অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খুটি পদ্ধতিৰে কৰা পাণ খেতিৰ ৰোগজনিত সমস্যা আৰু ইয়াৰ সমাধান

খুটি পদ্ধতিৰে কৰা পাণ খেতিৰ ৰোগজনিত সমস্যা আৰু ইয়াৰ সমাধান

পাণ অসমৰ সমাজ জীৱন তথা কৃষ্টি স্ংস্কৃতিৰ সৈতে জড়িত। সকলো ধৰণৰ মাংগলিক কৰ্মৰ লগতে দৈনন্দিন জীৱন আৰু অতিথি আপ্যায়নত তামোল-পাণ ব্যৱহৃত হয়। আনাহাতে কৃষকৰ বাৰীত থকা পাণ কেইজোপাই বছৰজুৰি অৰ্থ উপাৰ্জনতও সহায়ক হয়। ধেমাজি জিলাৰ কৃষকসকলে বাঁহৰ খোজ বা খুটি পুতি ওখ উৰ্বৰা মাটিত পাণৰ খেতি কৰে। উল্লেখযোগ্য যে বহু কৃষকে মাথো পাণ খেতিৰ জৰিয়তে পৰিয়াল পোহ-পালন কৰি আছে।

দেখা যায় যে খুটি পদ্ধতিত কৰা পাণ খেতিৰ প্ৰধান সমস্যা হৈছে ৰোগজনিত সমস্যা। খুটি পদ্ধতিৰে কৰা পাণ খেতিত যিহেতু গছৰ ঘণত্ব অৰ্থাত এজোপা গছৰ পৰা আনজোপালৈ দূৰত্ব কাম (১.২-১.৫), সেয়েহে সময়োচিত ব্যৱস্থা গ্ৰহন নকৰিলে তাত্ক্ষণিকভাৱে গোটেই বাৰীখনতে ৰোগে আক্ৰমণ কৰে। পাণৰ প্ৰধান ৰোগ সমূহ আৰু ইয়াৰ নিয়ন্ত্ৰণ পদ্ধতিসমূহ তলত আলোচনা কৰা হৈছে।

ক) পাণৰ পাত আৰু শিপা পঁচা

বাৰিষা কালত অৰ্থাৎ বহাগ-জেঠ মাহত বৰষুণ আৰম্ভ হোৱাৰ পৰা ভাদ-আহিন মাহলৈকে এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়। Phytophthora, palmirora নামৰ ভেঁকুৰ বিধে এই ৰোগ কৰে বাবে ইয়াক Phytophthora Leaf rot আৰু Foot rot বোলা হয়।

লক্ষণ

আক্ৰান্ত গছৰ পাতৰ আগ অংশ আৰু কাষৰ পৰা ডাঠ মটীয়া বৰণৰ দাগ ক্ৰমান্বয়ে বাঢ়ি আহি পাতখিলাৰ আধা অংশলৈকে গেলি যোৱা দেখা যায়। বেলিৰ পোহৰৰ বিপৰীতে লক্ষ্য কৰিলে গেলা অংশ ধনুভেৰীয়াকৈ ক্ৰমে ডাঠ আৰু পাতল মটীয়া ৰঙৰ ৰিং দেখা যায়। আক্ৰান্ত্ৰ গছৰ নিৰাময়ৰ ব্যৱস্থা নললে আহিন কাতি মাহৰ পৰা আগ অংশৰ পৰা লেৰেলি আহে, ওপৰৰ পৰা খামুচি থকা শিপাবোৰ এৰাই আহে, শেষত গছ জোপা লেৰেলি শুকাই মৰি যায়।

ৰোগৰ সংক্ৰমণ

একেৰাহে কেইবাদিন ধৰি বৰষুণ দি থাকিলে এই ৰোগ আৰম্ভ হয়। আক্ৰান্ত বাৰীৰ সঁচ শোধন নকৰাকৈ ৰোপন কৰিলে, আক্ৰান্ত বাৰীত পাণ চিঙি একেজন মানুহে একে সামগ্ৰী (জখলা, খাং, বস্থা আদি) লৈ বাৰীৰ ভিতৰত সোমালে, পানী জমা হ’লে, বাৰীখন হাবি বনেৰে অপৰিস্কাৰ হ’লে লগতে আক্ৰান্ত বাৰীত তাত্ক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰিলে এই ৰোগ হোৱাটো নিশ্চিত।

নিয়ন্ত্ৰণ ব্যৱস্থা

১) নতুনকৈ পাণৰ আগ ৰোৱাৰ আগতে ১ শতাংশ “বৰড’ মিশ্ৰন”ত কমেও ১০ মিনিট সময় তিয়াই শোধন কৰিব লাগে।

২) এই ৰোগৰ লগতে আন ৰোগৰ নিৰাময়ৰ বাবে বছৰত দুবাৰ, চ’ত-ব’হাগ আৰু আঘোণ-পুহ মাহত ট্ৰাইক’ডাৰমা নামৰ ভেঁকুৰযুক্ত কেচুঁসাৰ আৰু সৰিয়হৰ খলিহৈ মিশ্ৰণ পাণৰ গুৰিত প্ৰয়োগ কৰিব লাগে। ইয়াৰ বাবে ১০০ কেজি কেচুঁসাৰৰ সৈতে ২/৩ কেজি সৰিয়হৰ খলিহৈ ভালদৰে মিহলাই ট্ৰাইক’ডাৰমা যুক্ত জৈৱনাশক ১ কেজি বা ১ লিটাৰ হাতেৰে মিহলাই ৩ দিন ছাঁ ঠাইত কলপাত, বস্তা বা প্লাষ্টিক কাপোৰেৰে ঢাকি ৰাখিব লাগে। এনেদৰে ৩ দিনৰ পিছত এবাৰ ভালদৰে লৰাই পুনৰ দুদিন ৰাখি এই মিশ্ৰণৰ ৫০০ গ্ৰামকৈ প্ৰতিজোপা গছৰ গুৰিত বছৰত দুবাৰ প্ৰয়োগ কৰিব লাগে।

৩) এই ৰোগ দেখা দিলে বা ওচৰৰ বাৰী আক্ৰান্ত হলে গছৰ গুৰি আৰু শিপাই আৱৰি থকা অংশত ১ শতাংশ “বৰড’মিশ্ৰণ” মাটিৰ ডেৰ-দুই ইঞ্চিলৈ যোৱাকৈ স্প্ৰে কৰিব লাগে। বেছিকৈ আক্ৰান্ত হ’লে ১৫-২০ দিনৰ মূৰে মূৰে ৮ বাৰ পৰ্যন্ত্য স্প্ৰে কৰিব লাগে।

৪) আক্ৰান্ত পাত আৰু লেৰেলি যোৱা গছ বাৰীৰ পৰা আঁতৰাই দ-গাত খান্দি পুতি পেলাব লাগে।

৫) গছৰ গুৰি অংশত পানি জমা নোহোৱাকৈ নলাৰ ব্যৱস্থা অতি দৰকাৰী।

(খ) এনথ্ৰাকন’জ

পাণবাৰীসমূহত সচৰাচৰ দেখা আন এবিধ ৰোগ হ’ল পাতত দাগ পৰা বা এনথ্ৰাকন’জ। Colletrotricum নামৰ ভেঁকুৰৰ দ্বাৰা এই ৰোগ হয়।

লক্ষণ

বাৰিষা কালত ৰাতিৰ ভাগত বৰষুণ আৰু দিনত বেছি গৰম হ’লে এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। পাতৰ আঁহবোৰৰ মাজত বিভিন্ন আকাৰৰ কোণীয়া মটীয়া বৰণৰ দাগ দেখা যায়। দাগবোৰৰ চাৰিওফালে উজ্জল হালধীয়া ৰঙে আৱৰি থাকে।

নিয়ন্ত্ৰণ ব্যৱস্থা

১) সৰি পৰা আক্ৰান্ত পাতবোৰ আৰু দাগলগা পাতবোৰ তাত্ক্ষণিকভাৱে আঁতৰাই পেলাব লাগে।

২) গুৰি অংশত পানী জমা নোহোৱাকৈ নলাৰ ব্যৱস্থা কৰিব লাগে।

৩) অপতৃন বা হানি বন চিকুনাই ৰাখিব লাগে।

৪) ৰোগৰ প্ৰকোপ বেছি হ’লে শতকৰা ১ শতাংশ “বৰড’মিশ্ৰণ” ১০-১৫ দিনৰ ব্যৱধানত ৩/৪ বাৰ স্প্ৰে কৰিব লাগে। ঔষধ স্প্ৰে কৰাৰ ১৫-২০ দিনৰ পিছতহে খাবৰ বাবে পাণ চিঙিব লাগে।

(গ) পাণৰ পাত জ্বলা ৰোগ

খুটি পদ্ধতিৰে কৰা পাণ খেতিত দেখা দিয়া আন এবিধ ৰোগ হ’ল পাণৰ পাত জ্বলা। এই ৰোগ Xanthomonas নামৰ এবিধ বেক্টেৰিয়াৰ দ্বাৰা হয়। এই ৰোগ হ’লে পাণৰ তল পিঠিত সৰু সৰু কোনীয়াকৈ মটীয়া বৰণৰ দাগ হয়। পিছলৈ দাগবোৰ বহল হৈ জ্বলি যোৱাৰ দৰে হয়। আনহাতে ওপৰৰ পিঠিত উজ্জল হালধীয়া বৰণৰ দাগ পৰে আৰু দেখাত পাণবোৰ অকালতে পকি যোৱাৰ দৰে হয়।

নিয়ন্ত্ৰণ ব্যৱস্থা

১) আক্ৰান্ত পাতবোৰ তাত্ক্ষণিক ভাৱে আতৰাই পেলাব লাগে।

২) গুৰি অংশত পানী জমা নোহোৱাকৈ নলাৰ ব্যৱস্থা কৰিব লাগে।

৩) ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হ’লে ঔষধৰ দোকানত পোৱা এণ্টিবায়’টিক ঔষধৰ পেকেটত উল্লেখ কৰা নিয়ম অনুসৰি স্প্ৰে কৰিব লাগে।

৪) শতকৰা ১ শতাংশ “বৰড’মিশ্ৰণ” স্প্ৰে কৰিলে এই ৰোগ নিয়ন্ত্ৰণ হয়।

এখন সুস্থ পাণবাৰীৰ বাবে কৃষক সকলে বছৰজুৰি কৰিবলগীয়া নিয়ম কেইটামান তলত উল্লেখ কৰা হ’ল।

১) পাণ ৰোৱাৰ বাবে সুস্থ বাৰীৰ কমেও ২/৩ বছৰীয়া গছৰ পৰা সঁচ নিৰ্বাচিত কৰিব লাগে।

২) পাণ ৰোৱা ঠাইত পানী জমা হ’ব নালাগে বা বৰষুণৰ বতৰত পানী সহজে ওলাই যাব পৰাকৈ নৰ্দমাৰ ব্যৱস্থা কৰিব লাগে।

৩) পাণ ৰোৱাৰ আগতে আগবোৰ ১ শতাংশ শক্তিযুক্ত “বৰড’মিশ্ৰণ”ত কমেও ১০ মিনিট সময় শোধন কৰিব লাগে।

৪) বছৰত দুবাৰ (চ’ত-ব’হাগ আৰু আঘোণ-পুহ মাহত) ট্ৰাইক’ডাৰমা যুক্ত পচন সাৰ বা কেঁচুসাৰ আৰু খলিহৈ মিশ্ৰণ তৈয়াৰ কৰি প্ৰয়োগ কৰিব লাগে।

৫) সময় মতে বনবাত নিৰাই বাৰীখন পৰিস্কাৰ কৰি ৰাখিব লাগে।

১ শতাংশ “বৰড’মিশ্ৰন”ৰ প্ৰস্তুত প্ৰণালী

১) প্লাষ্টিকৰ এটা পাত্ৰত ৫ লিটাৰ পানীত ১০০ গ্ৰাম টুটিয়া ভালদৰে মিহলাই ল’ব লগে।

২) দ্বিতীয় পাত্ৰটোত ৫ লিটাৰ পানীত ১০০ গ্ৰাম চূণ গলাই মিশ্ৰণ প্ৰস্তুত কৰিব লাগে।

৩) এতিয়া তৃতীয় পাত্ৰটোত টুটীয়া অৰু চূণৰ মিশ্ৰণ খিনি একেলগে বাকি, লাহে লাহে মিহলাই মুঠ ১০ লিটাৰ মিশ্ৰণ তৈয়াৰ কৰিব লাগে।

৪) এখন পৰিস্কাৰ কটাৰী বা ব্লেড মিশ্ৰণখিনিত ডুবাই পৰীক্ষা কৰিব লাগে। এনেদৰে ডুবাই ৰখাৰ পিছত কটাৰী বা ব্লেড খনত যদি মামৰে ধৰাৰ দৰে ৰ্ং দেখা যায় তেন্তে লাহে লাহে অতি কম পৰিমাণে চূণ মিহলাই প্ৰতিবাৰে পৰীক্ষা কৰিব লাগে। কটাৰী বা ব্লেডত ৰ্ং নালাগিলে মিশ্ৰণটো সঠিক বুলি ধৰিব লাগে আৰু প্ৰস্তুত কৰা বৰড’মিশ্ৰণ খিনি এক-ডেৰ ঘণ্টাৰ ভিতৰত স্প্ৰে কৰিব লাগে।

কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজি, অসম কৃষি বিশ্ববিদ্যালয় চিলাপথাৰ।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate