অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুণ প্ৰয়োগৰ গুণাগুণ :

চুণ প্ৰয়োগৰ গুণাগুণ :

 

খেতিৰ মাটিত চুণ প্ৰয়োগৰ যথেষ্ট উপকাৰিতা আছে।মাটিত চুণ প্ৰয়োগ কৰিলে মাটিৰ অম্লতা দুৰ হয় আৰু শস্যৰ বাবে আৱশ্যকীয় মৌল খাদ্যৰ যোগান ধৰে।চুণ প্ৰয়োগ কৰাৰ আগতে মাটি পৰীক্ষা কৰাব লাগে।ইয়াৰ উপৰি চুণ প্ৰয়োগ কৰিলে ৰাসায়নিক সাৰ,কীটনাশক দ্ৰব্য আদিৰ বিষাক্ত গুণৰ পৰা মাটিক মুক্ত কৰে।চুণে শস্যৰ শিপা ওলোৱাত সহায় কৰে।চুণ প্ৰয়োগ কৰিলে এলুমিনিয়াম,লো,মেংগানিজ আদি বিষাক্ত পদাৰ্থৰ পৰিমাণ কমি যায়,ফলত শস্য ভাল হয়।চুণ প্ৰয়োগ কৰিলে মাটিত থকা পোক-পৰুৱা আদি ধ্বংস হয়।চুণে শস্যৰ বাবে আৱশ্যকীয় খনিজ পদাৰ্থ মেগনেছিয়াম,কেলছিয়াম আদিৰ যোগান ধৰে।চুণ প্ৰয়োগ কৰিলে ৰসায়নিক আদিৰ যোগান ধৰে।চুণ প্ৰয়োগ কৰিলে ৰসায়নিক সাৰৰ ব্যৱহাৰ অধিক ফলপ্ৰসু হয়।চুণ প্ৰয়োগৰ ফলত হিউমাচৰ সৃষ্টি হয় যি শস্যৰ বাবে যথেষ্ট উপকাৰী।গতিকে চুণ মাটি তথা শস্যৰ বাবে পৰম উপকাৰী।

উৎস: ৰাইজৰ বাতৰি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate