অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শস্যত আকাশীলতাৰ সমস্যা আৰু নিৰাময়ৰ উপায়ঃ

শস্যত আকাশীলতাৰ সমস্যা আৰু নিৰাময়ৰ উপায় কি

 

কৃষিশস্য আৰু অৰ্থকৰী উদ্ভিদক কেতবোৰ পৰজীৱী বা পৰপোষী উদ্ভিদে আক্ৰমণ কৰি যথেষ্ট অনিষ্টসাধন কৰা দেখা যায়। সচৰাচৰ আমি দেখি থকা তেনে এবিধ পৰপোষী উদ্ভিদ হ’ল আকাশীলতা। ডাল-পাত আৰু শিপা নোহোৱা হালধীয়া ৰঙৰ এই লতাজাতীয় পৰপোষী উদ্ভিদজোপা আমেৰিকা, ইউৰোপ, আফ্ৰিকা, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়া আদিত পোৱা যায়। বিভিন্ন কৃষি আৰু অৰ্থকৰী শস্য যেনে- বিলাহী, আলু, গাজৰ, ছুগাৰবীট, কফি, টেঙা, বগৰী গছ, বিভিন্ন ফুল গছ আদিত ই আক্ৰমণ কৰে। বিশ্বত প্ৰায় ৪,৫০০ বিধ বিভিন্ন প্ৰজাতিৰ পৰজীৱী উদ্ভিদ চিনাক্ত কৰা হৈছে যদিও অধিকাংশই আংশিক পৰজীৱী আৰু কম সংখ্যকহে পূৰ্ণ পৰজীৱী উদ্ধিদ।

অংকুৰণ, সংক্ৰমণ আৰু বিস্তাৰণঃ

 

আকাশীলতাৰ বীজ মাটি বা শস্যৰ বীজৰ লগত মিহলি হৈ থাকে। অংকুৰিত হৈ প্ৰথমে ই এডাল ক্ষীণ হালধীয়া কাণ্ড সৃষ্টি কৰে, কিন্তু কোনো শিপা প্ৰস্তুত নকৰে। এই কাণ্ডই পোষক উদ্ভিদৰ সন্ধানত পাক খাই ওপৰলৈ উঠে, পোষকৰ অনুপস্থিতিত ই মাটিত বাগৰি পৰি কিছু সপ্তাহ সুপ্ত অৱস্থাত থাকে আৰু পাছত মৰি যায়। পোষকৰ সংস্পৰ্শ পালেই ই পোষক উদ্ভিদৰ দেহত মেৰাই ধৰি শোষকমূল স্থাপন কৰে। ইয়াৰ দেহত জাইলেম আৰু ফ্ল’ৱেম দুবিধ কলা পোৱা যায়। সফল পৰজীৱিতা স্থাপন কৰাৰ পাছত ইয়াৰ মাটিত লাগি থকা অংশ শুকাই যায় আৰু নিজৰ আহাৰৰ বাবে সম্পূৰ্ণৰূপে পোষক উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। এই পৰপোষী লতাডাল খুব খৰকৈ বাঢ়ে, এদিনতে ই ১৫ ছেঃ ম্ঃ পৰ্যন্ত দীঘল হ’ব পাৰে। লাহে লাহে ইয়াৰ প্ৰসাৰিত আকৰ্ষই পোষকক মেৰাই ধৰাৰ লগতে কাষৰ পোষককো আক্ৰমণ কৰি আক্ৰান্ত গছৰ এটা বলয় সৃষ্টি কৰে। আক্ৰান্ত গছবোৰ বাঢ়িব নোৱাৰে আৰু বেছিকৈ আক্ৰান্ত গছ মৃত্যুমুখত পৰে। ইয়াৰ উপৰি আকাশীলতাই বিলাহী গছৰ ভাইৰাছজনিত ৰোগ, বেমাৰী গছৰ পৰা সুস্থ গছলৈ বিয়পায়।

পৰজীৱী উদ্ভিদে ক্ষুদ্ৰাতিক্ষুদ্ৰ হেজাৰ হেজাৰ বীজ প্ৰস্তুত কৰে যাতে ই পোষক উদ্ভিদৰ কাষত অংকুৰিত হৈ সফল পৰজীৱিতা স্থাপন কৰিব পাৰে। তদুপৰি ইয়াৰ বীজ বহু বছৰলৈকে মাটিত সক্ৰিয় হৈ থাকিব পাৰে। আকাশীলতাৰ বীজ পাঁচ বছৰ পৰ্যন্ত মাটিত জীয়াই থাকিব পাৰে। এনে দীৰ্ঘজীৱিতাই পৰজীৱী উদ্ভিদৰ বংশ ৰক্ষাত যথেষ্ট সহায় কৰে। আকাশীলতাৰ বীজ ঘাইকৈ পোষক উদ্ভিদৰ বীজৰ লগত মিহলি হৈ নাইবা বতাহ, পানী, চৰাই, চৰণীয়া জীৱ-জন্তুৰ খুৰা, মানুহৰ জোতা-চেণ্ডেল, পথাৰত ব্যৱহৃত সা-সঁজুলি, যন্ত্ৰ বা বাহনৰ চকা আদিৰ দ্বাৰা বিস্তাৰিত হয়।

নিৰাময়ৰ ব্যৱস্থাঃ

 

পৰপোষী উদ্ভিদবোৰ সম্পূৰ্ণৰূপে নিৰাময় কৰিবলৈ যথেষ্ট কঠিন। যিহেতু এনে উদ্ভিদে হেজাৰ হেজাৰ ক্ষুদ্ৰ বীজ উৎপাদন কৰে, বহু বছৰ জীয়াই থাকে আৰু পোষক উদ্ভিদৰ সংখ্যাও সৰহ। সেয়ে এক সমন্বিত নিয়ন্ত্ৰণ পদ্ধতি গ্ৰহণ কৰাতো প্ৰয়োজন। আকাশীলতাৰ বীজ মিহলি নোহোৱা বিশুদ্ধ, নিৰোগী বীজৰ ব্যৱহাৰ, লতাবিধ দেখিলেই হাতেৰে আঁতৰাই চাফা কৰা, দ’কৈ হাল বোৱা, বেছিকৈ আক্ৰান্ত গছ পুৰি পেলোৱা, অন্ততঃ পাঁচ বছৰৰ বাবে শস্যক্ৰমৰ পৰিৱৰ্তন কৰা আদি সমন্বিত ব্যৱস্থা ফলপ্ৰসূ। আক্ৰান্ত অঞ্চলত চৰণীয়া গৰু-ছাগলী সোমাবলৈ দিব নালাগে। যদি আকাশীলতাৰ আক্ৰমণ ইতিমধ্যেই দেখা গৈছে, তেন্তে তেনে বিশেষ ঠাইত অপতৃণনাশক যেনে- গ্লাইফ’ছেট, ২, ৪-ডি আদি প্ৰয়োজনসাপেক্ষে স্প্ৰে’ কৰিব লাগে। এনে কৰিলে আকাশীলতাৰ লগতে পোষকৰো মৃত্যু হয় যদিও আকাশীলতাৰ বংশ বিস্তাৰত বাধা দিব পাৰি।

(উৎসঃ অসমীয়া খবৰ, নৃপেন কুমাৰ গগৈ)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate