্লাষ্টিকৰ বাল্টিত ঢালি দিয়ক। এই মিশ্ৰণ নেমুৰ শিপা পচা ৰোগতো দিব পাৰি।

শস্য চপোৱাঃ

 

পুলিবোৰ ৩-৩.৫ মাহত ফল পকে। ৰঙা ৰং বা সম্পূৰ্ণ পকিলে ঠাৰিৰে সৈতে চপাব। এডাল গছৰ পৰা ১০০-১৫০ টা জলকীয়া পাব পাৰি।

ব্যৱহাৰঃ

 

মূলতঃ ভাতৰ লগত খোৱা হয়। গেষ্ট্ৰিক ৰোগ ভাল হয়। চাটনি আচাৰো কৰিব পাৰি। জলকীয়াৰ ৰঙা ৰঙে এবিধ এণ্টি-অক্সিডেণ্টৰ কাম কৰে। ঠাৰিৰ পৰা তৈয়াৰী তেল এণ্টি-এলাৰ্জিক আৰু পেইন কিলাৰ হিচাপে ব্যৱহাৰ হয়। ইয়াৰ পৰা উত্তম লোকেল এনাস্থেচিয়া প্ৰস্তুত কৰা হয়। বৰ্তমান ডিফেন্স একাডেমীত পৰীক্ষামূলকভাৱে এইবিধ ভোট জলকীয়াৰ পৰা চিলি গ্ৰেনেড, চিলি বুলেট তৈয়াৰ কৰাৰ বাবে গৱেষণা কৰি থকা হৈছে। জৈৱিকভাৱে কৰা ভোট জলকীয়াৰ পৰা চিলি গ্ৰেনেড, চিলি বুলেট তৈয়াৰ কৰাৰ বাবে গৱেষণা কৰি থকা হৈছে। জৈৱিকভাৱে কৰা ভোট জলকীয়া বিদেশলৈ ৰপ্তানি কৰা হয়।

 

(উৎসঃ নিয়মীয়া বাৰ্তা, মনজিৎ তালুকদাৰ, যুটীয়া কৃষি সঞ্চালক-বাণিজ্যিক)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate