অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জুন মাহৰ কীট-পতংগৰ ব্যৱস্থাপনা :

জুন মাহৰ কীট-পতংগৰ ব্যৱস্থাপনা :

 

এই মাহৰ কৃষি বিষয়ক পৰামৰ্শৰ বাবে আমি অসম বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ ক্ৰমে ড° দিলীপ কুমাৰ শইকীয়া, ড° পুলিন পাটগিৰি, ড° ৰাতুল কুমাৰ বৰা, ড° ছাহিদুৰ ৰহমান আৰু ড° মুকুল কুমাৰ ডেকাৰ কাষ চাপিছিলোঁ। তেওঁলোকে আগবঢ়োৱা দিহা-পৰামৰ্শসমূহ তলত উল্লেখ কৰিলোঁ:

*মাহজাতীয় শস্য সংৰক্ষণ কৰিবলৈ হ’লে শস্যখিনি ভালদৰে ৰ’দাই, ছাঁত চেঁচা কৰি মৰাপাট বা তেনেধৰণৰ বস্তাৰ ভিতৰভাগত পলিথিনৰ আস্তৰণ দি, শস্যখিনিৰ প্ৰতি কিলোগ্ৰামত ৩ গ্ৰাম পৰিমাণৰ জালুকৰ গুৰি ভালদৰে মিহলাই ভৰাই ৰাখিলে ব্ৰুকিডৰ আক্ৰমণৰপৰা বহুখিনি সকাহ পোৱা যায়।

*জেঠ মাহত বায়ৱীয় উষ্ণতা বৃদ্ধিৰ লগে লগে ভেণ্ডী, বিন, ছয়াবিন, লেছেৰা মাহ, তিঁয়হ, জিকা আদি পাচলিৰ লগতে গোলাপ, জাৰবেৰা, ইন্দ্ৰমালতী আদি ফুলৰ গছত দ্বৈত ফুটুকাযুক্ত ৰঙা চাঁহি (Two spotted spider mite)ৰ আক্ৰমণ দেখা দিব পাৰে। পলিহাউছৰ ভিতৰত যিসকল কৃষকে খেতি কৰিছে, তাতো এই চাঁহিৰ আক্ৰমণ দেখা যাব পাৰে। এই চাঁহি নিবাৰণৰ বাবে এক চাহচামুচ নিমাজল দৰব প্ৰতি দুই লিটাৰ পানীত মিহলাই ছটিয়াব লাগে।

*চাহগছত ৰঙা চাঁহি, হেল’পেল্টিচ, মোৱাপোক, চগা, ওকণি আদিৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হ’লে প্ৰফেন’ফচ ৫০ ই চি নামৰ ৰাসায়নিক কীটনাশক ১ চাহ চামুচ প্ৰতি পাঁচলিটাৰ পানীত মিহলাই গছৰ পাতত ছটিয়াব লাগে।

*বৰ্তমান বাৰিষা আৰম্ভ হোৱাৰ লগে লগে প্ৰকৃতিত ফুলৰ সংখ্যা কমি যোৱাৰ ফলত মৌ-মাখিৰ বাবে প্ৰয়োজনীয় মৌ আৰু ৰেণুৰ অভাৱ ঘটে। গতিকে মৌ-বাহবোৰ সবল কৰি ৰাখিবলৈ, কৃত্ৰিম আহাৰ যেনে- ২০০ গ্ৰাম গোটা মগু নিশাটো তিয়াই থৈ পুৱা ৰস উলিয়াই ইয়াক ১ লিটাৰ পানীত ৫০০ গ্ৰাম চেনিৰে সৈতে মিহলাই খাবলৈ দিয়া বাঞ্ছনীয়। এনে কৃত্ৰিম আহাৰ প্ৰতি সপ্তাহৰ অন্তৰালত বৰষুণৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি প্ৰয়োগ কৰা যুগুত।

*পাচলি শস্য ৰোপণৰ পূৰ্বেই মাটিডোখৰ ভালদৰে চহাই লোৱা আৱশ্যক। ইয়াৰ ফলত মাটিৰ তলত আশ্ৰয় লৈ থকা, পলু বা লেটা স্তৰৰ কীট-পতংগক পৰভোজী জীৱৰদ্বাৰা ধ্বংস কৰিব পাৰি। কীট-পতংগৰ আক্ৰমণ ৰোধ কৰিবলৈ সক্ষম জাত নিৰ্বাচন কৰি খেতি কৰা উচিত। পাচলিৰ বাগিচাখনৰ পৰা আৰম্ভণি অৱস্থাত কীট-পতংগই আক্ৰমণ কৰা পুলিবোৰ উভালি নিৰাপদ স্থানত পুৰি বা পুতি পেলালে কীট-পতংগৰ বংশবৃদ্ধি ৰোধ হয়। পাচলিজাতীয় শস্যৰ বাবে প্ৰয়োজনীয় সাৰ-জাবৰ সঠিক মাত্ৰাত, সঠিক সময়ত প্ৰয়োগ কৰিলে শস্যৰ শ্ৰীবৃদ্ধি ঘটে আৰু কীট-পতংগৰ আক্ৰমণৰ বিৰুদ্ধে উদ্ভিদজোপাই প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ সক্ষম হয়। মাত্ৰাধিক নাইট্ৰ’জেনযুক্ত সাৰে কীট-পতংগৰ আক্ৰমণ বৃদ্ধি কৰাৰ বিপৰীতে পটাছ সাৰ প্ৰয়োগে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শস্যাৱৰ্তনৰ যোগেদিও কীট-পতংগৰ আক্ৰমণ হ্ৰাস কৰিব পাৰি।

উৎস: দৈনিক অসম(ড° আটাউৰ ৰহমান, ৰুদ্ৰ নাৰায়ণ বৰকাকতি)

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate