অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শস্যকৃমি

শীতকালীন শস্যৰ কথা ক’লে সতেজ, সেউজীয়া শাক-পাচলিৰ ছবি এখন আমাৰ মনলৈ আহে। বেঙেনা, কবি, মূলা, গাজৰ আদিৰে বনোৱা ধোঁৱা ওলাই থকা ‘লাব্ৰা’ মানে তৰকাৰীখনেৰে খোৱা পূজাৰ খিচিৰিখনৰ কথা নিশ্চয় পাহৰা নাই। পিছে চালাদ খাবলৈ বুলি কিনিবলৈ লওঁতে গাজৰটোৰ বিসংগতি চাগে কেতিয়াবা মন কৰিছে। অথবা ঘৰৰ বাৰীখনত ৰুবলৈ অনা বিলাহী, বেঙেনা, জলকীয়া আদিৰ পুলিবিলাকৰ শিপাত কেতিয়াবা গাঁঠি থকা লক্ষ্য কৰিছেনে? এই বিসংগতি বা শিপাৰ গাঁঠি সাধাৰণতে শস্যকৃমিৰ আক্ৰমণৰ ফলত হয়।

 

শস্যকৃমি

এই শস্যকৃমি হ’ল এবিধ সূক্ষ্ম জীৱ। ইহঁতৰ বেছিভাগকে অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে চাব পাৰি। ইহঁতে শস্যৰ গা-গছ, ডাল-পাত অথবা শিপাত আক্ৰমণ কৰে। ‘মেলইড’ গাইনি ইনকোগনিটা’ নামৰ শস্যকৃমিবিধৰ আক্ৰমণৰ ফলত সাধাৰণতে শস্যৰ শিপাত গাঁঠি বন্ধা ৰোগ হয়।

ৰোগৰ লক্ষণঃ

এই শস্যকৃমিয়ে আক্ৰমণ কৰা বেঙেনা, কবি, মূলা, গাজৰ আদি শীতকালীন শস্যৰ গছবিলাক তুলনামূলকভাৱে আন নিৰোগী গছতকৈ চাপৰ আৰু নিশকতীয়া হয়। পুলি অৱস্থাত আক্ৰান্ত হ’লে ৰ’দৰ তাপত পাতবিলাক লেৰেলি যায়। বৰকৈ আক্ৰান্ত হ’লে পাতবিলাক লাহে লাহে হালধীয়া হয়। মাটিত প্ৰয়োজনীয় পানী থাকিলেও কৃমিৰ দ্বাৰা আক্ৰান্ত গছবিলাক ৰ’দত মুজুৰা পৰি যায়। বহুক্ষেত্ৰত শস্যকৃমিৰ দ্বাৰা আক্ৰান্ত শস্যত ফল ধৰিলেও উৎপাদন যথেষ্ট হ্ৰাস হয়। শস্যভূমিৰ দ্বাৰা আক্ৰান্ত গছবিলাকৰ শিপাত বহুতো গাঁঠিৰ সৃষ্টি হয়। ইয়াৰ ফলতে পানী আৰু অন্যান্যপোষক মৌল চলাচলত অসুবিধা হয় আৰু সেয়েহে গছজোপা বাঢ়িব নোৱাৰা হয়।

ৰোগ নিবাৰণৰ উপায়ঃ

শস্যকৃমিৰ আক্ৰমণৰ পৰা বেঙেনা, কবি, মূলা, গাজৰ আদি শীতকালীন শস্যসমূহ ৰক্ষা কৰিবলৈ হ’লে কৃষকসকল সজাগ হোৱাৰ প্ৰয়োজন।

ৰোগ নিবাৰণৰ উপায়সমূহ হ’ল-

  • খেতি কৰাৰ আগতে মাটিখিনি কেইবাবাৰো ভালদৰে হালবাই ৰ’দত শুকাবলৈ দিব লাগে।
  • একেডৰা মাটিত কেইবাবছৰ ধৰি একে খেতিতে কৰি থাকিব নালাগে। বছৰ বছৰ ধৰি একে খেতিকে কৰি থাকিলে শস্যকৃমিৰ সংখ্যা বৃদ্ধি হয়। সেয়ে পাচলি খেতি কৰা মাটিখিনিত মাজতে দুই-এবাৰ ঘেঁহু, সৰিয়হৰ খেতি কৰিলে নাইবা ধানৰ কঠীয়া পাৰিলে এই শস্যকৃমিৰ মাত্ৰা হ্ৰাস হয়।
  • পুলি ৰোৱা বা গুটি সিঁচাৰ ১৫ দিনৰ আগত বিঘাই প্ৰতি ২৫ কিঃ গ্ৰাঃ মান নিমৰ খলি হৈ প্ৰয়োগ কৰিব লাগে। অৱশ্যে অন্যান্য জৈৱিক পদাৰ্থ যেনে- সৰিয়হৰ খলিহৈ, নিম গছৰ ডাল-পাত। কাঠৰ গুড়ি আদিও প্ৰয়োগ কৰি সুফল পাব পাৰি।
  • প্ৰথম অৱস্থাত শস্যকৃমিৰ আক্ৰমনৰপৰা শস্যডৰা ৰক্ষা কৰিবলৈ বীজখিনি কাৰ্ব’ছালফাৰ ২৫ এছ টি (৩০ গ্ৰাম কেজি বীজ হিচাপত) নামৰ ঔষধৰ লগত মিহলাই সিঁচিব লাগে।
  • শস্যকৃমি নিয়ন্ত্ৰণ কৰিবলৈ কৃমিনাশক ঔষধ কাৰ্ব’ফুৰন ৩ জি (যেনে- ফুৰাডন) বিঘাই প্ৰতি ৪.৫ কিঃ গ্ৰাঃ মাটিত প্ৰয়োগ কৰিব লাগে।
  • বিলাহী, বেঙেনা আদিৰ কঠীয়াতলীত ১০-১৫ গ্ৰাম প্ৰতি বৰ্গমিটাৰ হিচাপত কাৰ্ব’ফুৰান ৩ জি প্ৰয়োগ কৰিব লাগে।
  • বিলাহী, বেঙেনা আদিৰ লগত নাৰ্জি ফুলৰ খেতি কৰিও সুফল পাব পাৰি।

এই শস্যকৃমি প্ৰায়বোৰ শস্যক্ষেত্ৰতেই থাকি গোপনে শস্যৰ অনিষ্ট সাধন কৰি আহিছে যদিও কৃষক ৰাইজৰ অজ্ঞতাৰ হেতু নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। তাতকৈও ডাঙৰ কথাটো হ’ল যে এই কৃমিৰ লগত আন ভেঁকুৰ, বেক্টেৰিয়া বা ভাইৰাছৰ যৌথ আক্ৰমণৰ ফলত শস্য ১০০ শতাংশই ধ্বংস হ’ব পাৰে। সেয়েহে কৃষক ৰাইজ সতৰ্ক হোৱা উচিত যাতে সময়ত এই ‘শস্যৰ গোপন শত্ৰু- শস্যকৃমি’ নিয়ন্ত্ৰণ কৰি শস্যডৰা ৰক্ষা কৰিব পাৰি।

লিখকঃ ড০ ভৱেশ চন্দ্ৰ ডেকা, অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 9/12/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate