অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মকালীন পাচলিৰ ৰোগ আৰু পতংগ নিয়ন্ত্ৰণ :

 

পাচলিৰ খেতি আৰু ব্যৱসায়ে আত্মসংস্থাপনৰ উৎস হিচাপে এক গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰিব পাৰে। এনে আত্মসংস্থাপন সমাজত অতি জনপ্ৰিয়। অসমৰ প্ৰাকৃতিক পৰিৱেশ বিভিন্ন শাক-পাচলিৰ খেতিৰ বাবে অনুকুল। গতিকে এনে অনুকুল পৰিৱেশৰ সদ ব্যৱহাৰ কৰি নিবনুৱা যুৱক-যুৱতীসকলে আত্মসংস্থাপনৰ বাট উলিয়াই ল’ব পাৰে।

গ্ৰীষ্মকালীন পাচলি বুলি ক’লে সাধাৰণতে লাউজাতীয় শস্য যেনে জাতিলাও, ছিৰাল, কোমোৰা, তিতাকেৰেলা, ভোল, পটল, ভাতকেৰেলা ইত্যাদিৰ লগতে লেচেৰামাহ, ভেণ্ডি, ফ্ৰেন্সবিন আদিক সাঙুৰি লোৱা হয়।

গ্ৰীষ্মকালীন পাচলিৰ বেমাৰ ব্যাধি বেছি। এই সময়ৰ বতৰ ৰোগ সৃষ্টিকাৰী জীৱাণুৰ বৰ্ধনৰ বাবে অনুকুল। সেয়েহে গ্ৰীষ্মকালীন শস্যত দেখা দিয়া কিছুমান ৰোগ আৰু এইসমুহৰ প্ৰতিকাৰৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।

লাওজাতীয় উদ্ভিদত সঘনাই পাউদাৰী মিলদিউ বেমাৰ হোৱা দেখা যায়। আক্ৰান্ত গছৰ পাতত বগা পাউদাৰৰ দৰে চামনি পৰে আৰু ৰোগৰ প্ৰকোপ বাঢ়িলে পাত আৰু কাণ্ড শুকাই যায়। ৰোগৰ আৰম্ভণিতেই গছজোপাত ভালদৰে পানী ছটিয়াই দিলে ৰোগ নিৰাময় কৰাটো সম্ভৱ হয়। কিন্তু ৰোগ অধিকমাত্ৰাত হোৱা দেখিলে নিৰাময়ৰ বাবে কাৰাথেন বা চালফেক্স নামৰ ঔষধ ৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই অথবা বেভিষ্টিন ১ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগিব।

অন্য এক বেমাৰ দাউনী মিলদিও হ’লে পাতত হালধীয়া ৰঙৰ দাগ পৰে। পাতবোৰ হালধীয়া হৈ শুকাই যায়। পাতৰ তলফালে ধোঁৱাবৰণীয়া পাউদাৰৰ চামনি পৰে। এই বেমাৰ এবিধ ভেঁকুৰৰ দ্বাৰা হয়। ৰোগ নিৰাময়ৰ বাবে বেয়াকৈ আক্ৰান্ত হোৱা গছজোপাৰ অংশসমুহ কাটি পেলাই দিব লাগে। বেমাৰৰ আৰম্ভণিতেই পাতত হালধীয়াবৰণৰ কোণীয়া দাগ পোৱাৰ লগে লগেই মেনকোজেৱ নামৰ ঔষধ ০.২৫% দহ দিনৰ অন্তৰে অন্তৰে দুবাৰ বা তিনিবাৰ স্প্ৰে’ কৰিব লাগে, যাতে নতুনকৈ ওলোৱা পাতবোৰ এই বেমাৰৰ দ্বাৰা আক্ৰান্ত নহয়। অতিমাত্ৰা ৰোগৰ প্ৰকোপ দেখা পালে ৰিদোমিল জোদ ৭২ নাইবা ইন্দোফিল এম ৪৫ নামৰ ঔষধবিধ ৩ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

ফল পচা বেমাৰ লাওজাতীয় শস্যত সচৰাচৰ দেখা পোৱা যায়। এই বেমাৰত ফলবোৰত ঘুৰণীয়া জলসিক্ত দাগ পৰি পাছলৈ ঘাৰ দৰে হৈ পৰে। এই ৰোগ নিৰাময়ৰ বাবে বেভিষ্টিন নামৰ ঔষধবিধৰ ২ গ্ৰাম প্ৰতি কিল’গ্ৰাম বীজৰ সৈতে ভালদৰে মিহলাই বীজ সিঁচাৰ আগতে শোধন কৰি ল’ব লাগে। শস্যত ফলপচাৰ লক্ষণ দেখা পোৱাৰ লগে লগে ইন্দোফিল এম ৪৫ বা ডাইথান জেদ ৭৫ নামৰ ঔষধ ৩ গ্ৰাম প্ৰতি লিটাৰ পানীত ভালদৰে মিহলাই ১০ দিনৰ অন্তৰালত ২ বা ৩ বাৰ স্প্ৰ’ কৰিলে ৰোগ নিৰাময় হয়।

লাওজাতীয় উদ্ভিদত পুলি অৱস্থাত দেখা দিয়া গুৰি পচা বা শিপা পচা ৰোগ নিয়ন্ত্ৰণৰ বাবে থিৰাম বা কেপটাফ বা মেনকোজেৱ নামৰ ঔষধ বিধ ৩ গ্ৰাম প্ৰতি কিল’গ্ৰাম বীজৰ লগত মিহলি কৰি বেৰেজবোৰ সিঁচাৰ আগেয়ে শোধন কৰি ল’ব লাগে। জৈৱ নিয়ন্ত্ৰণ ব্যৱস্থা হিচাপে ট্ৰাইকোদাৰমা ভিৰিদি নামৰ ভেকুৰবিধ গুটি সিঁচাৰ সময়ত ৪ গ্ৰাম প্ৰতি কিল’গ্ৰাম গুটিৰ লগত ভালদৰে মিহলাই শোধন কৰি এই ৰোগৰ পৰা হাত সাৰিব পাৰি। এই ভেঁকুৰ বজাৰত ট্ৰাইক’দাৰমিন, ভিৰিদিন, ভিৰিকন এল আৰু ইক’ফিট নামেৰে কিনিবলৈ পোৱা যায়।

কেতিয়াবা লাওজাতীয় উদ্ভিদত কুকুম্বাৰ মজাইক ভাইৰাছ নামৰ এবিধ ৰোগে আক্ৰমণ কৰিলে পাতবোৰৰ দাঁতিবোৰ বেছিকৈ কেঁকুৰা হৈ পৰে, পাতৰ আকাৰ সৰু হয় আৰু সম্পুৰ্ণ পাতখিলাত ডাঠ আৰু পাতল সেউজীয়াৰ সংমিশ্ৰণ দেখা যায়। এই বেমাৰৰ জীৱাণু মোৱা পোকে বিয়পায়। এই বেমাৰ নিয়ন্ত্ৰণৰ বাবে ৰগৰ নাইবা মালাথিয়ন ৫০ ই চি নামৰ ঔষধ ২ মিলি লিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

লাওজাতীয় উদ্ভিদত মোৱা পোকৰ লগতে গোবৰুৱাৰ দৰে সুক্ষ্ম পতংগ কিছুমানে আক্ৰমণ কৰিও গছজোপা নিশকটীয়া কৰা দেখা যায়। এই ক্ষেত্ৰত মালাথিয়ন ৫০ ই চি নামৰ ঔসধ এচামুচ আঢ়ৈ লিটাৰ পানীত মিহলাই (অৰ্থাৎ ২ মিলিলিটাৰ প্ৰতি এক লিটাৰ পানীৰ অনুপাতত)  লগত ৩ গ্ৰাম গুৰ মিহলাই স্প্ৰে’ কৰিব লাগে।

ফল বিন্ধা কৰা পোকে যাতে লাওজাতীয় উদ্ভিদত আক্ৰমণ কৰিব নোৱাৰে, তাৰ বাবে ৰোৱাৰ ২০ দিনৰ পিছতেই ফৰেট ৩ জি নামৰ ঐষধবিধ আঢ়ৈ গ্ৰাম প্ৰতিজোপা গছত ৰিং পদ্ধতিত প্ৰয়োগ কৰিব লাগে। অৰ্থাৎ গছজোপাৰ গুৰিৰ চাৰিওফালে ঘুৰণীয়া নলা আকৃতিত কাটি তাত এই ঔষধবিধ প্ৰয়োগ কৰিব লাগে। পোকে আক্ৰমণ কৰা দেখা পোৱাৰ লগে লগে ডেচিচ ২৪ ই চি নামৰ ঐষধ এক মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে অথবা মালাথিয়ন ৫০ ই চি ঔষধ ২ মিলিমিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

কৃষকসকলৰ সুবিধাৰ্থে লাওজাতীয় শস্যৰ কৃষিকাৰ্যৰ কেইটিমান উপকাৰী দিশ তলত উল্লেখ কৰা হ’ল -

১) লাওজাতীয় শস্যসমুহ ওখ কৰি লোৱা মাটিৰ ঢিপত ৰুব বা গুটি সিঁচিব লাগে।

২) দীঘে-পথালিয়ে ৬০ ছেমি আৰু ৪৫ ছেমি দ ব্যাসাৰ্ধৰ গাঁত তৈয়াৰ কৰি তাত পচনসাৰ আদি প্ৰয়োগ কৰি লাওজাতীয় শস্যৰ বীজবোৰ সিঁচিব লাগে। ৰাসায়নিক সাৰ হিচাপে প্ৰতি গাঁতৰ বাবে ৪০-৪৫ গ্ৰাম একক ছুপাৰ ফছফেট , ৮০-১০০ গ্ৰাম মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰিব লাগে।

৩) গছবোৰ বগাবৰ বাবে বাঁহৰ চাং আদিৰ ব্যৱস্থা কৰিব।

৪) তিয়ঁহ, জিকা, ভোল, ৰঙালাও, জাতিলাও আদি শস্যবোৰ একক লিংগ হোৱাৰ বাবে মতা ফুলৰ সংখ্যা মাইকী ফুলতকৈ বেছি উৎপন্ন হয়। গতিকে মাইকী ফুলৰ সংখ্যা বঢ়োৱাৰ লগতে গুটি লগা, গুটিৰ আকাৰ বৃদ্ধি অথবা মুঠ উৎপাদন বৃদ্ধি আদিৰ বাবে গছত ১০০ পি পি এম এন এ এ হৰ’মন (নেফথালিন এচেটিক এচিড) আৰু ২৫ পি পি এম ইথেৰেল হ’ৰমন লাউজোপাৰ ২-৪ টামান পাত হওঁতেই প্ৰয়োগ কৰিব লাগে।

ভেণ্ডিৰ খেতিত সিৰা হালধীয়া কৰা মজাইক ভাইৰাছ বেমাৰ সচৰাচৰ দেখা যায়। এই বেমাৰ প্ৰতিৰোধৰ বাবে ৰগৰ নামৰ কীটনাশকবিধ বেমাৰ বাহক বগা মাখি মাৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। প্ৰথমবাৰ এইবিধ কীটনাশক পুলি ওলোৱাৰ ২০ দিনৰ ভিতৰত আৰু তাৰ পাছত সৰ্বমুঠ ৫-৬ বাৰমান স্প্ৰে’ কৰিব লাগে। সৰ্বাধিক উৎপাদন পাবলৈ আৰু ভাইৰাছজনিত বেমাৰৰ পৰা খেতিডৰা বচাই ৰাখিবলৈ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত বীজ সিঁচিব লাগে। ভেণ্ডিৰ খেতিত শিপাত গাঁঠি ধৰা উদ্ভিদ কৃমিৰ পৰা গছক বচাবলৈ ৩০ কিল’গ্ৰাম ফুৰাদন ৩ জি প্ৰতি হেক্টৰ মাটিত প্ৰয়োগ কৰিব লাগে।

ভেণ্ডিৰ খেতিত দেখা দিয়া ফল আৰু গছ বিন্ধা কৰা পোক ৰোধ কৰিবলৈ ডেচিচ ২৪ ই চি ঔষধ প্ৰতি লিটাৰ পানীত ০.৫ মিলিলিটাৰ মিহলাই বা মালাথিয়ন ৫০ ই চি নামৰ ঔষধবিধ প্ৰতিলিটাৰ পানীত ২ মিলিলিটাৰ মিহলাই স্প্ৰে’ কৰিব লাগে।

লেচেৰা মাহৰ খেতিত দেখা দিয়া বিছা আৰু মোৱাপোক নাশ কৰিবলৈ মালাথিয়ন ৫০ ই চি নামৰ কীটনাশকবিধ ২ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰ’ কৰিব। ফ্ৰেন্সবিনৰ খেতিত দেখা দিয়া মোৱাপোকৰো নিয়ন্ত্ৰণ ব্যৱস্থা একে।

ফ্ৰেন্সবিনৰ খেতিত দেখা দিয়া ফল পচা বেমাৰৰ ৰক্ষণাত্মক ব্যৱস্থা হিচাপে প্ৰতি কেজি বীজ ৩ গ্ৰাম কেপটাফেৰে বীজ সিঁচাৰ আগতেই শোধন কৰি ল’ব লাগে। বেমাৰৰ লক্ষণ দেখা পোৱাৰ লগে লগে বেভিষ্টিন নামৰ ভেঁকুৰ নাশক বিধ ১.৫ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। ফ্ৰেন্সবিন খেতিত দেখা দিয়া সিৰা হালধীয়া কৰা ভাইৰাছজনিত মজাইক বেমাৰ ৰোধ কৰিবলৈ ৰগৰ ৩৫ ই চি নামৰ কীটনাশক স্প্ৰে’ কৰি ৰোগ বিয়পোৱা পতংগ নাশ কৰিব লাগে।

কীটনাশকৰ প্ৰয়োগবিধি আৰু সাধাৰণতে ল’ব লগা সজাগতা সম্পৰ্কে কৃষকসকল অৱগত হোৱাটো অত্যন্ত জৰুৰী। পাচলি বা ফলমুল অদিত কীটনাশক প্ৰয়োগ কৰাৰ পাছত আহাৰ হিচাপে গ্ৰহণযোগ্য হ’বৰ বাবে অপেক্ষাৰ প্ৰয়োজন। প্ৰতিবিধ কীটনাশক বা ঔষধ প্ৰয়োগৰ পাছত অপেক্ষাৰ সময় কৃষকসকলে জনাটো নিতান্তই প্ৰয়োজনীয়।

লেখিকা: ড° মুনমী বৰা (দৈনিক জনমভুমি)

শেহতীয়া উন্নীতকৰণ: : 2/2/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate