অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শস্যত বন- বাত নিয়ন্ত্রণ

শস্যত বন- বাত নিয়ন্ত্রণ

স্বাধীনতাৰ পিচৰে পৰা আমাৰ দেশে শস্য উত্পাদনৰ ক্ষেত্রত উল্লেখনীয় অগ্রগতি লাভ কৰিবলৈ লাভ কৰিবলৈ সক্ষম হৈছে যদিও গড় হিচাবে প্রতি একক মাটিত হোৱা বিভিন্ন শস্যৰ উত্পাদনৰ পৰিমাণ বিশ্বৰ আন বহুতো উন্নত ও উন্নয়নশীল দেশৰ তুলনাত যথেষ্ট কম । এই নিম্ন উত্পাদন কাৰণ বহুতো । তাৰ ভিতৰত শস্যক্ষেত্রত হোৱা বন-বাতৰ প্রার্দুভাৱ মনকৰিবলগীয়া । আমাৰ দেশত শস্য ক্ষেত্রত হোৱা বন-বাতৰ ফলত গড় হিচাবে বছৰি ৩০ৰ পৰা ৩৩ শতাংশ শস্য লোকচান হয় । যাৰ মূল্য প্রায় ১৯৮০ কোটি টকা । সাধাৰণতে জলবায়ু ,মাটি , কৃষি পদ্ধতি ,ঋতু ,শস্যৰ ভিন্নতা তথা বন-বাতৰ প্রকৃতি অনুসৰি শস্যৰ উত্পাদন হ্রাসৰ পৰিমাণ আৰু বন-বাত নিয়ন্ত্রণৰ উপযুক্ত সময় দিয়া হৈছে ।

শস্য
শতকৰা উত্পাদনৰ হ্রাসৰ পৰিমাণ (গড় হিচাবত)
বন-বাত নিয়ন্ত্রণৰ উপযুক্ত সময় (দিন)
ধান (ৰোৱা পদ্ধতিত কৰা )
১৫-২০
২৫-৪৫
ধান (সিঁচা পদ্ধতিত কৰা )
৫০-৭০
১৫-৪৫
ঘেঁহু
২০-২৫
১৫-৪৫
বুটমাহ
৫০-৭০
১৫-৪৫
মচুৰ মাহ
৬০-৭৫
১৫-৪৫
মগুমাহ
৫০-৭০
১৫-৪৫
মাটিমাহ
৫০-৭০
১৫-৪৫
বাদাম
২৫-৩০
১৫-৪৫
চয়াবিন
৫০-৬৫
১৫-৪৫
সৰিয়হ
২৫-৪০
১৫-৪৫
আলু
৪০-৬০
১৫-৩০
কুহিঁয়াৰ
৩০-৪৫
৩০-৪৫

শস্যক্ষেত্রত বিভিন্ন বন-বাতসমূহে আহাৰ ,পানী ,সৌৰশক্তি , কার্বন -ডাই- অক্সাইড গেছ , ঠাই আদিৰ বাবে শস্যৰ সৈতে প্রতিযোগীতা কৰে । শস্যক্ষেত্রত প্রয়োগ কৰা সাৰৰ ৩০ৰ পৰা ৫০ শতাংশ আৰু মাটিত থকা পানীৰ ২০-৪০ শতাংশ এই বন-বাতসমূহৰ দ্রুত বৃদ্ধিয়ে শস্যক্ষেত্রত ছাঁ পেলাই শস্যডৰা নিশকটীয়া কৰে । শস্যৰ বিভিন্ন কীট-পতঙ্গ ,ৰোগৰ বীজাণু আদিয়েও এই বন-বাতসমূহত সময়ে সময়ে আশ্রয় লৈ শস্যডৰা আক্রমণ কৰিব পাৰে । সেয়েহে শস্যক্ষেত্রৰ পৰা সঠিক সময়ত এই বন- বাত সমূহ নিয়ন্ত্রণ কৰাতো অতি প্রয়োজন ।

বর্তমান শস্যক্ষেত্রত বন-বাত নিয়ন্ত্রণৰ বিভিন্ন উন্নত কলা কৌশলৰ উদ্ভাৱন হৈছে । উদাহৰণ স্বৰুপে বন-বাত নাশক ৰাসায়নিক ঔষধৰ প্রযোগ ,উন্নত মানদণ্ডৰ সা-সজুঁলি (শুকান মাটিৰ বন-নিয়ন্ত্রক ,চকা যুক্ত কোৰ ,শলাযুক্ত কোৰ ইত্যাদি) , জৈৱিক নিয়ন্ত্রণ (), আন্ত: শস্যকৰণ ,শস্যবর্তন ইত্যাদি । অৱশ্যে শস্য ও বন- বাতৰ প্রকৃতি ,ঋতু মাটিত থকা পানীৰ পৰিমাণ ,শস্যৰ বিভিন্ন অৱস্থা বন-বাত নাশক ঔষধ তথা সা - সজুঁলিৰ সহজলভ্যতা অনুসৰি এই বন - বাত নিয়ন্ত্রণৰ কৌশল ভিন্ন হ'ব পাৰে । বহুতো ক্ষেত্রত দেখা যায় যে সমন্বিতভাৱে ৰাসায়নিক ঔষধৰ প্রয়োগৰ লগতে সা -সজুঁলিৰ ব্যৱহাৰ ,হাতেৰে নিৰণি কৰা কার্য্য আদিয়ে অধিক ফলপ্রসুভাৱে বন-বাত নিয়ন্ত্রণ কৰে ।

ধাননি পথাৰত বন-বাত নিয়ন্ত্রণ

ৰোৱা পদ্ধতিত কৰা ধান খেতিতকৈ শুকান মাটিত সিঁচি কৰা ধাননি পথাৰত বন-বাতৰ প্রার্দুভাৱ অধিক । সিঁচা পদ্ধতিত কৰা ধানখেতিত সময়োচিত বন -বাত নিয়ন্ত্রণৰ ব্যৱস্থা ল'ব নোৱাৰিলে উত্পাদনৰ পৰিমাণ একেবাৰে আশা কৰিব নোৱাৰি । সিঁচা পদ্ধতিত কৰা আহুধানৰ বীজ সিঁচাৰ ২-৩ দিনৰ পিচত পানচ্ ৫০ ইঞ্চি (বুটাক্লৰ) নামৰ ঔষধ বিঘাই প্রতি ৪০০-৫০০ মি: লি: কৈ ১০০-১৫০ লিটাৰ পানীৰ লগত মিহলাই মাটিডৰাত স্প্রে কৰিব লাগে । তাৰপেৰি বীজ সিচাৰ ৩০-৩৫ দিনৰ পিচত হাতেৰে এবাৰ বন- বাত সমূহ নিৰণি কৰিব লাগে ।সুবিধা অনুযায়ী শাৰীবিলাকৰ মাজত শুকান মাটিত চলাব পৰা বন- বাত নিয়ন্ত্রক যন্ত্র বা চকাযুক্ত কোৰ আদিৰ দ্বাৰাও ইয়াক নিয়ন্ত্রণ কৰিব পাৰি । শস্যডৰাত প্রয়োজন সাপেক্ষে দ্বী-বীজ- পত্রী (বহল পাতৰ ) বন- বাতৰ নিয়ন্ত্রক ঔষধ যেনে : নকউইড ৩৬ ইঞ্চি (২,৪ -ডি) বিঘাই প্রতি ৩০০ মঃ লিঃ ১০০-১৫০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে ।

ৰোৱা পদ্ধতিত কৰা ধানখেতিত বন - বাতৰ আক্রমণ তুলনামূলকভাৱে কম । অৱশ্যে পথাৰত পানীৰ পৰিমাণ অনুযায়ী বন - বাতৰ আক্রমণ কম বেচি হ'ব পাৰে । কঠীয়া ৰোৱাৰ ৫/৭ দিনৰ পিচত পানচ্ ৫ জি (বুটাক্লৰ) নামৰ ঔষধ বিঘাই প্রতি ৪ কিঃ গ্রামকৈ পোনে পোনে প্রয়োগ কৰিব লাগে । দানাযুক্ত ঔষধৰ নাটনি হ'লে জুলীয়া ঔষধো বালিৰ লগত (প্রতি বিঘাত ৫-৬ কিঃ গ্রাঃ) মিহলি কৰিও ছটিয়াব পাৰি । পানী থকা পথাৰত কঠীয়া ৰোৱাৰ ২০-২৫ দিন পিচত বোকা মাটিত ব্যৱহাৰ কৰা যন্ত্র ()ৰ সহায়তও বন - বাত নিয়ন্ত্রণ কৰিব পাৰি ।

গোমধানৰ খেতিত বন-বাত নিয়ন্ত্রণ

গোমধানৰ খেতিত বন-বাত নিয়ন্ত্রণ কৰিবলৈ প্রয়োজন সাপেক্ষে শাৰীবিলাকৰ মাজত পাতলিয়াকৈ কোৰ মাৰি গছবিলাকৰ গুৰিত মাটি চপাই দিব লাগে । তাৰোপৰি বন - বাত গজি ওলোৱাৰ আগেয়ে এট্রাজিন নামৰ ঔষধ বিঘাই প্রতি ২৬০ ৰ পৰা ৫২০ গ্রাম ঔষধ ১৩০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে ।

ঘেঁহু খেতিত বন-বাত নিয়ন্ত্রণ

সাধাৰণতে ঘেহুঁৰ গছবিলাক ৪-৫ পতীয়া হোৱাৰ লগে লগে মাটিৰ পৰা বন- বাতসমূহ আঁতৰাই দিব লাগে । বীজ সিঁচাৰ ৩০-৩৫ দিন মানৰ পিচত গ্রেমিনন্ বাটলকান (আইচ'প্রটুৰণ ) নামৰ ঔষধ বিঘাই প্রতি ২০০ ৰ পৰা ৩০০ গ্রামকৈ ৯০ ৰ পৰা ১০০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে । তাৰোপৰি বীজ সিঁচাৰ ২০ দিন মানৰ পিচত শাৰীবিলাকৰ মাজত চকাযুক্ত কোৰ () চলাইও বন - বাতৰ সমস্যা বহু পৰিমাণে কমাব পাৰি ।

সৰিয়হৰ খেতিত বন - বাত নিয়ন্ত্রণ

সৰিয়হৰ খেতিত বন - বাতৰ উপদ্রৱ কম । প্রয়োজন সাপেক্ষে বীজ সিঁচাৰ ১৫-২০ দিনৰ এবাৰ নির্মাণ কৰিলেই ইয়াৰ সমস্যা যথেষ্ট কমে ।

মাহজাতীয় শস্যত বন - বাত নিয়ন্ত্রণ

মাহজাতীয় শস্য যেনে : মাটিমাহ ,মগুমাহ আদি হ্রস্বম্যাদী শস্যত বীজ সিঁচাৰ ৩০-৩৫ দিনৰ ভিতৰত দুবাৰকৈ নিৰণি কৰাটো অতি প্রয়োজন । বন -বাত বা শস্যৰ বীজ গজি ওলোৱাৰ আগেয়ে বেচেলিন (ফ্লুক্লৰেলিন ) নামৰ ঔষধ বিঘাই প্রতি ২৬০ ৰ পৰা ৩০০ গ্রাম হাৰত প্রয়োগ কৰিব পাৰিলেও বন- বাতৰ সমস্যা কমাব পাৰি ।

কুহিঁয়াৰ খেতিত বন - বাত নিয়ন্ত্রণ

কুহিঁয়াৰ ৰোৱাৰ ৩০-৩৫ দিনৰ পিচত এবাৰ আৰু ৬০-৯০ দিনৰ পিচত এবাৰ নিৰণি কৰাটো অতি প্রয়োজন । তাৰোপৰি প্রয়োজন অনুযাযী বন - বাতবিলাক আঁতৰাই দিব পাৰিলে অধিক উত্পাদন আশা কৰিব পাৰি । বন - বাত বা কুহিয়াৰ গজি ওলোৱাৰ আগেয়ে নক্ উইড (২,৪ - ডি) নামৰ ঔষধ বিঘাই প্রতি ৩০০ ৰ পৰা ৩৭০ মিঃ লিঃ কৈ ৫০০-৭০০ লিটাৰ পানীত মিহলাই হস্তচালিত স্প্রেয়াৰেৰে স্প্রে কৰিব লাগে । ইয়াৰ পৰিৱর্তে এট্রাজিন নামৰ ঔষধ বিঘাই প্রতি ৫৩০ গ্রাম ঔষধ ৫০০-৭০০ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে ।

চয়াবিনৰ খেতিত বন -বাত নিয়ন্ত্রণ

চযাবিনৰ বজি সিঁচাৰ ১৫ দিন পিচত এবাৰ আৰু ৩৫ দিনত এবাৰ হাতেৰে বা কোৰৰ সহায়ত বন - বাত সমূহ আঁতৰাই দিব লাগে । তাৰোপৰি বেচেলিন (ফ্লূক্লৰেলিন ) নামৰ ঔষধ বিঘাই প্রতি ২৬০-৪০০ গ্রামকৈ বীজ সিঁচাৰ ঠিক পাচতে প্রয়োগ কৰিব লাগে ।

মৰাপাটৰ খেতিত বন - বাত নিয়ন্ত্রণ

মৰাপাটৰ বীজ গজালি ওলোৱাৰ ৩-৪ সপ্তাহ পিচত অতিৰিক্ত গছবিলাক উভালি দি হাতেৰে শস্যডৰা এবাৰ নিৰাই দিব লাগে । বীজ সিঁচাৰ ৪-৫ সপ্তাহৰ পিচত মৰাপাটৰ শাৰীবিলাকৰ মাজত চকা যুক্ত কোৰ চলাইও বন -বাত বিলাকনিয়ন্ত্রণ কৰিব পাৰি । শস্যক্ষেত্রত বেচেলিন নামৰ ঔষধ বিঘাই প্রতি ৪০০ মিঃ লিঃ ঔষধ ১৩০ লিটাৰ পানীত মিলাই লৈ বীজ সিঁচাৰ তিনিদিন আগেয়ে প্রয়োগ কৰিও বন -বাত নিয়ন্ত্রণ কৰিব পাৰি । তাৰোপৰি শাৰীবদ্ধ প্রণালীত কৰা মৰাপাটৰ খেতিত 'ডাওপন' নামৰ ঔষধ বিঘাই প্রতি ১ কিঃ গ্রামতকৈ ১৩০ লিটাৰ পানীত মিহলাই বন-বাত গজি ওলোৱাৰ ৭-১০দিন পিচত শাৰীবিলাকৰ মাজত প্রয়োগ কৰিলেও বন - বাতৰ প্রার্দুভাৱ কমে । এনে ক্ষেত্রত প্রয়োগ কৰা ঔষধ যাতে মৰাপাটৰ পুলিবিলাকৰ সংস্পর্শলৈ নাহে তাৰ প্রতি লক্ষ্য ৰাখিব লাগে ।

ব্যৱহাৰৰ দ্বাৰা বন - বাত নিয়ন্ত্রণ

অতীজৰে পৰা আমাৰ খেতি পথাৰ , বাৰী ঘৰত গজি উঠা বন - বাত সমূহ পচন সাৰ প্রস্তুত ,গৰু ম'হৰ খাদ্য , বন শাক , ঔষধ প্রস্তুত আদিত ব্যৱহাৰ কৰি অহা হৈছে । সততে গজি উঠা এই বন - বাত বিলাকেই হৈছে আমাৰ গৰু - ম'হৰ প্রধান খাদ্য । শস্য ক্ষেত্রত গজি উঠা এই বন -বাত সমুহৰ পর্য্যাপ্তি তথা গুণাগুণৰ ওপৰত নির্ভৰ কৰি উত্কৃষ্ট মানদণ্ডৰ পচন সাৰ তৈয়াৰ কৰি মাটিৰ উর্ব্বৰতা বৃদ্ধি কৰাটো জনপ্রিয় হৈ উঠিছে । এনে বন - বাত বিলাক কিছু পৰিমাণে গোবৰ আৰু মাটিৰ লগত মিহলাই একোটা গাঁতত পুতি ৰাখিও পচন সাৰ তৈয়াৰ কৰিব পাৰি । মেটেকা ,জাম্মানী বন , জাপানী লতা ,বাম কলমৌ আদিৰ পৰা এনে ধৰণৰ পচন সাৰ সহজে তৈয়াৰ কৰিব পৰা যায় । এনে ধৰণৰ পচন সাৰত প্রায় শতকৰা ২ৰ পৰা ৩ ভাগ নাইট্র'জেন, ১,৫ -২ ভাগ ফচ্ ফেট আৰু ২ ৰ পৰা ৩ ভাগ পটাচ থাকে ।

শস্য ক্ষেত্রত জীপ ৰাখিবৰ বাবেও এই বন - বাত বিলাক ব্যৱহাৰ কৰিব পাৰি । শস্য ক্ষেত্রত হোৱা বন - বাতবিলাক উভালি বা চিকুণাই শস্যৰ শাৰীবিলাকৰ মাজত প্রয়োগ কৰিলে মাটিৰ জীপ ধৰি ৰখাৰ উপৰিও শস্যক্ষেত্রত অলাগতিয়াল বন - বাতৰ আক্রমণ কমাই। ইযাৰ উপৰিও এঢলীয়া মাটিত হোৱা বন -বাতবোৰ উভালি শাৰীকৈ জাপি দিলে মাটিৰ খহনীয়া ৰোধ হোৱাৰ লগতে বন- বাতবোৰ পচি মাটিতে মিহলি হৈ মাটি ডৰা সাৰুৱা কৰে।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate