অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভূঁৰ পোক

ভূঁৰ পোক

শাক-পাচলিৰ বাৰীত সাধাৰণতে দেখা দিয়া এক অনিষ্টকাৰী পোক হ’ল ভূঁৰ পোক। এই পোকৰ পলুবিলাকেহে শাক-পাচলিৰ পুলিবিলাকৰ অনিষ্ট সাধন কৰে। পুলি অৱস্থাত থকা শস্যৰ গুৰিতে কাটি পেলোৱাতো ইয়াৰ বৈশিষ্ট্য। দেখাত মুগা বা কজলা বৰণৰ পোকবিলাকে দিনৰ ভাগত মাটিৰ তলত লুকাই থাকি ৰাতি অনিষ্ট কৰে। পূৰ্ণাংগ পোকবিলাক পখিলা হয়। কবি, বিলাহী, বেঙেনা, জিকা, ফ্ৰেন্সবীন, আলু আদি আৰু শাক যেনে- পালেং, লাই আদিৰ পুলিবিলাক ইহঁতৰ আক্ৰমণৰ পৰা সাৰি নাযায়। গ্ৰীস্মকালতকৈ শীতকালত ইহঁতৰ আক্ৰমণ অধিক হয়। হাতেৰে চুই দিলে ‘C’ আকৃতিৰ দৰে হোৱা ভূঁৰ পোকবিলাকৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ শস্য ৰোৱাৰ পূৰ্বেই পথাৰত মাটি চহোৱাৰ সময়ত মালাথিয়ান ৫ ভাগ শক্তিযুক্ত পাউদাৰেৰে ৩.৫ কেজিৰ পৰা ৪ কেজিলৈ বিঘাই প্ৰতি প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰি মাটি চহোৱাৰ পূৰ্বে জাবৰ-জোঁথৰবিলাক ভালদৰে চিকুণাই পুৰি ল’ব লাগে।

লিখকঃ শংকু মণি শৰ্মা, অসমীয়া খবৰ

3.15942028986
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top