অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলুৰ সংহত কীট-পতঙ্গঁ আৰু বেমাৰ নিয়ন্ত্রণ

আলুৰ অনিষ্টকাৰী মূল কীট-পতঙ্গঁ সমূহ

১. ৰঙা পৰুৱা

২. ভূঁৰ পোক

৩. কুমতি

৪. টিউবাৰ মঠ / আলু পখিলা

৫. মোৱা পোক

৬. হাতী পোক/বগা পলু

আলুৰ অনিষ্টকাৰী মূল বেমাৰসমূহ

১. লেট ব্লাইট বেমাৰ

২. বেকটেৰিয়া জনিত গছ লেৰেলা বেমাৰ

৩. ভাইৰাচজনিত বেমাৰ

৪. পাতত দাগ পৰা বেমাৰ

অৰ্থনৈতিক ভাবে অনিষ্টকৰিব পৰা কীট - পতঙ্গঁ আৰু বেমাৰৰ সংখ্যা

১. মোৱা পোক : প্রতি ১০০ টা পাতত ২০ টা মানকৈ মোৱা পোক

২. টিউবাৰ মঠ / আলু পখিলা : একেলেঠাৰিয়ে ৩টা ৰাতি ১৫-২০ টা মান পখিলা । পখিলা ধৰা যন্ত্রত আৱদ্ধ হলে ।

৩. লেট ব্লাইট বেমাৰ : ১ শতাংশতকৈ অধিক অথবা তাতকৈ কম পাতত বেমাৰৰ আক্রমণৰ দেখা পালে ।

৪. ভাইৰাচজনিত বেমাৰ : যদি বেমাৰে শস্যডৰাৰ ১ শতাংশতকৈ অলপ বেছি আক্রমণ কৰে ।

৫. মাটি আৰু আলুৰ বীজত অৱস্থান কৰা বেমাৰ : যদি ৫ শতাংশ আলুত আক্রমণ হলে ।

সংহত নিয়ন্ত্রণ পদ্ধতিসমূহ

(ক) সাংস্কৃতিক নিয়ন্ত্রণ পদ্ধতিঃ

১. মাটিত বাসকৰা পোক - পৰুৱা আৰু বেমাৰৰ বীজাণুবোৰ সূৰ্য্যৰ পোহৰৰ দ্বাৰা নাশ হবলৈ মাটিডৰা ভালদৰে দ'কৈ হালকোৰ মাৰিব লাগে ।

২. মাটিডৰাৰ আলি পদূলিবোৰ ভাল দৰে চিকুণায় মাটিডৰাত পানীৰে পূৰ কৰিব লাগে যাতে এন্দুৰৰ গাঁতবোৰত পানী সোমায় এন্দুৰবোৰৰ সংখ্যা নষ্ট কৰি পেলাব লাগে ।

৩. বেমাৰ নথকা আলুৰ বীজ সঠিক সময়ত ৰোৱা (অক্টোবৰ মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত)

৪. বেমাৰ / কীট - পতঙ্গঁৰ অনিষ্ট প্রতিহত কৰিব পৰা বীজ ব্যৱহাৰ কৰা -

(ক) এন্দুৰ আৰু ভুঁৰ পোকৰ আক্রমণ সহ্য কৰিব পৰা আলুৰ জাতঃ লাল পাহাৰী , ৰংপুৰীয়া

(খ) ব্লাইট বেমাৰ মধ্যম ভাবে প্রতিহত কৰিব পৰা আলুৰ জাতঃ কুফৰী জ্যোতি ,কুফৰী বাদশাহ , কুফৰী মেঘা

৫. আনুমোদিত হাৰত ৰাসায়নিক সাৰ প্রয়োগ কৰা

৬. আলুৰ টিউবাৰ মঠ/আলু পখিলাৰ দ্বাৰা আক্রমণ লাঘব পাবলৈ আলুৰ বীজবোৰ ধিপত ৰোৱা

৭. আলুৰ পথাৰত সময়মতে অনুমোদিত হাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা যাতে শুৰপোক ৰঙা পৰুৱাৰ আক্রমণ কমে ।

৮. বেমাৰ আৰু কুমতীৰ অনিষ্ট / আক্রমণ পৰা ৰক্ষা পাবলৈ মাটিৰ আদ্রতা ৰক্ষা কৰা ।

৯. আলুৰ বাবে ব্যৱহাৰ হোৱা শস্যক্রমৰ মানিচলা ।

১০. শস্যডৰাত অপতৃণ হোৱাৰ পৰা ৰক্ষা পাবলৈ আলুৰ শাৰীত মাজৰ মাটি গছৰ গুৰিত চপায় দিব লাগে ।

১১. ভাইৰাচজনিত হোৱা বেমাৰৰ গছবোৰ ওভালি পেলোৱা ।

(খ) যান্ত্রিক নিয়ন্ত্রণ পদ্ধতিঃ

১. ভূঁৰ পোক আৰু হাতীপোকৰ পলু আৰু পূৰঠ পোকবোৰ সংগ্রহ কৰি নষ্ট কৰা

২. ব্লাইট বেমাৰ আৰু শুৰ পোক ,হাতীপোকে আক্রমণ কৰা আলুবোৰ বাচি উলিওৱা আৰু ধংস কৰা ।

(গ) জৈৱিক নিয়ন্ত্রণ পদ্ধতি অনিষ্টকাৰী পোক - পৰুৱা খোৱা লেডি বাৰ্ড বিটল , মকৰা , বৰল জাতীয় পোক আদি সংৰক্ষণ কৰা ।

(ঘ) ৰাসায়নিক / জৈৱিক কীট - নাশক ঔষধ ব্যৱহাৰ * কীট - পতঙ্গঁৰ বাবেঃ

১. যিবোৰ পথাৰত ৰঙা পৰুৱা /উই পোকৰ স্বাভাৱিকতে আক্রমণ হয় তেনেবোৰ পথাৰত আজাদেৰিকটিন ১৫০০ পি পি এম ঔষধ প্রতি ৩ লিটাৰ পানীত মিহলায় প্রয়োগ কৰিব লাগে । এনে প্রকাৰ ঔষধ বীজ ৰোৱাৰ সময়ত আৰু গছৰ গুৰিত মাটি চপোৱাৰ সময়ত প্রয়োগ কৰিব লাগে ।

২. আনবোৰ অনিষ্টকাৰী পোক পৰুৱা নিয়ন্ত্রণৰ বাবে ক্ল'ৰপাইৰিফচ্ ২০ ইচি ঔষধ প্রতি লিটাৰ পানীত ২মিঃ লিটাৰ মিহলায় নাইবা ফেনিট্রথিয়ন ৫০ ইচি ৫০০ গ্রাম এ আই প্রতি হেক্টৰত কীট - পতঙ্গঁই আৰ্থিক ভাৱে অনিষ্টকৰিব পৰা সংখ্যা পোৱা লগে লগে ব্যৱহাৰ কৰিব লাগে ।

** বেমাৰ নিয়ন্ত্রণৰ বাবে

১. আগতিয়াকৈ আৰু পাচলৈ দেখা দিয়া ব্লাইট বেমাৰ নিয়ন্ত্রণৰ বাবে প্রতি হেক্টৰত ২.৫ কিঃগ্রাম মেনকজেব ৭৫ শতাংশ ঔষধ অথবা কপাৰ অক্সিক্ল'ৰাইড ৫০ শতাংশ ডব্লিও পি (Copper oxy.cwonde500% wp) ঔষধ নাইবা হেক্টৰে প্রতি ১.২৫ কিঃগ্রাম ক্লৰ'থালনিন্স ৭৫ শতাংশ ডব্লিও পি(chlorothalovil 75% wp) ঔষধ ব্যৱহাৰ কৰিব লাগে ।

২. যদি ব্লাইট বেমাৰে গছত প্রতিষ্টা কৰিছে আৰু ভবিষ্যতে বেমাৰ হোৱাৰ বাবে বতৰ অনুকুল তেতিয়া মেটালেক্সিল ৮০ শতাংশ(Metalaxyl 80%) আৰু মেনক'জেব ৬৪% (Macozeb 64%) ডব্লিও পি ঔষধৰ মিশ্রণেৰে গছত স্প্রে কৰিব লাগে ।

৩. বেকটেৰিয়া জনিত বেমাৰ নিয়ন্ত্রণৰ বাবে ষ্ট্রেপটমাইচিন ০.০২ শংতাশ (Streptocycin 0.02%) নাইবা ১০০ পি পি এম ষ্ট্রেপটমাইচিন স্প্রে কৰিব লাগে।

শস্যৰ বিভিন্ন অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি সংহত কীট-পতঙ্গঁ আৰু বেমাৰ নিয়ন্ত্রণ ব্যৱস্থা

ক্রমিক নং গছৰ অৱস্থা সংহত নিয়ন্ত্রণ ব্যৱস্থা অনিষ্টকাৰী পোক - পৰুৱা আৰু বেমাৰ
১.

ৰোৱাৰ অৱস্থাত

(Planting stage)

শস্যডৰা চাফচিকুণকৈ ৰখা / খেতি কৰা সকলোৰে বাবে
অনিষ্টকাৰী পোক-পৰুৱা আৰু বেমাৰে শস্য নথকা অৱস্থাত বাস কৰিব পৰা গছ - গছনি নষ্ট কৰা

মাটিত কাৰ্বফুৰান ৩ জি ঔষধৰ দানা প্রয়োগঃ

১.০ কিঃগ্রাম /হেক্টৰত

২.৬ কিঃগ্রাম /হেক্টৰত

 

হাতীপোকৰ বাবে

ৰঙা পৰুৱাৰ বাবে

দ'কৈ মাটি চহোৱা সকলোৰে বাবে
বেমাৰ প্রতিহত কৰিব পৰা জাত নিৰ্ব্বাচন কৰা কুফৰী জ্যোতি ,কুফৰী বাদশাহ , কুফৰী মেঘা /লাল পাহাৰী, ৰঙাপুৰীয়া ব্লাইট বেমাৰ ৰঙা পৰুৱা আৰু ভূঁৰ পোকৰ বাবে
২.

পোখা মেলা অৱস্থাত

(Emergence stage)

হেক্টৰে প্রতি ৫০০ গ্রাম এ.আই ফেনিট্রথিয়ন ৫০ ই.চি নাইবা দাইক'ফল ১৮.৫ ই.চি স্প্রে কৰক লিফহপাৰ, চাঁহি আৰু মোৱা পোকৰ বাবে
হেক্টৰে প্রতি ০.৫ কিঃ গ্রাম এ.আই ক্ল'ৰপাইৰিফচ্ ২০ ই.চি ঔষধ স্প্রে কৰক ভূঁৰ পোকৰ বাবে
৩.

আলু ধৰাৰ অৱস্থাত

(Tuber frmation stage)

হেক্টৰে প্রতি ৩ লিটাৰ আজাদেৰিকটিন ১৫০০ পি পি এম স্প্রে কৰক ৰঙা পৰুৱা আৰু উঁই পোকৰ বাবে
হেক্টৰে প্রতি ২.৫ কিঃ গ্রাম এ.আই মেনক'জেব ৭৫% ডব্লিও পি প্রয়োগ কৰক ব্লাইট বেমাৰৰ বাবে
যুটিয়া ভাবে মেটালেক্সিল ৮% আৰু মেনক'জেব ৬৪% ব্যৱহাৰ কৰক । বেমাৰৰ অনুকুল বতৰত এই ঔষধ ব্যৱহাৰ কৰিব পাৰে । ব্লাইট বেমাৰৰ বাবে
০.২২% ষ্ট্রেপমাইচিন ব্যৱহাৰ কৰক বেকটেৰিয়া জনিত বেমাৰৰ বাবে
ভাইৰাচ জনিত বেমাৰী গছবোৰ ওভালি পুৰি পেলাব । ভাইৰাচ জনিত বেমাৰৰ বাবে
যদি ৰাতিৰ তাপমান ৪ ডিগ্রী চেঃ তললৈ নামে মাটি ডৰাত জলসিঞ্চনৰ ব্যৱস্থা কৰক ব্লাইট বেমাৰৰ বাবে
৪.

আলু পূৰঠ হোৱা অৱস্থাত

(Bulking stage)

ফেনিট্রথিয়ণ ৫০ ইচি আৰু ডাইক'ফল ১৮.৫ ইচি স্প্রে কৰক লিফ হপাৰে আৰু চাঁহি পোকৰ বাবে
আলুৰ বাদেও আন গছত বাস কৰিব পৰা ঘাঁহ বননিবোৰ চাফ চিকুণ কৰা আৰু লগতে এন্দোচালফান ৩৫ ইচি নাইবা কুইনেলফচ্ ০.০০৫ শতাংশ এ আই প্রয়োগ কৰক হাতীপোকৰ বাবে
পোহৰ প্রকাশক যন্ত্র ব্যৱহাৰ কৰক হাতীপোকৰ বাবে
প্রতিষেধক হিচাপে ০.২৫% মেনক'জেব ৭৫% ডব্লিও পি ব্যৱহাৰ কৰক ব্লাইট বেমাৰৰ বাবে
আকাশ মেঘাছন্ন অৱস্থাত মেটালেক্সিল ৮% আৰু মেনক'জেব ৬৪% স্প্রে কৰক ব্লাইট বেমাৰৰ বাবে
ভাইৰাচ জনিত বেমাৰ দ্বাৰা আক্রান্ত গছবোৰ ওভালি পুৰি পেলাব লাগে । ভাইৰাচ জনিত বেমাৰৰ বাবে
যদি ৰাতিৰ তাপমান ৪ ডিগ্রী চেঃ তললৈ নামে মাটি ডৰাত জলসিঞ্চনৰ ব্যৱস্থা কৰক ব্লাইট বেমাৰৰ বাবে
৫.

পাতবোৰ বয়সস্থ অৱস্থাত

(leaf senescence)

ভাইৰাচ বীজাণু বিয়পাব পৰা কীট - পতঙ্গঁ(Vector) নিয়ন্ত্রণৰ বাবে আলুৰ গছ(Haulm) বোৰ কাটি পেলাব লাগে । মোৱা পোকৰ বাবে
বিপৰীত লিঙ্গঁৰ পখিলা আবদ্ধ কৰিব পৰা যন্ত্র(Pheromone trap) ব্যৱহাৰ কৰক আলুৰ টিউবাৰ মঠ/পখিলাৰ বাবে
৮০% গছত যদি ব্লাইট বেমাৰ আক্রান্ত হয় , তেতিয়া আলুৰ গছবোৰ কাটি পেলাব । ব্লাইট বেমাৰৰ বাবে
৬.

শস্য চপোৱা অৱস্থাত

(Harvesting stage)

সোনকালে আলু চপাব লাগে সকলোবোৰৰ বাবে
পোক আৰু বেমাৰে আক্রান্ত আলুবোৰ বাচি আতৰায় পেলাব লাগে
আলুৰ গছবোৰ কাতি পেলাব লাগে আৰু আলু চপোৱাৰ এসপ্তাহ আগে আগে জলসিঞ্চন কৰা বন্ধ কৰিব লাগে ব্লাইট বেমাৰৰ বাবে
খান্দোতে আঘাত পোৱা /আচোঁৰখোৱা আলুবোৰ বাচি আতঁৰায় পেলাব লাগে ব্লাইট আৰু অন্য বেমাৰৰ বাবে
বীজ হিচাবে ৰাখি থোৱা আলুবোৰ বৰিক এচিডৰ (৩%) মিশ্রণত ২০ মিনিট সময় শোধন কৰি ৰাখিব লাগে ব্লাইট আৰু আন বেমাৰৰ বাবে
৭. সঞ্চয়/সংৰক্ষণ অৱস্থাত(Storage) আলু পৰাপক্ষত শীত তাপ নিয়ন্ত্রিত সংৰক্ষণ গৃহত ৰাখিব লাগে আলুৰ টিউবাৰ মঠ/পখিলা
সংৰক্ষণ গৃহটো আলু সংৰক্ষণ কৰাৰ আগে আগে চাফ - চিকুণ কৰি লব লাগে

আলুখেতিত সংহত কীট - পতঙ্গঁ আৰু বেমাৰ নিয়ন্ত্রণ ব্যৱস্থাত কি কৰিব আৰু কি নকৰিব

ক্রমিক নং কৰিব নকৰিব
১. অনুমোদিত জাত / বৰ্ণ সংকৰ জাতহে নিৰ্ব্বাচন কৰিব অনুমোদিত নকৰা জাত নিৰ্ব্বাচন নকৰিব । কাৰণ অনুমোদিত জাতবোৰত আলুৰ উত্পাদন তাৰতম্য হয় আৰু বেমাৰ আৰু অনিষ্টকাৰী পোক - পৰুৱাৰ আক্রমণ প্রতিহত কৰিব নোৱাৰে ।
২. সময়মতে আলু ৰোব লাগে -
৩. অনুমোদিত হাৰত সাৰ প্রয়োগ কৰিব লাগে যধে মধে ৰাসায়নিক সাৰ প্রয়োগ নকৰিব
৪. ভাইৰাচ জনিত বেমাৰৰ দ্বাৰা আক্রান্ত গছবোৰ ধংস কৰি পেলাব -
৫. নিয়মিত ভাবে শস্যডৰা নিৰিক্ষণ কৰি থাকিব লাগে যাতে অনিষ্টকাৰী কীট - পতঙ্গঁ আৰু বেমাৰৰ বীজাণুৰ সংখ্যা অৰ্থনৈতিক ভাবে শস্য নষ্ট কৰিব পৰা সংখ্যাৰ আগতীয়াকৈ নিৰ্ণয় কৰিব পাৰি আৰু সময়মতে নিবাৰণ/নিয়ন্ত্রণৰ ব্যৱস্থা লব পাৰি ভাইৰাচ জনিত ৰোগত আক্রান্ত গছবোৰ শস্যডৰাত থাকিবলৈ দিব নালাগে যাতে তাৰ পৰা আৰু বেমাৰৰ বীজাণু অন্য নিৰোগী গছলৈ বিস্তাত হব নোৱাৰে
৬. সঠিক সময়ত সঠিক ঔষধ আৰু ইয়াৰ মাত্রা নিৰ্ব্বাচন কৰিব লাগে কোনো কাৰণতে যধেমধে অধিক মাত্রাত ঔষধ ব্যৱহাৰ কৰিব নালাগে ।
৭. অনুমোদিত ঔষধ আৰু ইয়াৰ অনুমোদিত হাৰত ব্যৱহাৰ কৰিব লাগে বিভিন্ন কীট - নাশক ঔষধৰ মিশ্রণ শস্যত ব্যৱহাৰ কৰিব নালাগে
৮. সদায় অনুমোদিত হাৰত আৰু সঠিক কীট - নাশক ঔষধ প্রয়োগ স্প্রেয়াৰ বা যন্ত্রৰ দ্বাৰাহে ঔষধ প্রয়োগ কৰিব লাগে নিম্নখাপৰ স্প্রেয়াৰ বা ঔষধ প্রয়োগ যন্ত্র ব্যৱহাৰ কৰিব নালাগে ।
৯. অনুমোদিত ঔষধ ব্যৱহাৰ কৰিব অনুমোদিত নোহোৱা ঔষধ ব্যৱহাৰ নকৰিব আৰু সময় উকলি যোৱা ঔষধ কোনো কাৰণতে ব্যৱহাৰ নকৰিব ঔষধ ক্রয় কৰোতে সদায় সময় সকলোৰে দিন / তাৰিখ আৰু শ্রেণীৰ নম্বৰ প্রত্যেক্ষ কৰিহে ঔষধ কিনিব ।
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate