অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চলিত মাহৰ সম্ভাব্য কীট-পতংগৰ ব্যৱস্থাপনা :

চলিত মাহৰ সম্ভাব্য কীট-পতংগৰ ব্যৱস্থাপনা :

 

১) বাৰিষা অহাৰ লগে লগে ঘৰ বা ভঁৰালত এন্দুৰ-নিগনি সোমাব নোৱৰাৰ ব্যৱস্থা কৰিব লাগে। ভঁৰালৰ চৌপাশ আৰু মজিয়াখন পৰিষ্কাৰ কৰি ৰাখিব লাগে। অপ্ৰয়োজনীয় বস্তু ঘৰৰ চাৰিওফালে আৰু ভঁৰালৰ মজিয়াত ৰাখিব নালাগে। গছ-গছনিৰ বাঢ়ি অহা ডাল-ঘৰ বা ভঁৰালত লাগিবলৈ দিব নালাগে। ডুলি বা ধানৰ বস্তা থোৱা চাং বা পাভতিত আৰু ভঁৰালৰ খুটাত এলুমিনিয়াম চিটেৰে (৩০ চে: মি: বহল) তৈয়াৰী ৰেটগাৰ্ডৰ ব্যৱস্থা কৰিব লাগে।

২) জানুৱাৰী মাহত পোষক গছত লা-কৰ্ষণ কৰাৰ পাছত এপ্ৰিল মাহত দেখা দিব পৰা লা-পোকৰ আক্ৰমণকাৰী পতংগ ইউব্লেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এক চাহ চামুচ ফিপ্ৰলিন ৫ শতাংশ এছ চি কীটনাশক ৩.২৫ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰক। এপ্ৰিল মাহত লাৰ পোষক চেমিয়ালেটাৰ গুটি পুৰঠ হয়, এই গুটি সংগ্ৰহ কৰি ভালদৰে শুকুৱাব লাগে। তদুপৰি, এই সময়ছোৱাত লাৰ বিভিন্ন পোষকৰ পুলিবাৰী সুন্দৰকৈ পাতিবলৈ আৰম্ভ কৰিব লাগে।

৩) পথাৰৰ শস্য চপোৱাৰ পিছত শস্য ৰাখিবৰ বাবে উত্তম ভঁৰালৰ ব্যৱস্থাই সকলোতকৈ মনোযোগ দিবলগীয়া বিষয়। পোক-পতংগ, এন্দুৰ আৰু ভেঁকুৰে ভঁৰালৰ এক বুজন পৰিমাণৰ শস্য ধ্বংস কৰে। উত্তৰ পুৰ্বাঞ্চলৰ বতৰৰ অধিক আৰ্দ্ৰতাই ভঁৰালৰ অধিকাংশ পোক-পতংগ আৰু ভেঁকুৰৰ বৃদ্ধিত অৰিহণা যোগায়। ভঁৰালত ব্ৰুকিড (ফুটি) পোকে মগুমাহ প্ৰমুখ্যে মাহজাতীয় শস্যৰ সকলোতকৈ অধিক ক্ষতিসাধন কৰে। ব্ৰুকিড পোকৰ প্ৰাৰম্ভিক আক্ৰমণৰ সুচনা পথাৰতে হয়। পথাৰত ইহঁতে মাহজাতীয় শস্যৰ পুৰঠ ছেঁইত কণী পাৰে। কণী ফুটি ওলোৱা পলুৱে গুটিৰ ভিতৰত প্ৰৱেশ কৰি গুটিৰ ভিতৰত অংশখিনি খাই নোহোৱা কৰি পেলায়। চপোৱা শস্যৰ লগতে ব্ৰুকিডৰ কণী, পলু, লেটা বা পুৰ্ণাংগ পোক ভঁৰাললৈ আহি ইহঁতৰ জীৱনচক্ৰ সম্পুৰ্ণ ভঁৰালৰ শস্যৰ অনিষ্ট সাধন কৰে। অসমকে ধৰি উত্তৰ পুৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ জলবায়ুত থকা অধিক জলীয় বাষ্পৰ কাৰণে শস্যৰ আৰ্দ্ৰতা দহ শতাংশতকৈ বেছি থাকে। ইয়াৰ কাৰণে ভঁৰালত ব্ৰুকিড প্ৰমুখ্যে পোক-পতংগ আদিৰ বংশবৃদ্ধি দ্ৰুতগতিত হয়। ফলস্বৰুপে শস্যৰ পৰিমাণত আৰু গুণগত মানৰ হ্ৰাস হয়। মাহজাতীয় শস্য থোৱা পৰম্পৰাগত আধাৰসমুহত ৰ’দত ভালদৰে শুকাই থোৱা শস্যইও সহজে পৰিৱেশৰ পৰা জলীয় ভাপ পোষণ কৰি ল’ব পাৰে । ফলত শুকুৱাই লৈ আৰ্দ্ৰতা দহ শতাংশৰ তললৈ নমাই ল’লেও লাহে লাহে পৰিৱেশৰ পৰা আহৰিত জলীয় ভাপৰ কাৰণে এনেধৰণৰ আধাৰত ৰখা শস্যৰ আৰ্দ্ৰতা কিছুদিনৰ পাছত ১২-১৪ শতাংশ হৈ পৰে। পোক-পতংগই এনেধৰণৰ আৰ্দ্ৰতাযুক্ত শস্য সহজে আক্ৰমণ কৰে। ভঁৰালৰ পোক-পতংগৰ আক্ৰমণ হ্ৰাস কৰিবলৈ বজাৰত উপলব্ধ কীটনাশকৰ প্ৰয়োগে উপভোক্তাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি সাধিব পাৰে। এইকাৰণে মাহ জাতীয় শস্য সংৰক্ষণ কৰিলে স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি নকৰা দ্ৰব্যৰ প্ৰয়োগেহে বাঞ্চনীয়। মাহজাতীয় শস্য সংৰক্ষণ কৰিবলৈ হ’লে শস্যখিনি ভালদৰে ৰ’দাই লৈ মৰাপাট বা তেনেধৰণৰ বস্তাৰ ভিতৰভাগত পলিথিনৰ আস্তৰণ দি ৰ’দাই লোৱা শস্যখিনিৰ প্ৰতি কেজিত ৩ গ্ৰাম পৰিমাণত জালুকৰ গুৰি ভালদৰে মিহলাই বস্তাত ভৰাই ৰাখিলে ব্ৰুকিডৰ আক্ৰমণৰ পৰা বহুখিনি সকাহ পোৱা যায়।

৪) বৰষুণ অহাৰ পাছত চাহ-গছত নতুন কলি ওলাবলৈ আৰম্ভ কৰে। ইয়াৰ লগে লগে চাহ গছত ৰঙা চাঁহী, হেল’পেল্টিচ, মোৱাপোক , চগা, ওকণি আদিৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হয়। ৰঙা চাঁহীপোকৰ আক্ৰমণৰ পৰা প্ৰতিকাৰৰুপে, প্ৰপাৰজাইট ৫৭ ই চি দৰৱৰ ১ চাহচামুচ প্ৰতি পাঁচলিটাৰ পানীত মিহলাই আবেলিৰ সময়ত ছটিয়াব লাগে। আন কেইবিধ পোকৰ বাবে ইমিডাক্ল’ৰপ্ৰিড ১৭.৮ এছ এল দৰৱৰ এক চাহ চামুক দহলিটাৰ পানীত মিহলাই প্ৰয়োগ কৰক। যদি একেডৰা মাটিত সকলোধৰণৰ পোকৰ মিশ্ৰ আক্ৰমণ পৰিলক্ষিত হয় তেন্তে প্ৰফেন’ফচ ৫০ ই চি নামৰ ৰাসায়নিক কীটনাশক ১ চাহচামুচ প্ৰতি পাঁচলিটাৰ পানীত মিহলাই গছৰ পাতত ছটিয়াব লাগে।

৫) বৰ্তমান মৌমাখিৰ ঋতুস্ৰাৱৰ সময়। সেইবাবে এই সময়ত মৌমাখিৰ বংশ বৃদ্ধিৰ প্ৰৱণতা দেখা দিয়ে আৰু সৱল মৌবাহে জাক উৰুৱায়। এই জাক উৰুওৱা ৰোধ কৰিবলৈ সবল মৌবাহৰ বিভাজন কৰিব লাগে নাইবা ৰাণী মৌ কোষসমুহ, মৌজোল আহৰণ কৰিবলৈ ভাঙি দিব লাগে। আম লিচু নেমু আদি ফলমুল জাতীয় শস্যৰ ফুল ফুলাৰ সময়ত প্ৰতি হেক্টৰ ফলৰ বাগিচাত ৫ বাহ থলুৱা সঁচৰ অথবা ২ বাহ পশ্চিমীয়া সঁচৰ মৌবাহ স্থাপন কৰি উৎপাদন বৃদ্ধি কৰিব পৰা যায়।

উৎস: দৈনিক জনমভুমি

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate