অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালীন শাক-পাচলিৰ খেতি

 

বাৰিষাৰ শেষ সময়ছোৱাই হ’ল শীতকালীন শাক-পাচলিৰ ববএ প্ৰস্তুতিৰ উপযুক্ত সময়-

উপযুক্ত সময়ত আৰু উন্নত কৃষি পদ্ধতি গ্ৰহণ কৰি খেতি কৰিলেহে কৃষকে অধিক লাভৱান হোৱাৰ থল থাকে।

এইক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ’ল কৃষকসকলে সদায় চৰকাৰী পঞ্জীয়নভুক্ত নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰাহে বীজ বা পুলি সংগ্ৰহ কৰিব লাগে।নহ’লে য’ৰে-ত’ৰে পৰা সংগ্ৰহ কৰা বীজ বা পুলিয়ে কৃষকৰ গাঁঠিৰ ধন আৰু অশেষ পৰিশ্ৰম সকলো অথলে খেদাব পাৰে।সেয়েহে এই দুৰ্যোগৰ পৰা হাত সাৰিবলৈ কৃষকসকলে চৰকাৰী পঞ্জীয়নভুক্ত নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰা বীজ সংগ্ৰহ কৰি নিজেই এখন বিজ্ঞানসন্মত পুলিবাৰী বা বীজতলী প্ৰস্তুত কৰিব লাগে।

কেনেকৈ প্ৰস্তুত কৰিব বিজ্ঞানসন্মত পুলিবাৰী?

এখন বিজ্ঞানসন্মত পুলিবাৰীৰ বাবে প্ৰথমে পানী নিৰ্গমনৰ সুবিধাযুক্ত ওখ,ৰ’দ ঘাই,সাৰুৱা আৰু বালিচহীয়া মাটি নিৰ্বাচন কৰিব লাগে।পুলিবাৰী আলতীয়া হ’লে বালি মাটি মিহলায়ো পুলিবাৰী প্ৰস্তুত কৰিব পাৰি। নিৰ্বাচিত মাটিডৰাত প্ৰচুৰ পৰিমাণে পচন সাৰ দি কোৰ  মাৰি বা হাল বাই ছয় ইঞ্চি ওখকৈ পুলিবাৰী প্ৰস্তুত কৰিব লাগে।সাধাৰণতে প্ৰতি পাঁচ বৰ্গমিটাৰ ভেটিৰ পুলিবাৰীৰ বাবে প্ৰায় ২০ কিলোগ্ৰাম পচন সাৰ বা মিহি গোবৰ দিব লাগে।ৰ’দ-বৰষুণৰ পৰা বচাবলৈ পুলিবাৰীৰ ওপৰত খেৰ নৰা বা পলিথিনৰ চালি দিব লাগে।

পুলিবাৰী বীজাণুমুক্ত কৰিবলৈ ০.১ শতাংশ শক্তিৰ কেপটাফ দৰবৰ ১০ গ্ৰাম ১০ লিটাৰ পানীত মিহলাই ভেটিটো তিতি যোৱাকৈ স্প্ৰে কৰিব লাগে।৪০ শতাংশ ফৰমেল ডিহাইড দৰব ১০০ মিলিলিটাৰ এক লিটাৰ পানীত মিহলাই মাটিত প্ৰয়োগ কৰিও পুলিবাৰী শোধন কৰিব পাৰি। দৰব প্ৰয়োগ কৰাৰ পাছত পুলিবাৰীখন বস্তা বা পলিথিনেৰে দুদিনমান ঢাকি ৰাখিব লাগে। তাৰ পাছত ঢাকনিখন আঁতৰাই পুনৰ কোৰ বা হাল মাৰি চাৰি-পাঁচ দিন পুলিবাৰীখন ৰ’দত শুকাবলৈ দিব লাগে।

পুলিবাৰীত থকা পোক-পৰুৱা নাশ কৰিবলৈ পাঁচ শতাংশ মালাথিয়নৰ গুৰি প্ৰতি বৰ্গমিটাৰত ১০ গ্ৰামকৈ মাটিৰ লগত মিহলাই দিব লাগে।বীজখিনি ইণ্ডোফিল এম ৪৫ বা বেভিষ্টিন (প্ৰতি কিলো বীজত এক গ্ৰামকৈ)দৰবেৰে শোধন কৰিহে পুলিবাৰীত সিঁচাটো নিয়ম।বীজখিনি এক চেণ্টিমিটাৰ দকৈ দুই চেণ্টিমিটাৰ ব্যৱধানত সৰু সৰু লোৰ কৰি শাৰী শাৰীকৈ সিঁচিব লাগে।বীজ সিঁচাৰ পাছত পচন সাৰ বা শুকান গোবৰৰ মিহি গুৰি আৰু বালি দি বীজখিনি ঢাকি দিব লাগে।পুলিবাৰীত জলসিঞ্চন হিচাপে মাজে মাজে পানী দিয়াৰ উপৰি কলপাত বা খেৰেৰে ঢাকি দিব লাগে যাতে বীজ অংকুৰণত সহায় হয়।

পুলি গজিলে আবেলি পৰত চালিখন আঁতৰাই থ’ব যদিও ৰ’দ-বৰষুণৰ পৰা বচাবলৈ পিছদিনা আকৌ চালিখনেৰে ঢাকি দিব লাগে।

২০-২৫ দিনৰ পাছত পুলিবোৰ মুল পথাৰত ৰোৱাৰ উপযুক্ত হয়।পুলি উঠোৱাৰ এসপ্তাহ পুৰ্বৰে পৰা পানী দিয়াৰ পৰিমাণ কমাই দিব লাগে যাতে পুলিবোৰ সবল আৰু কঠিন হয়।আনহাতে পুলি উঠোৱাৰ আগে আগে পুলিবাৰী পানীৰে তিয়াই ৰখাত ভাল নহ’লে পুলি উঠাবলৈ কষ্টকৰ হোৱাৰ লগতে পুলিবোৰ নষ্ট হোৱাৰো ভয় থাকে।

লেখক: প্ৰসাদ দাস (নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 2/16/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate