অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শাক-পাচলিৰ খেতি

 

বৰ্ণনা

বালিয়া মাটিত কৰা শাক-পাচলিৰ খেতিত এনে কিছুমান পদ্ধতি অবলম্বন কৰা হয় যিবোৰত অন্য খেতি কৰাৰ্ বাবে উপযুক্ত নহয়। এই খেতি বালিচৰা অঞ্চলত (ব্রহ্মপুত্র আৰু অন্য নৈ সমুহৰ মাজত থকা বালিচৰ্, যিবোৰ চৰ্ নহয় বুলি কোৱা হয়) য’ত মাটিবোৰ বালিয়া হয় আৰু বানে ধুই নিয়াৰ ফলত অন্য খেতি বাবে উপযুক্ত হিচাপে গণ্য কৰা নহয়। অনুর্বৰ, ছন পৰা মাটিত এই খেতি কৰিব পৰা যায়৷ 
এই পদ্ধতিৰ বাবে উপযুক্ত শাক-পাচলিসমূহ হ’ল

যিকোনো ধৰণৰ শস্য যিবোৰ সাধাৰণতে গাত খান্দি ৰোপণ কৰা হয়৷ সেইবোৰৰ্ বালিয়া মাটিত কৰিব পাৰি। উদাহৰণ স্বৰুপে লাও, উৰহী, তিয়হ, তৰমুজ ইত্যাদি৷ 
গাঁতটো প্রস্তুত কৰাৰ্ সময় 
বৰষুণৰ বতৰত যেতিয়া চৰ অঞ্চলৰ্ পৰা পানী বাগৰি ওলাই যায়, সেই সময় হোৱা বালিয়া মাটিত শাক পাচলিৰ খেতিৰ্ বাবে গাঁত প্রস্তুত কৰাৰ উপযুক্ত সময়। 
গাঁ‌তৰ জোখ

মাটিৰ গঠন আৰু গুনাগুণ অনুসৰি ১ মি × ১মি × ১ মি প্রতিটো গাঁ‌ত আৰু লাইনৰ মাজত দুৰত্ব ২.৫-৩,০ মিটাৰ৷


খেতি পদ্ধতি


(ক) গাঁত পদ্ধতি

(খ) মৰাপাতৰ থৈলা


গাঁত পদ্ধতি

 

চৰ অঞ্চলসমূহত, খেতি কৰিবৰ্ যাবে এই পদ্ধতি উপযুক্ত। মাটিৰ্ গভীৰতা কম হোৱা হেতুকে, খেতিৰ বাবে উপযুক্ত মাটি সহজতে ঢুকি পোৱা যায়। পলসুৱা মাটি আৰু গৰুৰ গোবৰ সমান সমান পৰিমানত মিহলাই গাঁতটোত দিয়া হয়৷ 
মৰাপাটৰ বেগ পদ্ধতি

যিবোৰ্ চৰ অঞ্চলত মাটিত গভীৰতা অধিক, য'ত বালিৰ তৰপৰ তলত খেতিৰ্ বাবে উপযুক্ত মাটি ঢুকি পোৱা কঠিন, সেই অঞ্চলত এই পদ্ধতি ব্যবহাৰ কৰা হয়I মৰাপাটৰ একোটা থৈলাত (বেগ) গৰু গোবৰ আৰু পলসুৱা মাটিৰ সমান সমান ভাগ লৈ প্রস্তুত কৰি পোৱা গাঁতত দিব লাগে। গাতবোৰ বৰ্গাকাৰে, আয়তাকাৰ আৰু ষস্থভুজ আকৃতিত প্রস্তুত কৰিব পৰা যায়৷ প্রস্থভুজ পদ্ধতি গাঁ‌তৰ বাবে উপযুক্ত কিয়নো একেটা ঠাইতে 8৫ শতাংশ বেছি গাঁত প্রস্তুত কৰিব পৰা যায়।

জলসিঞ্চন

 

পুলিৰোপণ আৰু স্থানান্তৰণৰ পিছত মাটিৰ গুণাগুন অনুসৰি জলসিঞ্চনৰ্ প্রয়োজন হয়। পাত এটা পানীৰে ভর্তি কৰি প্রত্যেকটো গাঁ‌তৰ্ ওপৰত ৰখা হয়। ফলত পানী নিগৰি নাযায় অথবা পানীৰ উৎসটো দূৰত অৱস্থিত পাত্ৰটোত এটা ক্ষুদ্র ফুটা কৰা হয় যাতে উপযুক্ত পৰিমাণে পানীৰ যোগান ধৰিব পৰা যায়৷ পাত্ৰটো খালী হৈ গ'লে আকৌ পানী দি ভৰ্তি কৰি থোৱা হয়I 
সাৰ্ প্র'য়োগ

যেতিয়া পুলিবোৰ ২৫-৩০ দিনৰ্ হয় ১ কেজি অথবা ২ কেজি প্রয়োগ কৰিব লগা হয়৷ দ্বিতীয় পর্যায়ত ১ কেজি আৰু ২ কেজি প্রয়োগ কৰা হয়৷ সাৰ প্রয়োগ কৰাৰ পিছত জলসিঞ্চনৰ প্রয়োজন হয়I

ব্যয়-খৰচ আৰু লাভৰ বিশ্লেষণ

 

এই পদ্ধতিত কম মূলধন আৰু বূনিয়াদী আৱশ্যকীয়তাৰ প্রয়োজন হয়৷ ৰঙালাও গাঁ‌তৰ ব্যয় লাভৰ বিশ্লেষণ সৰ্বমুঠ ৩০০০০ (আনুমানিক) ৰ টকাৰ উৎপাদন ব্যয় দেখুৱাই আৰু ৮৫,০০০ আনুমানিক টকা উপাৰ্জন দেখুৱাই অর্থাৎ ৫৫,০০০ আনুমানিক প্রকৃত লাভালাভ দেখুৱাই।

উৎস: কৃষি বিভাগ, অসম।

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate