অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জাকৰুৱা পোকৰ আক্রমণৰ আঁতধৰি :

 

জাকৰুৱা পোক (Swarming caterpillar বা Army worm)  শস্যৰ এবিধ গৌণ অনিষ্টকাৰী পোক। কিন্তু এই গৌণ পোকবিধে বিগত বছৰত অসমৰ প্রায় সকলোকেইখন জিলাৰ ধাননিত যি ৰূপ ধাৰণ কৰিলে তাক দেখি ৰাজ্যৰ প্রতিজনলোক স্তম্ভিত হৈ পৰিছিল। খেতি-পথাৰত দেখা দিয়া কীট-পতংগ সময়ত কেনে ভয়াবহ হৈ উঠিব পাৰে তাৰ ই এক জলন্ত উদাহৰণ। সুখৰ কথা যে আৰু অধিক ক্ষতিসাধন কৰাৰ আগেয়ে জাকৰুৱা পোক ৰোধ কৰিব পৰা গ’ল আৰু কৃষকসকলেও কিছু সকাহ পালে। কিন্তু পোকবিধৰ এনে ৰূপ দেখি আমি যি শিকিলো তাৰ আঁতধৰি শস্যৰক্ষাৰ কেতবোৰ অতি প্রয়োজনীয় দিশৰ বিষয়ে আলোচনা কৰাৰ প্রয়োজন বোধ কৰিছোঁ।

খেতি পথাৰত কীট-পতংগ

এডৰা শস্যত নানানবিধ কীট –পতংগই দেখা দিয়ে। বিভিন্ন সময়ত আবির্ভাৱ হোৱা এই কীট-পতংগবোৰৰ কিছুমানে আশ্রয় বা জিৰণি ল’বলৈ শস্যত পৰেহি ; শস্যৰ একো অনিষ্ট নকৰে। আনহাতে এনে কিছুমান কীট-পতংগ আছে যিবোৰে খাদ্যৰ অন্বেষণত আহি শস্য ডৰাত পৰেহি। এনে কীট-পতংগৰ আকৌ দুটা ভাগ দেখা যায়। এবিধে খাদ্য হিচাপে আন কীট-পতংগ ভক্ষণ কৰে আৰু আনবিধে শস্যৰ বিভিন্ন অংগৰপৰা খাদ্য আহৰণ কৰে। প্রথমবিধ পতংগভোজী হোৱা হেতুকে এইবোৰক শস্যৰ উপকাৰী কীট (Beneficial insect) বোলা হয়। আনহাতে দ্বিতীয়বিধ তৃণভোজী বাবে শস্যৰ হানি হয়, যাৰ বাবে উৎপাদন কম-বেছি পৰিমাণে হ্রাস পায়। এইবোৰ শস্যৰ অনিষ্টকাৰী কীট (Harmful insect)। গতিকে বুজিব পৰা গ’ল যে শস্যত দেখা দিয়া প্রতিবিধ কীট-পতংগই অনিষ্টকাৰী নহয়। এইখিনিতে কৈ লৈছোঁ যে কীট-পতংগৰ উপৰিও বিভিন্ন কাৰকৰ যেনে:- এন্দুৰ-নিগনি, ৰোগ-ব্যধি, অপতৃণ,  আদিৰ বাবেও শস্যৰ উৎপাদন হ্রাস পায়। উৎপাদনত ব্যার্ঘাত জন্মোৱা এনে কাৰকবোৰক বুজাবলৈ ইংৰাজীত Pest শব্দটো ব্যৱহাৰ হয়। আমাৰ এই আলোচনা অনিষ্টকাৰী কীট- পতংগকলৈ কৰা হ’ব যদিও কথাবোৰ আন কাৰকবোৰৰ ক্ষেত্রটো প্রায় সমানেই প্রযোজ্য।

এডৰা শস্যত নানানবিধ অনিষ্টকাৰী কীট-পতংগই দেখা দিয়ে। কিন্তু এই সকলোবোৰ সমানে অনিষ্টকাৰী নহয়। সেয়ে শস্যত কৰা ক্ষতিলৈ লক্ষ্য কৰি  কিছুমানক কম অনিষ্টকাৰী অর্থাৎ গৌণ অনিষ্টকাৰী কীট (minor pest) আৰু আন কিছুমানক বেছি অনিষ্টকাৰী অর্থাৎ মূখ্য অনিষ্টকাৰী কীট (major pest) বুলি ধৰা হয়। আনহাতে গৌণ অনিষ্টকাৰী কীটবোৰো সকলো সময়তে গৌণ হৈ নাথাকি বিভিন্ন কাৰণত মূখ্য অনিষ্টকাৰী কীট হৈ পৰিব পাৰে। এনেবোৰ কীটক সাম্ভাব্য অনিষ্টকাৰী কীট (Potential pest) বুলি কোৱা হয়। কীট-পতংগবোৰক এনেদৰে ভাগ কৰাৰ উপৰিও খেতি-পথাৰত ইহঁতৰ আৱির্ভাবলৈ লক্ষ্য কৰি sporadic pest, regular pest আদি হিচাপেও গণ্য কৰা হয়।

হঠাৎ ইমানবোৰ জাকৰুৱা পোক?

এটা গোছাতে ইমানবোৰ পলু? ক’ৰ পৰা আহিল এইবোৰ?? গোটেই ধাননীডৰা খাই শেষ কৰিলে । কৃষকে পথাৰত জাকৰুৱা পোকবোৰ দেখি কৰা প্রাৰম্ভিক প্রতিক্রিয়া আছিল এনেধৰণৰ। কিন্তু সচাঁকৈয়ে পোকবোৰ এইদৰে  হঠাৎ আহি মহামাৰি ৰূপত দেখা দিলেহি জানো? নিশ্চয় এৰাতিৰ ভিতৰতে ক’ৰবাৰ পৰা আহি এখনৰ পাছত আন এখন পথাৰ তহিলং কৰাহি নাই। জাকৰুৱা পোকৰ দৰে এনে বহুবোৰ কীট-পতংগ আছে যিবোৰ অতি সীমিতভাৱে পথাৰত থাকে; শস্যৰ বিশেষ ক্ষতি নকৰে। অর্থাৎ ইহঁত গৌণ অনিষ্টকাৰী কীট। কিন্তু প্রিয় খাদ্য, অনুকুল জলবায়ু আৰু প্রাকৃতিক শত্রুৰ অনুপস্থিতিত ইহঁতৰ সংখ্যা কেতিয়াবা অস্বাৱাভিকভাৱে বাঢ়ি যায়। জাকৰুৱা পোকৰ খাদ্যৰ তালিকাখন বৰ দীঘল। এনে দীঘল খাদ্য তালিকা থকা কীটবোৰক বহুভক্ষী (Polyphagous) কোৱা হয়। কৃষিতন্ত্রত এনে বহুভক্ষী কীট অনেক আছে। খাদ্যৰ অভাৱ নঘটে বাবে এনে কীটবোৰ বছৰৰ প্রায় সকলো সময়তে দেখা যায়। কিন্তু জীৱন-চক্রৰ বিভিন্ন পর্যায় পূর্ণ কৰিবৰ বাবে আৱশ্যক হোৱা জলবায়ু ইহঁতৰ অনুকুল নহ’লে, উপযুক্ত খাদ্যৰ বর্তমানতো কীটবোৰৰ বংশ বৃদ্ধিত বাধাৰ সৃষ্টি হয়। ইয়াৰ উপৰিও বিভিন্ন প্রাকৃতিক শত্রু যেনে:- চৰাই-চিৰিকটি, পতংগভোজী কীট, ৰোগ-ব্যাধি আদিৰ বাবেও কৃষিতন্ত্রত অনিষ্টকাৰী কীট-পংতগৰ সংখ্যা বিপদজনকভাৱে বাঢ়িব নোৱাৰে। আমাৰ অলক্ষিতে প্রকৃতিত চলি থকা এনে কার্যবোৰৰ বাবে প্রকৃতিত জীৱকুলৰ মাজত এক ভাৰসাম্য বর্তি আছে। কিন্তু কিবা কাৰণত যদি প্রাকৃতিক ভাৰসাম্য বিনষ্ট হয় তেন্তে কোনো কোনো উদ্ভিদ কিম্বা প্রাণীৰ সংখ্যা বাঢ়ি যায় আৰু সময়ত পুনৰ কম হৈ স্বাভাৱিক ৰূপ পায় এয়াই প্রকৃতিৰ নিয়ম।

কীট-পতংগবোৰো পাৰিস্থিতিতন্ত্রৰ অংগ। সেয়ে খেতি-পথাৰত ইহঁতৰ সংখ্যা বঢ়া-টুটাৰ দিশটো অধ্যয়ন কৰিবলৈ যাওঁতে প্রকৃতিত ঘটি থকা বিভিন্ন ঘটনালৈ লক্ষ্য কৰিব লাগিব। বিগত বছৰত দেখা দিয়া জাকৰুৱা পোকৰ বিভিষিকাৰ(?) বিষয়ে বুজিবলৈ যাওঁতে সেই সময়চোৱাৰ কৃষিকার্যৰ লগতে জলবায়ুৰ কথাখিনি জুকিয়াই চোৱাৰ প্রয়োজন। ধানখেতিৰ বাবে মাটি অতি কমেও চাৰিবাৰ চাহ কৰাটো আৱশ্যক। কথাতে কয় “ষোল চাহে মূলা, তাৰ অর্ধেক তুলা; তাৰ অর্ধেক ধান, বিনা চাহে পাণ”। এই কৃষিকার্য কৃষকে ফাগুন-চ’তৰ পৰা আৰম্ভ কৰে। দ’কৈ দিয়া প্রথম চাহটোৱে পাছৰ কৃষিকার্যবোৰ সুচাৰুভাৱে কৰাত সুবিধা কৰি দিয়াৰ লগতে শীতকালত মাটিৰ তলত সুপ্ত অৱস্থাত থকা কীট-পতংগবোৰ উন্মূক্ত কৰে। এনে কীটবোৰৰ বেছি ভাগ ৰ’দ-বৰষুণৰ কবলত পৰাৰ লগতে চৰাই-চিৰিকতিৰ খাদ্য হয়। ইয়াৰ পাছৰ কৃষিকার্যবোৰেও মাটিডোখৰ খেতিৰ উপয়োগী কৰি তোলাৰ উপৰিও কীট-পতংগৰ বংশ বৃদ্ধিত বাধা জন্মায়। কিন্তু দেখা যায় যে আজি কিছু দিনৰপৰা পথাৰ প্রস্তুত কৰা কার্যটোত বহুতো কৃষকে কম গুৰুত্ব দিবলৈ লৈছে। প্রথম চাহটো প্রায়বোৰ কৃষকে বহুত পলমকৈ দিয়ে, যাৰ বাবে শীতকালত সুপ্ত হৈ থকা কীটবোৰৰ অধিকাংশই ব’হাগ-জেঠত বংশ বিস্তাৰ কৰিবলৈ সুবিধা পায়। ইয়াৰ পাছৰ কৃষিকার্যবোৰটো হীন-দেৰি হ’বলৈ লৈছে। জাকৰুৱা পোকৰ কবলত পৰা প্রায় সকলো পথাৰতে এনে হোৱা দেখা গৈছিল, যাৰ বাবে কৃষকে পথাৰ প্রস্তুত কৰাৰ পূর্বেই  মাটিৰ তলত সুপ্ত অৱস্থা্ত থকা বহুবোৰ কীট-পতংগই পূর্ণাংগ ৰূপ ধাৰণ কৰি পথাৰত থিতাপি লয়। বহুভক্ষী কীটবিধৰ খাদ্যৰ অভাৱ নঘটে। আনহাতে জলবায়ু বংশ বিস্তাৰৰ বাবে ক্রমে উপযোগী হৈ আহিল। পথাৰত প্রাকৃতিত শত্রু চৰাই-চিৰিকটি আদিৰ অবর্তমানত ইহঁতৰ সংখ্যা বাঢ়ি গ’ল। এই সময়চোৱাত পথাৰলৈ যি হাৰত তাঁত-বাতি হ’ব লাগিছিল সেয়াও নহ’ল। আৰু এদিন যেতিয়া পোকবোৰ দেখা গ’ল তেতিয়ালৈ বহুত পলম হৈ গ’ল।  আনহাতে এই সময়তে ৰাজ্যখনৰ এক বিস্তৃত অঞ্চল বানপানীৰ কবলত পৰে। নদ-নদীৰ বাঢ়নী পানীয়ে পলস আদি কঢ়িয়াই অনাৰ লগতে বহুতো কীট-পতংগৰ লেটা-পলু আনি পথাৰবোৰত মেলি দিয়েহি। এইবোৰৰ ভিতৰত জাকৰুৱা পোক অন্যতম। সময়ত এই লেটা-পলুবোৰৰপৰা পোকবিধৰ বংশ বিস্তাৰ হ’বলৈ ধৰে আৰু আমাৰ কিছু অপকর্মৰ লগতে অৱহেলাৰ বাবে গৌণ অনিষ্টকাৰী হিচাপে গণ্য কৰা জাকৰুৱা পোকে মূখ্য অনিষ্টকাৰীৰ ৰূপ ধাৰণ কৰে। ফলাফল সর্বজনৰে বিদিত।

জাকৰুৱা পোকৰ বাবে হোৱা ক্ষয়-ক্ষতি :-

আগেয়ে কৈছো যে জাকৰুৱা পোক এবিধ গৌণ অনিষ্টকাৰী কীট। আনহাতে ই এবিধ সাম্ভাব্য অনিষ্টকাৰী কীট (Potential pest)। যোৱাটো বছৰত কেতবোৰ কাৰণৰ বাবে ই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। কিন্তু এনে হোৱাৰ পাছত আমাৰ ক্ষয়-ক্ষতি কিমান হ’ল ? যি সময়ত কীটবিধৰ বিৰূদ্ধে ব্যৱস্থা গ্রহণ কৰা হৈছিল তেতিয়ালৈ পলুবোৰে আক্রান্ত গোছাবোৰৰ পাত খাই যথেষ্ট অনিষ্ট কৰিছিল। পথাৰৰ এনে অৱস্থাত দুজন কৃষি বিজ্ঞানীয়ে দুখন জিলাত পৃথকে পৃথকে দুটা সৰু পৰীক্ষা কৰি কিছু তথ্য আহৰণ যত্ন কৰে। লক্ষীমপুৰ আৰু যোৰহাট দুয়োখন জিলাত শুঁৰপোকৰ আক্রমণ হৈছিল। সেয়ে ডঃ প্রবাল শইকীয়া আৰু মৌচুমী ফুকনে ক্রমে লক্ষীমপুৰ আৰু যোৰহাটত জিলাত জাকৰুৱা পোকৰ বাবে হ’ব পৰা ক্ষয়-ক্ষতিৰ পৰিমাণৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলে। লক্ষীমপুৰৰ পৰীক্ষাত দিচাং নামৰ হস্র কৃষিকালৰ (<১০০ দিন) জাতটো ব্যৱহাৰ হোৱাৰ বিপৰীতে যোৰহাটৰ হোৱাৰ বিপৰীতে যোৰহাটৰ টিয়কত ৰঞ্জিৎ নামৰ দীর্ঘ কৃষিকালৰ (>১৫০ দিন) জাতটো ব্যৱহাৰ হৈছিল। পৰীক্ষা দুটাৰ ফলাফল তলত দিয়া হ’ল:-

জাত আক্ৰমণৰ পৰিমাণ

ৰঞ্জিৎ

দিচাং

১০ %

৫৪.০০

৪৩.৪০

৭০-৮০%

৪৪.৮০

৩৫.০০

পাৰ্থক্য

৯.২০

৮.৪০

% হ্ৰাস

১৭.০৩%

১৯.৩৫%

ব্যৱস্থাপনা :- ১) ক্লৰ’পাইৰিফচ ২০ ইচিৰ এচামুচ প্ৰতি ৫ লিটাৰ পানীত মিহলাই প্ৰয়োগ; ১৫ দিনৰ অন্তত দ্বিতীয় প্ৰয়োগ ২) পৰ্যাপ্ত পৰিমাণত জেং পুতি দিয়া

 

 

 

তালিকাখনৰপৰা বুজিব পৰা গৈছে যে জাকৰুৱা পোকৰ আক্রমণৰ মাত্রা ৭০-৮০% হোৱাৰ পাছতো যথাযথ ব্যৱস্থা গ্রহণ কৰি উৎপাদন হ্রাসৰ পৰিমাণ সীমিত কৰিব পৰা গ’ল। সেই সময়ত ঘনাই কৰা পথাৰ নিৰীক্ষণৰ লগতে থলুৱা আৰু ৰাসায়নিক ব্যৱস্থাৰপনাৰ সমন্বয়ত এয়া সম্ভৱ হৈ উঠিল। জাকৰুৱা পোকৰ বিভিষিকাই দেখা দিয়া অঞ্চল সমূহতো কৃষি বিভাগৰ ফালৰপৰা অনুৰূপ ব্যৱস্থা গ্রহণ কৰাৰ বাবে কৃষক ৰাইজে সকাহ পালে। পৰৱর্তী সময়ত কোনো অঞ্চলৰপৰা কেৱল জাকৰুৱা পোকৰ আক্রমণৰ বাবে ধানৰ উৎপাদন কম হোৱাৰ বাতৰি পোৱা নগ’ল। ৰজা- প্রজা সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে।

আমি কি শিক্ষা লাভ কৰিলোঁ ?

১) কীট-পতংগবোৰ পাৰিস্থিতিতন্ত্রৰ অংগ। প্রকৃতিত ইহঁতৰ সংখ্যা প্রকৃতিৰ নিয়ম অনুসৰি বঢ়া-টুটা কৰে। এই নিয়মত ব্যাঘাট জন্মিলে ইহঁতৰ বংশ বৃদ্ধিত প্রভাৱ পৰে, যাৰ বাবে প্রায় ক্ষেত্রতে সংখ্যা অস্বাভাৱিকভাৱে বাঢ়ি যায়।

২) খাদ্য উৎপাদনৰ বাবে গ্রহণ কৰা বেছি ভাগ কৃষিকার্যই প্রাকৃতিৰ নিয়মত কম-বেছি পৰিমাণে ব্যার্ঘাট জন্মায়। সেয়ে এনে কার্যবোৰ কৰিবলৈ যাওঁতে পার্যমানে সাৱধান হোৱা উচিত।

৩) উপকাৰী আৰু অপকাৰী দুয়োবিধ কীট-পতংগক চিনি লোৱাটো একান্ত প্রয়োজন। ইয়াৰ লগতে মূখ্য আৰু গৌণ অনিষ্টকাৰী কীটৰ বিষয়ে সম্যক জ্ঞান থকাৰ দৰকাৰ।

৪) অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্রণৰ কৌশলবোৰ যথাযথভাৱে প্রয়োগ কৰাত গুৰুত্ব দিব লাগে আৰু এই ক্ষেত্রত থলুৱা কৌশলবোৰেও সমানে প্রাধান্য পোৱা উচিত।

৫) নিয়মিত পথাৰ পৰিদর্শন কৰাটো কৃষিকর্মৰ অন্যতম দিশ বুলি বিবেচিত কৰাৰ লগতে  শস্যৰক্ষাৰ ক্ষেত্রত ইয়াক প্রথম পদক্ষেপ হিচাপে গণ্য কৰিব লাগিব। কাৰণ নিয়মিত পথাৰ পৰিদর্শন অভাৱত অনিষ্টকাৰী কীট-পতংগই বংশ বিস্তাৰ কৰি মহামাৰী ৰূপ ধাৰণ কৰাৰ পূর্ণ সম্ভাৱনা থাকে।

লেখক :- ডঃ চাদিকুল হুছেইন

উৎস :- সেউজী ধৰণী

 

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate