অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফেচাৰ বাবে বাকচ বাহ

ফেচাৰ বাবে বাকচ বাহ

অনিষ্টকাৰী কীট-পত্ংগ আৰু এন্দুৰৰ পৰা শস্যডৰাক ৰক্ষা কৰিবলৈ কৃষক বন্ধু পক্ষী লক্ষী ফেঁচা আৰু কাল ফেঁচাক ব্যৱহাৰ কৰিব পাৰি। কৃত্ৰিমভাৱে সাজি উলিওৱা বাকচ বাহত লক্ষী ফেচা, কাল ফেচাক আশ্ৰয় ল’বলৈ সুবিধা দি দোকান, গুডামঘৰ, ধান বনা মিলৰ  ধান বা অন্য সামগ্ৰীকো ৰক্ষা কৰিব পাৰি। উত্তৰ লখিমপুৰৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী তথা কৃষি পক্ষী বিজ্ঞানী ড: প্ৰৱাল শইকীয়াই দুবছৰৰো অধিক সময় ধৰি কৰা গৱেষণাৰ অন্তত এই সিদ্ধান্তলৈ আহিছে। ড: শইকীয়াই সাজি উলিওৱা বাকচ বাহ কাল ফেঁচা, লক্ষী ফেঁচাক আশ্ৰয় দিবলৈ তথা বংশ বৃদ্ধিৰ সুবিধা দিবলৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে ৰাজ্যৰ কৃষকক দিব পাৰি নেকি তাৰ চেষ্টা চলাই আছে। কাল ফেঁচাই সাধাৰণতে খোৰোং থকা গছত বাহ সাজে যদিও দিনে দিনে হ্ৰাস পাবলৈ ধৰিছে তেনে গছ। লক্ষী ফেচাই সাধাৰণতে গুডাম বা পুৰণি পৰিত্যক্ত ঘৰত বাহ লৈ ভাল পায়। এই দুয়োবিধ চৰাইক বাকচ বাহত আশ্ৰয়ৰ সুবিধা দি বংশ বৃদ্ধিত সহায় কৰি কৃষক বন্ধু ফেচাৰ স্ংৰক্ষণত অংশীদাৰ হ’বলৈ ড: শইকীয়াই আহ্বান জনাইছে। উত্তৰ লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ কৃষি পক্ষী বিজ্ঞান আৰু পত্ংগ তত্ব বিভাগৰ প্ৰধান বিজ্ঞানী ড: প্ৰবাল শইকীয়াক কিছুদিন পূৰ্বে লগ পাইছিলো তেওঁৰ কাৰ্যালয়ত। উল্লেখ্য যে ফেচা শেনযাতীয় চৰাইৰ খাদ্যনলীত টোটোলা নাথাকে। ইহতে বিষ্ঠা ত্যাগ নকৰে। সেয়ে হজম কৰিব নোৱাৰা খাদ্য- হাড়, মূৰ-নোম আদি বমি কৰি উলিয়াই দিয়ে। ইংৰাজীত ইয়াক পেলেট বুলি কোৱা হয়। ড: শইকীয়াই দীৰ্ঘদিন ধৰি এনে পেলেটসমূহ পৰীক্ষা কৰি পোৱা তথ্যৰ ভিত্তিত কয় যে- কাল ফেচাৰ খাদ্যৰ ৮০ শতাংশ অনিষ্টকাৰী কীট পত্ংগ(গবৰুৱা জাতীয়)। বাকী ২০ শতাংশ সৰু এন্দুৰ, জেঠী জাতীয় সৰীসৃপ। বিপৰীতে লক্ষী ফেচাৰ খাদ্যৰ ৯০ শতাংশই শস্য অনিষ্টকাৰী পোকপত্ংগ। ফেচাৰ পেলেটবোৰ ছ’ডিয়াম হাইড্ৰ’অক্সাইডৰ মিশ্ৰণত ডুবাই ৰাখি হজম কৰিব নোৱাৰা চুলি, হাড়-মূৰ পৰীক্ষাৰ বাবে পৃথক কৰে ড: শইকীয়াই। কাল ফেচাৰ প্ৰজননৰ সময় জানুৱাৰী, ফেব্ৰুৱাৰী। লক্ষী ফেচাৰ অক্টোবৰ-নৱেম্বৰ। এই সময়ত পথাৰৰ ওখ গছত, পৰিত্যক্ত ঘৰ, গুডাম ঘৰ আদিত ড: শইকীয়াই বিশেষভাৱে সাজি উলিওৱা বাকচ বাহ ফেচাৰ প্ৰজননৰ বাবে দিব পাৰি। ড: শইকীয়াই কয়  কাল ফেচাক যিকোনো কাঠেৰে সজা বাকচ বাহ আশ্ৰয় ল’বলৈ দিব পাৰি। টিঙেৰে সজা বাকচ বা মাটিৰ টেকেলি আদিত ইহঁতে বাহ নলয়। আনকি ব্যৱসায়ীয়ে আপেল অনা কাঠৰ বাকচ বা জনতা চাবোন অনা কাঠৰ বাকচৰ কাঠেৰে সজা বাকচতো কাল ফেচাই বাহ সাজে। আনহাতে লক্ষী ফেচাই প্লাইউডেৰে নিৰ্মিত বাকচ বাহত আশ্ৰয় লৈ ভাল পায়। মাটিৰ পৰা ১৫/২০ ফুট উচ্চতাত বান্ধি দিয়া ১০-১৫ ছে:মি: ব্যাসৰ বিন্ধা থকা বাকচ বাহত ফেচাই সাধাৰণ অৱস্থাতকৈ বেছিকৈ পোৱালি জগাবলৈ সক্ষম হয়। ড: শকীয়াৰ মতে বাকচ বাহত কণী কমকৈ নষ্ট হয়, পোৱালীৰ মৃত্যুৰ হাৰ অতি কম। সাধাৰণ অৱস্থাত ৪-৫ টা পোৱালি জগায় যদিও বাকচ বাহত ৭ টালৈ পোৱালি জগাইছে লক্ষী ফেচাই। লখিমপুৰ আৰু ধেমাজিৰ ৩৬ টা স্থানত ড: শইকীয়াই ফেচাৰ বাবে বিশেষভাৱে সাজি উলিওৱা বাকচ বাহ স্ংস্থাপিত কৰিছে। ড: শইকীয়াই জনালে-‘এনে কৃত্ৰিম বাহত ৫৫-৬৫ শতাংশ লক্ষী ফেচাই আৰু ৮০ শতাংশ কাল ফেচাই বাহ লয়।’ কৃষক বন্ধু এনে চৰাইৰ বাহ আৰু চৰাইক আশ্ৰয় দিয়াৰ এনে কৌশল ড: শইকীয়াই ৰাজ্যৰ সকলো কৃষকৰ ওচৰলৈ লৈ যাবলৈ বিচাৰিছে। তেওঁ অন্য কেবাবিধো কৃষক বন্ধু চৰাইৰ বাবেও কৃত্ৰিম চৰাইৰ বাহ সাজি উলিয়াইছে। ড: শইকীয়াই লক্ষী ফেচা বা কাল ফেচা ধৰাৰ সলনি এনেদৰে সজা বাকচ বাহত আশ্ৰয় দি শস্য ৰক্ষা কৰিবলৈ আহ্বান জনাইছে।

অৰুপ শাণ্ডিল্য, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate