অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালীন শস্যৰ খেতি

শীতকাল অহাৰ লগে লগে আমাৰ কৃষক ৰাইজৰ মাজতো উথপথপ লাগে শীতকালীন শস্যৰ খেতি আৰম্ভ কৰিবলৈ । এই  সময়ত আমি আৰম্ভ কৰিব পৰা খেতিৰ ভিতৰত শাক-পাচলি, সৰিয়হ, ঘেঁহু আদি উল্লেখযোগ্য । এইবোৰ খেতিৰ পৰা আশানুৰুপ লাভৱান হ’বলৈ বিচাৰিলে বিজ্ঞানসন্মত কৃষি পদ্ধতি অৱলম্বন কৰা উচিত ।

আজিকালি শীতকালীন শস্যৰ বিভিন্ন জাত উদ্ভাৱন কৰা হৈছে । উন্নত জাতবোৰ খেতিত লগাব পাৰিলে নিৰ্দিষ্ট সময়ৰ ভিতৰত শস্যডৰা চপাব পৰা যায় আৰু তাৰ উৎপাদনৰ পৰিমাণো বৃদ্ধি পায় । কিছুমান জাতৰ শস্যত বেমাৰ-আজাৰৰ আক্ৰমণো হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । সেইবাবে সদায় উন্নত মানৰ আৰু উন্নত জাতৰ বীজ খেতিৰ বাবে সংগ্ৰহ কৰা ভাল । আজিকালি আমাৰ ৰাজ্যখনৰ চুকে-কোণে ভালেমান বীজ বিক্ৰী কেন্দ্ৰ গঢ় লৈ উঠা দেখা গৈছে । বিশ্বাসযোগ্য বীজখিনি পাবলৈ চৰকাৰী পঞ্জীয়নভুক্ত বীজ বিক্ৰী কেন্দ্ৰৰ পৰাহে ক্ৰয় কৰা উচিত ।

ঘেঁহু খেতিত -

কৃষি বিজ্ঞানীসকলে আমাৰ ৰাজ্যখনৰ বাবে অনুমোদন জনোৱা ঘেঁহুৰ উন্নত জাতসমূহ হৈছে- সোণালিকা, ইউ পি ২৬২, কে ৭৪১০, ডব্লিউ এইচ ২১৯ আদি । এই জাতবোৰৰ কৃষিকাল ১১৫-১২৫ দিন মাত্ৰ । এবিঘা মাটিত সিঁচিবৰ বাবে ১৪-১৬ কিল’গ্ৰাম বীজৰ প্ৰয়োজন হয় । ভাল উৎপাদন লাভ কৰিবলৈ কাতি মাহৰ শেষৰ সপ্তাহৰ পৰা আঘোণ মাহৰ ভিতৰত বীজ সিঁচিব লাগে । আগতীয়াকৈ এই খেতি আৰম্ভ কৰিলে বীজৰ অংকুৰণ ভাল হয় আৰু মৌচুমী বায়ুৰ প্ৰভাৱত হ’ব পৰা বৰষুণৰ পৰা শস্যখিনি ৰক্ষা কৰিব পৰা যায় । অধিক জৈৱিক পদাৰ্থ থকা বালিচঁহীয়া আৰু পলসুৱা মাটি ঘেঁহু খেতিৰ বাবে উত্তম । জলসিঞ্চনৰ সুবিধা থকা পথাৰত এই খেতিৰ পৰা বিঘাই প্ৰতি চাৰে চাৰি কুইণ্টল পৰ্যন্ত ঘেঁহু উৎপাদন হয় ।

আলুগুটি খেতিত -

কৃষি বিজ্ঞানীসকলে অনুমোদন জনোৱা অধিক উৎপাদন দিয়া আলুগুটিৰ উন্নত জাতসমূহ হৈছে কুফ্ৰী চন্দ্ৰমুখী, কুফ্ৰী জ্যোতি আৰু কুফ্ৰী সিন্ধুৰী । আলুগুটিৰ খেতি আৰম্ভ কৰাৰ উত্তম সময় কাতিমাহ যদিও কুফ্ৰী সিন্ধুৰী নামৰ জাতৰ আলুৰ বীজ আঘোণ মাহৰ পহিলা পষেকলৈকে ৰোপণ কৰিব পৰা যায় । বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি পতা খেতিৰ পৰা বিঘাই প্ৰতি ১৩ কুইণ্টল আৰু জলসিঞ্চনৰ সুবিধা থকা পথাৰত বিঘাই প্ৰতি ২১ কুইণ্টল পৰ্যন্ত আলু উৎপাদন কৰিব পৰা গৈছে । এই খেতিৰ বাবে জৈৱিক পদাৰ্থযুক্ত বালিচঁহীয়া পলসুৱা মাটি উত্তম ।

সৰিয়হৰ খেতিত -

সৰিয়হ খেতি আৰম্ভ কৰিব পৰা উত্তম সময় হৈছে কাতি মাহ । পলমকৈ আৰম্ভ কৰা সৰিয়হৰ খেতিত মোৱা পোকৰ আক্ৰমণ বেছি হয় আৰু তেল উৎপাদনৰ পৰিমাণো কমে । প্ৰায় ৩ মাহৰ ভিতৰতে এই খেতি চপাব পাৰি । উন্নত পদ্ধতিৰে এই খেতি কৰিলে বিঘাই প্ৰতি ডেৰ কুইণ্টলৰো অধিক সৰিয়হ উৎপাদন কৰিব পৰা যায় । সৰিয়হৰ উন্নত জাতসমূহ হৈছে- টি এছ ২৯, টি এছ ৩৮, টি এছ ৩৬, এম ২৭, টি এম ৪, টি এম ২, বৰুণা আদি । ইয়াৰে প্ৰথম ৪ বিধৰ কৃষি কাল ৯০-৯৫ দিন আৰু শেষৰ ৩ বিধৰ কৃষি কাল ১০৫-১১৫ দিন । এবিঘা মাটিত সিঁচিবলৈ ডেৰ কিল’গ্ৰাম বীজেই যথেষ্ট ।

শাক-পাচলিৰ খেতিত -

শীতকালত বিভিন্ন শাক-পাচলিৰ খেতি কৰা হয় । উন্নতজাতৰ শাক-পাচলিৰ বীজ সিঁচাৰ সময় জাত অনুসৰি ভিন ভিন হ’ব পাৰে । কিছুমান পাচলিৰ বীজ আগতীয়াকৈ আৰু কিছুমান শেহতীয়াকৈ পথাৰত সিঁচিব লাগে । তাৰ তাৰতম্য হ’লে আশানুৰুপ উৎপাদন পোৱা সম্ভৱন নহ’ব পাৰে । সেইবাবে সদায় নিৰ্দিষ্ট সময়ত খেতি আৰম্ভ কৰা উচিত । বীজবোৰ সিঁচাৰ আগতে অনুমোদিত ঔষধেৰে শোধন কৰি ল’লে পিছত ভালেমান বেমাৰৰ পৰা শস্যখিনি ৰক্ষা কৰিব পৰা যায় । সেইদৰে খেতি কৰা মাটিডৰাতো আৱশ্যকীয় ঔষধ প্ৰয়োগ কৰি ল’লে মাটিত থকা বীজাণুবোৰ ধ্বংস হয় ।

খেতিৰ পৰা অধিক উৎপাদন লাভ কৰিবলৈ হ’লে মাটিডৰাত প্ৰয়োজনীয় অনুপাতত সাৰ-জাবৰ প্ৰয়োগ কৰিব লাগিব । আজিকালি জৈৱিক কৃষিৰ ওপৰত অধিক প্ৰাধান্য দিয়া হৈছে । সেইবাবে আমি জৈৱিক সাৰ আৰু জৈৱিক দৰৱ-পাতি প্ৰয়োগ কৰাতহে গুৰুত্ব দিয়া উচিত । উপযুক্ত প্ৰতিপালনৰ ওপৰতো শস্যৰ উৎপাদন বহুগুণে নিৰ্ভৰ কৰে । গতিকে খেতি আৰম্ভ কৰাৰ পিছৰে পৰা শস্য ৰক্ষাৰ ব্যৱস্থাসমূহ হাতত লোৱা একান্তই প্ৰয়োজন ।

লেখক :- ড° কুমুদ চুতীয়া

উৎস :- দৈনিক জনমভূমি

কৃষিত সমন্বিত কীট-পতংগ নিয়ন্ত্ৰণ পদ্ধতিৰ প্ৰাসংগিকতা -

কৃত্ৰিম ৰাসায়নিক কীটনাশকৰ অবিবেচনীয় হাৰত ব্যৱহাৰে সৃষ্টি কৰা কু-ফলসমূহৰ বিষয়ে আধুনিক মানুহে লাহে লাহে জ্ঞাত হৈ পৰিছে । বৰ্ধিত আবাদীয়ে কৃষিভূমিৰ পৰিসৰ কমাই অনাৰ লগতে কম মাটিৰ পৰা অধিক উৎপাদনৰ হেঁচা দিয়াৰ ফলত কৃত্ৰিম ৰাসায়নিকৰ ওপৰতৰ্কৃষকসকল নিৰ্ভৰশীল হ’বলৈ বাধ্য হৈছে । কিন্তু এই কৃত্ৰিম ৰাসায়নিক পদাৰ্থসমূহ প্ৰত্যক্ষভাৱে মানৱ স্বাস্থ্যৰ পৰিপন্থী, আনহাতে এইবোৰৰ প্ৰয়োগে ৰাসায়নিক প্ৰতিৰোধক্ষম পতংগৰ সৃষ্টি কৰিছে আৰু পৰৱৰ্তী সময়ত সেই একেবিধ কীটনাশকৰ ব্যৱহাৰে কৃষিভূমি অসাৰ কৰি পেলাইছে । পশ্চিম ভাৰতত কৃত্ৰিম ৰাসায়নিক পদাৰ্থ অবিবেচনীয় হাৰত প্ৰয়োগৰ ফলত উৎপন্ন প্ৰতিৰোধক্ষম পতংগই কপাহ খেতিৰ কৃষকক আত্মহত্যা কৰিবলৈ বাধ্য কৰাইছে । এনেধৰণৰ অসংখ্য কৰুণ উদাহৰণ কৃষিপ্ৰধান দেশ ভাৰতত আছে । সেয়েহে ৰাসায়নিক কীটনাশকৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি পতংগ নিয়ন্ত্ৰণৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানী সমাজে উমৈহতীয়াভাৱে ভাৱে নতুন ধাৰণাৰ ঐক্যমত পোষণ কৰিছে, যাক সুসংহত কীট-পতংগ নিয়ন্ত্ৰণ বুলি জনা যায় ।

সুসংহত কীট-পতংগ নিয়ন্ত্ৰণৰ ধাৰণাটো হ’ল- সংযোজিত পৰিৱেশ আৰু পতংগৰ ঘনত্বৰ প্ৰতি লক্ষ্য ৰাখি পতংগ নিয়ন্ত্ৰণৰ বাবে ব্যৱহৃত সকলো পদ্ধতিক পৰ্যায়ক্ৰমে সুনিৰ্দিষ্ট পৰিকল্পনাৰে উদ্ভিদৰ আৰ্থিক ক্ষতি ৰোধৰ বাবে প্ৰয়োগ ।

সাধাৰণতে সুসংহত কীট-পতংগ নিয়ন্ত্ৰণত ব্যৱহৃত গতানুগতিক উপাদানসমূহ হ’ল- কৰ্ষিত নিয়ন্ত্ৰণ  পদ্ধতি, প্ৰত্যক্ষ নিয়ন্ত্ৰণ পদ্ধতি, জৈৱিক নিয়ন্ত্ৰণ পদ্ধতি, সূক্ষ্মজীৱীৰে নিয়ন্ত্ৰণ পদ্ধতি আৰু সৰ্বশেষত ৰাসায়নিক নিয়ন্ত্ৰণ পদ্ধতিৰ ব্যৱহাৰ ।

অনিষ্টকাৰী পতংগক প্ৰতিহত কৰিবৰ বাবে পতংগবিদসকলে অহৰহ চেষ্টা চলাই আছে । মানুহ আৰু পতংগৰ যুদ্ধখন অধিক জটিল কৰি জৈৱ-বৈচিত্ৰ্যৰ চহকী পতংগই মানৱকৃত নিত্য-নতুন কৌশলসমূহ নস্যাৎ কৰি প্ৰতিৰোধক্ষম হৈ উঠিছে ।

বৰ্ধিত জনসংখ্যাই দাবী কৰা অন্ন আৰু বস্ত্ৰ উৎপাদনৰ প্ৰতি লক্ষ ৰাখি কমি অহা কৃষিভূমিৰ পৰা অধিক ফচল লাভৰ বাবে পতংগ নিয়ন্ত্ৰণ নিত্যান্তই প্ৰয়োজনীয় । এইক্ষেত্ৰত সুসংহত কীট-পতংগ নিয়ন্ত্ৰণে কৃষকৰ প্ৰতি আশাৰ বতৰা আনিবলৈ সক্ষম হ’ব ।

এক সমীক্ষা অনুসৰি পৃথিৱীৰ জনসংখ্যাই ৭০০ কোটিৰ সীমা অতিক্ৰম কৰিলে আৰু ২০৫০ চনত ৯০০ কোটিলৈ বৃদ্ধি পাব । জনসংখ্যা বৃদ্ধিৰ লগে লগে আৱাসস্থলৰ খাতিৰত কৃষিভূমিৰ পৰিসৰ দ্ৰুতগতিত নিম্নগামী হৈছে ।

জৈৱ ইন্ধনৰ বাবেও খাদ্যৰ তৈলবীজ উৎপাদন ক্ষেত্ৰ কমি আহিছে । ভূ-মণ্ডলীয় উষ্ণতা বৃদ্ধিৰ লগে লগে কম গুৰুত্বৰ কিছুমান পতংগই অধিক আক্ৰমণাত্মক ৰুপ পাইছে । অধিক উৎপাদনৰ বাবে খেতিত নানা ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত বায়ু-পানী-মাটি সকলো প্ৰদূষিত হোৱাৰ লগতে খাদ্য উৎপাদন অৱনমিত হৈছে । আমোদজনকভাৱে বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ ভাৰত আৰু চীনৰ মানুহে অধিক আহাৰ গ্ৰহণ কৰে বুলি খ্যাত । এনে অৱস্থাত খাদ্যৰ নাটনি দূৰীকৰণৰ বাবে উৎপাদিত সামগ্ৰীৰ সঠিক সংৰক্ষণত গুৰুত্ব আৰোপ কৰিলে খাদ্য সংকট কিছু পৰিমাণে লাঘৱ হ’ব বুলি ভবাৰ থল আছে । এইক্ষেত্ৰত সকলো পৰ্যায়ৰে জনসাধাৰণৰ মাজত সচেতনতা গঢ়ি উঠা উচিত ।

লেখক :- ৰুদ্ৰ নাৰায়ণ বৰকাকতি

উৎস:- অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 4/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate