অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাৰ্থেনিয়ামৰ নিয়ন্ত্রণ ব্যৱস্থা

পাৰ্থেনিয়ামৰ নিয়ন্ত্রণ ব্যৱস্থা

পাৰ্থেনিয়াম নামৰ উদ্ভিদজাত পৃথিৱীৰ বিভিন্ন জাত ভয়ানক উদ্ভিদৰ ভিতৰত এবিধ বুলি কোৱা হয় । এইবিধ উদ্ভিদক বিভিন্ন ঠাইত হোৱাইট ট'প (White top) বুলিও জনাজাত । এই অপতৃণ বিধৰ জন্ম অথবা আদি বাসস্থান আছিল মেক্সিকো , ৱেষ্ঠইণ্ডিজ দীপপুঞ্জ , উত্তৰ আৰু দক্ষিণ আফ্রিকা আদি । ভাৰতত ইয়াৰ আৰ্বিভাৱ হয় ১৯৫৬ চনত যেতিয়া ভাৰতলৈ আমেৰিকাৰ পৰা পি এল - ৪৮০ আচনিত ঘেঁহু ৰপ্তানি কৰা হৈছিল । অসমত অতি কম সময়ৰ ভিতৰত এইবিধ উদ্ভিদে চানি ধৰিলে । এইবিধ উদ্ভিদক ৰাস্তাৰ দাতিঁত , ফুলৰ বাগানৰ ভিতৰত , ৰেলৰ লাইনৰ কাষত আৱাসিক অঞ্চলত দেখা পোৱা যায় । ক্ষিপ্রগতিত বিভিন্ন অঞ্চললৈ যেনে বিয়পিব পৰা কাৰণ সমূহ যেনে : ক্ষিপ্র গতিত বিভিন্ন প্রজনন আৰু অতি সোনকালে বিয়পি যাব পৰা ব্যৱস্থা , প্রাকৃ্তিক শক্র নোহোৱা , ৩ -৪ টা জীৱন চক্র এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা , অতি প্রতিকূল বতৰতো বংস বিস্তাৰ কৰিব পৰা আৰু বিষাক্ত ৰস নিৰ্গত কৰিব পৰা গুণ বোৰৰ বাবেই এই উদ্ভিদ জাতবোৰ দিনক দিনে চাৰিওফালে বিয়পি পৰা দেখা গৈছে । অসমৰ সকলো জিলাতে এইবিধ উদ্ভিদক উপস্থিতি অলপ ওচৰত দেখা পোৱা যায় ইয়াৰ ভিতৰত বঙ্গাঁইগাওঁ , কামৰূপ , গো্লাঘাট , তিনিচুকীয়া , ডিব্রুগড় , নগাওঁ জিলাত ইয়াৰ প্রভাৱ বৰবেচি বিশেষ কিছু কাৰণ শেত ব্রক্ষপুত্রৰ উত্তৰ পাৰৰ জিলা কেইখন এই উদ্ভিদৰ প্রসাৰ অলপ কম দেখা পোৱা যায় । পাবৰ্ত্য অঞ্চলৰ ভিতৰত কাৰ্বিআংলঙ আৰু উত্তৰ কাছাৰ জিলাত এই উদ্ভিদজাত দেখা পোৱা যায় । পাৰ্থেনিয়াম অথবা কংগ্রেছ উদ্ভিদ প্রতিৰোধ কৰিবলৈ ০.২ শতাংশ মেট্রিবুক্সিন (metribuxin) ঔষধ / অপতৃণ নাশক প্রয়োগ কৰিলেই ইয়াৰ বংশ বিস্তাৰৰ পৰা ৰক্ষা পাব পাৰি ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate