অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কীট-পতংগ নিয়ন্ত্ৰণত আলোক ফন্দীৰ ভূমিকা

কীট-পতংগ নিয়ন্ত্ৰণত আলোক ফন্দীৰ ভূমিকা

ফচলৰ শত্ৰু অনেক। তাৰ ভিতৰত কীট-পতংগই ফচলৰ বাবে ক্ষতিকৰ পোক দমনত প্ৰধানত বিষাক্ত কীটনাশক ব্যৱহাৰ কৰা দেখা যায়, যি পৰিৱেশ আৰু মানৱ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ফচলৰ ক্ষতিকাৰী পোক-পতংগ নিয়ন্ত্ৰণত বৰ্তমানে সমন্বিত পোক ব্যৱস্থাপনা বা আই পি এম(Integrated Pest Management) এক আধুনিক ধাৰণা।

এই পদ্ধতিত কীটনাশকৰ বাহিৰেও অন্যান্য অনেক পদ্ধতিত ক্ষতিকৰ পোক-পতংগ নিয়ন্ত্ৰণ কৰা সম্ভৱ।

বিশেষকৈ আলোক ফন্দী(Light trap) আৰু খেতিডৰাত ডাল পুতি চৰাই বহাৰ ব্যৱস্থা কৰি বহু পোক নিয়ন্ত্ৰণ কৰিব পাৰি।

আলোক ফন্দী প্ৰকৃত অৰ্থত ফচলত পোকৰ উপস্থিতি নিৰ্ণয় কৰা বা নজৰ দিয়া এক যন্ত্ৰবিশেষ।

কিন্তু ইয়াৰ দ্বাৰা কেৱল পোকৰ উপস্থিতি নিৰ্ণয় নকৰি খেতিৰ ওচৰত নিয়মিতভাৱে পাতি ৰাখিলে অনেক পোক পোহৰৰ প্ৰতি আকৃষ্ট হৈ মৰি যায়। এই পোক নিয়ন্ত্ৰণ এক যান্ত্ৰিক পদ্ধতি বিশেষ।

আলোক ফন্দী আমাৰ ৰাজ্যত বহু আগৰপৰা ব্যৱহাৰ হৈ আহিছে। প্ৰাচীন কালত খেতিৰ কাষত নিশা মছাল জ্বলাই বান্দৰ আৰু বনৰীয়া হাতী বা গাহৰিৰ দৰে ফচল অনিষ্টকাৰী জীৱ-জন্তুক ভয় দেখুওৱা হৈছিল।

তাৰ ফলত ফচলৰ অনিষ্টকাৰী পোকো মৰি গৈছিল। কিন্তু সেই সময়ত কীট-পতংগ নিয়ন্ত্ৰণ কৰিবলৈ আধুনিক নিয়মৰ আলোক ফন্দীৰ ব্যৱহাৰ হোৱা নাছিল।

অসমত অতীতত হাৰিকেন জ্বলাই আলোক ফান্দ সজোৱা হৈছিল। এনেধৰণৰ ফান্দত আলোকৰ তীব্ৰতা কম থকাত খুব কম পোকহে আকৃষ্ট হৈছিল।

অৰ্থাৎ হাৰিকেন দি সজোৱা আলোক ফন্দীৰ ‘কেছমেন্ট এৰিয়া’ বা পোকক আকৃষ্ট কৰি পুৰি মৰাৰ ক্ষমতা খুবেই কম আছিল।

আলোক ফন্দী -

ফন্দী হ’ল চিকাৰ প্ৰতিৰোধ কৰা এক যন্ত্ৰ। এই যন্ত্ৰৰদ্বাৰা নানা ৰকমৰ কৌশল অৱলম্বন কৰি চিকাৰ ধৰা বা ৰোধ কৰাৰ ব্যৱস্থা কৰা হয়।

বেছ কিছু পোক আছে যিবোৰ পোহৰৰ প্ৰতি আকৃষ্ট হয়। সেয়ে আলোক ব্যৱহাৰ কৰি এইবাৰ পোক ৰখোৱা বা আকৃষ্ট কৰি মাৰি পেলোৱাৰ বাবে যি ফন্দী ব্যৱহাৰ কৰা হয়, তাকেই আলোক ফন্দী বোলে।

উপকাৰিতা -

আলোক ফন্দী হ’ল মূলতঃ এটা মণিটৰিং কৰা যন্ত্ৰ, যাৰ দ্বাৰা খেতি ডৰাত কি কি পোক আছে, সেয়া জানিব পাৰি।

আলোক ফন্দীৰদ্বাৰা বিভিন্ন ধৰণৰ পোক-পতংগৰ উপস্থিতি সম্পৰ্কে তাৎক্ষণিকভাৱে জৰীপ কৰা যায়।

বিশেষকৈ ফচলৰ যিবোৰ পোক পোহৰলৈ আকৃষ্ট হয়, সেইবোৰ কেতিৰ কাষতে আলোক ফন্দী পাতিলে তালৈ আকৃষ্ট হয় আৰু মৰি যায়। অনেক নিশাচৰ প্ৰকৃতিৰ পোকে আলোক ফন্দীত ধৰা পৰে।

অৱশ্যে আলোকৰ গুণাগুণৰ ওপৰত ফন্দীৰ কাৰ্যকাৰিতা নিৰ্ভৰ কৰে। Flouroscent বা তীব্ৰ আলোকৰ ফন্দীত অধিক পোক আকৃষ্ট হয়।

তাৰ বাহিৰেও হেঁচক লাইট বা ২০০ ৱাটৰ বৈদ্যুতিক বালবৰদ্বাৰা ভালকৈ পোক দমন কৰিব পাৰি। অৱশ্যে কেৰাচিনৰ লাইট বা হাৰিকেনৰ পোহৰত পোক আহে সকলোতকৈ কম।

আনকি টায়াৰ জ্বলাই বা মছাল জ্বলায়ো অনেক পোক নিয়ন্ত্ৰণ কৰিব পাৰি। উদাহৰণস্বৰূপে ধানত দেখা দিয়া গান্ধী পোক এই ব্যৱস্থাৰে নিয়ন্ত্ৰণ কৰিব পাৰি।

এইবোৰ ফন্দী তৈয়াৰ আৰু ব্যৱহাৰ কৰিবলৈ অত্যন্ত সহজ হোৱা বাবে দিনে দিনে সেয়া কৃষকসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছে।

তদুপৰি পোক নিয়ন্ত্ৰণত অন্যান্য পদ্ধতিতকৈ এই পদ্ধতি সস্তা আৰু পৰিৱেশ অনুকূল। বৰ্তমান কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি আমাৰ ৰাজ্যত ধান আৰু আন খেতিত ব্যাপকভাৱে আলোক ফন্দীৰ ব্যৱহাৰ হোৱা দেখা গৈছে।

উল্লেখ্য যে ফচলৰ শত্ৰু আৰু মিত্ৰ সকলো ধৰণৰ পোকে পোহৰৰ প্ৰতি আকৃষ্ট হয়। বন্ধু পোকবোৰৰ ভিতৰত-

  • লেডী বাৰ্ড বিটল,
  • কেৰাবিড বিটল,
  • ডামছেল ফ্লাই ইত্যাদি অন্যতম।

তথাপি ফচলৰ বেছ কিছু প্ৰধান ক্ষতিকৰ পোক, যেনে-

  • ধানৰ মজা খোৱা পোক,
  • সেউজ পাত ফৰিং,
  • কমলামূৰীয়া পাত ফৰিং,
  • বগা পিঠিৰ গছ ফৰিং,
  • বাদামী গছ ফৰিং,
  • পাত মেৰিওৱা পোক,
  • চুঙি পোক,
  • থ্ৰিপছ,
  • সৰু স্তৰৰ গছ ফৰিং ইত্যাদিক আলোক ফন্দীৰে সফলতাৰে নিয়ন্ত্ৰণ কৰিব পাৰি।

শাক-পাচলিৰো অনেক পোক, যেনে-

  • কটা পোক,
  • ডায়মণ্ড ব্লেক মথ,
  • পাত সুৰংগকাৰী পোক ইত্যাদি আলোক ফন্দীত ধৰা পৰে।

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate