অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ খেতিৰ প্ৰধান শত্ৰু হেল’পেলটিছ:

চাহ খেতিৰ প্ৰধান শত্ৰু হেল’পেলটিছ:

 

চাহ খেতিৰ আক্ৰমণ কৰা পোকবোৰৰ ভিতৰত সবাতোকৈ হানিকাৰক হ’ল হেল’পেলটিছ বা মহ পোক। হেল’পেলটিছ পোকৰ আক্ৰমণে চাহ খেতিয়কসকলক অৰ্থনৈতিকভাৱে বিধ্বস্ত কৰি পেলাব পাৰে। বহু সময়ত হেল’পেলটিছৰদ্বাৰা আক্ৰান্ত হৈ বৃহৎ চাহ বাগিচাৰ কলঘৰ উৎপাদনৰ ভৰপক সময়তো বন্ধ কৰি দিব লগা পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা যায়। সেয়ে চাহ খেতিয়কসকলে হেল’পেলটিছ পোকৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক হৈ থকা অতি প্ৰয়োজনীয়।

হেল’পেলটিছৰ বৈজ্ঞানিক নাম হ’ল Helopeltis theivora waterhouse । বৰ্তমানৰ সময়তো এইবিধ পোকৰ আক্ৰমণৰ বাবে অতি উপযোগী সময়। পোকৰ আক্ৰমণৰ বাবে অতি উপযোগী সময়। সাধাৰণতে, হেল’পেলটিছ পোকে কুমলীয়া পাতত আক্ৰমণ কৰে। তেতিয়া পাতবোৰত ক’লা বৰণৰ সৰু সৰু ফুটা হোৱা দেখা যায়। ২৪ ঘন্টাৰ পিছত পাতবোৰ মুগা বৰণৰ হৈ পৰে আৰু পাতবোৰ শুকাই যায়।

হেল’পেলটিছৰ সবাতোকৈ প্ৰিয় জাতবোৰ হ’ল টি ভি ১, টি ভি ৪, টি ভি ৫, টি ভি ৬, টি ভি ৯, টি ভি ২৫, দিহিং ১, কেহাং, এছ ৩৯৩, তিনিআলি ১৭/১/৫৪ ইত্যাদি। এটা মাইকী হেল’পেলটিছ পোকে গড়ে দৈনিক ৪-৫টাকৈ মুঠ ৩৫ দিনত ২০০টা মান কণী পাৰে। এই কণীবোৰ মাৰ্চ-এপ্ৰিলত ৭-৮ দিন, জুন-জুলাইত ৪-৬ দিন, আগষ্ট-ছেপ্তেম্বৰত ৫-৬ দিন আৰু নৱেম্বৰ-ডিচেম্বৰত ১৬-২০ দিনৰ ভিতৰত মহৰ আকাৰ ধাৰণ কৰে। হেল’পেলটিছৰ আয়ুসকাল মাহভেদে বেলেগ বেলেগ হয়। মাৰ্চ-এপ্ৰিলত ২১-২৮ দিন, জুন-জুলাইত ১০-১২ দিন আৰু নৱেম্বৰ-জানুৱাৰীত ২৮-৩৫ দিন হয়।

খেতিয়কসকলে এই পোকৰ নিয়ন্ত্ৰণৰ বাবে কেৱল কীটনাশক দ্ৰৱ্য ব্যৱহাৰতে সীমাবদ্ধ থাকিলে সম্পূৰ্ণ সুফল আশা কৰিব নোৱাৰিব। আগৰ বছৰ যি টুকুৰা স্থানত এই পোকৰ উপদ্ৰৱ সৰ্বাধিক আছিল, তেনেবোৰ ঠাই চিনাক্ত কৰি তাত পাতল কলম(ডীপ স্কিফ) এটা দিব লাগে। আক্ৰান্ত টুকুৰাটোত সকলো কুমলীয়া পাত ছিঙি পেলাই দিব লাগে। তাকে Black Plucking বুলি কোৱা হয়।

আমাৰ খেতিয়কসকলে হেল’পেলটিছৰ দ্বাৰা হোৱা ক্ষতি চূড়ান্ত পৰ্যায় পোৱালৈ ৰৈ থাকে। তাৰ পিছতহে তেওঁলোকে ল’ব লগা সাৱধানতা অৱলম্বন কৰা দেখা যায়। এটা কথা মনত ৰখা উচিত যে এবাৰ হেল’পেলটিছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত অৰ্থনৈতিকভাৱে লাভান্বিত হোৱা পৰিস্থিতিলৈ পৰিৱৰ্তন হ’বলৈ কমেও এমাহ সময় লাগে। সেয়ে হেল’পেলটিছৰ আৱিৰ্ভাৱ নজৰত আহোতেই নিয়ন্ত্ৰণৰ ব্যৱস্থা হাতত লোৱা বুদ্ধিমানৰ কাম।

কীটনাশক দ্ৰৱ্য ব্যৱহাৰ কৰোতে মন কৰিব লাগে যাতে আক্ৰান্ত স্থানডোখৰত চাৰিওদিশৰপৰা ক্ৰমাৎ ভিতৰলৈ সোমাই স্প্ৰে কৰা হয়। কলম দিয়া সময়ত মাজতে কেইজোপামান গছ প্ৰুণ নকৰাকৈ কেইদিনমান ৰাখি থ’ব লাগে। বিশদভাৱে স্প্ৰে কৰি পিছত কলম দিব লাগে। চাহ খেতিডৰা নিয়মিতভাৱে পৰ্যবেক্ষণ কৰি থকা অতি প্ৰয়োজনীয়। যিবোৰ জাতে বছৰৰ প্ৰথমভাগত পাত দিবলৈ আৰম্ভ কৰে, সেইবোৰ জাতৰ ক্ষেত্ৰত জানুৱাৰী-ফেব্ৰুৱাৰী মাহত পাত ছিগা টেবুলৰ(plucking table) তলত সকলো হেল’পেলটিছ লগা পাত ছিগি পেলাই দিব লাগে।

সাধাৰণতে হেল’পেলটিছ পোক নিয়ন্ত্ৰণৰ বাবে বজাৰত বহু কীটনাশক দ্ৰৱ্য পোৱা যায়। কিন্তু, চাহ খেতিয়কসকলে সদায়ে ভাৰতীয় চাহ ব’ৰ্ডৰ দ্বাৰা অনুমোদিত ৰাসায়নিক দ্ৰৱ্যহে ব্যৱহাৰ কৰা উচিত। ইয়াক PPC বা Plant Protection Code বুলিও জনা যায়। শেহতীয়াকৈ চাহ ব’ৰ্ডে প্ৰকাশ কৰা তথ্য মতে, হেল’পেলটিছ নিয়ন্ত্ৰণৰ বাবে অনুমোদিত ৰাসায়নিক দ্ৰৱ্যবোৰ হ’ল- বাইফেলথ্ৰিন ৮ এছ চি, ক্লোথিয়ানিদিন ৫০ ডব্ৰিউ ডি জি, ভেল্টামেথ্ৰিন ২.৮ ই চি, ডেল্টামেথ্ৰিন ১১ ই চি, কুইনালফছ ২৫ ই চি, কুইনালফছ ২০ এ এফ, ফাৰ্মক্লিপ্ৰিদ ২১.৭ এছ চি, থায়মিথোস্কাম ২৫ ডব্লিউ জি, থায়মিথোস্কাম ১২.৬%+ লেম্বদা চাইহেল’থ্ৰিন ৯.৫%।

জৈৱিকভাৱে হেল’পেলটিছ নিয়ন্ত্ৰণ কৰিবলৈ যোৱা কেইবছৰমানৰপৰা Beauveria bassiana নামৰ এবিধ ভেকুঁৰ ব্যৱহাৰ কৰি সুফল পোৱা পৰিলক্ষিত হৈছে। নিম জাতীয় দ্ৰব্যৰ ভিতৰত আজাদিৰেকটিন ৩০০, ১,৫০০, ৩,০০০, ১০,০০০ আৰু ৫০,০০০ পি পি এম যুক্ত বিভিন্ন দ্ৰৱ্য কিনিবলৈ পোৱা যায়। বহুতে আকৌ ৰাসায়নিক কীটনাশকৰ লগত নিম জাতীয় দ্ৰৱ্য মিহলাই ব্যৱহাৰ কৰিও সুফল লাভ কৰা বুলি জনা যায়।

খেতিডৰাৰ ভিতৰত থকা নলাবোৰ নিয়মিতভাৱে চাফা কৰি থাকিব লাগে, যাতে বৰষুণৰ দিনত পানী চলাচল সূচল হৈ থাকে। ছাঁ দিয়া গছবোৰৰ তলৰপৰা কমপক্ষেও ১৫ ফুট উচ্চতালৈ ডালবোৰ কাটি দিব লাগে প্লাকিং কৰা শাৰীবোৰ মাজে-সময়ে কাটি থাকিব লাগে, যাতে বতাহ আৰু ৰ’দৰ চলাচল থাকে। এনেবোৰ সন্মিলিত পদক্ষেপ সময়মতে আৰু কঠিনভাৱে গ্ৰহণ কৰিলে চাহ খেতিয়কসকলে হেল’পেলটিছৰ উপদ্ৰৱৰপৰা নিজৰ খেটিডৰা সুৰক্ষিত কৰি ৰাখিব পাৰিব বুলি ক’ব পাৰি।

লেখক:ভাস্কৰ পাঠক(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate