অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাতি-আঘোণ মাহত কীট-পতংগৰ নিয়ন্ত্ৰণ ব্যৱস্থা

কাতি-আঘোণ মাহত কীট-পতংগৰ নিয়ন্ত্ৰণ ব্যৱস্থা

 

বৰ্তমান ধানৰ থোৰকটা শুঁৰপোক আৰু গোন্ধীপোকৰ আৱিৰ্ভাৱৰ সময়। ধানৰ থোৰকটা শুঁৰপোকৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কৃষকসকলে সমবায় ভিত্তিত আগবঢ়া প্রয়োজন। পথাৰৰ চৌপাশে পাউদাৰজাতীয় কীটনাশক (মালাথিয়ন ৫%, কুইনলফছ ১.৫%/ ক্ল’ৰপাইৰিফছ ১%) ৩-৪ প্রয়োগ কৰাৰ পাছত, কুইনলফছ ২৫ ই চি /ক্ল’ৰপাইৰিফছ ২০ ই চি এই কীটনাশকৰ যিকোনো এটা ধাননিৰ মাজত প্রয়োগ কৰা উচিত। ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰা পথাৰত বা কাষত গৰু, ছাগলী, হাঁহ আদি চৰিবলৈ দিয়া অনুচিত। গোন্ধীপোকৰ নিয়ন্ত্রণৰ বাবে মালাথিয়ন ৫% পাউদাৰ বিঘাই প্রতি ৩-৪ কিঃগ্ৰাঃকৈ গাখীৰতী অৱস্থাত প্রয়োগ কৰিব লাগে।

ইফালে পাচলিবাৰীত আলুৰ ভূৰপোকৰ আক্ৰমণৰ অনুকূল সময়। কণী ফুটি নকৈ ওলোৱা পলুৱে আলু পুলিৰ গা-গছ আক্রমণ কৰে। আলু খেতি কৰিবলৈ লোৱা মাটিডৰাৰ ওচৰত নিশাৰ ভাগত জুই ধৰাৰ ব্যৱস্থা কৰিলে ভূৰপোকৰ পখিলা জুইৰ পোহৰলৈ আকৰ্ষিত হোৱাৰ ফলত লেলিহান শিখাত জাহ গৈ পৰৱৰ্তী বংশ বিস্তাৰণত বাধাপ্রাপ্ত হয়। তদুপৰি চহাই থোৱা মাটিত লোৰ খান্দি কুইনলফছ ২৫ ই চি নতুবা ক্ল’ৰপাইৰিফছ ২০ ই চি দৰৱৰ চাৰি চাহ ১ চাহ চামুচ ১০ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰক।

জলকীয়া, বিলাহী আদি শস্যক হালধীয়া চাঁহী পোকৰ আক্ৰমণৰ বাবে এতিয়াৰ বতৰ যথেষ্ট অনুকূল। এই প্ৰকাৰৰ চাঁহীপোকৰ আক্ৰমণ কুমলীয়া অংশৰ পৰা আৰম্ভ হয় আৰু ইয়াৰ ফলত পাতৰ তলপিঠিৰ সেউজীয়া বৰণ সলনি হৈ মুগা ৰঙৰ হয় আৰু আক্ৰান্ত পাতখিলা নাৱৰ দৰে ওলোটা হয়। বিশেষজ্ঞৰ পৰামৰ্শ মতে ফেনাজাকুইন ১০ ই চি দৰৱৰ ১ চাহচামুচ ১০ লিটাৰ পানীত মিহলাই গছত ছটিয়াব লাগে।

বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকৰ আক্রমণ পৰিলক্ষিত হ’লে ডিম্ব পৰজীৱী ‘ট্ৰাইক’গ্ৰামা’ কাইল’নিজ’ বিঘাই প্রতি ২০,০০০ কৈ ১০ দিনৰ অন্তৰালত ৩-৪ বাৰ প্ৰয়োগ কৰক।

“লিউচিলিউৰ যুক্ত ফেৰমন ফান্দ ব্যৱহাৰ কৰিও বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকক নিয়ন্ত্রণ কৰিব পাৰি।

লিখকদ্বয়: ৰুদ্ৰ নাৰায়ণ বৰকাকতি আৰু ড° আটাউৰ ৰহমান, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate