অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উদ্যান শস্য সংৰক্ষণৰ বাবে কম খৰচযুক্ত শীতলীগৃহ

উদ্যান শস্য সংৰক্ষণৰ বাবে কম খৰচযুক্ত শীতলীগৃহ

বাষ্পীয় শীতলীকৰণ পদ্ধতিৰ ওপৰত ভিত্তি কৰি ভাৰতীয় কৃষি গৱেষণা প্রতিষ্টান ,নতুন দিল্লীৰ এদল বিজ্ঞানীয়ে এটা কম খৰচযুক্ত শীতলীকৰণ ভাণ্ডাৰ সাজি উলিয়াইছে । এই শীতলীকৰণ ভাণ্ডাৰত বিশেষকৈ সোনকালে নষ্ট হৈ যোৱা ফল - মূল ,শাক -পাচলি আদি ৰাখিব পাৰি । ইয়াৰ আটাইতকৈ গুৰুত্বপূর্ণ দিশটো হৈছে এই শীতলীকৰণ ভাণ্ডাৰ চলাবলৈ কোনো ধৰণৰ বিজুলী শক্তি বা ইন্ধনৰ প্রয়োজন নহয় । তদুপৰি এজন অনভিজ্ঞ মানুহেও ইয়াক সহজতে পোৱা সামগ্রী যেনে ইটা , বালিৰ সহায়ত সাজি উলিয়াব পাৰে ।

কেঁচা সামগ্রী

কম খৰচযুক্ত শীতলীকৰণ ভাণ্ডাৰ (১০০ কেজি ক্ষমতাযুক্ত ) সাজিবলৈ প্রয়োজন হোৱা সামগ্রী আৰু খৰচ তলত দিয়া হ'ল -

ক্রমিক নং
কেঁচা সামগ্রী
পৰিমাণ
খৰচ
ইটা
৪০০ টা
১০০০.০০
বালি
১০ বস্তা
১০০.০০
বাঁহ
৭-৮ টা
৩০০.০০
মৰাপাতৰ কাপোৰ
৩ বর্গমিটাৰ
৬০.০০
খেৰ বা প্লাষ্টিক কাপোৰ
৩ বর্গমিটাৰ
৪০০.০০
নলযুক্ত পানীৰ চৌবাচ্ছা
২৫-৩০ লি: ক্ষমতাসম্পন্ন
১৫০.০০
প্লাষ্টিকৰ নলী
৬ মিটাৰ
৬০.০০
গজাল ৰচী আদি
-
৪০.০০
বনুৱাৰ খৰচ
২দিন
১৪০.০০

সর্বমুঠ খৰচ ২২৫০.০০

কম খৰচযুক্ত শীতলীকৰণ ভাণ্ডাৰ নক্সা ও সজোৱা পদ্ধতি

শীতলীকৰণ গৃহটো দীঘলে ১.৫ - ১.৬ মি: , পথালীয়ে ১.০ - ১.২ মি: আৰু ০.৬ - ০.৭ মি: ওখ হোৱা উচিত । মজিয়াখনত ইটাৰ এটা তৰপ দি বনোৱা হয় । কাষৰ বেৰ কেইখন ইটাৰ দুটা তৰপ দি বনোৱা হয় । দুই তৰপ ইটাৰ মাজত ৭.৫ চে: মি: ব্যৱধান ৰাখিব লাগে । এতিয়া এই ফাকটো বালিৰে র্ভত্তি কৰি দিব লাগে । এনেধৰণে ১০০ কি: গ্রাম ফল- মূল বা শাক - পাচলি থোৱা শীতলী ভাণ্ডাৰ বনাবলৈ প্রায় ৪০০ টা ইটাৰ প্রয়োজন হয় । শীতলীকৰণ গৃহটো ঢাকিবলৈ মৰাপাতৰ বস্তাৰে এখন ঢাকনি বনোৱা হয় । এই গোটেই শীতলীকৰণ ভাণ্ডাৰটোৰ ওপৰত বৰষুণ পৰিব নোৱাৰকৈ খেৰেৰে এখন চালি বনোৱা হয় । সাধাৰণতে এনে ভাণ্ডাৰসমূহ বতাহ চলাচল কৰা মুকলি আৰু পানীৰ সুবিধা থকা ঠাইত বনাব লাগে ।

ভাণ্ডাৰটো সজোৱাৰ পিচত মজিয়া , চাৰিবেৰ , বেৰৰ মাজত ৰখা বালি , ঢাকনি আদি পানী চটিয়াই ভালকৈ তিয়াই লব লাগে । এবাৰ ভালকৈ চিওৱাৰ পিছত প্রতিদিনে বালি খিনিত পুৱা আৰু গধূলি এবাৰকৈ পানী চটিয়াব লাগে । অন্যথাই নলযুক্ত পানীৰ চৌবাচ্চৰ পৰা প্লাষ্টিক পাইপৰ মাজত সৰু সৰু ফুটা কৰিও নিয়মিত ভাবে পানী যোগানৰ ব্যৱস্থা কৰিব পাৰি । এনে কৰিলে ভাণ্ডাৰৰ ভিতৰত জলীয় বাষ্প আৰু তাপ নিয়ন্ত্রণ হৈ থাকিব । পানী দিওতে মন কৰিব লাগে যাতে বেৰৰ মাজেৰে পানী নিগৰি আহি সংৰক্ষিত সামগ্রী নষ্ট কৰিব নোৱাৰে । ফল- মূল বা শাক -পাচলি সমূহ সেমেকা ইটাৰ বেৰত নালাগিবৰ কাৰনে প্লাষ্টিকৰ পাচি বা খৰাহিত ৰখা বাঞ্চনীয় ।

লব'লগীয়া সাবধানতাসমূহ

১) শীতলীকৰণ ভাণ্ডাৰ সূর্য্যৰ ৰশ্মি পোনপতীয়াকৈ পৰা আৰু অতি বেছি বতাহৰ বেগ থকা ঠাইত বনাব নালাগে ।

২) শীতলীকৰণ ভাণ্ডাৰ সদায় ওখ ঠাইত বনাব লাগে যাতে বাৰিষাৰ পানী জমা হৈ নাথাকে ।

৩) গেলি যোৱা শাক -পাচলি , ফল- মূল আঁতৰাই শীতলীগৃহৰ ভিতৰখন পৰিস্কাৰ কৰি ৰাখিব লাগে ।

৪) শীতলীকৰণ ভাণ্ডাৰৰ ভিতৰখন বীজানুমুক্ত কৰি ৰাখিবৰ কাৰণে মাজে সময়ে ক্লৰিণযুক্ত পানী বা ব্লিচিং পাউদাৰ চটিয়াব লাগে ।

৫) সংৰক্ষিত ফল-মূল বা শাক -পাচলিত যাতে পানী নোসোমাই তাৰ বাবে পলিথিন কাপোৰ এখন পাৰি দিব লাগে ।

অসম কৃষি বিশ্ববিদ্যালয়ত চলি থকা গৱেষণাৰ পৰা জনা গৈছে যে কমলা আৰু বিলাহী এই শীতলীকৰণ গৃহৰ ভিতৰত ২২-২৪ দিনলৈ সতেজ কৰি ৰাখিব পাৰি । আনহাতে একে কমলা আৰু বিলাহী কিন্তু ১১-১২ দিনহে বাহিৰত ৰাখিব পাৰি । ইয়াৰ পৰা দেখা যায় যে শাক - পাচলি আৰু ফল - মূলৰ সংৰক্ষণৰ বাবে কম খৰচতে সাজি উলিউৱা শীতলী গৃহ এটা অন্যতম বিকল্প ব্যৰস্থা হিচাবে ব্যৰহাৰ কৰাৰ যথেষ্ট থল আছে ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 7/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate