অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধানৰ অনিষ্টকাৰী মুখ্য কীট-পতংগসমূহ আৰু ইহঁতৰ নিয়ন্ত্ৰণ :

ধানৰ অনিষ্টকাৰী মুখ্য কীট-পতংগসমূহ আৰু ইহঁতৰ নিয়ন্ত্ৰণ :

 

ব্যৱস্থা -

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যকে সামৰি প্ৰায় ৪০ লাখ হেক্টৰ মাটিত ধান খেতি কৰা হয়। ধানেই হৈছে অসমৰ প্ৰধান খাদ্যশস্য । এইবিধ শস্যত যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট, প্ৰ’টিন ইত্যাদিৰ উপস্থিতিৰ ফলত ইয়াক মানুহৰ শৰীৰৰ বাবে যথেষ্ট উপযোগী খাদ্য হিচাপে গণ্য কৰা হয় । এইবিধ শস্যক বিভিন্ন ধৰণৰ কীট-পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাটো যথেষ্ট প্ৰয়োজনীয় । পথাৰত ধান ৰোৱাৰ পিছৰে পৰাই কৃষকসকলে বিভিন্নধৰণৰ কীট-পতংগৰ আক্ৰমণৰ সন্মুখীন হ’ব লগা হয় । সেয়েহে কঠীয়া ৰোৱাৰ পিছৰে পৰাই খেতিডৰাৰ ভালকৈ যতন লোৱাটো যথেষ্ট দৰকাৰ ।

ধান খেতিত পৰিলক্ষিত হোৱা মুখ্য কীট-পতংগসমূহৰ লগতে সিহঁতৰ নিয়ন্ত্ৰণৰ ব্যৱস্থাপনাৰ এটি চমু আভাস উক্ত নিবন্ধটিত দাঙি ধৰা হৈছে । ধানখেতিৰ আক্ৰমণকাৰী কীট-পতংগসমূহৰ ভিতৰত-

ক) মজা খোৱা পোক

খ)চৰহা পোক

গ) টুপলী কটা পোক

ঘ) পাত মেৰিওৱা পোক

ঙ)গান্ধী পোক আদি উল্লেখযোগ্য ।

মজা খোৱা পোক -

এইবিধ পোক শালি ধানত বেছিকৈ হোৱা দেখা যায় । ধান ৰোৱাৰ এমাহমানৰ পিছৰে পৰাই এইবিধ পোকৰ আক্ৰমণ পৰিলক্ষিত হয় । মজা খোৱা পোক হালধীয়া ৰঙৰ পূৰ্ণাংগ পোক আৰু ইহঁতৰ পাখিত স্পষ্ট ক’লা ৰঙৰ দুটা দাগ থাকে । এই পোকৰ পলুৱে ধান গছডাল ভিতৰি খাই দিয়াৰ ফলত আক্ৰান্ত গছৰ কোঁহটো গুৰিতে শুকাই মৰি যোৱা পৰিলক্ষিত হয় । আকৌ, ধানৰ গেঁৰ ধৰাৰ সময়ত আক্ৰমণ কৰিলে আক্ৰান্ত গছত ধানৰ থোকটো ওলোৱা দেখা যায় যদিও গোটেই থোকটো পতান হয় ।

চৰহা পোক -

এইবিধ পোকৰ পূৰ্ণাংগবোৰ ক’লা বৰণৰ আৰু শৰীৰত সৰু কাঁইট থাকে । পূৰ্ণাংগ আৰু পলু দুয়োবিধেই ধান গছত আক্ৰমণ কৰে । চৰহা পোকৰ আক্ৰমণ বেছি হ’লে গোটেই ধাননিডৰা বগা হৈ শুকান খেৰ বৰণীয়া হৈ পৰে ।

টুপলী কটা পোক -

ইহঁতবোৰ পূৰ্ণাংগবোৰ উজ্জ্বল বগাবৰণীয়া হয় আৰু পাখিত ক’লা বা মুগা ৰঙৰ দাগ থকা দেখা যায় । ইহঁত ৰাতিৰ ভাগত সক্ৰিয় হয় । পলুবিলাকে ধানৰ পাতৰ অনিষ্ট সাধন কৰে । আক্ৰমণ কৰাৰ সময়ত পাতবোৰ কাঁচিৰে কটাৰ নিচিনা হয় । পাতৰ আগবোৰ কাটি তাৰে একোটা সৰু চুঙা সাজি তাৰ মাজত সোমাই থাকি ধান গছবোৰত বগাই সেউজীয়া অংশবোৰ বগা কৰি পেলায় ।

পাত মেৰিওৱা পোক:

টুপলী কটাৰ আক্ৰমণৰ নিচিনাকৈ পাত মেৰিওৱা পোকৰ আক্ৰমণৰ ফলতো ধানৰ পাতবোৰ বগা পৰা দেখা যায় । কিন্তু, পাতৰ আগটো কাটি দিয়া লক্ষণ ইহঁতৰ ক্ষেত্ৰত পৰিলক্ষিত নহয় । পূৰ্ণাংগ পোকবোৰ কমলা-হালধীয়া ৰঙৰ আৰু পাখিত ক’লা ৰঙৰ দাগ দেখা যায় ।

গান্ধী পোক -

গান্ধী পোক হৈছে ধাননি পথাৰৰ এবিধ প্ৰধান শত্ৰু । ধানত ফুল ধৰাৰ পিছৰে পৰাই ইহঁতৰ আক্ৰমণ আৰম্ভ হয় । পূৰ্ণাংগ আৰু পোৱালি গান্ধীবোৰ ধান গছৰ পাত আৰু গা-গছৰ কোষৰ পৰা ৰস শুহি খায় । ইহঁতবোৰ দেখিবলৈ পাতল সেউজীয়া বৰণৰ আৰু গাৰ পৰা ওলোৱা উগ্ৰ গোন্ধৰ দ্বাৰাই ইয়াৰ উপস্থিতিৰ উমান পোৱা যায় ।

উপৰিউক্ত অনিষ্টকাৰী কীট-পতংগসমূহৰ উপৰি অসমত কিছুদিনৰ পূৰ্বে শুঁৰপোকে অন্যতম অনিষ্টকাৰী পোক হিচাপে স্থান দখল কৰিছিল।

এইবিধ পোকৰ পলুবোৰ দেখিবলৈ মুগা বা কজলা বৰণৰ হয় । দিন বাঢ়ি যোৱাৰ লগে লগেই ঠন ধৰি উঠা গছবোৰ ৰাতিৰ ভিতৰতে নষ্ট কৰি পেলায় আৰু খেতিডৰা নষ্ট কৰাৰ পিছত আন এডৰা খেতিত আক্ৰমণ কৰিবলৈ গুচি যায় । বতৰৰ তাৰতম্যতা ঘটাৰ ফলত এইবিধ পোকৰ আক্ৰমণ যথেষ্ট হয়।

কীট-পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থাপ্ৰণালী কৃষি কাৰ্যৰ এটি অবিচ্ছেদ্য অংগ । ধান খেতিৰ অনিষ্টকাৰী পতংগসমূহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যদি আমি কীটনাশক ঔষধ প্ৰয়োগ কৰাৰ সলনি জৈৱিক নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহ অৱলম্বন কৰে । তেতিয়া হ’লে প্ৰদূষিত এটি পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিম । ইয়াৰ উপৰি সমন্বিত কীট নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ ভিতৰত থকা আন উপায়সমূহৰ দ্বাৰাও কীট-পতংগ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

নিম্নলিখিত ব্যৱস্থাসমূহ অৱলম্বন কৰি ধানখেতিৰ অনিষ্টকাৰী কীট-পতংগসমূহ বহু পৰিমাণে হ্ৰাস কৰিব পাৰি-

১) খেতিডৰা ভালদৰে চহাই ওচৰে-পাঁজৰে থকা বনবোৰ চিকুণাই লোৱাৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে চৰহা, টুপলী কটা, শুঁৰপোক ইত্যাদিৰ সংখ্যা হ্ৰাস পোৱা দেখা যায় ।

২) ধান দাই অনাৰ লগে লগেই নৰাবোৰ গুৰিতে কাটি মাটিডৰা হাল বাই ল’ব লাগে । এনে কৰিলে পিছৰ বছৰৰ খেতিত মজা খোৱা পোকৰ পৰিমাণ লঘু হোৱা দেখা যায়।

৩) পথাৰত শুঁৰ পোক, টুপলীকটা, পাত মেৰিওৱা আদিৰ নিয়ন্ত্ৰণৰ কাৰণে মাজভাগত জেং বা গছৰ ডাল পুতি দিব লাগে । যাতে তাত চৰাই পৰি পোকবোৰ ধৰি খাব পাৰে ।

৪) মজা খোৱা পোক, গান্ধী পোক ইত্যাদিৰ ক্ষেত্ৰত কণীবিলাক সংগ্ৰহ কৰি ধ্বংস কৰি দিব লাগে ।

৫) গধূলি পথাৰৰ মাজত শুকান ঘাঁহ-বন গোটাই জুই লগাই দি গান্ধী পোকৰ উপদ্ৰৱ কমাব পৰা যায়।

৬) জৈৱিক নিয়ন্ত্ৰণৰ অধীনত ট্ৰাইক’গ্ৰামা নামৰ এবিধ পৰজীৱি প্ৰয়োগ কৰি মজা খোৱা পোক, পাত মেৰিওৱা পোক ইত্যাদিৰ পৰা ধাননিডৰাক ৰক্ষা কৰিব পাৰি । ‘ট্ৰাইক’গ্ৰামা জাপ’নিকাম’ আৰু ‘ট্ৰাইক’গ্ৰামা কাইল’নিচ’ প্ৰতি হেক্টৰত মাটিত ৩০/৩৫ দিনৰ পিছত প্ৰতি সপ্তাহৰ মূৰত ৬/৮ বাৰকৈ ক্ৰমে মজা খোৱা আৰু ধানৰ পাত মেৰিওৱা পোকৰ বিপৰীতে প্ৰয়োগ কৰা হয় ।

৭) ৰাসায়নিক সাৰৰ ভিতৰত ক্লৰ’পাইৰিফছ ২০ ই চি বা কুইনলফচ ২৫ ই চি ১ চামুচ ৫ লিটাৰ পানীত মিহলাই ছটিয়ালে বিভিন্ন অপকাৰী কীট-পতংগৰ পৰা হাত সাৰিব পৰা যায় ।

লেখিকা: ডেইজী শৰ্মা

উৎস: দৈনিক জনমভূমি

 

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate