অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিঙিমাৰীৰ ভোলা বেঙেনা

শিঙিমাৰীৰ ভোলা বেঙেনা

 

গুৱাহাটীৰ পৰা ১৮ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত শিঙিমাৰী এখন কৃষিপ্ৰধান ঠাই।শিঙিমাৰীৰ ভোলা বেঙেনাঅসমবিখ্যাত।অকলশিঙিমাৰীয়েইনহয়,এইঅঞ্চলৰদলিবাৰী,দদৰা,পছৰীয়া,ধিঙৰবড়ী,চেচাঁমুখ,কুলহাটী,পাকৰকোণা,

আলিকাষ,ৰৌমাৰী,দৈধালপাম,গন্ধমৌ,বংশৰৰ ভোলা বেঙেনাৰ নাম আছে।এই বৃহত্তৰ অঞ্চলটো বাম খেতিৰ কাৰণে বিখ্যাত।গুৱাহাটী হাজো পথৰ দক্ষিণফালে থকা পথাৰত ব্ৰ্হ্মপুত্ৰৰ পানী উঠে যদিও উত্তৰফালে থকা পথাৰসমুহত বাৰিষা অতিমাত্ৰা বৰষুণ হ’লেহে পানীত বুৰ যায়।বাম খেতিৰ কাৰণে পলসুৱা বালিচহীয়া মাটি উত্তম।উল্লেখিত গাওঁসমুহৰ প্ৰত্যেক ঘৰ মানুহৰে হালোৱা গৰুৰ লগতে গোহালি ভৰা গাইগৰু আছে।তেওঁলোকে গৰুৰ গোৱৰবোৰ গোহালিৰ ওচৰত জমা কৰি থয় নাইবা ভাৰেৰে নিতৌ নি পথাৰৰ ওখ ঠাইত দম কৰি থয়।বাৰিষা যোৱাৰ লগে লগে এই অঞ্চলৰ লোকসকলে বাম খেতিৰ কাৰণে হাল বাই গোবৰ দি মাটি চাহ কৰি থয়।

শিঙিমাৰীৰ প্ৰত্যেক ঘৰ মানুহে দুই বিঘাৰপৰা তিনি বিঘা পৰ্যন্ত বাম খেতিৰ কাৰণে মাটি প্ৰস্তুত কৰে।তেওঁলোকে ঘৰতে সঁচ হিচাপে ৰাখি থোৱা স্থানীয় ভোলা বেঙেনা পুছাপাৰ পল,লং আৰু পঞ্জাৱ চোহৰা বিলাহীৰ বীজ পচায় আৰু অক্টোবৰৰ মাজভাগত ভোলা বেঙেনা আৰু বিলাহীৰ পুলি ৰুই দিয়ে।লগে লগে পালেং,ৰঙা চাইনীজ মুলা আৰু স্থানীয় ধনীয়া সিঁচে।বতৰ ভল থাকিলে অক্টোবৰৰ মাজ ভাগতৰ্কাণপুৰীয়া নাইবা নাইনিতাল আলু ৰোৱে।আলুৰ মাজে মাজে মুলা আৰু ৰঙালাউৰ গুটি পুতি দিয়ে।অসমৰ অন্য ঠাইৰ আলু ৰোৱা পদ্ধতি ইয়াৰ লগত নিমিলে।ইয়াৰ এবেগেট অন্তৰে অন্তৰে আলুৰ পাঁতি দিয়া হয়।ইয়াত আলু ৰোৱাৰ পিছত বন-পাত নিৰাৱলৈ কোৰখন সোমালেই যথেষ্ট।আলু ২-৩ পতীয়া হোৱাৰপৰাই ১৫ দিনৰ অন্তৰে অন্তৰে আলুৰ ‘ব্লাইট’বেমাৰটো নহ’বৰ বাবে ইন্দোকিলএম ৪৫ স্প্ৰে কৰিব লাগে।আলু ৩-৪ পতীয়া হ’লে নাঙলেৰে মাটি চপাই দিয়া হয়।জানুৱাৰীৰ প্ৰথম সপ্তাহত আলু আৰু মুলা উঠোৱাৰ পিছত ৰঙালাৱে আলু ৰোৱা ঠাই দখল কৰি লয়।বাম খেতিৰ বেমাৰ হ’লে স্থানীয় এ ই এৰ সহায় ল’ব লাগে।নৱেম্বৰৰ শেষত শিঙিমাৰীৰ ভোলা বেঙেনা,বিলাহী খাব পৰা হয়।শিঙিমাৰীৰ ভোলা বেঙেনা ৮ ইঞ্চিৰপৰা এক ফুট দীঘল আৰু তিনি ইঞ্চি ব্যাসাৰ্দ্ধৰ হয়।শিঙিমাৰীৰ ভোলা বেঙেনা ডাঠ বেঙুনীয়া,দেখিবলৈ ধুনীয়া হয়।শিঙিমাৰীত মটৰ খেতিও বৰ ভাল হয়।ইয়াত শালি ধানৰ মাজত মটৰৰ বীজ সিঁচি দিয়া হয়।ধান কাটি দিয়াৰ লগে লগে মটৰ গছ উঠি আহে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত মটৰ গুটি ধৰি পুৰঠ হয়।এতিয়া প্ৰশ্ন হয়-উল্লেখিত আটাইবোৰ শস্যৰ বজাৰ ক’ত?আগেয়ে উল্লেখ কৰা হৈছে যে শিঙিমাৰী গুৱাহাটীৰপৰা ১৮ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত।গুৱাহাটীৰ পৰা হাজো হৈ নলবাৰী বৰপেটালৈ আৰু গুৱাহাটীৰপৰা শুৱালকুছি বামুন্দীলৈ যোৱা লোকসকলে শিঙিমাৰী তিনিআলি হৈ যাব লাগে।৮০-৯০ দশকৰ কথা-নলবাৰী,বৰপেটা,শুৱালকুছি,বামুন্দীলৈ যোৱা বাছবিলাক ৰখালে শিঙিমাৰীৰ ল’ৰাবিলাকে ১০-১২ টা বেঙেনাৰ ধুনীয়াকৈ থোপা কৰি লৈ বাছৰ কাষে কাষে বেঙেনা লাগে বেঙেনা লাগে বুলি কৈ ভোলা বেঙেনা বিক্ৰী কৰিছিল।শিঙিমাৰী এতিয়া দৈনিক বজাৰলৈ ৰুপান্তৰ হৈছে।এই অঞ্চলৰ উৎপাদিত ভোলা বেঙেনা,আলু,বিলাহী খে তিয়কসকলে পথাৰৰপৰা বাহিৰে বাহিৰে ভাৰ খদাত এনেকৈ সজাই শিঙিমাৰী বজাৰলৈ লৈ আহে যে দেখিলে আপুনি নিকিনাকৈ থাকিব নোৱাৰে।পথাৰৰপৰা বাহিৰে বজাৰলৈ অনা ভোলা বেঙেনা,বিলাহী আলু কিমান তাতকা বা সতেজ হ’ব পাৰে আপুনি নিজেই কল্পনা কৰক।শিঙিমাৰী তিনিআলিৰ ৰাস্তাৰ দুয়ো কাষে ভাৰখদাত থাক থাককৈ সজাই অনা চিকচিকীয়া ভোলা বেঙেনা,আলু,বিলাহী দেখিলেই ভাল লাগি যায়।গুৱাহাটীৰ বহুত মানুহে সময় পালে গাড়ী লৈ গৈ শিঙিমাৰীত শাক-পাচলিৰ বজাৰ কৰে।গুৱাহাটীৰ বহুত শাক-পাচলিৰ বেপাৰীয়ে শিঙিমাৰীত ক্ৰয় কৰি গুৱাহাটীৰ বজাৰত বিক্ৰী কৰে।শিঙিমাৰী অঞ্চলৰ খেতিয়কে একেডৰা মাটিতে অধিক শস্য কৰা পদ্ধতি,ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰিৱৰ্তে জৈৱিক সাৰ প্ৰয়োগেৰে খেতি কৰি লাভান্বিত হোৱা দেখা যায়।এই অঞ্চলৰ খেতিয়কসকল খাচ অসমীয়া-কোনোবা বৈশ্য,শৰ্মা,ডেকা,কলিতা,দাস,বেজবৰুৱা,শীল,বৰ্মন,ৰহমান ইত্যাদি উপাধিৰ।শিঙিমাৰীৰ ক্ষুদ্ৰ বাম খেতিয়কসকলৰ শাক-পাচলি নষ্ট নহ’বৰ বাবে চৰকাৰে ইয়াত এটি মিনি শীতলীকৰণ ভৱন নিৰ্মাণ কৰি দিছে।অসমীয়া মানুহ যে শাক-পাচলিৰ খেতি কৰি ফলৱতী হ’ব পাৰে তাকে প্ৰমাণ কৰিছে,শিঙিমাৰীৰ ভোলা বেঙেনাৰ লগতে বাম খেতি কৰা খেতিয়কসকলে।

লেখক:দেবেন দত্ত (দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate