অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শস্যকৃমিৰ বিষয়ে

শস্যকৃমি কি?

শস্যকৃমি হ’ল এবিধ লাহী দেহৰ অখণ্ডিত সূতাৰদৰে উভয়লিংগ প্ৰানী।এই কৃমিবোৰ মাটিত বৃহৎ পৰিমানে থাকে।এই কৃমিবোৰ মাটিত বৃহৎ পৰিমানে থাকে।এই কৃমিৰ বহুতো প্ৰ্জাতিয়ে বিভিন্ন গছ-গছনি বা শস্যৰ পৰা খাদ্য অহৰন কৰে।পৃথিৱীত এনে কোনো শস্য নাই বা গছ-গছনি নাই যি কমেও এটা বা তাতোধিক শস্যকৃমিৰ দ্বাৰা আক্ৰান্ত হোবা নাই।শস্য আক্ৰমন কৰা এই কৃমিবোৰ সাধাৰনতে ২ মি:মি:তকৈ চুটি আৰু ০:০৫ মি:মি:ব্যাসৰ হয়।ইহত ঈষৎ স্বচ্ছ আৰু প্ৰায়বোৰ প্ৰ্জাতিয়েই আনুবীক্ষনিক।শস্যকৃমিৰ প্ৰায়বোৰ প্ৰ্জাতিয়েই গছৰ বায়বীয় অংশত আক্ৰমন কৰে।ইহতৰ কিছুমানে শিপা বা গছৰ বাহিৰৰ পৰা খাদ্য স্ংগ্ৰহ কৰিব পাৰে(বহি:পৰজীবি),কিছুমানে দেহৰ আধা অংশ গছৰ ভিতৰত সুমুৱাই খাদ্য সংগ্ৰহ কৰিব পাৰে (অৰ্দ্ধ অন্ত:পৰজীবি)বা কিছুমানে সম্পূৰ্নৰুপে গছৰ ভিতৰত সোমাই খাদ্য স্ংগ্ৰহ কৰিব পাৰে।(অন্ত:পৰজীবি)

সমগ্ৰ পৃথিৱীতে শতিকাজুৰি মানুহৰ শস্যবাৰীত গোপনে আক্ৰমন কৰি অহা এই ক্ষুদ্ৰ প্ৰানীবিধে প্ৰ্ভূত ক্ষতি কৰি আহিছে।শস্যকৃমি আক্ৰমনে শস্যৰ উৎপাদন হ্ৰাস কৰাৰ উপৰিও উৎপাদিত সামগ্ৰী যেনে-ফল-মূল,বীজ আদিৰ গুনা-গুনটো যথেষ্ঠ প্ৰভাৱ পেলাই আহিছে।সেয়েহে এই শস্যকৃমিৰো অতি সম্পৰ্তি শস্যৰ অন্যান্য অনিষ্টকাৰী পোক-পত্ংগ ভেকুৰ বেক্টেৰিয়া আদিৰ লগত সমানে সমানে ফেৰ মাৰিব পৰা শস্য শত্ৰ ৰুপে গন্য কৰা হৈছে।এই শস্য কৃমিবোৰক শস্যৰ গোপন শত্ৰ বুলি কোবা হয়।কিয়নো এক বৃহৎ স্ংখ্যাৰ শস্যকৃমি মাটিত বাস কৰি কৃষকক অগোচৰে গছৰ শিপা অংশতহে আক্ৰমন হানে।ইয়াৰ উপৰিও প্ৰায়বোৰ শস্যকৃমীয়ে আক্ৰান্ত শস্যত বেমাৰৰ কোনো সুনিদিষ্ট লক্ষন নেদেখুবাই।শস্যকৃমিৰ আক্ৰমনৰ ফলত দেখুওবা বহু লক্ষন অন্য অনুজীবৰ আক্ৰমন অথবা শস্যত পৰিপুষ্টিৰ অভাৱত হোবা লক্ষন সমূহৰ অনুৰুপ।সেয়েহে শস্যকৃমিয়ে শস্যৰ উৎপাদনত পেলোবা প্ৰ্তিকূল প্ৰ্ভাৱত আমৰ কৃষক সকলে প্ৰায়েই গুৰুত্ব আৰোপ কৰা দেখা নাযায়।

শস্যকৃমিৰ আকাৰ

যদিও শস্যকৃমিবোৰ দেখিবলৈ একোডাল সূতাৰ দৰে কিন্ত ভালকৈ পৰ্য্যবেক্ষন কৰিলে দেখা যায় যে এই কৃমিবোৰৰ আকাৰ দৰাচলতে দুইমূৰে চিঞা একো একোটা মাকোৰ দৰেহে।অৱশ্যে পূৰ্নাংগ অৱস্থাপ্ৰাপ্ত কিছুমান প্ৰ্জাতিৰ মাইকী শস্যকৃমিৰ আকাৰ একোটা আপেলৰ দৰে,নেমুটেঙাৰ দৰে অথবা কিডনীৰ দৰে।কিন্ত পূৰঠ মতা আৰু পলুবোৰ সদায় মাকো একোটাৰ দৰেই হয়।

বিস্তৃতি

স্থলবাহী এই কৃমিবোৰ সৰহভাগেই শস্য পৰভোজী।শস্য পৰভোজী বা শস্যকৃমিবোৰ পৃথিৱীৰ যি কোনো ঠাই,যিকোনো পৰিবেশত বিস্তাৰিত হৈ থাকে।ইয়াৰে বহুবোৰ প্ৰ্জাতি বহুভক্ষী আৰু এক বিস্তৃত প্ৰজাতিৰ শস্যক আক্ৰমন কৰাৰ ক্ষমতা আছে।

শস্যকৃমিৰ জীৱন চক্ৰ

শস্যকৃমিৰ জীবন চক্ৰ লক্ষ্য কৰিলে বয়স্ক আৰু কনী অৱস্থাৰ বাদে চাৰিটা পলু আৱস্থা দেখা পোৱা যায়।শস্যৰ প্ৰ্জাতিভেদে পলু বা বয়স্ক কৃমিবোৰ শস্যৰ শিপাত বা গা গছ,ডাল-পাত,ফল-ফুল আদিত আক্ৰমন কৰে।প্ৰাপ্তবয়স্ক স্ত্ৰী কৃমিয়ে মাটি বা গছৰ কোষত কণী পাৰে।কিছুমান প্ৰ্জাতিৰ শস্যকৃমিয়ে আকৌ্‌ দেহৰ ভিতৰতে কনীবোৰ ধাৰন কৰি ৰাখিব পাৰে।

শস্যকৃমিয়ে কেনেদৰে আক্ৰমন কৰে

সৰহভাগ প্ৰ্জাতিয়ে গছৰ শিপাত অক্ৰমন কৰি তাৰ পৰাই লাগতিয়াল খাদ্য আহৰন কৰে।অৱশ্যে এক নগন্য অংশই গছৰ বায়বীয় অংশ অৰ্থাৎ ডাল-পাত,ফল-ফুল বা বীজত আক্ৰমন হানি আহাৰ স্ংগ্ৰহ কৰে।

শস্যকৃমিয়ে সম্পূৰ্ন খাদ্য সম্ভাৰ গছৰ কোষৰ পৰা আহৰন কৰিবৰ বাবে ব্যৱহাৰ কৰা অংগটো হল মুখ মণ্ডলত থকা এটা ফোপোলা বেজী সদৃশ শুকিকা বা শুং।এই শুকিকাডাল সম্পূৰ্ন গছৰ কোষৰ ভিতৰলৈ সুমুৱাই দি কোষৰসমষ্ট উপাদান শুহি লৈ যোৱাৰ ফলত গছৰ সেই অংশবোৰ আক্ৰান্ত হয়।

আক্ৰমনৰ ওপৰত নিৰ্ভৰ কৰি শস্যকৃমিক দুভাগত ভাগ কৰা হৈছে।বহি:পৰভোজী যি মাটিত থাকি শিপাত আক্ৰমন কৰে আৰু আন্ত:পৰভোজী যি শিপাত বা আন অংশৰ কোষৰ ভিতৰলৈ সোমাই গৈ আক্ৰমন কৰে।এই দুয়োবিধৰে কিছুমানে আকৌ পৰিভ্ৰমী ৰুপত মাটিত ইফালৰ পৰা সিফালে অথবা এটা কোষৰ পৰা আন এটা কোষলৈ ঘূৰি ফুৰি আক্ৰমন কৰে।শস্যকৃমিৰ এনে আক্ৰমনৰ ফলত আক্ৰান্ত অংশবোৰত অস্বাভাবিকভাবে কোষ বিভাজন হয় যাৰ ফলত সেই অংশবোৰত অসংখ্য গাঠি বা টেমুনাৰ সৃষ্টি হয়।আন কিছুমানৰ আক্ৰমনৰ ফলত কোষবোৰ মৰি গৈ সেই অংশবোৰত অসংখ্য কলা কলা দাগৰ সৃষ্টি হয়।লাহে লাহে এনে আক্ৰান্ত শিপাবোৰত মাটিত বাসকৰা আন আন অনিষ্টকাৰী ভেকুৰ বা বেক্টেৰীয়াৰ দ্বাৰা আক্ৰান্ত হৈ শিপাবোৰ গেলি পচি যোবাত সহায় কৰে।

শস্যৰ ক্ষয়-ক্ষতি

শস্যকৃমি আক্ৰমনৰ বাবে শস্যৰ ক্ষয় ক্ষতিৰ পৰিমান নিৰ্ভৰ কৰে কৃমিৰ স্ংখ্যা তথা শস্যৰ বৰ্দ্ধনাবস্থাৰ লগতে পাৰিপাশ্বিক বাতাবৰনৰ ওপৰত।সাধাৰনতে গ্ৰীষ্ম মণ্ডলত কৰা শস্যসমূহত শস্যকৃমিয়ে কৰা ক্ষয়-ক্ষতিৰ পৰিমান তুলনামূলকভাৱে ন্বেছি।আনুমানিক হিচাপমতে শস্যকৃমিৰ ফলত ক্ষতিৰ পৰিমান

  • তৈলজাতীয় শস্য-------৫ শতাংশ
  • মাহজাতীয় শস্য------১০ শতাংশ
  • ধানজাতীয় শস্য------১০ শতাংশ
  • শাক-পাচলি--------১০ শতাংশ
  • অসমত বাওধানৰ “উফ্ৰা” ৰোগৰ ফলত ৩০-১০০ শতাংশ শস্যৰ ক্ষতি হয়।
  • আহুধানত ২০-২৫ শতাংশ ক্ষতি হয়।

শস্য –কৃমিয়ে প্ৰ্ত্যক্ষভাৱে আক্ৰ্মন কৰি শস্যৰ অনিষ্ট সাধন কৰাৰ উপৰিও আগতে উল্লেখ কৰাৰ দৰে ইহতে অন্য পৰজীৱি ভেকুৰ,বেক্টেৰীয়াৰ লগ লাগি ৰোগৰ পৰিমান বঢ়াই তোলে/শস্যকৃমিৰ অক্ৰমনে ভেকুৰ বেক্টেৰীয়াৰ বিপৰীতে থকা শস্যৰ প্ৰ্তিৰোধ ক্ষমতাও নাইকীয়া কৰি পেলায়।

শস্যকৃমিৰ আক্ৰমনৰ ফলত দেখা দিয়া লক্ষন সমূহ

শস্যৰ শিপাত হোবা আক্ৰমনৰ ফলত ইয়াৰ ওপৰৰ অংশত কিছুমান উপসৰ্গই দেখা দিয়ে।যিহেতু আক্ৰান্ত শিপাবোৰে তাৰ নিদিষ্ট কামবোৰ সুচাৰু ৰুপে কৰিব নোবাৰে হয় তাৰ ফলত গছ জোপাই উপযুক্ত পৰিমানৰ পানী আৰু দৰকাৰী মৌল মাটিৰ পৰা আহৰন কৰাত ব্যৰ্থ হয়।এনে অনাতনৰ ফলত গছজোপাৰ ওপৰ অংশত বিভন্ন লক্ষনে দেখা দিয়ে।এই লক্ষনবোৰ দেখাত লাগতিয়াল পুষ্টি দ্ৰব্যৰ অভাৱ,খৰাং লৱনতা আদিৰ প্ৰভাৱত দেখা দিয়া লক্ষনসমূহৰ দৰে।শস্যকৃমিৰ দ্বাৰা আক্ৰান্ত গছত দেখা দিয়া লক্ষনসমূহ হল

  • গছবোৰ বাঢ়িব নোবাৰি মূজুৰা পৰি থকা।
  • পাতবোৰ হালধীয়া হোৱা বা বিৱৰ্ন হোৱা ।
  • পোখা মেলিব নোৱাৰি ঠাল ঠেঙুলিৰ স্ংখ্যা কমি যোবা
  • বহল পাতৰ গছবোৰ দিনৰ বেলাত কম ৰদতে লেৰেলি যোবা।
  • কল,অমিতা আদি গছবোৰ বতাহত উভালি পৰা।
  • ফুল,ফল আৰু বীজ ধৰাত পলম হোৱা আৰু বিকৃত হোৱা।
  • শিপাত অসংখ্যা গাঠিঁ বা টেমুনা বন্ধা ।
  • শিপাৰ অস্বাভাৱিক বৃদ্ধি হোবা।
  • চুটি চুটি শকত শিপাৰ উদ্ভৱ হোৱা।
  • শিপাত দীঘলীয়া ক্ষতৰ সৃষ্টি হোৱা ।
  • শিপা গেলি পছি মৰি যোবা।

ইয়াৰোপৰি কম স্ংখ্যক শস্যকৃমিৰ প্ৰ্জাতিয়ে শস্যৰ ওপৰিভাগত অৰ্থাৎ ডাল-পাত,ফল-ফূল,বীজ আদিত আক্ৰমন কৰে যাৰ ফলত সেই অংগবোৰত তলত উল্লেখ কৰা ধৰনৰ লক্ষনবোৰে দেখা দিয়ে:

  • গছৰ আগ বা কোঁহ মৰহি যোৱা ।
  • পাত সোতোৰা সোতোৰা পৰা।
  • পাতত দাগ পৰা।
  • পাতত আগ অংশ শুকাই যোৱা।
  • বীজ,বীজৰ থোক আদি বিকৃত হোৱা।

যদিও এই উপসৰ্গবোৰ শস্যকৃমিৰ আক্ৰমনৰ বাবেই দেখা দিয়া বুলি ভবা হয় তথাপিও শস্যকৃমিৰ উপস্থিতি নিশ্চিত কৰিবৰ বাবে মাটি আৰু আক্ৰান্ত অংশবোৰ পৰীক্ষাগাৰত ভালদৰে অভিজ্ঞ ব্যক্তিৰ হতুৱাই পৰীক্ষা কৰি লব লাগে।

শস্যকৃমি নিৰাময়ৰ বিধানসমূহ

শস্যকৃমি নিৰাময়ৰ বাবে বিভিন্ন বিধান প্ৰয়োগ কৰিব পাৰি।তাৰ ভিতৰত সচৰাচৰ প্ৰয়োগ কৰা বিধান সমূহ এনেধৰনৰ:

  • ব্যৱহাৰিক নিয়ন্ত্ৰন পদ্ধতি।
  • জৈৱিক নিয়ন্ত্ৰন পদ্ধতি।
  • ৰাসায়নিক নিয়ন্ত্ৰন পদ্ধতি।

ব্যৱহাৰিক নিয়ন্ত্ৰন পদ্ধতি

খেতি কৰা আগে পাছে শস্যৰ পথাৰত কিছুমান ব্যৱহাৰিক পদ্ধতি ব্যৱস্থা অৱলম্বন কৰি শস্যকৃমি নিয়ন্ত্ৰন কৰিব পাৰি।সাধাৰনতে এনে বহু ব্যৱহাৰিক ব্যৱস্থা বা পদ্ধতি শস্যৰ পথাৰত ব্যৱহাৰ কৰোতে অৰ্থৰ প্ৰয়োজন নহয় বৰ্ং আমাৰ কৃষকসকলে সদা ব্যৱহৃত কিছুমান পদ্ধতি চতুৰতাৰে প্ৰয়োগ কৰি শস্য কৃমিক নিয়ন্ত্ৰনত ৰাখিব পাৰি।সচৰাচৰ ব্যৱহাৰ কৰা বিভিন্ন ব্যৱহাৰিক নিয়ন্ত্ৰন পদ্ধতি সমূহ তলত দিয়া হল---

  • জুলাই-আগষ্ট মাহত শস্যতলী চহোৱা।
  • শস্যক্ৰমে সলনি কৰা।
  • পচন বা জৈবিক সাৰ প্ৰয়োগ কৰা।
  • বীজ সিচাঁ বা পুলিৰোৱাত সময়ৰ আগ পিছ কৰা।
  • শস্য পথাৰত চাফচিকুনতা অৱলম্বন কৰা।

জৈৱিক নিয়ন্ত্ৰন পদ্ধতি

শস্যৰ বহুতো কীত-পতংগ বেমাৰ আজাৰ আৰু শস্যকৃমি নিয়ন্ত্ৰনৰ বাবে ৰাসায়নিক ঔষধৰ পৰিবৰ্তে বৰ্তমান জৈৱিক নিয়ন্ত্ৰনৰ কথা বহুলভাবে বিবেচনা কৰা হৈছে।শস্যকৃমি নিয়ন্ত্ৰনৰ ক্ষেত্ৰত কিছুমান উপকাৰি অনুজীব প্ৰয়োগে এক উল্লেখযোগ্য ভূমীকা গ্ৰহন কৰিছে।জৈবিক নিয়ন্ত্ৰনৰ মানে হল এবিধ উপকাৰী অনুজীৱৰ দ্বাৰা আন এবিধ শস্য অনিষ্টকাৰী অপকাৰী জীৱক নিয়ন্ত্ৰণ কৰা।

শস্যকৃমি নিয়ন্ত্ৰনৰ ক্ষেত্ৰত প্ৰধানকৈ কিছুমান ভেকুৰ জাতীয় অনুজীৱ যেনে ট্ৰাইকডাৰমা ভিৰিডি, ট্ৰাইকডাৰমা হাৰজেনীয়াম,পিচিলমাইচিচ লিলাচিনাচ,চিউডমনাচ ফ্লৰচেনচ ইত্যাদিও বৰ্তমান বহুলভাবে ব্যৱহৃত কৰা হৈছে।আজিকালি বজাৰত এই অনুজীববোৰৰ বিভিন্ন প্ৰকৰন পূৰ্বপ্ৰস্তত ৰুপত পোৱা যায়।এইবোৰ আমাৰ কৃষকে কেনেদৰে প্ৰয়োগ কৰিব লাগে তাৰো নিৰ্দেশনা লগতে দিয়া থাকে।

ৰাসায়নিক নিয়ন্ত্ৰন পদ্ধতি

শস্যৰ যিকোনো বেমাৰ বা পোক-পতংগ্গৰ বিৰুদ্ধে অতীজৰ পৰাই এইবিধ নিয়ন্ত্ৰন পদ্ধতি আমাৰ কৃষকৰ মাজত বহুলভাবে ব্যৱহৃত আৰু জনপ্ৰিয় কাৰন ইয়াৰ পৰাই বহু শতাংশ নিশ্চিত ফলাফল আদায় কৰিব পাৰি।অৱশ্যে বহুলভাৱে আৰু যধে-মধে বহুতো ৰাসায়নিক ঔষধ প্ৰয়োগ কৰাৰ বাবে বৰ্তমান ইয়াৰ বহুতো পাৰ্শ্বক্ৰীয়া দেখা পোবা গৈছে।সেয়েহে শস্য অনিষ্টকাৰী জীৱ-অনুজীৱবোৰক ৰাসায়নিক ঔষধ প্ৰয়োগৰে নিধন কৰা বেলিকা সদায় তাক বিজ্ঞান সন্মতভাবে বা অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনা মতেহে প্ৰয়োগ কৰা উচিত।

শস্যকৃমি নিয়ন্ত্ৰনৰ বাবে আজি কালি বজাৰত সহজে পোবা কিছুমান ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰি শস্যকৃমি নিধন আৰু নিয়ন্ত্ৰন কৰিব পাৰি।শস্যকৃমিৰ বিৰুদ্ধে বহুলভাৱে ব্যৱহৃত ৰাসায়নিক দ্ৰব্যবিধ হল ফুৰাডন। কৃমি আক্ৰমনৰ সম্ভাবনা থকা শস্যতলীত বীজ সিচাঁ বা পুলি ৰোবাৰ পূৰ্বে বিঘাই প্ৰ্তি ৫ কিলোগ্ৰাম হাৰত প্ৰয়োগ কৰিব লাগে।লোৰ বা খল কৰি ৰোৱা শাক-পাচলিৰ ক্ষেত্ৰত প্ৰ্তি লোৰ বা খলত ৫ গ্ৰাম মানকৈ শুকান গোবৰৰ লগত এই ঔষধ মিহলাই প্ৰয়োগ কৰিলে ভাল ফল পোবা যায়।এনেকৈ প্ৰয়োগ কৰিলে কম পৰিমানৰ ঔষধ লগাৰ উপৰিও গছৰ গুৰিয়ে কিছুদিনলৈ কৃমি প্ৰ্তিৰোধ কৰা ক্ষমতা লাভ কৰে।

ইয়াৰোপৰি কৃমি আক্ৰমনৰ সম্ভাৱনা থকা পথাৰত পুলিবোৰ ৰোবাৰ আগতে ৰগৰ বা কাৰ্বচালফন নামৰ ঔষধত?(১ চাহ চামোচ ১ লিটাৰ পানীৰ মিশ্ৰন)৫-৬ ঘ্ণ্টা শিপা অংশ জুবুৰীয়াই ৰাখি মূল পথাৰত ৰুব লাগে।এনে কৰিলে পুলিৰ শিপা অংশত লাগি থকা কৃমিবোৰ নাশ হোবাৰ লগতে মূল পথাৰত থ্যকা কৃমিৰ আক্ৰমনৰ পৰাও পুলিবোৰ বচাব পাৰি।এনে ৰাসায়নিক দ্ৰব্যত বীজ শোধন কৰি শোধিত বীজ সিচিঁলেও ভাল ফল পোবা যায়।

বহুতো শাক-পাচলিৰ ক্ষেত্ৰত পুলিবাৰীত পুলি পছাইহে মূল পথাৰত ৰোপন কৰা হয়।এনে ক্ষেত্ৰত পুলিবাৰী প্ৰস্তত কৰাৰ সময়ৰ পৰাই উপৰোক্ত ব্যৱস্থাসমূহ অৱলম্বন কৰাটো অত্যন্তই দৰকাৰ।অন্যাথা কৃমি আক্ৰান্ত ৰুগীয়া পুলিবোৰে কেতিয়াও ভাল উৎপাদন দিব নোৱাৰে।

পৃথিবীৰ আটাইতকৈ গুৰুত্বপূৰ্ন পথাৰ শস্যবিধ হল ধান।আমাৰ দেশ ভাৰতবৰ্ষটো মূখ্য খাদ্যৰ শস্যৰ তিনি ভাগৰ এভাগ হল ধান।এই গুৰত্বপূৰ্ন খাদ্যশস্য বিধৰ উৎপাদনৰ প্ৰধান হেঙাৰ হল বিভিন্ন ধৰনৰ পোক-পত্ংগ,বেমাৰ আজাৰ আৰু শস্যকৃমিৰ আক্ৰমন।এক সমীক্ষা মতে গোটেই পৃথিৱীৰ মুঠ ধান খেতি কৰা ৩৪৬ মিলিয়ন একৰৰ ভিতৰত প্ৰায় ২৬৩ মিলিয়ন একৰ পৰিমানৰ খেতিৰ অনিষ্ট কৰে শস্যকৃমিয়ে।আন এক সমীক্ষামতে বিশ্বৰ বিভিন্ন দেশত শস্যকৃমিৰ আক্ৰমনৰ ফলত ১০ ৰ পৰা ২৫ শতাংশ পৰ্য্যন্ত ধানৰ উৎপাদন হ্ৰাস হৈ আহিছে।

ধানখেতি এডৰাক প্ৰায় চল্লিশবিধ বিভিন্ন শস্য কৃমিয়ে আক্ৰমন কৰা দেখা যায়।পৰিবেশ অনুযায়ী এই কৃমিবোৰক গুৰুত্ব বিভন্ন দেশ অথবা বিভিন্ন প্ৰ্দেশ অনুযায়ী ভিন ভিন।প্ৰায় চল্লিশবিধ শস্য কৃমিৰ ভিতৰত তিনিবিধ শস্যকৃমি আমাৰ অসমৰ বাবে অতিশয় গুৰত্বপূৰ্ন বুলি বিবেচিত হৈছে।এই তিনিবিধ শস্যকৃমিৰ ভিতৰত ধানৰ শিপাত গাঠিঁ বন্ধা কৃমি(Rice root-knot nematode) বিধ অন্যতম।

ধানৰ শিপাত গাঠিঁ বন্ধা কৃমিবধৰ বৈজ্ঞানিক নাম হল মেইলডগাইনি গ্ৰামিনিকলা(Meloidogyne graminicola)।এই কৃমিবিধ আক্ৰান্ত পথাৰ সমূহৰ মাটিত বাস কৰে।

বিস্তৃতি

পৃথিবীৰ প্ৰায় সকলোবোৰ ধান উৎপাদনকাৰী দেশৰ ধাননি পথাৰত এই কৃমিবিধৰ উপস্থিতি ধৰা পেলোবা হৈছে।অসমৰ প্ৰায় সকলো কেইখন জিলাৰ ধাননি পথাৰত এই কৃমিবিধৰ উপস্থিতি প্ৰ্মান পোৱা গৈছে।

ধানৰ শিপাত গাঠিঁ বন্ধা কৃমিৰ প্ৰাদুৰ্ভাৱ সিচাঁ আহুধান আৰু শালি ধানৰ কঠিয়াতলিত অতি বেছিকৈ দেখা যায়।ইয়াৰোপৰি শালিধানৰ খেতি আৰু বাওঁধানৰ খেতিতো যঠেষ্ঠ পৰিমানে ক্ষতি সাধন কৰে।সাধাৰনতে বালিচহীয়া মাটিত এই কৃমিবিধৰ বৃদ্ধি তথা উপদ্ৰ্ৱৰ হাৰ অতি বেছি।

শস্যক্ষতিৰ পৰিমান

ধানৰ শিপাৰ গাঁঠিবন্ধা শস্য কৃমিৰ আক্ৰমনৰ ফলত ধানৰ গড় উৎপাদন ১৬-৩২ শতাংশ হ্ৰাস পায় আৰু আক্ৰমনৰ প্ৰ্কোপো বেছি হলে ক্ষতিৰ পৰিমান ৫০ শতাংশ পৰ্য্যন্ত হব পাৰে।দ-চানেকীয়া অঞ্চলত বাস কৰা বাওধানৰ খেতিত এই কৃমিয়ে পুলি অৱস্থাত আক্ৰমন কৰি যথেষ্ট ক্ষতি সাধন কৰে আৰু ধানৰ উৎপাদন হ্ৰাস কৰে।

লক্ষণ

ধানৰ শিপাত গাঁঠি বন্ধা কৃমিৰ আক্ৰমনৰ ফলত ধানগছৰ দেখা পোৱা লক্ষন সমূহ হল এনেধৰনৰ-ধানৰ পাতৰ বৰন হালধীয়া হোৱা,ধানৰ গছবোৰ সৰ্বসাধাৰন ধানৰ গছৰ তুলনাত চুটি চাপৰ হৈ নিশকটীয়া হোৱা,ধানৰ গছৰ পোখাৰ স্ংখ্যা হ্ৰাস পোবা আদি।আক্ৰান্ত ধাননিডৰাৰ গেৰ ধাৰনৰ সময় ১০-১৫ দিন পৰ্য্যন্ত পিছুৱাই।পুষ্টিহীনতাত ভোগাৰ দৰে দেখা হালধীয়া বৰনীয়া পাতৰ এনেকুবা ধাননি পথাৰখন কেতিয়াবা দূৰৈৰ পৰা চকুত পৰে।

এই কৃমিয়ে কৰা আক্ৰমনৰ সুনিদিষ্ট লক্ষন দেখা যায় ধানৰ শিপা অংশত।আক্ৰান্ত গছ্ববোৰৰ শিপাত কেতবোৰ গাঠিঁ বা টেমুনা বন্ধা দেখা যায়।অৱশ্যে ধানৰ শিপাত সৃষ্টি হোৱা এই গাঠিঁবোৰ অন্য শস্যৰ শিপাত অন্য প্ৰ্জাতিৰ গাঁঠি বন্ধা কৃমিয়ে কৰা গাঁঠি বা টেমুনাৰ তুলনাত যঠেষ্ঠ সৰু আৰু ইয়াক ধানৰ শিপাৰ আগলি অংশতহে দেখিবলৈ পোৱা যায়।।

এই কৃমিয়ে কৰা বেমাৰৰ পৰা হাত সাৰিবলৈ নিম্নোক্ত ব্যৱস্থা সমূহ গ্ৰহন কৰিব লাগে:

ক) শস্য চপোবাৰ পাছত পথাৰখন হাল বাই বন-বাতৰ পৰা মুক্ত কৰি ৰাখিব লাগে।

খ) আক্ৰান্ত পথাৰত দুই তিনিবছৰৰ মূৰে মূৰে ধানৰ পৰিৱৰ্তে গোমধান মিঠা আলু সৰিয়হ,মৰাপাট,লেচেৰা মাহ,বেলি ফুল,তিল-কবি আদিৰ খেতি কৰিব লাগে।

গ)বৰজাহিঙা,এন্দ্ৰিও শালি,কলাজহা আদি জাতবোৰ কম বেছি পৰিমানে এই কৃমিবিধৰ প্ৰ্তিৰোধক্ষম জাত হিচাপে চিনাক্ত কৰা হৈছে।গতিকে এনেকুবা জাতৰ খেতি কৰিলে কৃমি আক্ৰমনৰ পৰা হাতসৰি থাকিব পাৰি।

ঘ)সিঁচাৰ আগতে ধানৰ বীজবোৰ “বায়ফৰ পি এফ” নামৰ জৈৱনিয়ন্ত্ৰক এবিধৰ দ্বাৰা শোধন কৰি লব লাগে।এক কিলোগ্ৰাম বীজ শোধন কৰিবলৈ মাত্ৰ ২০ গ্ৰাম বায়ফৰ পি:এফৰ প্ৰয়োজন হয়।ইয়াৰ ব্যতিৰকে বীজ সিঁচাৰ আগতে বীজবোৰ কাৰ্বচালফন ০,০২ শতাংশ দ্ৰৱত বাৰ ঘণ্টা ডুবাই থৈ পাছত সিচিঁলেও সুফল পোবা যায়।

ঙ) ধান সিঁচাৰ আগেয়ে পথাৰখনত ফুৰাডন নামৰ দৰৱৰ দানা বিধাই প্ৰ্তি ৪,০ কিলোগ্ৰাম হিচাপত প্ৰয়োগ কৰিলেও সুফল পোৱা যায়।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate