অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ গছৰ অনিষ্টকাৰী মাটিত হোৱা পোক-পতংগৰ নিয়ন্ত্ৰণ পদ্ধতিঃ

চাহ গছৰ অনিষ্টকাৰী মাটিত হোৱা পোক-পতংগৰ নিয়ন্ত্ৰণ পদ্ধতিঃ

চমু বিৱৰণ

চাহ গছক আক্ৰমণ কৰা বিভিন্ন প্ৰকাৰৰ অনিষ্টকাৰী কীট-পতংগবোৰৰ ভিতৰত মাটিত বাস কৰা পোকবিলাকো অন্যতম। এনেধৰণৰ পোক-পতংগবিলাকে চাহ গছৰ বিভিন্ন যেনে- শিপা, গুৰি অংশ তথা গা-গছ পৰ্যন্ত আক্ৰমণ কৰি পুলি আৰু পৈণত চাহ গছৰ ব্যাপক অনিষ্টসাধন কৰে। সেয়েহে এনে পোক-পতংগবিলাকৰ সঠিক চিনাক্তকৰণ আৰু আক্ৰমণৰ লক্ষণ নিৰীক্ষণ কৰি সেইবোৰৰ সময়মতে নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা অতি প্ৰয়োজনীয়। এনেধৰণৰ পোক-পতংগবিলাকৰ ভিতৰত কেইটামান অতি অনিষ্টকাৰী পোকৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।

উঁইঃ

চাহ বাগিচাত সচৰাচৰ দুই ধৰণৰ উঁই পোক পোৱা যায়- এবিধে গছৰ জীৱিত বা বাঢ়ি থকা অংশ যেনে- ডাল, গা-গছ আদি আক্ৰমণ কৰিব পাৰে। আনহাতে আনবিধ উঁয়ে চাহ গছৰ বিভিন্ন পচা অংশ খাই জীয়াই থাকে। এইবিধ উঁয়ে সাধাৰণতে ভেঁকুৰজনিত বেমাৰ বা অন্য পোকৰ আক্ৰমণৰ ফলত সৃষ্টি হোৱা পচা বা মৰা ডাল আৰু গা-গছবোৰ লাহে লাহে আক্ৰমণ কৰে। আনবিধ উঁয়ে আকৌ স্বাস্থ্যৱান গছৰ বাকলি ফুটা কৰি ভিতৰলৈ সোমাই গৈ ক্ৰমান্বয়ে গা-গছ বা ডালৰ ভিতৰভাগ খাই ফোঁপোলা কৰি পেলায় বা কেতিয়াবা ডাল আৰু গা-গছডালৰ মাত্ৰ বাকলিখন ৰাখি ভিতৰখন মাটিজাতীয় পদাৰ্থৰে ভৰ্তি কৰি পেলায়। এই দুয়োবিধ উঁয়ে মাটিৰ তলত অসংখ্য সৰু সৰু বাহ সাজি থাকে। এনে একো একোটা বাহত এজনী বা দুজনী ৰাণী থাকে আৰু ৰাণীবোৰে খুব দ্ৰুত হাৰত কণী পাৰি বংশ বিস্তাৰ কৰে। উঁইৰ আক্ৰমণ সাধাৰণতে আগষ্ট-অক্টোবৰ মাহত দেখা যায় যদিও নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহত ইহঁতৰ প্ৰকোপ বৃদ্ধি পায়।

নিয়ন্ত্ৰণ পদ্ধতিঃ

  • জাৰকালি কলম কৰাৰ সময়ত চাহ গছৰ ফ্ৰেমবোৰ ভালদৰে বাচি মৰা, পচা আৰু বেমাৰী ডালবোৰ আঁতৰাই পেলাব লাগে। ডাল, গা-গছ বা গছৰ গুৰিত লাগি থকা মাটিজাতীয় বস্তুবোৰ আঁতৰাই ভালদৰে চাফা কৰা উচিত। কলম কৰা ডালবোৰৰ মুখবোৰত ইণ্ড’পেষ্ট নাইবা কপাৰ অক্সিক্ল’ৰাইড ভালদৰে সানি দিব লাগে। এইক্ষেত্ৰত ট্ৰাইক’ডাৰ্মা নামৰ ভেঁকুৰবিধো ব্যৱহাৰ কৰিব পৰা যায়। বাগিছাখনত যদি মৰা ছাঁ-গছ থাকে, তেনেহ’লে সেইবোৰৰ মূঢ়াবোৰ সম্পূৰ্ণকৈ খান্দি আঁতৰাই পেলোৱা উচিত।
  • চেকচনবিলাকৰ নলাবোৰ উপযুক্তভাৱে দ (১০০ ছেঃ মিঃ) কৰি ৰাখি পানী ভালদৰে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে।
  • বাগিছাখনত অনুমোদিত প্ৰজাতিৰ ছাঁ দিয়া গছ ৰুই সঠিকভাৱে ছাঁৰ ব্যৱস্থা কৰা উচিত।
  • চাহ গছৰ গুৰিৰ পৰা অলাগতিয়াল ঘাঁহ-বনবোৰ উভালি পৰিষ্কাৰ কৰি ৰাখিব লাগে।
  • উঁই পৰুৱা থকা চেকচনবিলাকত মালচিং কৰোতে সাৱধানতা অৱলম্বণ কৰা উচিত।
  • মাটিত থকা উঁই-হাফলুবোৰ ভাঙি তাৰ ভিতৰত থকা ৰাণীজনী উলিয়াই মাৰি পেলাব লাগে।
  • বৰ্তমান যদিও চেণ্ট্ৰেল ইনচেকচিছাইড ব’ৰ্ডৰ দ্বাৰা অনুমোদিত কোনো উঁইনাশক দ্ৰব্য নাই, তথাপি এণ্ডছালফান ৩৫ ই চি নামৰ কীটনাশকবিধৰ ৩৫০ মিঃ লিঃ প্ৰতি ১০০ লিটাৰ পানীত মিহলাই কলম কৰিবলগীয়া চেকচনত উঁইৰ আক্ৰমণৰ প্ৰথম অৱস্থাত ছেপ্তেম্বৰ-অক্টোবৰ মাহত প্ৰয়োগ কৰিব পাৰি। আনহাতে ডিচেম্বৰ-ফেব্ৰুৱাৰী মাহত আক্ৰান্ত গছবোৰৰ ডাল আৰু গুৰিত লাগি থকা মাটিজাতীয় বস্তুবোৰ আঁতৰাই উপৰি উক্ত কীটনাশকবিধ সেই অনুপাতত গছৰ গুৰিৰ চাৰিওফালে মাটি ভালদৰে তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে। ডাল আৰু গা-গছতো এই মিশ্ৰণ প্ৰয়োগ কৰিব পাৰি। কীটনাশক দ্ৰব্য প্ৰয়োগৰ সময়ত মাটিত পৰ্যাপ্ত জেক থাকিলে অধিক সুফল পোৱা যায়। সেয়েহে শুকান বা টান মাটিত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাৰ আগে-পিছে পাতলীয়া ধৰণৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰিলে ভাল।

ককচেফাৰ গ্ৰাবঃ

গুবৰুৱাজাতীয় এই পোকবিধে ঘাইকৈ দুই-তিনিবছৰীয়া পুলি চাহ গছ আক্ৰমণ কৰি অশেষ অনিষ্টসাধন কৰে। এই পোকবিধে সৰু অৱস্থাত (গ্ৰাব)চাহ পুলিৰ গুৰি আৰু শিপা আক্ৰমণ কৰে আৰু পূৰ্ণাংগ অৱস্থাত ছাঁ গছৰ পাতো খাব পাৰে। গ্ৰাববোৰে মাটিৰ ঠিক তলতে চাহ পুলিৰ গুৰিৰ বাকলি ঘূৰণীয়াকৈ বা ঠায়ে ঠায়ে কুটি খাই পেলায়। ফলত আক্ৰমণৰ প্ৰকোপ বৃদ্ধি হ’লে আক্ৰমণ কৰা অংশৰ ঠিক ওপৰত কিছুমান টেমুনাৰ সৃষ্টি হয় আৰু পুলিবিলাক লাহে লাহে মৰি যাবলৈ ধৰে। পোকবিধে মাটিত কণী পাৰে আৰু ১০-১২ দিনৰ পাছত কণী ফুটি পলু ওলায়। গ্ৰাববিলাকে সাধাৰণতে জুন-আগষ্ট মাহত চাহ পুলি আক্ৰমণ কৰা দেখা যায়।

নিয়ন্ত্ৰণ পদ্ধতিঃ

  • চাহ বাগিছাখনৰ অলাগতিয়াল ঘাঁহ-বনবোৰ নিয়ন্ত্ৰণ কৰি মাটি পৰিষ্কাৰ কৰি ৰখা উচিত।
  • কেঁচা বা আধা শুকান গোবৰ-জাৱৰ বাগিছাখনত প্ৰয়োগ কৰিব নালাগে, কিয়নো এনেবোৰ বস্তুত পোকবিধে আশ্ৰয় ল’বলৈ সুবিধা পায়।
  • এপ্ৰিল মাহৰ পৰা চাহ গছৰ গুৰিৰ পৰা মালচিং কৰিবলৈ ব্যৱহাৰ কৰা ঘাঁহ-বনবোৰ ক্ৰমে আঁতৰাই দিব লাগে।
  • পূৰ্ণাংগ অৱস্থাৰ পোকবোৰ এপ্ৰিল-মে’ মাহত কেতিয়াবা ছাঁ গছ, ফেণ্সিঙৰ খুঁটা, লাইট প’ষ্ট আদিত বগাই ফুৰা দেখা যায়। এনে অৱস্থাত এইবোৰ হাতেৰে সংগ্ৰহ কৰি সহজতে ধ্বংস কৰিব পাৰি।
  • এণ্ড’ছালফান্ ৩৫ ই চি বা ক্ল’ৰপাইৰিফচ্ ২০ ই চি নামৰ কীটনাশকৰ ৩৫০ মিঃ লিঃ প্ৰতি ১০০ লিটাৰ পানীত মিহলাই প্ৰস্তুত কৰা দ্ৰৱণৰ ২৫০ মিঃ লিঃ আক্ৰান্ত চেকচনৰ গছবোৰৰ গুৰিৰ মাটি অলপ খুঁচৰি চাৰিওফালে ২-৩ সপ্তাহৰ ব্যৱধানত দুবাৰ প্ৰয়োগ কৰিব লাগে।
  • চাহ গছৰ শাৰীবোৰৰ মাজত মালচিং কৰিবলৈ ব্যৱহাৰ কৰা ঘাঁহ-বনবিলাক মাজে-সময়ে লুটিয়াই ওপৰত উল্লেখ কৰা ৰাসায়নিক দৰব প্ৰয়োগ কৰা উচিত।

শস্য কৃমিঃ

খালী চকুৰে নেদেখা এই শস্য কৃমিবোৰে গুটি, নাৰ্ছাৰীৰ পুলি তথা এবছৰ পৰ্যন্ত চাহপুলিৰ শিপা আক্ৰমণ কৰি অনিষ্টসাধন কৰে। এনে কৃমিৰ আক্ৰমণৰ ফলত শিপাবোৰত অসংখ্য টেমুনাৰ সৃষ্টি হয় আৰু কেতিয়াবা ঘাই শিপাডাল উখহি গেলি যাব পাৰে। ইয়াৰ ফলত পুলিবোৰ বাঢ়িবলৈ এৰে, পাতবোৰ ক্ৰমে হালধীয়া হৈ লেৰেলি যাব পাৰে। কিছুমান শস্য কৃমিৰ আক্ৰমণৰ ফলত শিপাত মটীয়া বা মুগা বৰণীয়া ঘাঁ হয়, ফলত পুলি আৰু পৈণত উভয় গছৰে বৃদ্ধি ব্যাহত হয়। চাহ গছৰ উপৰি এনে শস্য কৃমিবোৰে বাগিছাত হোৱা বিভিন্ন প্ৰকাৰৰ অপতৃণ আৰু ছাঁ-গছৰ শিপাতো আশ্ৰয় ল’ব পাৰে।

নিয়ন্ত্ৰণ পদ্ধতিঃ

  • নাৰ্ছাৰী পাতিবলৈ লোৱা ঠাইৰ মাটি প্ৰথমে পৰীক্ষা কৰোৱা উচিত। এনে মাটিৰ প্ৰতি ১০ গ্ৰামত থকা শস্য কৃমিৰ সংখ্যা ছটা বা ততোধিক হ’লে সেই ঠাইৰ মাটি নাৰ্ছাৰীৰ বাবে অনুপযুক্ত।
  • নাৰ্ছাৰীৰ বেড প্ৰস্তুত কৰাৰ সময়ত মাটিত থকা সকলো ধৰণৰ শিপা বা গছ-বনৰ অৱশিষ্ট অংশবোৰ ভালদৰে আঁতৰাই পেলাব লাগে।
  • নাৰ্ছাৰী বেডবিলাক সদায় অপতৃণমুক্ত কৰি ৰখা উটিত।
  • শস্য কৃমি নিয়ন্ত্ৰণ কৰিবলৈ ফুৰাডন ৩ জি নামৰ ৰাসায়নিক দ্ৰব্যবিধৰ এক গ্ৰাম পুলি ৰোৱাৰ আগত বা পাছত প্ৰতিটো গাঁতত প্ৰয়োগ কৰিব লাগে। প্ৰয়োগৰ পাছত পাতলীয়াকৈ পানী দিব পাৰিলে অধিক সুফল আশা কৰিব পাৰি।

উৎসঃ অসমীয়া খবৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate