অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলুৰ অনিষ্টকাৰী কীট–পতঙ্গ আৰু ইহঁতৰ নিয়ন্ত্ৰণ

আলুৰ অনিষ্টকাৰী কীট–পতঙ্গ আৰু ইহঁতৰ নিয়ন্ত্ৰণ

আলুগছৰ অনিষ্টকাৰী কীট–পতঙ্গসমুহ চাৰিটা ভাগত ভগাব পাৰি

  • মাটিত থকা কীট – পতঙ্গ
  • পাতখোৱা কীট – পতঙ্গ
  • ৰসশোহা কীট – পতঙ্গ
  • সংৰক্ষিত আলুৰ কীট – পতঙ্গ৷
আলুগছ আৰু সংৰক্ষিত আলুত আক্ৰমণ কৰা কেইবিধমান প্ৰধান কীট – পতঙ্গৰ আক্ৰমণৰ লক্ষণ আৰু নিয়ন্ত্ৰণ সম্পৰ্কে তলত আলোচনা কৰা হ’ল ৷

 

(ক) মাটিত থকা কীট–পতঙ্গ

১) ভূঁৰ পোক (কাট ৱাৰ্ম)

 

 

 

আক্ৰমণৰ লক্ষণ

  • পলুবোৰ দিনৰ ভাগত মাটিৰ তলত লুকাই থাকে ৷ নিশাৰ ভাগত ইহঁত ওলাই আহি সৰু অৱস্হাতে গছবোৰ গুৰিতে কাটি দিয়ে আৰু কটা অংশত থকা পাত, ঠাৰিবোৰ খায় ৷
  • ইহঁতে আলুগুটিবোৰলৈও ফুটা কৰি সোমাই যায় আৰু বিতৰি ভিতৰি খায় যথেষ্ট অনিষ্ট কৰে ৷
  • আক্ৰান্ত আলুবোৰ খাবৰ বাবে অনুপযুক্ত হয় ৷ পথাৰতে ১২-৪০ শতাংশ আলু এই পোকৰ দ্বাৰা নষ্ট হ’ব পাৰে ৷

নিয়ন্ত্ৰণ

  • জহকালি মাটি টুকুৰা ভালদৰে চহাই থলে ভূঁৰ পোকৰ সুপ্ত অৱস্হাত থকা পলু বা লেটা বোৰ মৰি যায় নাইবা পতঙ্গভোজী চৰাই আদিয়ে খায় ৷
  • এই পোকৰ পখিলাবোৰ পোহৰৰ উৎসৰ ফাললৈ আকৰ্ষিত হয়৷ গতিকে পথাৰত গধুলি কিছুসময় জোৰ জ্বলাই ৰাখি বা অন্য কোনো পোহৰৰ উৎস (লেম্প, লাইটট্ৰেপ) ৰাখি ইহঁতক আকৰ্ষিত কৰি পাতত নিধন কৰিব পাৰি ৷
  • ক্ল’ৰ পাইৰিফচ্ , এন্দোচালফান, বা কাৰ্বাৰিল হেক্টৰে প্ৰতি ১.৫ লিটাৰ ৫০০-৬০০ লিটাৰ পানীত মিহলাই গছবোৰত আৰু লগতে আলুভেটি বোৰ তিতি যোৱাকৈ স্প্ৰে কৰিব ৷
  • আলুত মাটি চপোৱাৰ সময়ত ফৰেট ১০ জি হেক্টৰে প্ৰতি ১৫ কেজি হিচাবে মাটিৰ লগত মিহলাই দিব ৷ নাইবা মালাথিয়ন ৫% গুৰি হেক্টৰে প্ৰতি ৪০ কেজি হিচাবে চপোৱা মাটিৰ লগত মিলাই দিব ৷

২) ৰঙা পৰুৱা (ৰেদ এন্ট)

 

আক্ৰমণৰ লক্ষণ

  • ৰঙা পৰুৱাৰ কৰ্মীবোৰে মাটিৰ তলত থাকি আলুবোৰ ফুটা কৰি সৰু বৰ গাঁতৰ সৃষ্টি কৰে ৷
  • আক্ৰান্ত আলুবোৰ গেলি যাব ধৰে আৰু খাবৰ বাবে অনুপযুক্ত হয় ৷

নিয়ন্ত্ৰণ

  • খলিহৈ হেক্টৰে প্ৰতি ১৫০ কেজি হিচাবে মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব ৷
  • ক্ল’ৰ পাইৰিফচ্ , এন্দোচালফান, কাৰ্বাৰিল, মালাথিয়ন নাইবা ফৰেট শুৰ পোকৰ বাবে অনুমোদন কৰাৰ দৰেই প্ৰয়োগ কৰিব ৷

৩) বগা পলু (হোৱাইট গ্ৰাব)

 

আক্ৰমণৰ লক্ষণ

  • বগা পলুৰ ২য় আৰু ৩য় স্তৰৰ পলুবোৰে আলুবোৰ ফুটা কৰি ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি কৰে ৷
  • আক্ৰান্ত আলুবোৰ খাবৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি৷

নিয়ন্ত্ৰণ

  • ভূঁৰপোক নিয়ন্ত্ৰণৰ বাবে লোৱা ব্যৱস্হা গ্ৰহণ কৰক ৷
  • বগাপলুৰ দ্বাৰা আক্ৰান্ত মাটিত প্ৰতিবছৰে আলু খেতি নকৰিব ৷ শস্যাৱৰ্ত্তনৰ ব্যৱস্হা ল’ব পাৰিলে মাটিডৰাত এই পোকৰ আক্ৰমণ হ্ৰাস পায় ৷
  • পূৰ্ণাংগ গুবৰুৱাবোৰ মে-জুন মাহত লেটাৰ পৰা ওলাই ৰাতিৰ ভাগত চজিনা, মধুৰী আদি গছৰ পাত খায় থাকে ৷ এই গছবোৰৰ ডাল জোকাৰি গুবৰুৱাবোৰ মাটিলৈ পেলাই মোহাৰি নিধন কৰিব পাৰি ৷

৪) উঁই (টাৰমাইট)

 

আক্ৰমণৰ লক্ষণ

  • ইহঁতৰ কৰ্মীবোৰে অলুবোৰত ফুটা কৰি ভিতৰত সুৰঙ্গৰ সৃষ্টি কৰে৷ এই সুৰঙ্গবোৰ প্ৰায়েই মাটিৰে পূৰ্ণ হৈ থাকে ৷
  • আক্ৰান্ত আলুবোৰ খাবৰ বাবে অনুপযুক্ত হয় ৷

নিয়ন্ত্ৰণ

  • ভূঁৰ পোকৰ বাবে লোৱা ব্যৱস্হা গ্ৰহণ কৰিব ৷

(খ) পাতখোৱা কীট – পতঙ্গ

১) এপিলাকণা গুবৰুৱা (এপিলাক্না বিটল)

আক্ৰমণৰ লক্ষণ

  • বৰুৱা আৰু পলুবোৰে পাতৰ সেউজীয়া অংশ খায় পেলায়, ফলত পাতবোৰৰ শিৰা উপশিৰাবোৰ ওলাই পৰে আৰু ডালৰ দৰে হয় ৷
  • আক্ৰান্ত পাতবোৰ মৰহি শুকাই যায় ৷

নিয়ন্ত্ৰণ

  • আক্ৰমণৰ আৰম্ভণিতে পাতত থকা কণীৰ থোপা, পলু আৰু গুবৰুৱাবোৰ হাতেৰে বুটলি কেৰাচিন মিহলি পানীত ডুবাই মাৰিব পাৰি ৷
  • এন্দোচালফান, কাৰ্বাৰিল, ডাইমিথয়েট বা ক্ল’ৰ পাইৰিফচ্ , প্ৰতি লিটাৰ পানীত ১ মি:লি: হিচাবে মিহলাই স্প্ৰে কৰিব৷

এই গুবৰুৱাৰ বাদেও মটৰ মাহৰ চেমি লুপাৰ আৰু বুটমাহৰ চেঁইবিন্ধোৱা পোকে মাজে মাজে আলুৰ পাত খাব পাৰে ৷ ইঁহতে সাধাৰণতে বিশেষ অনিষ্ট সাধন নকৰে, গতিকে কীটনাশক দ্ৰৱ্য প্ৰয়োগৰ প্ৰয়োজন নহয় ৷

(গ) ৰস শুহি খোৱা কীট–পতঙ্গ

১) মোৱা পোক (এফিদ্)

 

 

 

আক্ৰমণৰ লক্ষণ

  • পোৱালি বা পূৰ্ণাংগবোৰে পাত, ঠাৰি আদিৰ পৰা ৰস শুহি খায় ৷ ফলত গছৰ বৃদ্ধি বাধা প্ৰাপ্ত হয় ৷
  • পাতবোৰ হালধীয়া পৰে আৰু তললৈ ঘোৰ খায় ৷
  • ইহঁতে আলুগছৰ ভাইৰাছ ৰোগ (পটেটো ভাইৰাছ ওৱাই আৰু পটেটো লিফৰোল ভাইৰাছ) বিয়পায় ৷

নিয়ন্ত্ৰণ

  • এন্দোচালফান, ডাইমিথয়েট, কাৰ্বাৰিল নাইবা মন’ক্ৰট’ফচ প্ৰতি লিটাৰ পানীত ১ মিলিলিটাৰ হিচাবে মিহলাই স্প্ৰে কৰিব ৷
  • ফৰেট ১০ কেজি, হেক্টৰে প্ৰতি ১৫ কি:গ্ৰামকৈ মাটি চপোৱাৰ সময়ত মাটিৰ লগত মিহলাই দিলেও আক্ৰমণৰ পৰা হাত সাৰিব পাৰি ৷

২) বগা মাখি (হোৱাইট ফ্লাই)

 

আক্ৰমণৰ লক্ষণ

  • পোৱালি বা পূৰ্ণাংগবোৰে পাতৰ তল পিঠিৰ পৰা ৰস শুহি খায় ৷
  • পাতবোৰত ইহঁতে ক্ষৰণ কৰা মৌ কণা (হনি দিউ) পৰে বাবে আঠালতীয়া এটা আৱৰণৰ সৃষ্টি হয়, পাতবোৰ মৰহি শুকাই যায় ৷

নিয়ন্ত্ৰণ

  • মোৱা পোকৰ বাবে দিয়া ব্যৱস্হা গ্ৰহণ কৰক ৷

(ঘ) সংৰক্ষিত আলুৰ পোক

১) আলুপখিলা বা কেৰোণ পোক (পটেটো টিউবাৰ মথ)

আক্ৰমণৰ লক্ষণ

  • সৰু সৰু পলুবোৰে পাত বা ঠাৰিত সুৰঙ্গ কৰি খায় ৷ ফলত পাতবোৰ মৰহি যায় ৷
  • আলুতলিত মাটিৰ ওপৰত ওলাই থকা আলুবোৰতো ইহঁতে আক্ৰমণ কৰি ফুটাই পেলায় আৰু বিতৰত সুৰংগ কৰি খায় থাকে ৷ এনে আলু চপোৱাৰ পিছত সংৰক্ষণ কৰিলে সংৰক্ষিত অৱস্হাতো আক্ৰমণ চলি থাকে আৰু ভাল আলুলৈও আক্ৰমণ বিস্তাৰিত হয় ৷
  • সংৰক্ষিত আলুবোৰ আক্ৰমণ কৰি ভিতৰৰ মঙহাল অংশ খায় সুৰঙ্গৰ সৃষ্টি কৰে আৰু সুৰংগবোৰ ইহঁতৰ লাদেৰে পূৰ্ণ হৈ তাকে ৷
  • আক্ৰান্ত আলুবোৰ গেলিবলৈ ধৰে আৰু খাবৰ বাবে বা ৰোবৰ বাবে অনুপযুক্ত হয় ৷ দুই তিনিমাহৰ ভিতৰতে ইহঁতে সম্পূৰ্ণ আলু নষ্ট কৰিব পাৰে ৷

নিয়ন্ত্ৰণ

  • আলুত মাটি চপাওতে সাৱধান হব লাগে যাতে কোনো আলু বাহিৰলৈ ওলাই নাথাকে৷ এনে আলুত পলুৰ আক্ৰমণ হোৱাৰ উপৰিও পখিলাবোৰে কণীও পাৰিব পাৰে৷
  • চপোৱাৰ পিছত আলুবোৰ পথাৰতে পেলাই নথব৷ এনে কৰিলে পখিলাবোৰে আলুত কণী পাৰিব পাৰে৷ কণী থকা আলু সংৰক্ষণ কৰিলে আক্ৰমণ বেছিকৈ হয়৷
  • পথাৰত আলুগছত ইহঁতৰ আক্ৰমণ দেখিলেই মন’ক্ৰট’ফচ বা ডাইমিথ’য়েট প্ৰতি লিটাৰ পানীত ১ মি:লি: হিচাবে মিলাই স্প্ৰে কৰক ৷
  • আলুডৰাৰ ওচৰে পাজৰে ইহঁতৰ বিকল্প খাদ্য গছ যেনে – বেঙেনা, বিলাহী আদি থাকিলে এই পোকৰ আক্ৰমণ বেছিকৈ হয় ৷ গতিকে পৰাপক্ষত আলুডৰাৰ ওচৰত এনে পাচলি নথকা ভাল ৷
  • আলু সংৰক্ষণ কৰা ঠাই টুকুৰা বা যতনটো ভালদৰে পৰিষ্কাৰ কৰি লব যাতে তাত পুৰণা আক্ৰান্ত আলু বা সুপ্ত অৱস্হাত ইহঁতৰ লেটা নাথাকে ৷
  • সংৰক্ষিত আলুৰ ওপৰে তলে ইউকেলিপটাছ বা লেন্টানাৰ শুকান পাতৰ গুৰি চটিয়াই থলে আক্ৰমণ কম হয় ৷
  • বীজৰ বাবে ৰখা আলুত মালাথিয়ন ৫ শতাংশ প্ৰতি ১০০ কেজি আলুৰ লগত ১২৫ গ্ৰাম হিচাবে মিলাই ৰাখিলে আক্ৰমণ নহয় ৷ খাবৰ বাবে ৰখা আলুত কোনো কীট নাশক ব্যৱহাৰ নকৰিব ৷

ওপৰোক্ত কীট-পতংগ সমুহৰ বাদেও আলুগছত মাজে সময়ে ওৱাইয়াৰৱৰ্ম, উইভিল, পাত গুবৰুৱাৰ আদিয়ে আক্ৰমণ কৰিব পাৰে ৷ সাধাৰণতে ইহঁতৰ আক্ৰমণ ক্ষতিকাৰক নহয় ৷ সেইকাৰণে বিশেষ কোনো ব্যৱস্হা লোৱাৰ প্ৰয়োজন নহয় ৷

লিখক: ড০ ৰবীন গগৈ, অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate