সাঁচি গছ বা অগৰু এজোপা মজলীয়া আকাৰৰ চিৰসেউজীয়া উদ্ভিদ। পাতৰ আকাৰ দীঘলীয়া বল্লমাকৃতিৰ বা অৰ্ধাকৃতিৰ পৰা অৰ্ধ বল্লমাকৃতিৰ। পাতবোৰ শুংবিহীন তথা মিহি, অগ্ৰভাগ জোঙা। পাতবিলাক কাণ্ডত বিপৰীত ক্ৰমী বিন্যাসেৰে সজ্জিত হৈ থাকে। ফুলবিলাক বগা আৰু ঠাৰিযুক্ত। পুষ্পপ্ট স্থায়ী আৰু ঘণ্টাকৃতিৰ । পুংকেশৰ ১০ ডাল। গৰ্ভকেশৰ এডাল, নোমাল, দ্বি কোষ্ঠীয় গৰ্ভাশয়। ফলবিলাক ফোপোলা ঠাৰিৰ ফালে জোঙা আৰু আগফালে বহল। ফলবিলাক ডাঠ বাকলিৰে সৈতে ৰেচমী মিহি নোমেৰে আবৰা, পূৰঠ হ’লে দুটা খণ্ডকৈ ফাটি বীজ বা গুটিবিলাক ওলাই পৰে। প্ৰতিটো ফলত সাধাৰণতে দুটাকৈ বীজ থাকে। কেতিয়াবা এটাও পোৱা যায়। গুটিবোৰ কলা-মুগা বৰণৰ। ফুল সাধাৰণতে মে’-জুন মাহত ফুলে। আগষ্ট/ ছেপ্টেম্বৰ মাহত গুটিবোৰ পূৰঠ হয়।
আগৰ গছ মূলত উচ্চ আৰ্দ্ৰতাযুক্ত নাতিশীতোষ্ণ আৰু বৰষুণ বেছি হোৱা অঞ্চলসমূতহে হয়। সমুদ্ৰপৃষ্ঠৰ পৰা ১০০০ মি: উচ্চতালৈকে ই হ’ব পাৰে।
শীতপ্ৰধান অঞ্চলত ইয়াৰ বৃদ্ধি বৰ কম হয়।
আগৰ গছ সদায় পানী জমা নোহোৱা জৈৱ পদাৰ্থৰে পৰিপূৰ্ণ হৈ থকা বালিচহীয়া মাটিত বেছি ভাল হয়। পাহাৰীয়া পৰিৱেশৰ এঢলীয়া মাটিত ইয়াৰ বৃদ্ধি যথেষ্ট পৰিমাণে হোৱা দেখা যায়। সচৰাচৰ আগৰ প্ৰধান অঞ্চলসমূহৰ মাটি আম্লিক শ্ৰেণীভুক্ত হোৱা দেখা যায়।
প্ৰাকৃতিকভাৱে সাঁচি গছৰ গুটিৰ পৰাই বংশ বৃদ্ধি হয়। গুটি সংগ্ৰহৰ বাবে সদায় মজলীয়া বয়সৰ (৮ বছৰৰ ওপৰৰ) সবল গছ চিনাক্ত কৰি তাৰ পৰা গুটি সংগ্ৰহ কৰিব লাগে। ব’হাগ-জেঠ মাহৰ পৰা আগৰৰ ফুল ফুলিবলৈ আৰম্ভ হয় আৰু আহাৰ-শাওণ মাহত গছৰ পৰা গুটি সংগ্ৰহ কৰিব পৰা হয়। যেতিয়াই গছত লাগি থকা ১০-১৫ শতাংশ গুটি আপোনা-আপুনি ফাটি বেজবোৰ ওলমিবলৈ ধৰে, তেতিয়াই বাকীবোৰ গুটি পূৰঠ হোৱা বুলি ধৰি লৈ সংগ্ৰহ কৰিব লাগে।
গুটি পচোৱাৰ পদ্ধতি:
গুটি সংগ্ৰহৰ আগে আগে সদায় কঠীয়াতলী/পুলিবাৰী প্ৰস্তুত কৰি ল’ব লাগে। আগৰৰ বীজৰ কাৰ্যকাৰিতা অতি ক্ষণস্থায়ী হোৱা বাবে গুটিৰ পৰা বীজ উলিওৱাৰ লগে লগে কঠীয়াতলীত সিঁচিব লাগে। অন্যথাই বীজ সংকুৰণ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।
বীজ অংকুৰণ:
বীজ সিঁচাৰ ৭-১০ দিনৰ পৰা বীজৰ অংকুৰণ আৰম্ভ হয়। গোটেইবোৰ বীজ অংকুৰিত হ’বলৈ কমেও ১৫-৩০ দিন পৰ্যন্ত সময়ৰ প্ৰয়োজন হয়। স্বাভাৱিক অৱস্থাত শতকৰা ৬০-৬৫ শতাংশ বীজৰহে অংকুৰণ হয়। ফলৰ পৰা গুচোৱাৰ পাছত বীজবোৰ খুব বেছি সময়লৈ জমা কৰি ৰাখিব নালাগে। যিমান সোনকালে বীজবোৰ সিঁচা হয় সিমানেই অংকুৰণৰ হাৰো বৃদ্ধি হোৱা দেখা যায়।
বীজ অংকুৰণৰ বাবে নাৰ্ছাৰী প্ৰস্তুত কৰোতে সদায় এক বিশেষ প্ৰকাৰৰ মাটিৰ মিশ্ৰণ প্ৰস্তুত কৰি ল’ব লাগে। ইয়াক প্ৰস্তুত কৰোতে সদায় ২:২:২ হাৰত বালি, মাটি আৰু পচন সাৰ মিহলাই ল’ব লাগে। এনে মাটিৰ মিশ্ৰণত বীজৰ অংকুৰণ সদায় বেছি হয়।
সুন্দৰ আৰু সুস্থ পুলিৰ কাৰণে নাৰ্ছাৰী বেডবোৰ ১*১০ মি: জোখৰ আৰু মাটিৰ পৰা কমেও ১৫-২০ ছে:মি: ওখকৈ বনাব লাগে। প্ৰতিতো বেডৰ ওপৰত ৫-৭ ছে:মি: ডাঠকে ইতিমধ্যে বনোৱা মাটিৰ মিশ্ৰণ ছটিয়াই ইয়াৰ ওপৰতহে বীজবোৰ সিঁচিব লাগে। বীজ সিঁচাৰ আগেয়ে বীজবোৰ বীজাণুমুক্ত কৰিবৰ বাবে প্ৰয়োজনীয় ভেঁকুৰনাশক (Fun-gicide) আদিৰে শোধন কৰি ল’ব লাগে। বীজ সিঁচাৰ পাছত বীজখিনি ২ ছে:মি: ডাঠকৈ গুৰি মাটি বা বালিৰে ঢাকি দিব লাগে। ইয়াৰ পাছত সময়ে সময়ে প্ৰয়োজন অনুসৰি পাতলকৈ পানীৰে বীজ অংকুৰণ নোহোৱালৈকে বেডবোৰ তিয়াই থাকিব লাগে। বীজ অংকুৰিত হৈ হোৱা সৰু সৰু পুলিবোৰত আৱশ্যক ০.১০-০.১৫% Indofil M-45 স্প্ৰে’ কৰিব লাগে। ইয়াৰ ফলত কোমল পুলিবোৰ গুৰি পচা বেমাৰ প্ৰতিৰোধ কৰিব পৰা যায়।
উৎস: অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 1/18/2023