অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভূঁৰ পোক

ভূঁৰ পোক

শাক-পাচলিৰ বাৰীত সাধাৰণতে দেখা দিয়া এক অনিষ্টকাৰী পোক হ’ল ভূঁৰ পোক| এই পোকৰ পলু বিলাকেহে শাক-পাচলিৰ পুলি বিলাকৰ অনিষ্ট সাধন কৰে| পুলি অৱস্থাত থকা শস্যৰ গুৰিতে কাটি পেলোৱাতো ইয়াৰ বৈশিষ্ট্য| দেখাত মুগা বা কজলা বৰণৰ পোকবিলাকে দিনৰ ভাগত মাটিৰ তলত লুকাই থাকি ৰাতি অনিষ্ট কৰে| পূৰ্ণাংগ পোকবিলাক পখিলা হয়| কবি, বিলাহী, বেঙেনা, জিকা, ফেন্সবীন, আলু আদি আৰু শাক যেনে- পালেং, লাই আদিৰ পুলিবিলাক ইহঁতৰ আক্ৰমণৰ পৰা সাৰি নাযায়| গ্ৰীষ্মকালতকৈ শীতকালত ইহঁতৰ আক্ৰমণ অধিক হয়| হাতেৰে চুই দিলে ‘C’ আকৃতিৰ দৰে হোৱা ভূঁৰ পোকবিলাকৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ শস্য ৰোৱাৰ পূৰ্বেই পথাৰত মাটি চহোৱাৰ সময়ত মালাথিয়ন ৫ ভাগ শক্তিযুক্ত পাউদাৰেৰে ৩.৫ কেজিৰ পৰা ৪ কেজিলৈ বিঘাই প্ৰতি প্ৰয়োগ কৰিব লাগে| ইয়াৰ উপৰি মাটি চহোৱাৰ পূৰ্বে জাবৰ-জোথৰ বিলাক ভালদৰে চিকুনাই পুৰি ল’ব লাগে|

উৎস:- অসমীয়া খবৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate