অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বহাগ-জেঠ মাহৰ সম্ভাব্য কীট-পতংগৰ বাবে পৰিচৰ্যা

বহাগ-জেঠ মাহৰ সম্ভাব্য কীট-পতংগৰ বাবে পৰিচৰ্যা

 

১) মাহজাতীয় শস্য সংৰক্ষণ কৰিবলৈ হ’লে শস্যখিনি ভালদৰে ৰ’দাই , ছাঁত চেঁচা কৰি মৰাপাট বা তেনেধৰণৰ বস্তাৰ ভিতৰভাগত পলিথিনৰ আস্তৰণ দি, শস্যখিনিৰ প্ৰতি কেজিত ৩ গ্ৰাম পৰিমাণৰ জালুকৰ গুৰি ভালদৰে মিহলাই ভৰাই ৰাখিলে ব্ৰুকিডৰ আক্ৰমণৰ পৰা বহুখিনি সকাহ পোৱা যায়।

২) খেতিপথাৰত এন্দুৰৰ উপদ্ৰৱ বেছি হ’লে , এন্দুৰ নিয়ন্ত্ৰণৰ বাবে জিংক ফছফাইড টোপ প্ৰয়োগ কৰি সুফল পাব পাৰি। প্ৰথমতে, ৯৬০ গ্ৰাম খুদ চাউলৰ লগত ২০ গ্ৰাম মিঠাতেল মিহলাই লৈ তাৰে ২০-৩০ গ্ৰাম এন্দুৰৰ গাঁতৰ মুখত দুদিন মানৰ কাৰণে থৈ, এন্দুৰৰ ভয় ভাৱ গুচাই তৃতীয়দিনা উপৰিউক্ত একেই মাত্ৰাৰ চাউল আৰু মিঠাতেলৰ লগত ২০ গ্ৰাম জিংক ফছফাইড ছটিয়াই বাঁহৰ মাৰিৰে ভালদৰে সানি, তাৰ পৰা ১০-১৫ গ্ৰামকৈ বাঁহৰ চুঙা, কলপটুৱা, মলা আদিত দি গধূলি এন্দুৰৰ গাঁতৰ মুখত বা এন্দুৰ অহা-যোৱা পথত ৰাখিব লাগে। অৱশ্যে, বিষাক্ত টোপ প্ৰয়োগ কৰাৰ আগত এন্দুৰৰ গাঁতবোৰৰ মুখবোৰ বন্ধ কৰি থ’ব লাগে। পিছদিনা যিকেইটা গাঁতৰ মুখবোৰ খোলা অৱস্থাত পোৱা যায়, সেইবিলাকতহে বিষাক্ত টোপ প্ৰয়োগ কৰিব লাগে।

৩) জৈৱিকভাৱে কৰা চাহত উইপোকৰ আক্ৰমণ হ’লে বিউভেৰিয়া বেচিয়ানা বা মেটাৰহিজিয়াম এনিচপ্লাইক পানীৰ লগত ১:৩০০ অনুপাতত মিহলাই গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে। জৈৱিকভাৱে নকৰা চাহবাগিচাত ২ চাহচামুচ থায়’মিথ’ক্সাম ২৫ ডব্লিউ জি ৫ লিটাৰ পানীত মিহলাই ইয়াৰে ২৫০ মি: লি: প্ৰতিজোপা গছত প্ৰয়োগ কৰি ভাল ফল আশা কৰিব পাৰি। চাহৰ পখিলাজাতীয় পোকৰ লেটাবিলাক গছৰ গুৰিত বা চাহৰ শুকান বাকলিৰ ভিতৰত লুকাই থাকে। গতিকে সেইবিলাক যান্ত্ৰিকভাৱে ধ্বংস কৰিব লাগে।

৪) বৰলীয়া পোকৰ নিয়ন্ত্ৰণৰ বাবে হেঁদালিৰ কাষত ফেৰমন ফান্দ (কিউ লিউৰ বা মিথাইল ইউগিনল যুক্ত), প্ৰতিবিঘা মাটিত ৫ টাৰ হিচাপত ব্যৱহাৰ কৰক। মাটিত বগোৱা লতাজাতীয় পাচলি (যেনে: ৰঙালাও) ক খেৰেৰে ঢাকি বৰলীয়া পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি। মোৱাপোক বা শোহনিপোকক নিয়ন্ত্ৰণৰ বাবে হালধীয়া আঠাযুক্ত ফান্দ ব্যৱহাৰ কৰিব পাৰি। ৰে’ড পাম্পকিন বিটলৰ নিয়ন্ত্ৰণৰ বাবে ক্ল’ৰপাইৰিফছ ১০০ গ্ৰাম প্ৰতি হেক্টৰ মাটিত প্ৰয়োগ কৰা উচিত। বৰলীয়া পোকৰ বিৰুদ্ধে ২ মি: লি: মালাথিয়ন ৫০ ই চি আৰু ১০ গ্ৰাম গুৰ প্ৰতি লিটাৰ পানীত মিহলাই এই দ্ৰৱনক লাওজাতীয় গছৰ পাতৰ তলপিঠিত ছটিয়াই সুফল পাব পাৰি। এই দ্ৰৱণ মাটিৰ চাকিত ভৰাই হেঁদালিৰ বিভিন্ন স্থানত স্থাপন কৰিলেও যথেষ্ট সুফল পাব পাৰি।

৫) ভেণ্ডি, বীন, ছয়াবিন, লেছেৰা মাহ, তিয়ঁহ, জিকা আদি পাচলিৰ লগতে গোলাপ, জাৰবেৰা, ইন্দ্ৰমালতী আদি ফুলৰ গছত দ্বৈত ফুটুকাযুক্ত চাঁহীৰ আক্ৰমণ দেখা দিব পাৰে। এই চাঁহীৰ আক্ৰমণ হ’লে আক্ৰান্ত গছৰ পাতবোৰ তললৈ মেৰখাই শুকাই যায়, যাৰ ফলত উপৰিউক্ত শস্যসমূহৰ উৎপাদন হ্ৰাস পায়। এই চাঁহী নিবাৰণৰ বাবে এক চাহ চামুচ ফেনপাৰক্সিমেট ৫ এছ চি দৰৱ প্ৰতি পাঁচলিটাৰ পানীত মিহলাই ছটিয়াব লাগে।

৬) মৌমাখিৰ এই সময়ত জাক উৰাৰ বতৰ। গতিকে মৌ পালকসকলে মৌবাহসমূহ সঘনাই পৰিদৰ্শন কৰি নতুন মৌৰাণীকোষ দেখা পালে ভাঙি পেলাব লাগে। এনে কৰি মৌমাখিৰ জাক উৰা প্ৰক্ৰিয়া ৰোধ কৰিব পৰা যায়।

৭) অমিতাকে ধৰি অন্যান্য প্ৰায় ৫৫ বিধ উদ্যানশস্য বিশেষকৈ ভেণ্ডি, বেঙেনা, মধুৰি, আম, ডালিম, শিমলু, আলু, ৰঙালাও আদিক ক্ষতি কৰা মিলিবাগ বা কপাহী পোকৰ বিষয়ে ২০০৮ চনৰ জুলাই মাহত তামিলনাডুৰ কইম্বাটুৰ নামৰ ঠাইত প্ৰথমবাৰলৈ দেখা গৈছিল। এই অনিষ্টকাৰী পোকবিধ যাতায়াত তথা অন্যান্য কাৰকৰ দ্বাৰা সমগ্ৰ ভাৰততে বিয়পি পৰিছে। এতিয়া কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ত্ৰিপুৰাৰ লগতে ২০১১ চনৰ শেষ ভাগত অসমতো এই পতংগৰ অপকাৰী প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। বৰ্তমান ইয়াক নাৰিকল, জবা, ধান আদি শস্য আক্ৰমণ কৰাও পৰিলক্ষিত হৈছে। কপাহী পোক নিয়ন্ত্ৰণৰ বাবে প্ৰফেন’ফচ ৫০ ই চি নামৰ ৰাসায়নিক কীটনাশক প্ৰতি লিটাৰ পানীত ২ মি: লি: কৈ মিহলাই গছৰ পাতত ছটিয়াব লাগে। অৱশ্যে, প্ৰাৰম্ভিক অৱস্থাত খুব জোৰেৰে দৰৱ নিমিহলোৱাকৈ পানীৰ লগত ভাতৰ মাৰ মিহলাই ছটিয়ালেও সুফল পাব পাৰি।

লেখক: ড° আটাউৰ ৰহমান , ৰুদ্ৰ নাৰায়ণ বৰকাকতী (দৈনিক জনমভূমি)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate