অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধানৰ প্ৰধান শত্ৰু চৰহা পোকৰ নিয়ন্ত্ৰণ

 

ক্ষুদ্ৰ ক’লা বৰণীয়া, কাঁইটীয়া শুঙেৰে আবৃত ধানৰ প্ৰধান শত্ৰু চৰহা পোকবিধে ধান খেতিৰ প্ৰায় শতকৰা ৩৫-৫৫ ভাগ অনিষ্ট কৰে । এই পোকবিধৰ আক্ৰমণ খেতিয়কৰ পথাৰত জুলাই-আগষ্ট মাহৰ পহিলা ভাগৰ পৰা পৰিলক্ষিত হয় । যোৱা বছৰ যোৰহাট জিলাৰ ৰৰৈয়জান, মালৌপথাৰ ইত্যাদি অঞ্চলৰ কৃষকৰ পথাৰত ডৰাই ডৰাই খেতি অনিষ্ট কৰা দেখা গৈছিল । পোকবিধৰ আক্ৰমণত পথাৰবোৰ প্ৰায় বগাৰ দৰে হৈ জ্বলি যোৱাৰ নিচিনা হয় আৰু দূৰৈৰ পৰাই এনে পোকৰ আক্ৰমিত অংশ ধৰিব পাৰি । ৰাতিৰ ভিতৰতে জাকে জাকে এনে পোকে আক্ৰমণ কৰি পুনৰ একে পথাৰত অন্য এভাগত আক্ৰমণ কৰা দেখা যায় । ধানৰ গোছে প্ৰতি ১০-১২ টাকৈ পূৰ্ণাংগ পোকবিধৰ আক্ৰমণ পৰিলক্ষিত হয় । গতিকে ধানৰ কঠীয়া মূল পথাৰত ৰোপণ কৰাৰ পৰাই নিয়ন্ত্ৰণৰ ব্যৱস্থা হাতত লোৱা উচিত । চৰহাপোকৰ আক্ৰমণৰ পৰা কেনেদৰে খেতিডৰা ৰক্ষা কৰিব পাৰি এই লেখনিৰ দ্বাৰা কৃষক ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হ’ল-

পৰ্যবেক্ষণ -

শস্য ৰোৱাৰ পাছত প্ৰতি সপ্তাহৰ মূৰত এবাৰকৈ খেতিডৰা পৰ্যবেক্ষণ কৰিব লাগে । গতিকে জুলাই মাহৰ শেষৰ পৰা পথাৰ পৰিদৰ্শন কৰিব লাগে । পোকৰদ্বাৰা আক্ৰমিত অঞ্চলত পাছৰ বছৰতো পৰ্যবেক্ষণ কৰিব লাগে ।

কৰ্ষণ পদ্ধতি -

১) পথাৰত পানী থাকিলে ওলোৱাৰ ব্যৱস্থা কৰিব লাগে ।

২) শস্যডৰাত থকা চাৰিওকাষৰ বন-বাতবোৰ ভালদৰে নিৰণি কৰাৰ ব্যৱস্থা কৰিব লাগে । বিশেষকৈ ওচৰে পাঁজৰে থকা পিতনিসমূহত থকা দলঘাঁহবোৰ এনেপোকৰ আশ্ৰয়স্থল বুলি জনা যায় । য’ত এনে পোকে মূলপথাৰত শস্য নাথাকিলে এনে ঘাঁহত বংশবৃদ্ধি কৰে । গতিকে দলঘাঁহবোৰত ভালদৰে কাটি পেলাব লাগে । কেতিয়াও ৰাসায়নিক ঔষধৰ সহায় ল’ব নালাগে । ৰাসায়নিক ঔষধে পিতনিত চৰা হাঁহ, গৰু-ছাগলীকে ধৰি মাছ কাছবোৰ মাৰি পেলাব পাৰে ।

৩) সময়মতে নতুবা আগতীয়াকৈ কৰা শস্যডৰাত এনে পোকৰ উপদ্ৰৱ কম হয় ।

৪) শস্য চপোৱাৰ পাছত ৰৈ যোৱা নৰাবোৰ গুৰিতে কাটিব লাগে আৰু ভালদৰে হাল-কোৰ মাৰি পেলাব লাগে । এনে কৰিলে সুপ্ত অৱস্থাত থকা পূৰ্ণাংগ পোকবোৰ মৰি যাব ।

৫) মাটিডৰা ভালদৰে হাল বাই চাহ কৰিব লাগে । বিশেষকৈ ফেব্ৰুৱাৰী-মাৰ্চ মাহত এনে কাৰ্য কৰিলে বহু সুফল পোৱা যায় ।

যান্ত্ৰিক পদ্ধতি -

১) শস্য মূল পথাৰলৈ নিয়াৰ আগেয়ে কঠীয়াবোৰৰ আগ অংশ প্ৰায় ৬ ইঞ্চিমান কাটি দিব লাগে । এনে কৰিলে কঠীয়াৰ আগ অংশত থকা পোকৰ কণীবোৰ ধ্বংসপ্ৰাপ্ত হয় ।

২) হাতেৰে বা জালেৰে পোকবোৰ ধৰি ধ্বংস কৰিব লাগে ।

জৈৱিক নিয়ন্ত্ৰণ -

এইবিধ পোকৰ নিয়ন্ত্ৰণৰ প্ৰধান আহিলাই হৈছে এবিধ জৈৱিক ভেঁকুৰ, যাক বিউভেৰিয়া বেচিয়ানা বুলি জনা যায় । এই ভেঁকুৰবিধ সাধাৰণতে প্ৰকৃতিত উপবিষ্ট, কেতিয়াবা প্ৰকৃতিয়ে নিয়ন্ত্ৰণ কৰে। এনে ভেঁকুৰৰ দ্বাৰা তৈয়াৰী বিভিন্ন নামেৰে ঔষধবিধ বজাৰত উপলব্ধ । অসম কৃষি বিশ্ববিদ্যালয়তো এই জৈৱিক ভেঁকুৰবিধৰ কৰ্ষণ কৰি ঔষধ প্ৰস্তুত কৰা হৈছে । এইবিধ ভেঁকুৰ আজি প্ৰায় ২০-২২ বছৰৰ আগেয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভেঁকুৰবিধ বহনকাৰী এবিধ বাহকৰ সহায়ত (ধানৰ পতান, কাঠৰ গুৰি, ৰাইচব্ৰেন), ৭৫:২৫, ১০০ অনুপাতত আৰু ২ শতাংশ গ্লুক’জৰ সহায়ত কৰ্ষণ কৰি, অসমত সেইসময়ত মহামাৰী ৰুপত আৱিৰ্ভাৱ হোৱা খেতি পথাৰত প্ৰয়োগ কৰি প্ৰায় সুফল পোৱা গৈছিল । ফলস্বৰুপে আজি ২০-২৫ বছৰ মান এনে পোকৰ উপস্থিতি খেতি পথাৰত প্ৰায় নোহোৱাই হৈছিল । কিন্তু আজি প্ৰায় ২-৩ বছৰ মানৰ পৰা আকৌ পোকবিধৰ আগমন লক্ষ্য কৰা হৈছে । গতিকে জৈৱিক ব্যৱস্থাই হৈছে এনে পোকৰ নিধনৰ উত্তম নিয়ন্ত্ৰণ ব্যৱস্থা । বিউভেৰিয়া বেচিয়ানাৰ দ্বাৰা তৈয়াৰী ঔষধ বজাৰতো উপলব্ধ। গতিকে সঠিক মাত্ৰাত সঠিক সময়ত প্ৰয়োগ কৰিলে কৃষকসকলে বহু সকাহ পাব । এনে ঔষধ সদায় আবেলি প্ৰয়োগ কৰা উচিত ।

ৰাসায়নিক পদ্ধতি -

১) কঠীয়াতলীত নিয়ন্ত্ৰণৰ ব্যৱস্থা হাতত ল’লে মূলপথাৰত শস্যডৰা বহু পোকৰ আক্ৰমণৰ পৰা হাত সাৰে । সেয়েহে মূল পথাৰলৈ কঠীয়া নিয়াৰ প্ৰায় ৫-৭ দিনৰ আগতে ৰাসায়নিক ঔষধ কাৰ্বফুৰাণ ৩ জি ঔষধৰ ৩ গ্ৰাম প্ৰতি মিটাৰ কঠীয়াতলীত প্ৰয়োগ কৰিব লাগে । এনে ব্যৱস্থাৰ দ্বাৰা কঠীয়া মূল পথাৰত প্ৰায় ১ মাহমান পৰ্যন্ত পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিব ।

২) কঠীয়াৰ শিপা অংশ ৰাসায়নিক ঔষধৰ সহায়ত শোধন কৰিব লাগে । এনে পদ্ধতি, ক্লৰ’পাইৰফচ ২০ শক্তিযুক্ত ঔষধৰ ১ মিলি লিটাৰ ১ পানীত মিহলাই তাত ইউৰিয়া সাৰ ১ শতাংশ মিহলাই প্ৰস্তুত কৰা দ্ৰৱণত কঠীয়াৰ শিপা অংশ প্ৰায় ৩ ঘণ্টামান ডুবাই মূল পথাৰত ৰোৱাৰ ব্যৱস্থা কৰিলে চৰহা পোকৰ লগতে অন্যান্য পোকৰ উপদ্ৰৱৰ পৰাও খেতিডৰা ৰক্ষা কৰিব পাৰি ।

৩) ৰাসায়নিক কীটনাশক ঔষধ ক্ল’ৰ’পাইৰিফচ, কুইনলফচ ইত্যাদি ঔষধসমূহ কৃষক ৰাইজে প্ৰয়োগ কৰিলে সুফল লাভ কৰিব পাৰিব ।

৪) ঔষধ সদায় ৰাতিপুৱা ভাগত নতুবা আবেলি ভাগত প্ৰয়োগ কৰিব লাগে । যিহেতু এনে পোকৰ অনিষ্ট নিচেই পুৱা ভাগত আৰু কণীপৰা কাৰ্য আবেলি ভাগত হয় ।

লেখিকা: ড° পূৰ্ণিমা দাস

উৎস: দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate