অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শস্য উৎপাদনত জীৱাণুসাৰৰ ভূমিকা

শস্য উৎপাদনত জীৱাণুসাৰৰ ভূমিকা

 

মাটিৰ উৰ্বৰা শক্তি অটুট ৰাখি প্রতি একৰ মাটিত শস্য উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে শস্য উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে শস্য ক্ষেত্ৰত শস্যৰ লাগতিয়াল মৌলবিলাক সঠিত মতে যোগান ধৰাটো নিতান্তই প্রয়োজন। সাধাৰণতে শস্য ক্ষেত্ৰত লাগতিয়াল মৌলবিলাকৰ যোগান ধৰিবলৈ ৰাসায়নিক সাৰৰ ব্যৱহাৰৰ কথাই আমাৰ মনলৈ আহে। কিয়নো এনেবিধ সাৰত শস্যৰ লাগতিয়াল পোষক দ্রব্যখিনি অধিক পৰিমাণে থাকে। প্রকৃতাৰ্থত ৰাসায়নিক সাৰৰ লগতে শস্যক্ষেত্ৰত জৈৱিক সাৰ, জীৱাণুসাৰ আদিৰ প্রয়োগৰো যথেষ্ট গুৰুত্ব আছে। বর্তমান সময়ৰ পৰিপ্ৰেক্ষিতত মাটিৰ উৰ্বৰা শক্তি অবিৰতভাৱে ৰাখিবলৈ শস্য ক্ষেত্ৰত ৰাসায়নিক সাৰৰ লগতে জৈৱিক সাৰ, জীৱাণুসাৰ আদি একত্রিতভাৱে ব্যৱহাৰ কৰাটো প্রয়োজনীয় হৈ পৰিছে। অৱশ্যে জৈৱিক সাৰ, জীৱাণুসাৰ আদিৰ ব্যৱহাৰ ৰাসায়নিক সাৰৰ পৰিপূৰক হিচাপেহে, ৰাসায়নিক সাৰৰ পৰিৱৰ্তে নহয়। ৰাসায়নিক সাৰৰ ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিয়ে কৃষি কার্য অধিক ব্যয়-বহুল কৰি তুলিছে। সেয়েহে বিশ্বৰ বিজ্ঞানী তথা কৃষকসকলক শক্তিৰ পুনৰ ব্যৱহাৰ কৰিব পৰা উৎসৰ সন্ধান তথা ব্যৱহাৰৰ বাবে অধিক সজাগ কৰি তুলিছে।

জীৱাণুসাৰ হ’ল প্রকৃতাৰ্থত মাটি, পানী আৰু বায়ুমণ্ডলত থকা কেতবোৰ ক্ষুদ্র ক্ষুদ্ৰ জীৱাণু। যেনেঃ বেক্টেৰিয়া শেলাই ভেঁকুৰ, একটিন’ মাইচিটিছ প্রট’জুৱা ইত্যাদি। এই জীৱাণুবোৰে আমি ক’ব নোৱাৰাকৈয়ে শস্য উৎপাদনৰ বিভিন্ন কার্যসম্পাদন কৰি আহিছে। অৱশ্যে এই জীৱাণুবোৰ সকলো মাটিতে সমানে নাথাকে আৰু সকলোবিধ জীৱাণুৱেই শস্য উৎপাদনৰ বাবে সমানে উপকাৰী নহয়। বর্তমান এনে ধৰণৰ জীৱাণুবিলাকৰ পৰীক্ষাগাৰত বংশবৃদ্ধি কৰাই শস্য ক্ষেত্ৰত ৰাসায়নিক সাৰৰ অনুপূৰক হিচাপে ব্যৱহাৰ কৰাটো পৃথিৱীৰ উন্নত আৰু উন্নয়নশীল দেশবোৰত জনপ্রিয় হৈ পৰিছে। এই জীৱাণু সাৰ প্ৰস্তুতকৰণত এহাতে কম অর্থ ব্যয় হয়, আনহাতে, প্ৰদূষণৰ সমস্যাও ইয়াত নাই। প্রকৃততে এই জীৱাণুবিলাকৰ অবিহনে কৃষি-কাৰ্য অসম্ভৱ। এনে বিলাক জীৱাণুৱে মাটিত শস্যৰ লাগতিয়াল মৌলবিলাকৰ যোগান ধৰাৰ উপৰি মাটিত থকা বিভিন্ন জৈৱিক তথা অজৈৱিক পদার্থৰ ৰূপান্তৰ ঘটাই শস্যৰ সহজলভ্য অৱস্থালৈ পৰিৱর্তিত কৰে।

বায়ুমণ্ডলৰ প্ৰায় ৭৮% হ’ল নাইট্ৰ’জেন গেছ। কিন্তু কেতবোৰ ক্ষুদ্র ক্ষুদ্র জীৱাণু আৰু উদ্ভিদৰ বাহিৰে অধিকাংশ উদ্ভিদেই এই নাইট্ৰ’জেন ভাগ আহৰণ কৰিব নোৱাৰে। এই ক্ষুদ্র ক্ষুদ্ৰ জীৱাণুবিলাকে মাটিত বা মাটিৰ উপৰি ভাগত সহজীৱী হিচাপে থাকি বায়ুমণ্ডলৰ নাইট্ৰ’জেন ভাগ স্থিতি কৰি মাটিত যোগান ধৰে। প্রায় ১০০ বছৰৰ আগেয়েই ৰাইজ’বিয়াম নামৰ বেক্টেৰিয়াই মাহ জাতীয় শস্যৰ শিপাত সহজীৱী হিচাপে থাকি বায়ুমণ্ডলৰ নাইট্ৰ’জেন স্থিতি কৰাটো প্রমাণিত হৈছিল। এইবিধ জীৱাণুৱে মাহ জাতীয় শস্যৰ শিপাত থকা টেমুনাত সহজীৱী হিচাপে থাকি বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেনৰ একাংশ মাহ জাতীয় শস্যক যোগান ধৰে আৰু আন অংশ পৰৱৰ্তী শস্যৰ বাবে যোগান ধৰে। গৱেষণাৰ পৰা দেখা গৈছে যে এইবিধ জীৱাণুসাৰ ব্যৱহাৰ কৰাৰ ফলত মগুমাহৰ উৎপাদন ১০-৫১%, মাটি মাহৰ ক্ষেত্ৰত ১৬-৬৬%, ৰহৰ মাহৰ ক্ষেত্ৰত ১০-৬৫% অধিক উৎপাদন পোৱা গৈছে; আজিকালি এইবিধ জীৱাণুৰ কালচাৰ পাউদাৰ হিচাপে পেকেটত পোৱা যায়। এই কালচাৰ পেকেট যি কোনো অনুষ্ঠানৰ পৰা সংগ্ৰহ কৰি লৈ সঠিক পৰিমাণত সিঁচিব লগীয়া বীজখিনি পানীত তিয়াই লৈ এই কালচাৰ পাউদাৰ মিহলাব লাগে আৰু শস্য ক্ষেত্ৰত বীজ ছটিয়াব লাগে। অৱশ্যে পুৱাবেলা বা আবেলিহে এই কার্য কৰিব লাগে। কিয়নো, কালচাৰ মিহলোৱা এনেবিধ বীজ প্ৰখৰ ৰ'দত মুক্ত অৱস্থাত থাকিবলৈ দিলে ইয়াত থকা বেক্টেৰিয়াবিলাক মৰি যাব পাৰে আৰু ফলত নাইট্ৰ’জেন স্থিতিকৰণৰ পৰিমাণ কমি যাব পাৰে। এনেবিলাক জীৱাণু সঠিক ধৰণে ব্যৱহাৰ কৰিলে প্রতি হেক্টৰ মাটিত শস্য অনুযায়ী প্রায় ৩৫ কিঃ গ্রাঃৰ পৰা ৩০০ কিঃ গ্ৰাঃ পর্যন্ত নাইট্র’জেন স্থিতিকৰণ সম্ভৱ হ’ব পাৰে। অসম কৃষি বিশ্ব বিদ্যালয়ত থকা বিভিন্ন গৱেষণাৰ পৰাও দেখা যায় যে বিভিন্ন মাহজাতীয় শস্যত এনেবিধ জীৱাণু ব্যৱহাৰৰ ফলত ৪৭.৫%ৰ পৰা ১০১.০% উৎপাদন বৃদ্ধি পোৱা গৈছে। শস্য ক্ষেত্ৰত মুক্তভাৱে থাকি বায়ুমণ্ডলৰ নাইট্ৰ’জেন ভাগ স্থিতি কৰিব পৰা আন এবিধ বেক্টেৰিয়া হৈছে এজ’ট’বেক্টৰ। এইবিধ বেক্টেৰিয়াৰ কালচাৰ প্রয়োগ কৰি ধান, কুঁহিয়াৰ, ঘেঁহু, বজ্‌ৰা আৰু বিভিন্ন শাক-পাচলিৰ ক্ষেত্ৰত যথেষ্ট উদগনিমূলক ফল পোৱা গৈছে। নাইট্ৰ’জেন যোগান ধৰাৰ উপৰি এইবিধ জীৱাণুৱে উদ্ভিদৰ শ্ৰীবৃদ্ধি হ’ব পৰা এক বুজন পৰিমাণৰ দ্রব্য মাটিত যোগান ধৰে।

ধাননি পথাৰত এক বুজন পৰিমাণৰ নাইট্র’জেন স্থিতি কৰা আন এবিধ জীৱাণু হ’ল নীলা সেউজীয়া শেলাই। পানী থকা ধাননি পথাৰত এইবিধ শেলুৱৈয়ে প্রতি বছৰে প্ৰায় ৮০ কিঃগ্ৰাঃ পৰিমাণৰ নাইট্ৰ’জেন স্থিতিকৰণ কৰিব পাৰে। ছোভিয়েট ৰাছিয়া, বার্মা, ইজিপ্ত, ফিলিপাইনছ আদি দেশত এইবিধ শেলুৱৈৰ ব্যৱহাৰৰ ফলত প্রায় ১০-২৪ শতাংশ ধানৰ উৎপাদনত বৃদ্ধি হোৱা দেখা গৈছে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কৰা গৱেষণাৰ পৰাও দেখা গৈছে যে ধানৰ উৎপাদন এইবিধ শেলুৱৈ ব্যৱহাৰ কৰিলে ২০-২৫ শতাংশ উৎপাদন বৃদ্ধি পোৱা যায়। বর্তমান সময়ৰ পৃথিৱীৰ বিভিন্ন উন্নত আৰু উন্নয়নশীল দেশত জনপ্রিয়তা লাভ কৰা আন এবিধ জীৱাণুসাৰ হ’ল এজলা। এজলা হৈছে এবিধ পুণি জাতীয় উদ্ভিদ। এইবিধ উদ্ভিদ পানীত ওপঙি থাকে। এই এজলাৰ পাতত থকা কেতবোৰ কোঠালিও ‘এনাবিনা এজলি’ নামৰ এবিধ নীলা সেউজীয়া শেলাই থাকে আৰু ই বায়ুমণ্ডলৰ পৰা নাইট্র’জেন ভাগ ধৰি ৰাখিব পাৰে। এই এজলাৰ ছটা প্রজাতি আছে। ভাৰতত সাধাৰণতে এজলা পিনাটা নামৰ এজলাবিধহে প্রধানতঃ পোৱা যায়। এইবিধ উদ্ভিদে ধাননি পথাৰত সেউজীয়া চামনিৰ সৃষ্টি কৰে আৰু ইয়াৰ শিপাবিলাক পানীৰ গভীৰলৈ বাঢ়ি যায়। ১৯৫৭ চনত ভিয়েটনামত ধাননি পথাৰত এজলাৰ গুৰুত্ব প্রথমে প্রদর্শন হৈছিল। তাৰ পিছত আমেৰিকা, ইণ্ডোনেছিয়া, জাপান, ফিলিপাইনছ, চীন আদিত জনপ্রিয় হৈ পৰে। বৰ্তমান ভাৰতবৰ্ষতো এই এজলাৰ জনপ্রিয়তা বাঢ়িছে। এইবিধ সাৰ উত্তৰ ভিয়েটনামত প্রায় ৮০,০০০ হেক্টৰ মাটিত ব্যৱহাৰ কৰি শস্য উৎপাদন কৰা হয়। এজলা এবিধ কম খৰচ আৰু সহজতে কৰিব পৰা সাৰ। অসমৰ বহু অঞ্চলত এজলা স্বাভাৱিকভাৱে উৎপাদন হোৱা দেখা যায় যদিও আমি এইবিধ সাৰৰ ওপৰত বৰ বেছি গুৰুত্ব দিয়া নাই। যিহেতু অধিকাংশ কৃষকৰ আৰ্থিক অৱস্থা স্বচ্ছল নহয়, গতিকে ৰাসায়নিক সাৰ ৰাহি কৰিবৰ বাবে ভাৰত তথা অসম চৰকাৰে এজলা উৎপাদন আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে বহুল প্ৰচাৰ আৰম্ভ কৰিছে। জৈৱিক সাৰৰ উপৰি ‘এজলা’ হাঁহ-কুকুৰাৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰিব পাৰি। অসম বিশ্ববিদ্যালয়ৰ ধান গৱেষণা কেন্দ্র, তিতাবৰত কৰা গৱেষণাৰ পৰা দেখা যায় যে প্রতি হেক্টৰত ৫-১০ টন এজলা প্রয়োগ কৰি আহুৰ বতৰত ১১০.৪ ৰ পৰা ১৪১.৬ শতাংশ আৰু শালিৰ বতৰত ৫৮৯ ৰ পৰা ৯৩.৬ শতাংশ ধানৰ উৎপাদন বৃদ্ধি হোৱা দেখা যায়। এজলা উৎপাদন আৰু ব্যৱহাৰ অতি সহজ। যিহেতু খাল-ডোং আদি পানী থকা ঠাইত ই অতি সহজে উৎপাদন হয়, সেয়ে অলপ যত্ন কৰি কৃষকসকলে ইয়াৰ উৎপাদন কৰিব পাৰে। কৃত্রিম উপায়েৰে ‘এজলা’ উৎপাদন কৰিবৰ বাবে পানী থকা ঠাইত ৮ বর্গমিটাৰৰ কিছুমান সৰু সৰু খাল তৈয়াৰ কৰি ল’ব পাৰিলে প্রায় গোটেই বছৰেই এজলা উৎপাদন কৰিব পাৰি। এই খালবিলাকত ২ ৰ পৰা ১০ ছেঃ মিঃ গভীৰ পানী ৰাখি তাত এক বর্গমিটাৰত ২৫ ৰ পৰা ৩০ গ্ৰামকৈ এজলা মেলি দিব লাগে। এজলা ভালকৈ বাঢ়িবৰ বাবে ডোবাবিলাকত ২০ গ্রাম ছুপাৰ ফচফেট, ১০ গ্রাম মিউৰেট অৱ পটাছ প্রয়োগ কৰিব পাৰিলে ভাল। প্রায় তিনি সপ্তাহৰ পাছতেই এই এজলাখিনি চপাব পাৰি আৰু প্রায় ৩ কিঃ গ্রাঃ ওজনৰ এজলা প্ৰতিটো ডোবাত এৰি থৈ আহিব লাগে আৰু বাকীখিনি শস্য ক্ষেত্ৰত প্রয়োগ কৰি মাটিত মিহলাই দিব লাগে। ধাননি পথাৰতো এজলা উৎপাদন কৰিব পাৰি। পানী থকা মাটিত বিঘাই প্রতি ১৫০ কিঃগ্ৰাঃ পৰিমাণৰ এজলা এৰি দি প্রায় তিনি চাৰি সপ্তাহৰ পিছত এইখিনি মাটিত মিহলাই দিব পাৰি। এজলাত নাইট্ৰ’জেনৰ পৰিমাণ বেছিকৈ থাকে বাবে মাটিত প্রায় ৮– ১০ দিনৰ পিছতে পচিবলৈ আৰম্ভ কৰে। গতিকে সঠিক ধৰণৰ এজলা সংগ্ৰহ কৰি শস্যক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিলে নিশ্চয় সুফল লাভ কৰিব পৰা যাব।

লেখিকা: ড° কাবেৰী মহন্ত, অসম বাণী।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate