অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কীট-পতংগৰ নিয়ন্ত্ৰণৰ উপায় :

কীট-পতংগৰ নিয়ন্ত্ৰণৰ উপায় :

 

‘কীটানুনাশক নিমাটোড’-

কীট পতংগৰ আক্ৰমণৰ ফলত খাদ্যশস্যৰ উৎপাদন যথেষ্ট হ্ৰাস হয়। কৃষি বিজ্ঞানৰ সাময়িকভাৱে খাদ্য শস্যৰ উৎপাদন বৃদ্ধি হ’লেও ইয়াৰ পৰিণতি দীৰ্ঘম্যাদী নহয়। বৰঞ্চ ৰাসায়নিক কীটনাশক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত পৰিৱেশ প্ৰদুষণ, জৈৱ বৈচিত্ৰ্যতাৰ হ্ৰাস, মানুহ ৰাসায়নিক কীটনাশক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত পৰিৱেশ প্ৰদুষণ, জৈৱ বৈচিত্ৰ্যতাৰ হ্ৰাস, মানুহ আৰু জীৱ-জন্তুৰ স্বাস্থ্যৰ ক্ষতি হৈছে। সেইবাবে কীট-পতংগৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ জৈৱিক কীটানুনাশক আৰু কীট-পতংগ প্ৰতিৰোধী আৰু অধিক উৎপাদনক্ষম জাত ব্যৱহাৰ কৰিব লাগে। সাধাৰণতে মাটিত অসংখ্য অণুজীৱ বা পৰজীৱী থাকে। এইবোৰে মাটিত জৈৱ পদাৰ্থ সৃষ্টিত অৱদান যোগায় আৰু মাটিৰ ভৌতিক আৰু ৰাসায়নিক গুণাগুণৰ উন্নতি সাধন কৰে। এই জীৱিত অণুজীৱ, পৰজীৱীবোৰে অপকাৰী কীট-পতংগ আদিৰ বেমাৰ বিয়পাব পাৰে আৰু তাৰ দ্বাৰা সিহঁতৰ বংশবৃদ্ধি বধা জন্মে। এইবোৰক কীট-পতংগৰ প্ৰাকৃতিক শত্ৰু বুলি কোৱা হয়। এই অণুজীৱ, পৰজীৱী বা পৰভোজীবোৰে কিছুমান নিৰ্দিষ্ট কীট-পতংগকে আক্ৰমণ কৰে, মানুহ বা ঘৰচীয়া জীৱ-জন্তু, উদ্ভিদৰ আদিক আক্ৰমণ নকৰে।

কীট-পতংগৰ প্ৰাকৃতিক শত্ৰুবোৰৰ ভিতৰত অন্যতম হ’ল-কৃমি বা নিমাটোড। নিমাটোডবোৰ দেখিবলৈ সুতাসদৃশ, দীঘলীয়া, বেছিভাগ খালী চকুৰে নেদেখি। কীট-পতংগৰ পৰজীৱী হিচাপে যিবোৰ নিমাটোডক চিনাক্ত কৰা হৈছে সেইবোৰ নিমাটোডকে জৈৱ কীটানুনাশক হিচাপে স্বীকৃতি দিয়া হৈছে। এই নিমাটোডবোৰৰ সকলো ঠাইৰ মাটিত যেনে-শস্যৰে আবৃত পথাৰ, ঘাঁহনি পথাৰ, হাবিয়নি, মৰুভুমি নাইবা সাগৰৰ পৰা আদিত পোৱা যায়।

ষ্টেইনাৰনিমা আৰু হেটেৰ’ৰেবডিটিছ জাতৰ এই নিমাটোডবোৰে সাধাৰণতে মাটিত থকা কীট-পতংগবোৰক আক্ৰমণ কৰে। আন জৈৱ কীটানুনাশকৰ তুলনাত এই নিমাটোডবোৰৰ আক্ৰমণ অতি ক্ষিপ্ৰ, কীট-পতংগক ১-২ দিনৰ ভিতৰত মাৰিব পাৰে। এই নিমাটোডবোৰে নিজে কীট-পতংগ বিচাৰি ল’ব পাৰে, ভালেমান জাতিৰ কীট-পতংগ যেনে- পখিলা, মাখি, ফৰিং, শামুক, উইপৰুৱা আদিক আক্ৰমণ কৰিব পাৰে। এই নিমাটোডবোৰৰ বংশ বৃদ্ধি কম দিনৰ ভিতৰত হয়, ইয়াৰ উৎপাদন প্ৰক্ৰিয়া সহজ আৰু ঘৰুৱা উপায়েৰে কৰিব পাৰি। কীটানুনাশক হিচাপে স্প্ৰে’ কৰাৰ পদ্ধতিত অতি সহজ। এই নিমাটোডৰ সহায়ত কীট-পতংগ নিয়ন্ত্ৰণ কৰিব পাৰিলে আমাৰ পৰিৱেশ প্ৰদুষণমক্ত হ’ব। ষ্টেইনাৰনিমা আৰু হেটেৰ’ৰেৱডিটিছ নিমাটোডৰ জীৱন চক্ৰ প্ৰায় একে। আক্ৰমণকাৰী পেলু বা যুভেনাইলবোৰে মাটিত মুক্ত অৱস্থাত কীট-পতংগ বিচাৰি ঘুৰি ফুৰে। যেতিয়া কোনো পোক বা কীট-পতংগ বিচাৰি পায়, এই যুভেনাইলবোৰে পোকৰ গাত থকা বিন্ধা (মুখ, পায়ু, শ্বাস-প্ৰশ্বাস লোৱা বিন্ধা বা গাৰ পাতল আৱৰণ অংশেৰে ভিতৰলৈ সোমাই যায়। ভিতৰত সোমোৱাৰ পিছত যুভেনাইলবোৰে নিজৰ দেহত কঢ়িয়াই লৈ ফুৰা বেক্টেৰিয়াবোৰ এৰি দিয়ে। ষ্টেইনাৰনিমা নিমাটোডে জেন’ৰেৱডাচ আৰু হেটেৰ’ৰেবডিটিভ নিমাটোডে ফ’টৰেবডাচ বেক্টেৰিয়া কঢ়িয়ায়। এই বেক্টেৰিয়াবোৰে পোকটোৰ ভিতৰত অতি ক্ষিপ্ৰভাৱে বংশ বৃদ্ধি কৰে আৰু পোকটো ভিতৰৰ পৰা ঘা লাগি মৰি যায়। এই বেক্টেৰিয়াবোৰে মৰা পোকটোৰ গাত অন্য জীৱাণুৰ প্ৰাদুৰ্ভাৱ নহ’বলৈ বিশেষ দ্ৰব্য প্ৰস্তুত কৰে। এই নিমাটোডে বেক্টেৰিয়া আৰু পোকৰ বীজলুৱা অংশবোৰ খায় আৰু পৰৱৰ্তী স্তৰবোৰ পাৰ কৰি প্ৰাপ্তবয়স্ক মতা-মাইকীলৈ দেহৰ পৰিৱৰ্তন হয়। এইদৰে ২-৩ টা জীৱনচক্ৰ পাৰ কৰি যেতিয়া খাদ্য শেষ হয়, ১২-১৫ দিনৰ ভিতৰত কেইবা হাজাৰ নতুন আক্ৰমণকাৰী যুভেনাইল মৃত পোকটোৰ গাৰ পৰা বাহিৰলৈ ওলাই আহে। এই আক্ৰমণকাৰী যুভেনাইলবোৰে আকৌ মটিলৈ আহি নতুন কীট-পতংগৰ সন্ধানত ঘুৰি ফুৰে। এই যুভেনাইলবোৰকে কীটানুনাশক হিচাপে তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰা হয়। আক্ৰমণকাৰী যুভেনাইলবোৰ ০.৪ ৰ পৰা ১.১ মি: মি: পৰ্যন্ত দীঘল হয়। ব্যৱহাৰ কৰাৰ আগত এইবোৰক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব লাগে। স্বচ্ছ, যুভেনাইলবোৰ যদিও পানীত সক্ৰিয় হৈ থকা দেখা যায় তথাপি সেইবোৰৰ আক্ৰমণ কৰাৰ ক্ষমতা কম থাকে। গাত থকা চৰ্বীজাতীয় পদাৰ্থৰ পৰিমাণ বেছি থকাবোৰৰ আক্ৰমণৰ ক্ষমতা বেছি থাকে।

এই নিমাটোডবোৰৰ অতি সহজে বংশ বৃদ্ধি কৰিব পাৰি। মৌ-মাখিৰ অনিষ্টকাৰী এবিধ পোক-ৱাক্স বৰ্মৰ পলু নাইবা চাউলত হোৱা এবিধ পোক-কাৰ্চৰ চেফাল’নিকাৰ পলুবোৰত এই নিমাটোডবোৰ অতি সহজে প্ৰতিপালন আৰু বংশবৃদ্ধি কৰিব পাৰি। এইদৰে উৎপাদন কৰা যুভেনাইলবোৰৰ আক্ৰমণ ক্ষমতা প্ৰবল হয়। কিন্তু এই পদ্ধতিত সময় আৰু অধিক পৰিশ্ৰমৰ দৰকাৰ। সেইবাবে আজিকালি কৃত্ৰিম মধ্যৱৰ্তী মাধ্যমত এই যুভেনাইলবোৰক উৎপাদন কৰা হয়। এই মাধ্যমত বেক্টেৰিয়াৰ বংশ বৃদ্ধিৰ লগে লগে আক্ৰমণকাৰী যুভেনাইলৰ সংখ্যা বৃদ্ধি হয়। এই নিমাটোডবোৰ ৪-১৫° চে: গ্ৰে: উষ্ণতাত ৬-৯ মাইলৈ সক্ৰিয় আৰু প্ৰয়োগৰ উপযোগী হৈ থাকে।

এডৰা শস্যত স্প্ৰে’ কৰাৰ আগতে এই নিমাটোডৰ মিশ্ৰণটো পানীৰ লগত ভালদৰে মিহলি কৰি ল’ব লাগে। হস্তচালিত বা পাৱাৰ স্প্ৰেয়াৰ, মিষ্টব্ৰয়াৰ নাইবা ড্ৰীপ, মাইক্ৰজেট, স্প্ৰিংকলাৰ, ফাৰ’জলসিঞ্চন পদ্ধতিৰে এই নিমাটোডবোৰ ২,৫০,০০০ প্ৰতি বৰ্গমিটাৰ হিচাপত প্ৰয়োগ কৰিব লাগে। পাতত আক্ৰমণ কৰা পোকৰ পৰা হাত সাৰিবলৈ নিমাটোড দ্ৰৱণৰ লগত আঠাজাতীয় দ্ৰৱণ মিহলি কৰি স্প্ৰে’ কৰিব লাগে। গছৰ মজাখোৱা পোকৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ গছৰ ফুটাবোৰত নিমাটোডৰ মিশ্ৰণ ঢালি দিব লাগে আৰু ফুটাবোৰ কপাহেৰে বন্ধ কৰি দিব লাগে। জৈৱিক হোৱা বাবে এইবোৰে সুৰ্যৰ প্ৰখৰ ৰশ্মি বা খৰাং অৱস্থা সহ্য কৰিব নোৱাৰে। সেইবাবে আবেলি সময়ত স্প্ৰে’ কৰিব লাগে। ইয়াৰ প্ৰয়োগৰ সফলতা মাটিৰ গুণাগুণ, উষ্ণতা আৰু আৰ্দ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে। গৱেষণাগাৰত পৰীক্ষা- নিৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে এইবোৰে ভালেমান কীট-পতংগ নিধন কৰিব পাৰে। স্থানীয় আৰু আক্ৰমণ ক্ষমতাসম্পন্ন প্ৰজাতিৰ ব্যৱহাৰ, অধিক উৎপাদনপদ্ধতিৰ উদ্ভাৱন আৰু বহুদিনলৈ সক্ৰিয় অৱস্থাত ৰাখিব পৰা মাধ্যমৰ উদ্ভাৱন আৰু ব্যৱহাৰেৰে এইবিধ কীটানুনাশক নিমাটোডৰ প্ৰয়োগৰ ক্ষেত্ৰত সফলতা আহিব।

স্থানীয় উদ্ভিদজাত জৈৱিক উৎপাদন, বেমাৰ আৰু কীট-পতংগ প্ৰতিৰোধ ক্ষমতাসম্পন্ন সঁচৰ সৈতে এইবিধ কীটানুনাশক নিমাটোডৰ সুসমন্বিত পদ্ধতিৰে উপযুক্তভাৱে প্ৰয়োগ কৰিলে জৈৱিক পদ্ধতিত শস্যৰক্ষা অধিক ফলপ্ৰসু হ’ব আৰু অদুৰ ভৱিষ্যতে কৃষকসকলে ৰাসায়নিক পদ্ধতিৰ বিকল্প হিচাপে আঁকোৱালি ল’ব।

লেখিকা: ড° গীতাঞ্জলি দেৱী (দৈনিক জনমভুমি)

শেহতীয়া উন্নীতকৰণ: : 2/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate