অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তাম্ৰযুক্ত ভেঁকুৰ নাশক ঔষধ বোৰ্ডোমিশ্ৰণৰ প্ৰস্তুত প্ৰণালী

তাম্ৰযুক্ত ভেঁকুৰ নাশক ঔষধ বোৰ্ডোমিশ্ৰণৰ প্ৰস্তুত প্ৰণালী

উদ্ভিদৰ বিভিন্ন ভেঁকুৰজনিত ৰোগসমূহ নিয়ন্ত্ৰণৰ অৰ্থে বজাৰত পোৱা বিভিন্ন ভেঁকুৰনাশক ঔষধ (Fungicide) ব্যৱহাৰ কৰা হয় ৷ এইবোৰৰ ওপৰিও চূণ, তুতিয়া আৰু পানীৰে ঘৰতে সহজতে প্ৰস্তুত কৰিব পৰা বৰ্ডোমিশ্ৰণ হ’ল এক প্ৰকাৰ তাম্ৰযুক্ত ভেঁকুৰ নাশক ঔষধ ৷ ফ্ৰান্সৰ প্যাৰী মিলাৰডেট (P.M. Millardet 1838-1902) নামৰ বিজ্ঞানী এজনে ১৮৮২ চনত উদ্ভিদ ৰোগত বৰ্ডোমিশ্ৰণৰ ব্যৱহাৰ আৱিস্কাৰ কৰে ৷ এইবিধ ঔষধ চূণ আৰু তাম্ৰৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি দুই ধৰণে যেনে - বৰ্ডোমিশ্ৰণ (Bordeaux mixture) আৰু বৰ্ডোমিলম (Bordeaux paste) হিচাবে প্ৰস্তুত কৰি উদ্ভিদৰ বিভিন্ন ৰোগ নিয়ন্ত্ৰণত ব্যৱহাৰ কৰিব পাৰি ৷

অত্যাৱশ্যকীয় সামগ্ৰীসমূহ

১) তুতিয়া :তুতিয়া দেখিবলৈ নীলা দানা আকৃতিৰ৷ ইয়াক নীলা শিল বুলিও জনা যায়৷ তুতিয়া সহজে পানীত মিহলি নহয়, সেইবাবে ডাঙৰ দানাবোৰ ভাঙি সৰু/গুৰি কৰি ল’ব লাগে আৰু অকনমান পানীত এৰাতি তিয়াই ৰাখিব লাগে৷

২) চূণ: দলা যুক্ত চূণখিনি বগা, পৰিষ্কাৰ আৰু ভাল গুণ সম্পন্ন হোৱা উচিত ৷

৩) পানী: বৰ্ডোমিশ্ৰণ প্ৰস্তুত কৰিবলৈ দমকল/নাদ/পুখুৰী বা নদী আদি যিকোনো উৎসৰ পানী ব্যৱহাৰ কৰিব পাৰি ৷ কেৱল পানীখিনি পৰিষ্কাৰ হোৱা উচিত ৷

৪)অধাতুৰ (প্লাষ্টিক/কাচ বা মাটি আদি) পাত্ৰ তিনিটা ৷ সহজতে পোৱা প্লাষ্টিকৰ বাল্টি ল’ব লাগে ৷

৫)মামৰে নধৰা লোৰ চুৰি বা কটাৰি এখন ৷

৬)এডাল কাঠ বা বাঁহৰ মাৰি ৷

৭)পাতল মচলীন কাপোৰ এটুকুৰা ৷

(ক) এক শতাংশ (১%) শক্তিযুক্ত বৰ্ডোমিশ্ৰণৰ প্ৰস্তুত প্ৰণালী:

একলিটাৰ পৰিমাণৰ এক শতাংশ শক্তিযুক্ত বৰ্ডোমিশ্ৰণ প্ৰস্তুত কৰিবলৈ তুতিয়া ১০ গ্ৰাম, চূণ ১০ গ্ৰাম আৰু পানী ১ লিটাৰৰ প্ৰয়োজন হয় ৷ সেইদৰে, প্ৰস্তুত কৰিবলগীয়া বৰ্ডোমিশ্ৰণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি চূণ, তুতিয়া আৰু পানীৰ পৰিমাণো বেলেগ বেলেগ হয়৷

তলত ১০ লিটাৰ পৰিমাণৰ এক শতাংশ শক্তিযুক্ত বৰ্ডোমিশ্ৰণৰ প্ৰস্তুত প্ৰণালী দিয়া হ’ল:

১)তুতিয়া ১০০ গ্ৰাম,    চূণ ১০০ গ্ৰাম,     পানী ১০ লিটাৰ

২)প্ৰথম পাত্ৰত ১ লিটাৰ পানীত ১০০ গ্ৰাম তুতিয়াৰ গুৰি মিহলাই এৰাতি তিয়াই থ’ব লাগে৷ পিচদিনা মাৰি এডালৰে ভালদৰে লৰাই, পাত্ৰটোত অতিৰিক্ত ৪ লিটাৰ পানী ঢালি মিশ্ৰণটোৰ পৰিমাণ ৫ লিটাৰ কৰি ল’ব লাগে ৷

৩)আগৰ দৰে দ্বিতীয় পাত্ৰটোত এক লিটাৰ পানীত ১০০ গ্ৰাম চূণ তিয়াই থব লাগে ৷ পিচদিনা অতিৰিক্ত ৪ লিটাৰ পানী ঢালি মিশ্ৰণটো চূণৰ গাখীৰ পানীৰ নিচিনা কৰি ৫ লিটাৰ পৰিমাণৰ কৰি ল’ব লাগে ৷

৪)বেলেগে বেলেগে ঢালি সংমিশ্ৰণ কৰিবৰ বাবে মাৰি এডালৰে ভালদৰে সঘনাই লৰাই থকা উচিত ৷ তৃতীয় পাত্ৰটো আগৰ দুটাতকৈ কিছু ডাঙৰ হোৱা উচিত ৷ এইদৰে প্ৰস্তুত কৰা মিশ্ৰণটোৱেই হ’ল বৰ্ডোমিশ্ৰণ ৷ অন্যথায় তৃতীয় পাত্ৰৰ অভাৱত প্ৰথম পাত্ৰৰ তুতিয়াৰ মিশ্ৰণখিনি দ্বিতীয় পাত্ৰৰ চূণৰ মিশ্ৰণত ঢালি সংমিশ্ৰণ কৰিও বৰ্ডোমিশ্ৰণ তৈয়াৰ কৰিব পাৰি ৷

সদ্য প্ৰস্তুত কৰা বৰ্ডোমিশ্ৰণ অতিৰিক্ত তাম্ৰৰ উপস্হিতিৰ পৰীক্ষা:

বৰ্ডোমিশ্ৰণত মুক্ত তাম্ৰৰ উপস্থিতি উদ্ভিদৰ বাবে ক্ষতিকাৰক ৷ গতিকে সদ্য প্ৰস্তুত কৰি মিশ্ৰণটো বিশুদ্ধ হৈছেনে নাই নিশ্চত হ’বলৈ মামৰে নধৰা চুৰি বা কটাৰী এখন মিশ্ৰণটোত অলপ সময়ৰ (এক মিনিট) বাবে ডুবাই, পিছত উঠাই আনি লক্ষ্য কৰিলে যদি চিক্মিকীয়া অংশত মামৰে ধৰে মুগা বৰণৰ নিচিনা দাগ দেখা যায়, তেন্তে ততালিকে বেলেগকৈ অকন মান চূন পানীত গুলি অতিৰিক্ত চূণৰ পানী লাহে লাহে মিশ্ৰণটোত মিহলাই থাকিব লাগে, যেতিয়ালৈকে চুৰিখন দাগ বিহীন হৈ নাযায় ৷

প্ৰয়োগ পদ্ধতি: বৰ্ডোমিশ্ৰণ

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate