অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালত শাক-পাচলিৰ পৰিচৰ্য্যা

শীতকালত শাক-পাচলিৰ পৰিচৰ্য্যা

 

শাক-পাচলি মানুহৰ স্বাস্থ্যৰ বাবে অন্যতম লাগতিয়াল আহাৰ। শাক-পাচলিৰ খেতিৰ বৈজ্ঞানিক ভিত্তিত কৰা যতন বা পৰিচর্যাৰ ওপৰতে শাক-পাচলিৰ গুণগত মান নিৰ্ভৰ কৰে। বাৰিষা ফালৰ শাক-পাচলিতকৈ শীত কালীন শাক-পাচলিৰ সংখ্যা বহুত আৰু এইবিলাক মানুহৰ বাবে বৰ পুষ্টিকৰ পাচলি। শীতকালীন শাক-পাচলিৰ কথা ক’লে প্রথমে কবিৰ কথাই মনলৈ আহে। বন্ধাকবি, ফুলকবি, ওলকবি, ব্ৰকলী আদি কবি শস্যত গুণগত উৎপাদন পাবলৈ হ’লে অনুমোদিত প্রয়োজনীয় সাৰ-গোবৰ ব্যৱহাৰ কৰিব লাগে। শস্যৰ পুলি পথাৰত ৰোপণ কৰাৰ আগতে সম্পূর্ণ ভাগ গোবৰ, চুপাৰ ফচফেট আৰু মিউৰেট অৱ পটাছ প্রয়োগ কৰাৰ ৭-৮ দিনৰ পাছত পুলি ৰোপণ কৰিব লাগে। ইউৰিয়া সাৰখিনি দুভাগ কৰি এভাগ পুলি ৰোৱাৰ আগতে আৰু আধা ভাগ পুলি ৰোৱাৰ এমাহৰ পাছত প্রয়োগ কৰিব লাগে। অন্য পাচলিসমূহতো যেনে বিলাহী, বেঙেনা, জলকীয়া, কেপচিকাম, পিয়াঁজ আদি পুলি হিচাপে পথাৰত ৰোৱা শস্যবোৰতো পাচলি সাৰ দিয়াৰ পদ্ধতি কবি শস্যত দিয়াৰ দৰে একে। কবি শস্যত গুণগত মান অধিক বঢ়াবৰ বাবে বিঘাই প্রতি এক কিল’গ্ৰাম বৰাক্স সাৰ প্রয়োগ কৰিব লাগে। তেতিয়া ফুলকবিত ৰঙা পৰি গেলি যোৱা আৰু ঠাৰি ফোপোলা হোৱা যাক ব্রাউনিং বোলা হয়। তেনে ব্রাউনিং সমস্যা নহয়। ওলকবিত বৰাক্স সাৰৰ প্ৰয়োগে কবি ফাটি নেযায় আৰু বন্ধাকবি ভালদৰে বান্ধ খায়। বিলাহী, জলকীয়া, বেঙেনা আদিতো বৰাক্স সাৰৰ প্রয়োগে গুণগতমান বঢ়ায়। আলু, গাজৰ, ফ্রেন্সবিন আদি শস্যত বৰাক্স সাৰৰ প্রয়োগে (বিঘাই প্রতি এক কিল’গ্ৰাম) সেই শস্যবিলাকৰ আনুসংগিক বিসংগতি অর্থাৎ ফিজিঅ'লজিকেল ডিজঅর্ডাৰ) হোৱাত বাধা দিয়ে। যেনে গাজৰ অংশ আঙুলিৰ দৰে ঠেঙুলি নেমেলে। বীন, উৰহী, মটৰ মাহ, লেচেৰা মাহ আদি শস্যৰ চিৰাবোৰত পূৰা গুটি ধৰে। (অপইতা গুটি নধৰে)। শীত কালত খেতি কৰা শস্যবোৰত বৰাক্স সাৰ প্রয়োগ কৰিলে পাছৰ বতৰত লেচেৰা মাহ, বীন আদি শস্যৰ বাবে দ্বিতীয়বাৰ বৰাক্স সাৰ প্রয়োগ কৰিব নেলাগে। শীতকালীন শস্যবোৰ খৰালি কালত হোৱা বাবে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি। গতিকে শস্যবোৰ ৰোপণ কৰোঁতে এনে কিছুমান প্রযুক্তি কৌশল অৱলম্বন কৰিব লাগে যাতে খৰালিকালত শস্যখিনিয়ে পানীৰ অভাৱত নোভোগে। গতিকে শস্যৰ পথাৰত অধিক পৰিমাণে গোবৰ বা পচন সাৰ ব্যৱহাৰ কৰিব লাগে, যাতে গোবৰ সাৰে শস্যৰ বাবে খাদ্য যোগান ধৰাৰ উপৰি মাটিৰ জীপ ধৰি ৰখাত সহায় কৰে। বিলাহী, বেঙেনা আদি শস্যত গুৰিত ধানৰ নৰা-টুকুৰা টুকুৰ কৰি কাটি প্রয়োগ কৰিব লাগে। শুকান পাত, ঘাঁহ আদি শস্যৰ গুৰিত প্রয়োগ কৰিব লাগে। আলু, শস্যত প্রথমবাৰ মাটি চপোৱাৰ পাছত দুটা শাৰীৰ মাজত পানীৰ মেটেকা জাপি দিব লাগে। মেটেকাই শস্যৰ গুৰিত পানী জমা কৰি ৰখাত সহায় কৰাৰ উপৰি মেটেকা যেতিয়া পচিব তেতিয়া মাটিত পটাছ সাৰৰ যোগান ধৰে। যিবিলাক পথাৰত কৃষকৰ পানী যোগান ব্যৱস্থা আছে, তেনেবোৰ শস্যত নিয়মীয়াকৈ পানী যোগান ধৰিব লাগে। ওলকবিত এটা নির্দিষ্ট সময়ৰ মূৰে মূৰে পানী দি মাটিৰ জীপ ৰাখিব লাগে যাতে কবি ফাটি নেযায়। ফুলকবি, বন্ধাকবি, বিলাহী, বেঙেনা আদি শস্যৰ গুৰিত শস্য কালছোৱাত দুবাৰ মাটি চপাব লাগে। বিলাহী শস্য বাঢ়ি অহাৰ লগে লগে ফুল ফুলিবলৈ ধৰাৰ আগতে খুঁটি পুতি গছবোৰ বান্ধি দিব লাগে। পোক আৰু বেমাৰে পাচলি শস্যত আক্রমণ কৰিলে তাৰ সঠিক নির্ণয় কৰি প্ৰতিকাৰৰ ব্যৱস্থা কৰিব লাগে৷ ফুলকবি, বন্ধাকবি আদি শস্যত কবিত ফুল ধৰাৰ পাছত আৰু কবি বান্ধ খোৱাৰ পাছত ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰিব নেলাগে। অত্যন্ত নোৱাৰিলে জৈৱিক ঔষধ ব্যৱহাৰ কৰিব লাগে। শাক জাতীয় শস্য—লাই, পালেং, লফা, মৰিচা আদি শস্যত কেতিয়াও ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰিব নেলাগে। সাধাৰণতে পোক আৰু বেমাৰৰ উৎস হ’ল ঘাঁহ-বন। গতিকে পথাৰৰ পৰা ঘাঁহ-বনবোৰ মাজে-সময়ে নিয়মিতভাৱে নিৰাময় কৰিব লাগে। লগতে পথাৰৰ কাষৰ পৰাও পথাৰৰ শস্যত পোক বা বেমাৰে আক্রমণ কৰা পাত, ডাল, বা গছবোৰ নিৰাময়ৰ বাহিৰত হ’লে বা ডালবিলাক সৰি পৰিলে তাক বুটলি পাচিত ভৰাই দূৰৈত পুতি বা পুৰি পেলাব লাগে। মুঠতে শস্যৰ পথাৰখন সম্পূর্ণ পৰিষ্কাৰ হৈ থাকিব লাগে।

লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate