অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফেব্ৰুৱাৰী মাহৰ কীট-পতংগৰ ব্যৱস্থাপনা :

ফেব্ৰুৱাৰী মাহৰ কীট-পতংগৰ ব্যৱস্থাপনা :

 

ফেব্ৰুৱাৰী মাহৰ কৃষি বিষয়ক পৰামৰ্শৰ বাবে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ ড° দিলীপ কুমাৰ শইকীয়া, ড° বিজন চন্দ্ৰ দত্ত, ড° ছাহিদুৰ ৰহমান, ড° বাদল ভট্টাচাৰ্য, ড° ইনি গগৈ আৰু সুধাংশু ভাগৱতীৰ কাষ চাপিছিলোঁ। তেওঁলোকে আগবঢ়োৱা দিহা-পৰামৰ্শসমুহ ইয়াত উল্লেখ কৰা হ’ল-

১) জানুৱাৰী –ফেব্ৰুৱাৰী মাহত চাহ গছবোৰত কলম দিয়া অৱস্থাত থকা বাবে প্ৰায়বোৰ প্ৰধান অনিষ্টকাৰী কীট-পতংগৰ উপদ্ৰৱ দেখা পোৱা নাযায়। কিন্তু যিবোৰ চাহগছত কলম দিয়া নহয়, সেইবোৰ চাহগছত হালধীয়া চাঁহি পোকৰ আক্ৰমণ পৰিলক্ষিত হয়। চাঁহি পোক নিবাৰণৰ বাবে ফেনপাইৰ’ক্সিনেট ৫ ই চি (১:২০০০) বা বাইফেনথ্ৰিন ৮ এছ চি (১:১৬০০) ৰ যিকোনো এটা দৰব ১৫ দিন ব্যৱধানত প্ৰয়োগ কৰিলে সুফল লাভ কৰিব পৰা যায়।

২) মাহজাতীয় শস্যৰ আক্ৰমণকাৰী ছেঁইবিন্ধা পোকক নিয়ন্ত্ৰণ কৰিবলৈ গছত ফুল ফলৰ পুৰ্বে এক চাহ চামুচ ডেল্টামেথ্ৰিন ২.৮ ই চি প্ৰতি পাঁচ লিটাৰ পানীত মিহলাই ছটিয়াব লাগে। গছত কুমলীয়া ছেঁই ধৰাৰ সময়ত পোকৰ আক্ৰমণ পৰিলক্ষিত হ’লে এক চাহ চামুচ মালাথিয়ন ৫০ ই চি প্ৰতি পাঁচ লিটাৰ পানীত মিহলাই ১৫ দিনৰ ব্যৱধানত দুবাৰ প্ৰয়োগ কৰিব লাগে। এই দৰবে গুবৰুৱা, শোহনী, বগা মাখি, মোৱা পোক আৰু কৰিড গান্ধীৰ বিৰুদ্ধেও কাম দিয়ে।

৩) ফ্ৰেন্সবিন, উৰহী আদি শস্যত ৰঙা চাঁহি আৰু মোৱা পোকৰ আক্ৰমণ হ’ব পাৰে। উক্ত দুই ধৰণৰ পোক নিবাৰণৰ বাবে ফল নধৰা গছত এক চাহ চামুচ প্ৰফেনোফচ ৫০ ই চি দৰব প্ৰতি পাঁচ লিটাৰ পানীত মিহলাই ছটিয়াব লাগে। ফল লগাৰ পিছত আক্ৰমন পৰিলক্ষিত হ’লে ৩ চাহ চামুচ নিমাজল প্ৰতি পাঁচ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

৪) কৃষকসকলে ভঁৰালত ধান সংৰক্ষণ কৰাৰ আগেয়ে ধানখিনি ভালদৰে দুই-তিনি দিনমান ৰ’দত শুকুৱাব লাগে। ভঁৰাল ঘৰ ভালদৰে পৰিষ্কাৰ কৰি ভঁৰালৰ বেৰ আৰু তলিখনত মালাথিয়ন ৫০ ই চি ঔষধৰ এক চাহ চামুচ প্ৰতি লিটাৰ পানীত মিশ্ৰণ কৰি স্প্ৰে’ কৰিব লাগে। তেনে কৰিলে কিছুদিনলৈ ভঁৰালত অন্যান্য কীট-পতংগৰ লগতে এন্দুৰৰ প্ৰৱেশ ৰোধ কৰিব পৰা যায়। ধান বস্তাত ৰাখিবলৈ হ’লে খালী বস্তাবোৰ উল্লিখিত ঔষধৰ মিশ্ৰণত ডুবাই ছাঁত শুকুৱাই লৈহে বস্তাত ধান ভৰাই সংৰক্ষণ কৰিব লাগে।

৫) এতিয়া পলমকৈ সিঁচা সৰিয়হৰ ফুল ফুলাৰ সময়। কৃষক আৰু মৌপালসকলে ভাৰতীয় সঁচৰ মৌবাহ প্ৰতি হেক্টৰত ৫ টাকৈ নতুবা পশ্চিমীয়া সঁচৰ মৌবাহ ২ টাকৈ সৰিয়হৰ পথাৰত স্থাপন কৰা উচিত। সৰিয়হডৰাক মোৱা পোক আৰু সৰিয়হৰ ক’লা পলুৰপৰা ৰক্ষা কৰিবলৈ অক্সিডিমেটন মিথাইল ২৫ ই চি দৰবৰ এক চাহ চামুচ পাঁচ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে। নিমজাতীয় ঔষধ ব্যৱহাৰ কৰিও কৃষকসকল উপকৃত হ’ব পাৰে।

৬) আম-লিচু-নেমু আদি ফল-মুল জাতীয় শস্যৰ ফুল ফুলাৰ সময়ত প্ৰতি হেক্টৰ ফলৰ বাগিচাত ৫ বাহ থলুৱা সঁচৰ অথবা ২ বাহ পশ্চিমীয়া সঁচৰ মৌবাহ স্থাপন কৰি উৎপাদন বৃদ্ধি কৰিব পৰা যায়।

৭) সঁচৰ বাবে সংৰক্ষণ কৰা কুঁহিয়াৰৰ আগবোৰ উইৰ আক্ৰমণৰ বাবে নষ্ট হ’ব পাৰে। উই পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে ক্ল’ৰপাইৰিফছ ২০ ই চি ঔষধৰ এক চাহ চামুচ প্ৰতি আঢ়ৈ লিটাৰ পানীত মিহলাই ৩০ মিনিট সময় কুঁহিয়াৰৰ আগবোৰ এই মিশ্ৰণত ডুবাই ৰাখিব লাগে।

৮) কবিজাতীয় পাচলি, বিশেষকৈ বন্ধাকবি আৰু ফুলকবি আদিত পখিলাজাতীয় পোকৰ পলুৱে আক্ৰমণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পৰা ৰক্ষা পাবলৈ ডিম্ব পৰজীৱী ‘ট্ৰাইক’গ্ৰামা পিৰিডি’ বিঘাই প্ৰতি ২০,০০০ কৈ ১০ দিনৰ অন্তৰালত ৩-৪ বাৰ প্ৰয়োগ কৰিব লাগে। নিমজাতীয় দৰবৰ প্ৰয়োগে এই পোকক বিকৰ্ষণ কৰে। কবি খেতিৰ কাষে কাষে থলুৱা সৰিয়হ ৰোপণ কৰিলে মোৱা পোক আৰু কিছুমান পখিলাজাতীয় পোক সৰিয়হলৈ ঢাপলি মেলে। তেতিয়া মুল শস্য কবি ৰক্ষা পৰে।

৯) লাওজাতীয় পাচলিত বৰলীয়া পোকৰ আক্ৰমণ পৰিলক্ষিত হ’ব পাৰে। গাভিনী বৰলীয়া পোকে লাওজাতীয় ফলত ডিম্ব প্ৰসৱ কৰে আৰু ইয়াৰ পুৰ্ণাংগবোৰে ফলৰ ৰস, ফুলৰ নিৰ্যাস, চৰাইৰ বিষ্ঠা আদিক খাদ্যৰুপে গ্ৰহণ কৰি খেতিৰ কাষত থকা বিভিন্ন অপতৃণবোৰত আশ্ৰয় লয়। গতিকে অপতৃণসমুহ নিৰাই পৰিষ্কাৰ কৰি ৰখা অতি প্ৰয়োজনীয়। হেদালিৰ কাষত ফেৰমন ফান্দ ( কিউ লিউৰ বা মিথাইল ইউগিনলযুক্ত)স্থাপন কৰি সুফল পাব পাৰি। ইয়াৰ বাবে প্ৰতিবিঘা মাটিত ৫ খনকৈ ফান্দ ব্যৱহাৰ কৰিব লাগে।

লেখক: ড° আটাউৰ ৰহমান, ৰুদ্ৰ নাৰায়ণ বৰকাকতি (দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate