অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অনিষ্টকাৰী কীট-পতংগৰ নিয়ন্ত্ৰণ ব্যৱস্থা

অনিষ্টকাৰী কীট-পতংগৰ নিয়ন্ত্ৰণ ব্যৱস্থা

অনিষ্টকাৰী কীট-পতংগৰ নিয়ন্ত্ৰণ ব্যৱস্থা কি দৰে কৰা হয়-


ধান, মাহ, ঘেঁহু আদি শস্য চপোৱাৰ পাছত কেইমাহমান বা বছৰলৈ ভবিষ্যতে খাবৰ বাবে, বীজৰ বাবে বা বিক্ৰী কৰিবৰ বাবে ভঁৰালত সংৰক্ষণ কৰা হয়। কেতিয়াবা বতৰ বেয়া হোৱা বাবে বা কৃষকৰ ব্যস্ততাৰ বাবে শস্যবোৰ ভালকৈ শুকুৱাব নোৱাৰে। সাধাৰণতে এনেবোৰ শস্য ভঁৰালত সংৰক্ষণ কৰোঁতে ১২ শতাংশৰ অধিক জলীয় বাষ্প থাকিলে, কীট-পতংগই অনিষ্ট সাধন কৰে। অন্যহাতে, উত্তৰ পূব ভাৰতৰ ভঁৰালত কীট-পতংগৰ আক্ৰমণ বেছি হোৱা পৰিলক্ষিত হয়।

ধান গুটি অথবা গুচি হিচাপে ভঁৰালত ৰখা হয়। গুটি হিচাপে মেৰ, ডুলি, ধাতুৰে নির্মিত বিন অথবা বস্তাত ৰখা হয়। সাধাৰণতে গুটি ধানত পোকে বেছি অনিষ্ট সাধন কৰে। আনহাতে, গুচি ধানত এন্দুৰ-নিগনিৰ উপদ্রব বেছি হোৱা দেখা যায়।

ভঁৰালত সংৰক্ষণ কৰা খাদ্য শস্যত পানীৰ পৰিমাণ ১২ শতাংশতকৈ অধিক হ’বলৈ দিব নালাগে। মৌচুমী বতৰ আৰম্ভৰ লগে লগে ভঁৰালত পোক-পৰুৱাই ১০-১৫ শতাংশ, শস্যৰ ক্ষতি সাধন কৰে। জমা ৰখা শস্যৰ উপৰি ভাগত তলৰ অংশতকৈ বেছি অনিষ্ট কৰে। পোনপটীয়াকৈ শস্য নষ্টৰ উপৰি শস্যৰ গুণাগুণ বেয়া হয়। ভেঁকুৰ, বেক্টেৰিয়া আৰু কীটৰ মল আদিৰ কাৰণে বেয়া গোন্ধ ওলায় আৰু খাবৰ অনুপযোগী হৈ পৰে। অসমৰ ভঁৰালত সংৰক্ষণ কৰি ৰখা অৱস্থাত ধান আৰু ঘেঁহুৰ অনিষ্টকাৰী কীট-পতংগৰ ভিতৰত ধানৰ ফুটি, চাউলৰ ফুটি, কোঁৱা ওকনি আৰু লেছাৰ গ্রেইন ব’ৰাৰ য়েই প্রধান। অন্যহাতে, ভঁৰালত ব্ৰুকিড নামৰ এবিধ পতংগই বুটমাহ, মটৰ মাহ, লেচেৰা মাহ, মাটিমাহ, অৰহৰ, মগুমাহ আদি মাহজাতীয় শস্যৰ অশেষ অনিষ্ট সাধন কৰে।

ভঁৰালৰ অনিষ্টকাৰী কীট-পতংগৰ প্রতিকাৰ

 

ভঁৰালৰ অনিষ্টকাৰী কীট-পতংগৰ নিয়ন্ত্ৰণৰ বাবে আগতীয়াকৈ ব্যৱস্থা লোৱাই অতি উত্তম।

১) শস্যবোৰ মৰণা মৰাৰ পিছত ভালদৰে চাফা কৰি তিনি-চাৰিটামান টান ৰ’দত শুকুওৱাব লাগে যাতে শস্যৰ আৰ্দ্ৰতা বাৰ শতাংশতকৈ কম হয়।

২) শোধন নকৰাকৈ পুৰণা শস্য নতুন শস্যৰ লগত মিহলি কৰিব নালাগে। পৰাপক্ষত পৃথকে পৃথকে ৰখাই যুগুত।

৩) পুৰণা ধান ৰখা বস্তাবোৰ ০.৫ শতাংশ মালাথিয়ন, ৫০ ই.চি ঔষধৰ দ্ৰবত ১০ মিনিট ডুবাই ৰাখি ছাঁত শুকুৱাই লৈহে নতুন ধান ৰাখিব লাগে।

৪) ভঁৰালত ধান ভৰোৱাৰ অন্ততঃ এমাহ আগতে ভঁৰালটো আজৰাই বেৰ আৰু চাঙৰ তলীখন বোকাৰে ভালদৰে লিপি ল’ব লাগে। যাতে কোনো কীট-পতংগ লাগি থাকিব নোৱাৰে। গুদাম ঘৰবিলাকো ধান-চাউল ভৰোৱাৰ আগতে ভালদৰে পৰিস্কাৰ কৰি ল’ব লাগে। এই ক্ষেত্ৰত ভঁৰাল বা গুদাম ঘৰত ধান-চাউল ভৰোৱাৰ পূর্বে প্রতিলিটাৰ পানীত ১০ মিঃ লিঃ মালথিয়ন, ৫০ ই চি বা ৫ মিঃ লিঃ, নুভান ১০০ ই চি মিহলাই বেৰে চালে স্প্ৰে’ কৰিব লাগে।

৫) গুদাম ঘৰবিলাক ভালদৰে পোহৰ পৰা আৰু বতাহ চলাচল কৰা হ’ব লাগে। বস্তা আৰু বেৰৰ মাজত কমেও ৫০ চেঃমিঃ ব্যবধান থাকিব লাগে। গুদামৰ মজিয়াত ঢাৰি বা কঠ পাৰি তাৰ ওপৰত বস্তা জাপিব লাগে।

৬) বীজ হিচাপে সংৰক্ষণ কৰা ধান, ঘেঁহু, মাহ আদি  ২৫০ গ্রাম মালাথিয়ন, ৫% পাওদাৰ প্ৰতি কুইন্টল বীজৰ লগত মিহলাই থ'লে বহুদিনলৈকে পোকে নধৰে।

৭) মাহজাতীয় বীজ ৩ গ্রাম জালুকৰ গুৰি প্রতি কিল’গ্ৰাম বীজৰ লগত মিহলাই ৰাখি অনিষ্টকাৰী কীট-পতংগৰ পৰা ৰক্ষা কৰিব পাৰি।

৮) শস্য ৰখাৰ আগত ডুলি বা মেৰুৰ দুয়োপিঠি মাটি আৰু কেঁচা গোবৰৰ মিশ্ৰণেৰে ভালদৰে লেপি ল’ব লাগে যাতে সংৰক্ষণ কৰা শস্যৰ আদ্রতা বৃদ্ধি নহয়। ডুলি, মেৰ বা ধানৰ বস্তা মাটিৰ ওপৰত চাং পাতি বেৰত লগাই নথৈ ৩০ চেঃ মিঃ মান ফাক ৰাখি থ'ব লাগে।

৯) ধান বা ঘেঁহুৰ বীজ পৰাপক্ষত বস্তাত নাৰাখি বাঁহৰ কাঠীৰে নির্মিত টেমাত ৰাখিলে কীট-পতঙ্গৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি আৰু লগতে বীজৰ আৰ্দ্ৰতা নিৰাপদ মাত্ৰাত ৰাখিব পাৰি।

১০) পুৰণা বা আক্রান্ত হোৱা শস্যবোৰ ই ডি বি এম্পল প্রয়োগ কৰি, বিষাক্ত তাপ দি শোধন কৰিব লাগে। অৱশ্যে ভাপ দিওঁতে অভিজ্ঞ লোকৰ সহায় ল'ব লাগে। মানুহৰ বাসস্থান বা জীৱ-জন্তুৰ ওচৰত এই ঔষধ প্রয়োগ কৰিব নালাগে। শোধন কৰা ঘৰত বতাহ ওলোৱা সোমোৱা কৰা হ’ব নালাগে। অন্যথা তিৰ্পাল বা পলিথিনেৰে ঢাকিও শোধন কৰিব পাৰি। একৰ পৰা ছয় কুইন্টল শস্যৰ বাবে ৬ মিঃলি, দহ কুইন্টলৰ বাবে ১০ মিঃলিঃ, বিশ কুণ্টলৰ বাবে ১৫ মিঃ লিঃ ই ডি বি ঔষধ প্রয়োগ কৰিব লাগে।

 

লিখক: ড° বিজন দত্ত, সংঘমিত্ৰা শৰ্মা, দৈনিক জনমভূমি।

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate