অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাহ শস্যৰ খেতিত কীট-পতংগ নিয়ন্ত্ৰণ ব্যৱস্থা

মাহ শস্যৰ খেতিত কীট-পতংগ নিয়ন্ত্ৰণ ব্যৱস্থা

মাহ শস্যৰ খেতিত কীট-পতংগ নিয়ন্ত্ৰণ-

 

মোৱা পোকে গছৰ কুমলীয়া আগ, ফুল, পাত আৰু নতুনকৈ হোৱা ছেইবিলাকৰ ৰস শুহি খায়। ফলত পাত-ফুলবিলাক মৰহি যায় আৰু ফুলৰ পৰা ছেই উৎপন্ন নহয়।

মাহজাতীয় শস্যৰ ভিতৰত মাটিমাহ, ৰহৰমাহ, মটৰ, ডাংবাডি ইত্যাদিৰ খেতি কম-বেছি পৰিমাণে অসমত কৰা হয়। মাহ শস্যৰ খেতিত দিয়া বিভিন্ন ধৰণৰ কীট-পতংগৰ ভিতৰত তলত উল্লিখিত কীট পতংগসমূহৰ আক্রমণ বেছিকৈ হোৱা পৰিলক্ষিত হয়।

  • পাতখোৱা পোক (ফ্লী-বীটল): এইবিধ পোকে মাহ শস্য ছেই ধৰাৰ পূর্বে গছৰ কুমলীয়া পাতত সৰু সৰু বিন্ধা কৰি খায়। ফলত গছৰ সালোক সংশ্লেষণত ব্যাঘাত জন্মে, অৱশেষত গছজোপা মৰি যায়।
  • বগা মাখি (হোৱাইট ফ্লাই): পৈণত আৰু অপৈণত উভয় অৱস্থাৰ বগা মাখিয়ে কুমলীয়া পাতৰ ৰস শুহি খায়। লগতে এই পতংগ বিধে পাত হালধীয়া কৰা ভাইৰাছ বেমাৰৰ বীজাণু বহন কৰে।
  • বিছা: বিছা পোকে প্রথমে দল বান্ধি পাতৰ সেউজীয়া অংশ আৰু পলুবিলাক ডাঙৰ হ’লে অন্য গছ বা একেজোপা গছৰে অন্যপাতলৈ গতি কৰি সেই পাত ভক্ষণ কৰে। অৱশেষত গছৰ পাতবিলাক সৰি পৰে।
  • মোৱা পোক: মোৱা পোকে গছৰ কুমলীয়া আগ, ফুল, পাত আৰু নতুনকৈ হোৱা ছেইবিলাকৰ ৰস শুহি খায়। ফলত পাতি-ফুলবিলাক মৰহি যায় আৰু ফুলৰ পৰা ছেই উৎপন্ন নহয়।
  • ছেই বিন্ধা পোক: প্রথমা অৱস্থাত এই পোকৰ পলুৱে শস্যৰ কুমলীয়া পাত খায়। পাছত নতুনকৈ ওলোৱা ছেইবিলাকত বিন্ধা কৰি ফলত শস্যৰ পৰিমাণ কমি যায়।

এই কীট-পতংগবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান নিয়ন্ত্রণ ব্যৱস্থা তলত উল্লেখ কৰা হৈছে-

নিয়ন্ত্রণ ব্যৱস্থা-

 

১। শস্য সিঁচাৰ পূর্বে মাটি ডোখৰ দকৈ চহাই ভালকৈ ঘাঁহ-বন চিকুণাই পৰিষ্কাৰ কৰি ল’ব লাগে।

২। মাটিত থকা পোক নিয়ন্ত্রণ কৰিবলৈ প্রতি হেক্টৰত একটন নিমৰ খলিহৈ প্রয়োগ কৰিব লাগে।

৩। শস্যই ভৰি পৰা পথাৰত মাজে মাজে হালধীয়া আঠাযুক্ত টেপ ব্যৱহাৰ কৰি মোৱা পোক, বগামাখিৰ আক্রমণ প্ৰতিৰোধ কৰিব পাৰি।

৪। ট্রাইক’গ্ৰামা, ব্ৰাছিলিয়েনছিছ ইত্যাদি ৫০ হাজাৰকৈ ৭ দিনৰ মূৰে মূৰে ৬ বাৰকৈ প্রয়োগ কৰি সেই বিন্ধা কৰা পোকৰ নিয়ন্ত্ৰণ কৰিব পাৰি। এইবোৰ ‘কাৰ্ড' হিচাপে ক্রয় কৰিব পাৰি।

৫। ৰাসায়নিক কীটনাশক দ্রব্য মন’ক্ৰট’ফছ ৪ মিঃলিঃ প্রতি এক লিঃ পানীত মিহলাই শস্যত ব্যৱহাৰ কৰিব লাগে। প্রতি বিঘাৰ বাবে ৮০ লিঃ কীটনাশক দ্ৰব্যৰ প্ৰয়োজন।

এই নিয়ন্ত্রণ ব্যৱস্থাসমূহ ব্যৱহাৰ কৰি মাহ জাতীয় শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰি।

লেখিকা: ডেনিশা ৰাজখোৱা, দৈনিক জনমভূমি।

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate