অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চৰহা পোক আৰু নিয়ন্ত্ৰণ ব্যৱস্থা

ধানখেতিত চৰহা পোক নামৰ ক’লা ৰঙৰ কাঁইটীয়া গুৱৰুৱা জাতীয় কীটৰ মাৰাত্মক উপদ্ৰৱৰ ফলত অসমত প্ৰতি বছৰে এক বুজন পৰিমাণৰ উৎপাদন হ্ৰাস হৈছে৷ এই বিধংশীকাৰী পোকটোৰ সমগ্ৰ অংশ কাঁইটেৰে ভৰা৷ ইয়াৰ পলু আৰু প্ৰাপ্তবয়স্ক পোকবোৰে সাধাৰণতে কঠীয়া বা কোমল ধান গছৰ পাতবিলাক সেউজীয়া অংশ বিশেষ খাই নষ্ট কৰে৷ পলুবিলাক পাতৰ ভিতৰতেই ডাঙৰ হৈ লেটা বান্ধে৷ কণীৰ পৰা পূৰ্ণাঙ্গ অৱস্হা পাবলৈ ক্ৰমেও তিনিৰ পৰা পাঁচ সপ্তাহ সময় লাগে৷ এই হিচাবত প্ৰতিটো খেতিৰ বতৰত দুটা বা চাৰিটাকৈ বংশ বৃদ্ধি হ’ব পাৰে ৷ ধাননি পথাৰ মাৰাত্মক ভাবে আক্ৰমিত হ’লে পথাৰবোৰ বগা পৰি জ্বলি যোৱাৰ দৰে হয়৷

পলু আৰু গুৱৰুৱা বিলাক অতি সহজে এখন পথাৰৰ পৰা আন এখনলৈ বিয়পি পৰে ৷ কম বেছি পৰিমাণে সকলো ধানৰ জাতকে এই পোকে আক্ৰমণ কৰে৷ সেয়ে এখন পথাৰত চৰহা পোকৰ আক্ৰমণ দেখাৰ লগে লগে সমীপবৰ্ত্তী সকলো পথাৰতে নিবাৰণমূলক ব্যৱস্হা গ্ৰহণ কৰিব লাগে৷ বিশেষ মন কৰিবলগীয়া যে এই পোকে ঘাঁহজাতীয় উৰি দল, বিনয়, ববছা আদি বিভিন্ন ঘাঁহবিলাকত বংশ বৃদ্ধি কৰি সিহঁতক বংশক্ৰম ৰক্ষা কৰিব পাৰে৷ সাধাৰণতে ফাগুণ (ফেব্ৰুৱাৰী – মাৰ্চ) মাহত উল্লেখিত ঘাঁহবিলাকত প্ৰথমে চৰহা পোকবোৰে বংশ বৃদ্ধি কৰি ক্ৰমাম্বয়ে ধাননি পথাৰলৈ বিয়পি পৰে৷

নিয়ন্ত্ৰণৰ উপায়

(১)চৰহা পোকৰ দ্বাৰা আক্ৰান্ত পথাৰবিলাকৰ নৰা বিলাক পুৰি বা অন্য উপায়েৰে নষ্ট কৰিব লাগে, কিয়নো ধানৰ মূঢ়া নাইবা শিপাত চৰহা পোকৰ পূৰ্ণাঙ্গ গুৱৰুৱা বিলাকে শতিকালত অতিবাহিত কৰে ৷ সেয়েহে শালিখেতিৰ পাচত আহুখেতি কৰিলে বিশেষভাৱে আক্ৰান্ত অঞ্চলৰ নৰাবিলাক পুৰি পেলাব লাগে ৷

(২) পথাৰত গহৰা ধানপুলিবোৰ আৰু মুঢ়াৰ পৰা গজা পুলিবোৰ নষ্ট কৰিবৰ বাবে বহাগ বিহুৰ পাচৰ পৰাই মাটি দ’কৈ চহাব লাগে৷ ইয়াৰ ফলত চৰহা পোকৰ খাদ্যৰ অভাবহৈ বংশ বৃদ্ধিত বাধাগ্ৰস্ত হয় ৷

(৩) চৰহা পোক বিলাকে বছৰত ধান নথকা সময়ছোৱাত দলনি আৰু পিতনিত থকা দল, উৰিদল, বাহঁপতীয়া আদি ঘাঁহবিলাকত ফেব্ৰুৱাৰী – এপ্ৰিললৈ (মাঘ মাহৰ পৰা বহাগলৈ) বংশ বৃদ্ধি কৰে ৷ এনে ধৰণৰ ঘাঁহবিলাক ৰ্মাচ মাহৰ ভিতৰত নষ্ট কৰিব লাগে৷

(৪) কঠীয়া তোলাৰ ৫-৭ দিনমান আগতে কাৰ্বফুৰন ৩-জি কঠীয়া তলীৰ প্ৰতি বৰ্গ মিটাৰত ৩ গ্ৰামকৈ ছতিয়াব লাগে ৷ ইয়াৰ লগতে তলী ডৰা জীপাই ৰখাৰ ব্যৱস্হা লব লাগে ৷ এনে ব্যৱস্থা গ্ৰহণ কৰিলে ধানৰ কঠীয়া বিলাক ২০-২৫ দিন পৰ্য্যন্ত প্ৰাৰম্ভিক কীট-পতঙ্গৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিব ৷

(৫) পৰাপক্ষত ব্যাপক অঞ্চলত চৰহা প্ৰতিৰোধী ধানৰ জাত ব্যৱহাৰ কৰিব লাগে ৷ মনোহৰ শালি, গুবিন্দ, বৰো-১, গেৰেম শালি আদি জাতৰ কিছু পৰিমাণে চৰহাৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে ৷

(৬) ৰোৱাৰ আগতে কঠীয়া বিলাকৰ আগ কাটিব লাগে আৰু এই বিলাক ততালিকে গৰু-মহক খাবলৈ দি বা অন্য উপায়েৰে নষ্ট কৰিব লাগে ৷ কিয়নো চৰহা পোক আৰু অন্যান্য প্ৰায়বিলাক ধানৰ অনিষ্টকাৰী কীট পতঙ্গই পাতৰ আগ অংশত কণী পাৰে ৷

(৭) মাৰাত্মকভাবে চৰহা পোকে আক্ৰমণ কৰা ৰোৱাবিলাকৰ আগ অংশ কাটি নষ্ট কৰিব লাগে ৷ এনেদৰে কটা অংশ পথাৰত কেতিয়াও পেলাব নালাগে ৷ এনে কৰিলে পাতৰ পৰা পলুবোৰ ওলাই গৈ পুনৰ ধান গছত আক্ৰমণ কৰিব পাৰে ৷

(৮) পথৰুৱা আলিত আৰু পথাৰৰ ওচৰে-পাজৰে ও মাজত থকা ঘাঁহজাতীয় সকলোবোৰ বন-বাত আঁতৰাই পৰিষ্কাৰ কৰি ৰাখিব লাগে৷ কাৰণ এনেধৰণৰ সকলোবোৰ বন-বাতেই চৰহা পোকৰ বিকল্প খাদ্য আৰু বংশ বৃদ্ধিৰ স্থল ৷

(৯) কেতবোৰ চৰাই, মকৰা, পতঙ্গভোজী কীট আদিয়ে চৰহা পোক ভক্ষণ কৰি প্ৰাকৃতিক ভাবে চৰহাৰ বংশ নিয়ন্ত্ৰণ কৰি ৰাখে ৷ গতিকে এনে ধৰণৰ পতঙ্গভোজী জীৱ বোৰক উৎসাহিত কৰিব পৰা ব্যৱস্থা কৰিব লাগে ৷

(১০) ঘৰৰ কাষৰ পথাৰবিলাক চৰহা পোকৰ আক্ৰমণ আৰম্ভ হলে লগে লগে হাঁহ চৰিবলৈ দিব লাগে ৷ হাঁহে এই পোক বিলাক খোৱাৰ উপৰিও অন্যান্য অনিষ্টকাৰী কীট-পতঙ্গও ভক্ষণ কৰে ৷

(১১) জৈৱিক নিয়ন্ত্ৰণ উপায় হিচাবে বিউভেৰীয়া বেচিয়ানা নামৰ ভেঁকুৰবিধ চৰহা পোক নিয়ন্ত্ৰণৰ বাবে কামত লগোৱা হৈছে ৷ ইয়াক এক বিশেষ মধ্যমত বংশ বৃদ্ধি কৰা হয় ৷ প্ৰতি ৪০০-৭০০ লিটাৰ পানীত তিনি কিলোগ্ৰাম উক্ত ভেঁকুৰ বাহক মাধ্যমটি মিহলি কৰি প্ৰতি হেক্টৰ মাটিত ছতিয়াব লাগে৷

সমযোগীকৈ কৰিবলগীয়া ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ

পথাৰত প্ৰতিজোপা ধান গছত এটাতকৈ অধিক চৰহা পোকৰ পলু বা পূৰ্ণাঙ্গ গুবৰুৱা দেখাৰ লগে লগে তলত উল্লেখ কৰা নিৰিখত কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগে৷

 

দৰবৰ নাম

দৰবৰ পৰিমাণ প্ৰতি হেক্টৰত

পানীৰ পৰিমাণ

শক্তিচালিত স্প্ৰেয়াৰ

হস্তচালিত স্প্ৰেয়াৰ

ফচফামিদন (ডাইমেক্ৰন ১০০ ই চি)

৬৫০ মি: লি:

১২৫ লিটাৰ

৭০০ লিটাৰ

ক্লৰোপাইৰিফচ  (ডাৰ্চবেন ২০ ই চি)

১০০০ মি:লি:

১২৫ লিটাৰ

৭০০ লিটাৰ

কুইনালফচ (ইকালাক্স ২৫ ই চি)

১৫০০ মি:লি:

১২৫ লিটাৰ

৭০০ লিটাৰ

ফচালন (জোলন ৩৫ ই চি)

১৪৫০ মি:লি:

১২৫ লিটাৰ

৭০০ লিটাৰ

ডাইক্লৰ’ভচ (নুভান ১০০ ই চি)

৫০০ মি:লি:

১২৫ লিটাৰ

৭০০ লিটাৰ

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate