অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কলখেতিৰ অনিষ্টকাৰী পোক-পতংগ

 

কলখেতিৰ অনিষ্টকাৰী পোক-পতংগ ফল আৰু পাত আঁচোৰা পোক -

সাধাৰণতে ব’হাগ-জেঠ মাহৰ পৰা আহিন- কাতি মাহলৈকে ফল আৰু পাত আঁচোৰা পোকৰ আক্ৰমণ যথেষ্ট পৰিমাণে হোৱা পৰিলক্ষিত হয় । এই পোকৰ আক্ৰমণ সঠিকভাৱে প্ৰতিপালন নকৰা বাৰীত বেছিকৈ হোৱা দেখা যায় আৰু তাৰ পূৰ্ণবয়স্ক পোকটোৱেহে কলগছজোপাৰ ক্ষতিসাধন কৰে । সাধাৰণতে কুমলীয়া পাত আৰু অপৈণত কলৰ বাকলিৰ হৰিৎকণাবোৰ খাই পেলায় । এই পোকবিধে সাধাৰণতে থোৰ ওলোৱা পাতৰ থুৰিত আশ্ৰয় লৈ হৰিৎকণাবোৰ আঁচুৰি আঁচুৰি খায় । ফলত কলথোক আৰু কুমলীয়া পাতবোৰ বুঢ়া পাতলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে আঁচুৰি আঁচুৰি খোৱা অংশবোৰ সুস্পষ্ট মুগা বৰণৰ দাগলৈ ৰুপান্তৰিত হয় । এইবিধ পোকৰ আক্ৰমণৰ বাবে শ্ৰীবৃদ্ধিত বাধাপ্ৰাপ্ত হোৱা দেখা যায় আৰু বজাৰত এনেবোৰ কলৰ চাহিদা যথেষ্ট পৰিমাণে কম হোৱা দেখা যায় ।

নিয়ন্ত্ৰণ ব্যৱস্থা -

*কলবাৰীখন ঘাঁহ-বন চিকুণাই পৰিষ্কাৰকৈ ৰখা অতি প্ৰয়োজন ।

*শতকৰা ৫ ভাগ শক্তিযুক্ত মালাথিয়ন ঔষধৰ গুড়ি প্ৰতি হেক্টৰত ২০ কিলোগ্ৰাম হাৰত প্ৰয়োগ কৰিব লাগে । ইয়াৰ উপৰি মন’ক্ৰটফছ ৪০ ই চি নামৰ ঔষধ ১ মিলিলিটাৰ ১০ লিটাৰ পানীত মিহলাই কলৰ থোক ওলোৱাৰ লগে লগে আৰু সেই একে গাঢ়তাৰ ঔষধৰ দ্ৰৱণ প্ৰথমবাৰ প্ৰয়োগ কৰাৰ ১৫ ৰ পৰা ২০ দিনৰ অন্তৰত পুনৰবাৰ সম্পূৰ্নৰুপে গছজোপাৰ সৈতে কলথোক ভালকৈ তিতি যোৱাকৈ স্প্ৰে’ কৰাৰ লগতে ওচৰে-পাঁজৰে থকা বন-বাতত স্প্ৰে’ কৰিলে অধিক সুফল পোৱা যায় ।

*শতকৰা ০.০৫ শক্তিযুক্ত মন’ক্ৰটফছ ৪০ ই চি নামৰ ঔষধৰ মিশ্ৰণ ৩০ ৰ পৰা ৫০ মিলিলিটাৰৰ এটা সৰু পাত্ৰত লৈ প্ৰতিজোপা কলগছৰ থুৰি অংশত প্ৰয়োগ কৰিব লাগে । এনে কৰিলে থুৰিত সোমাই থকা ফল আৰু পাত আঁচোৰা পোকবোৰ মাৰি ধ্বংস কৰিব পাৰি ।

* অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কাঁহিকুছিত থকা  উদ্যানশস্য গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে গৱেষণাৰ দ্বাৰা কপাহী কাপোৰৰ মোনা অথবা নীলা ৰঙৰ পলিথিনৰ মোনা ব্যৱহাৰ কৰি ফল আৰু পাত আঁচোৰা পোকৰ দ্বাৰা আক্ৰান্ত নোহোৱা কলৰ থোক চপাবলৈ সক্ষম হৈছে । এইক্ষেত্ৰত পলিথিনৰ মোনাতকৈ কপাহী কাপোৰৰ মোনা ব্যৱহাৰ কৰি অধিক সুফল পাইছে । পাতল কপাহী কাপোৰ নাইবা নীলা ৰঙৰ পলিথিন লৈ কলৰ থোকটো সোমাব পৰাকৈ দীঘলে প্ৰায় ৩ ৰ পৰা ৪ ফুট আৰু বহলে ২ ৰ পৰা ৩ ফুটৰ একোটা মোনা চিলাই ল’ব লাগে । কলবাৰীত কলৰ থোক ওলোৱাৰ লগে লগে এনেকুৱা মোনা একোটা কলৰ থোকটোত সুমুৱাই মোনাটো থোকৰ ওপৰত থকা ডিল অংশত ৰছী এডালেৰে বান্ধি দিব লাগে । মোনাবোৰৰ তলৰ ফালে শকত গজাল একোটাৰে বতাহ চলাচলৰ লগতে বৰষুণৰ পানী ওলাই যাব পৰাকৈ ১৫ ৰ পৰা ২০ টা মান ফুটা কৰি দিব লাগে । মোনাবোৰৰ আকৌ ২ ৰ পৰা ৪ দিনৰ অন্তৰে অন্তৰে খুলি কলডিলৰ বাকলি, জাবৰ-জোঁথৰ আদি পৰিষ্কাৰ কৰি পুনৰ আগৰ দৰে কলথোকত পিন্ধাই দিব লাগে । এইদৰে কলথোক প্ৰায় পূৰঠ হ’লে অৰ্থাৎ ৩০ ৰ পৰা ৩৫ দিনৰ পাছত মোনাটো খুলি পেলাব লাগে । এইদৰে খুলি পেলোৱা মোনাবোৰ পুনৰ নতুনকৈ ওলোৱা কলৰ থোকত ব্যৱহাৰ কৰিব পাৰি । এইদৰে কলবাৰী থকা কৃষকসকলে এনেকৈ কেইটামান মোনা চিলাই ল’লে কলবাৰীখনৰ কলৰ থোকবোৰ ফল আৰু পাত আঁচোৰা পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি।

উৎস :- অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate