পাচলিৰ ভিতৰত আলু অন্যতম৷ আলুৰ বিভিন্ন প্ৰকৰণ আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত৷ আমাৰ দেশত আলুৰ উৎপাদন ধান বা ঘেহুঁতকৈ বহু গুণে বেছি৷ অসমতো ইয়াৰ খেতি বহু আগৰ পৰা কৰি আহিছে ৷ জাৰকালিৰ পাচলি বিলাকৰ ভিতৰত আলু খেতিয়েই বেছি অঞ্চল জুৰি কৰা হয়৷ ইয়াৰ চমু কৃষি কালছোৱাত কেইবাবিধো ৰোগ আৰু কীট–পতঙ্গই দেখা দিয়ে যাৰ আক্ৰমণৰ ফলত আলুৰ উৎপাদন হ্ৰাস পায়৷ এই ৰোগ বিলাক আৰু কীট–পতঙ্গ যথোচিত আৰু সময়োচিত ভাবে নিয়ন্ত্ৰণ কৰিব পাৰিলে আশানুৰূপ সুফল লাভ কৰিব পাৰি৷ সেইবিলাকৰ সততে দেখা দিয়া ৰোগ আৰু কীটৰ লক্ষণ, চিনাক্ত কৰণ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্হাৱলী আগবঢ়োৱা হ’ল৷
১) লেট ব্লাইট
ফাইটফথৰা ইনফেষ্টানচ (Phytophthora infestans)৷এই ভেঁকুৰ বীজত থাকে ৷
লক্ষণ
জানুৱাৰী মাহত এই ৰোগৰ আগমণ হয়৷ প্ৰথমে পাতত ৰোগৰ লক্ষণ দেখা যায় ৷ আক্ৰান্ত অংশবোৰ অনিয়মিত আকাৰৰ, ক’লা আৰু জলসিক্ত হয়৷ এনে অঞ্চলৰ চাৰিওফালে, বিশেষকৈ পাতৰ তলৰ পৃষ্ঠত বগা ৰঙৰ ভেঁকুৰ গজে৷ পাতৰ ঠাৰি আৰু ডালবিলাকত দাগবোৰ দীঘলীয়া আৰু ক’লা হয়৷ মাটিৰ ওপৰত ওলাই থকা আলু বিলাকো আক্ৰান্ত হ’ব পাৰে৷
অনুকুল পৰিবেশ
ডিচেম্বৰ–জানুৱাৰী মাহত কেইবাদিন ধৰি বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াকৈ বৰষুণ দি থাকিলে এই ৰোগৰ আবিৰ্ভাৱ হয়৷ এনে বতৰত আলুৰ খেতিডৰা দুই – তিনি দিনতে সৰ্ম্পূণকৈ ধ্বংস হৈ যায় ৷ কাৰণ, তাপমাত্ৰা দিনত ২২ – ২৩০ ছেন্টিগ্ৰেড আৰু ৰাতি ১০ - ১৫০ ছেন্টিগ্ৰেড, লগতে অতি বেছি সেমেকা (৯০ শতাংশতকৈ অধিক আপেক্ষিক আৰ্দ্ৰতা) পৰিবেশত ৰোগৰ প্ৰসাৰ খৰতকীয়া হয় ৰ’দৰ বতৰত নষ্ট হৈ যোৱা ডাল – পাতবোৰত জ্বলি যোৱাৰ দৰে অৱস্হাটোহে ৰয়গৈ ৷
প্ৰতিকাৰ
ৰোগৰ উপস্হিতি পৰিলক্ষিত হোৱাৰ আগৰে পৰা সাবধানতা অবলম্বন কৰা উচিত ৷ গতিকে, ডাৱৰীয়া বতৰ হোৱাৰ সম্ভাৱনা অনুমান কৰি নিদিষ্ট কালৰ অন্তৰে অন্তৰে ভেঁকুৰনাশক ঔষধ যেনে : ইন্দফিল এম – ৪৫ আৰু ৰিড’মিল এম জেদ – ৭২ (২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই) সলনা সলনিকৈ (প্ৰথমে ইন্দফিল আৰু পাচৰ বাৰ ৰিড’মিল) ৮ – ১০ দিনৰ অন্তৰত ডিচেম্বৰ মাহৰ মাজ ভাগৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে স্প্ৰে কৰিব লাগে ৷ এই ৰোগ আলুৰ তুলনাত বিলাহীত আগতে হয় ৷ গতিকে আলু আৰু বিলাহী দুয়োবিধ পাচলিত সমানে স্প্ৰে কৰাটো জৰুৰী ৷
২) আলুৰ বাকলিত হোৱা কলা টুপুৰা
ৰোগৰ কাৰক
ৰাইজকটনিয়া চলানি (Rhizoctonia solani)৷ এই ভেঁকুৰ মাটি আৰু বীজত থাকে৷
লক্ষণ
এই ৰোগটো অতি সহজে চিনিব পাৰি৷ আলুৰ বাকলিত কিছুমান বিভিন্ন আকৃতিৰ কলা ৰঙৰ শুকান আলকেতেৰা সদৃশ টুপুৰা লিপিত খাই থাকে৷ এই বিলাক প্ৰকৃততে ভেঁকুৰৰ টান বীজ বা কবকজালাশ্ম (sclerotia) ৷ অৱশ্যে এই বিলাকৰ কাৰণে আলুৰ গুণা-গুণ নষ্ট নহয় ৷ কিন্তু এনে টুপুৰা বহন কৰা আলু ৰুলে মাটিৰ সংস্পৰ্শত ভেঁকুৰবিধ সক্ৰিয় হৈ পৰে আৰু আলুৰ চকুৰ পৰা নতুনকৈ গজিবলৈ ধৰা গাজবিলাক পচাই পেলায় ৷ ফলত খেতিডৰাত আলুগছৰ সংখ্যা কমি যায় ৷
প্ৰতিকাৰ
৩) আলুপচা
ৰোগৰ কাৰণ
ফিউজাৰিয়াম অকজিস্পৰাম (Fusaruim oxysporum) ৷ এই ভেঁকুৰ বীজ আৰু মাটিত থাকে ৷
লক্ষণ
এই ৰোগ সাধাৰণতে ভঁৰালত থোৱা আলুত হয় ৷ আলুৰ ৰোগাক্ৰান্ত অংশৰ ছালখন ডাঠ মুগা বৰণৰ হৈ কোচ খাই যায় ৷ পিচত সেই অংশ দ’কৈ ফাটি যায়, বিন্ধা একোটা হৈ ফোপোলা হৈ পৰে ৷ এই বিন্ধাৰ দাতিঁত বগা ৰঙৰ ভেঁকুৰৰ বৃদ্ধি দেখা যায়৷ ফাটি যোৱা অংশ আৰু বিন্ধাবোৰ শুকান হয়৷
প্ৰতিকাৰ
১) লেৰেলি যোৱা
ৰোগৰ কাৰক
ৰালচ টনিয়া ছলানাচিয়েৰাম (Ralstonia Solanacearum)৷ এই বেক্টেৰীয়া মাটিত থাকে৷
লক্ষণ
সাধাৰণতে ৰ’দৰ বতৰত গৰম বাঢ়িলে এই ৰোগৰ লক্ষণ স্পষ্টভাৱে পৰিলক্ষিত হয় ৷ দেখাত সুস্হ হৈ থকা গছ এজোপা হঠাতে লেৰেলি যায় ৷ এই গছবোৰ নিশাৰ ভাগত আৰু ঠাণ্ডা বতৰত সতেজ হৈ পৰিলেও দিনৰ উত্তাপত পুনৰ লেৰেলি দো খাই পৰে ৷ আক্ৰান্ত গছবোৰ দুই-তিনিদিনৰ ভিতৰত সম্পূৰ্ণকৈ মৰি শুকাই যায় ৷ গছত হোৱা পূৰঠ আলুবিলাকটো ৰোগৰ লক্ষণ দেখা যায় ৷ ৰোগীয়া আলু এটা সমানে দুফাল কৰি কাটিলে দাঁতিটোৰ সমানে চাৰিওফালে মুগা ৰঙৰ সাঁচ বা আঙঠি হোৱা দৃষ্টিগোচৰ হয় ৷
ৰোগ নিৰ্দ্ধাৰণ
গছ এজোপা লেৰেলি যোৱাটো বেক্টেৰীয়াজনিত নে অন্য কাৰকৰ বাবে হয় তাক সঠিক ভাবে নিশ্চিত হ’ব পাৰি এটা সাধাৰণ পৰীক্ষাৰ (ooze test) দ্বাৰা ৷ লেৰেলি থকা গছজোপাৰ এটা ডালৰ গুৰি অংশটো চোকা কটাৰী নাইবা ব্লেডেৰে কাটি লওক ৷ এটা গিলাচত পৰিষ্কাৰ পানী (পুখুৰী বা খালৰ পানী নহয়) ভৰাই লওক ৷ ইয়াৰ পিছত ডালটোৰ কটা অংশটো পানীখিনিত ডুবাই অলপো লৰচৰ নোহোৱাকৈ কিছুপৰ ওলোমাই ধৰি থাকক ৷ ৰোগটো বেক্টেৰীয়াজনিত হ’লে ডালৰ কটা মূৰটোৰ পৰা গাখীৰ সদৃশ বগা সোঁত এটা পানীলৈ বৈ অহা দেখা পাব ৷ এই পাতল বগা সোঁতটো হৈছে অগণন বেক্টেৰীয়াৰ সমষ্টি ৷
প্ৰতিকাৰ
২) আলু গেলি যোৱা
ৰোগৰ কাৰক
মাটিত থকা কেইবাবিধো বেক্টেৰীয়া এই ৰোগৰ সৈতে জড়িত৷ তাৰ ভিতৰত বেচিলাচ পলিমিক্সা আৰু বেচিলাচ মাৰ্জিনালিচ (Bacillus pohymyxa and B. marginalis) অন্যতম ৷
লক্ষণ
ৰোগাক্ৰান্ত আলুবোৰ কোমল হৈ গেলি যায়, ছালখন কোঁচ খাই সোতোৰা–সোতোৰ হয়৷ এনে আলুৰ পৰা পচাঁ ৰস বা পূঁজ নিৰ্গত হয় আৰু দুৰ্গন্ধ বাহিৰ হয়৷ আলুৰ ভিতৰখন গেলি যোৱাৰ পাচত শুকাই গলে কেৱল আলুৰ আকৃতিৰ ফোপোলা ছালখন ৰয়গৈ৷ এই ৰোগ পথাৰত খেতিত হোৱাৰ উপৰিও ভঁৰালতো হ’ব পাৰে৷ ভঁৰালত এই ৰোগ হোৱাৰ মূল কাৰণ হৈছে পথাৰতে ৰোগাক্ৰান্ত হৈ অহা আলুবোৰ ৷
প্ৰতিকাৰ
১) পাত মেৰ খোৱা (Potato leaf rot)
ৰোগৰ কাৰক
পটেট’ লিফ ৰ’ল ভাইৰাচ (PLRV)৷ এই ভাইৰাচ বীজত থাকে আৰু মোৱা পোকৰ দ্বাৰা বিস্তাৰিত হয়৷
লক্ষণ
ভাইৰাচৰ দ্বাৰা আক্ৰান্ত গছবিলাক সুস্হ গছবোৰতকৈ চাপৰ হয়৷ ডালবিলাক কিছু ঘন হয়৷ পাতবিলাক ওপৰমুৱাকৈ মেৰ খায়, শেতাঁ ৰঙৰ হয় আৰু পলিথিনৰ দৰে কোমল হয়৷ অগ্ৰস্হভাগৰ সৰু একেবাৰে কোমলীয়া পাতবিলাক লেৰেলি যোৱাৰ দৰে হয়৷ মেৰ খোৱা পাতবোৰৰ তলপৃষ্ঠত স্হিত শিৰা–উপসিৰাবোৰ বেঙুনীয়া ৰঙৰ হৈ পৰে৷
প্ৰতিকাৰ
২) মজাইক (Potato Mosaic)
ৰোগৰ কাৰক
পটেট’ ভাইৰাচ এক্স, ওৱাই, এ, এছ আৰু এম (PVX, PVY, PVA, PVS and PVM) ৷ এই ভাইৰাচ বীজত থাকে আৰু মোৱা পোকৰ উপৰিও কৃষি কাৰ্য্যত ব্যৱহৃত কটাৰি, কোৰ স্প্ৰেয়াৰ আদিৰ দ্বাৰা বিস্তাৰিত হয় ৷
লক্ষণ
এই ৰোগৰ লক্ষণ কেৱল পাতত দেখা যায়৷ আক্ৰান্ত গছৰ পাতবোৰ ডাঠ সেউজীয়া ৰঙৰ হয় আৰু পত্ৰ পৃষ্ঠ ওখোৰা–মোখোৰা হয়৷ কেতিয়াবা পত্ৰ পৃষ্ঠত সৰু সৰু বিভিন্ন আকৃতিৰ হালধীয়া দাগ হয় আৰু সেইবাবে এই লক্ষণটো পকা মজিয়া মজাইক কৰাৰ সৈতে তুলনা কৰা হয় ৷ পাতবোৰ সোত-মোচ খোৱাৰ উপৰিও পত্ৰপৃষ্ঠৰ তলৰ শিৰা – উপসিৰাবোৰ শেঁতা হালধীয়া হৈ পৰে ৷
প্ৰতিকাৰ:
১) আলুৰ মধ্যভাগ ফোপোলা হোৱা
ৰোগৰ কাৰক
এই বিকাৰ ভঁৰালত আৰু পৰিবহণৰ সময়ত বেছিকৈ হয় ৷ কেতিয়াবা খেতিপথাৰতো এই বিকাৰ হব পাৰে ৷ ভঁৰালৰ ভিতৰত আলু কঢ়িওয়া গাড়ীৰ ভিতৰত আৰু পথাৰত মাটিৰ উষ্ণতা ৩২০ চেন্টিগ্ৰেডতকৈ বাঢ়িলে আৰু তাত থকা বায়ুত অক্সিজনৰ অভাৱ হ’লে এই বিকাৰে দেখা দিয়ে ৷
লক্ষণ:
আলুৰ মধ্যাংশৰ কোষবোৰ চিয়াহী বুলীয়া হৈ শুকাই যোৱাৰ ফলত ফোপোলা হৈ পৰে ৷ বৰ্হিভাগ সুন্দৰ হৈ থকা আলুবিলাক ফালি চালেহে এনে লক্ষণ দেখা পোৱা যায় ৷ সৰু আলুৰ তুলনাত ডাঙৰ আকাৰৰ আলুবোৰ এনে বিকাৰৰ দ্বাৰা বেছিকৈ নষ্ট হয়৷
প্ৰতিকাৰ
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 4/20/2020
নখত ভেঁকুৰে কৰা ৰোগ আৰু তাৰ প্ৰতিকাৰ
জীৱ জন্তৰ বেমাৰ আৰু প্ৰতিকাৰ
ছালৰ শ্ৰেণীবিভাজন আৰু বিভিন্ন সমস্যাৰ ঘৰুৱা প্ৰতিক...
চল্লিছোৰ্ধৰ ৰোগ আৰু প্ৰতিকাৰ